অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শালিধানৰ খেতিত ৰোগ নিয়ন্ত্ৰণৰ নতুন কৌশল

শালিধানৰ খেতিত ৰোগ নিয়ন্ত্ৰণৰ নতুন কৌশল

ভাৰতবৰ্ষৰ কৃষকসকলে ৪৪.৩ নিযুত হেক্টৰ ভূমিত ধানখেতি কৰি ১০৩ নিযুত মেট্ৰিক টন পৰ্যন্ত উৎপাদন পাবলৈ সক্ষম হৈছে যদিও বৰ্ধিত জনসংখ্যাৰ ফালে লক্ষ্য কৰি ২০৩০ চনত ১৫০ নিযুত মেট্ৰিক টন চাউলৰ আৱশ্যক হ’ব বুলি ঠাৱৰ কৰা হৈছে । অসমত ১৫.৮৯ লাখ হেক্টৰ মাটিত কৰা উন্নতজাতৰ ধানৰ ভিতৰত অধিকাংশ (১০.১৯ লাখ হেক্টৰ) কৃষিভূমিতেই শালিধানৰ খেতি কৰা হয় । বৰ্ধিত জনসংখ্যাৰ বাবে বাসস্থান, ৰাস্তা-পদূলি, কল-কাৰখানা আদিৰ নামত ধানখেতিৰ মাটি প্ৰতি বছৰে সংকুচিত হৈ আহিছে । অসমৰ বৰ্তমান ৩ কোটি ১২ লাখ আৰু অহা দশকেইটাৰ বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ শালিধানৰ কৃষকসকলে ১০.১৯ লাখ হেক্টৰ কৃষিভূমিতেই অধিক উৎপাদনৰ লক্ষ্য স্থিৰ কৰাৰ সময় আহি পৰিছে ।

আমাৰ ৰাজ্যখনত বানপানীৰ আহুকালৰ উপৰি শালি খেতিৰ প্ৰধান সমস্যা হৈছে কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ । ধানৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বীজ সিঁচাৰ পৰা চপোৱালৈকে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিলে কৃষকসকলে অতি কম পৰিমাণৰ ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰিও সফলতাৰে অধিক উৎপাদন লাভ কৰিব পাৰে । শালিধানৰ কৃষকসকলৰ সুবিধাৰ্থে ৰোগ নিয়ন্ত্ৰণৰ বাবে আৰম্ভণিৰে পৰা ল’ব লগা কেইটামান কৌশল আলোচনা কৰা হ’ল-

১) সিঁচাৰ আগত বীজখিনি ভালদৰে ৰাসায়নিক ভেঁকুৰনাশক আৰু এণ্টিবায়টিক ব্যৱহাৰ কৰি শোধন কৰিব লাগে । এই পদ্ধতিটোত ১০ কি: গ্ৰা: বীজ, ১০ গ্ৰাম কাৰ্বেন্দাজিম আৰু ১ গ্ৰাম ষ্ট্ৰেপ্ট’চাইক্লিন ১০ লিটাৰ পানীত মিহলাই পোৱা মিশ্ৰণত ২৪ ঘণ্টা সময় তিয়াই ৰাখিব লাগে ।

  • সঠিক সময়ত সঠিক পৰিমাণৰ সাৰৰ ব্যৱহাৰে ধানত ৰোগৰ প্ৰাবল্য নিয়ন্ত্ৰণত ৰাখে । অধিক হাৰত নাইট্ৰ’জেন সাৰ প্ৰয়োগ কৰিলে ধানৰ ব্লাষ্ট, স্মাট আদি ৰোগৰ প্ৰাবল্য অধিক হোৱা দেখা যায় । কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি খেতিডৰাত দিব লগা সাৰৰ পৰিমাণ আগতীয়াকৈ নিৰ্ধাৰণ কৰি ল’ব লাগে ।
  • কঠীয়া তোলাৰ সময়ত কঠীয়াতলীত পানী থাকিব লাগে । পানী জমা হৈ থকা কঠীয়াতলীৰ পৰা উঠোৱা কঠীয়াত ব্লাষ্ট ৰোগৰ আক্ৰমণ কম হয় ।
  • ধাননি পথাৰত সাধাৰণতে গজি উঠা অপতৃণসমূহে ৰোগৰ বীজাণু বহন কৰে । অপতৃণবোৰ সময় মতে নিয়ন্ত্ৰণত ৰাখি ধানৰ ৰোগসমূহৰ পৰা হাত সাৰি থাকিব পৰা যায় ।
  • ধান কটাৰ পাছত ৰৈ যোৱা নৰাবোৰ আগতীয়াকৈ দকৈ হাল বাই মাটিৰ লগত মিহলি কৰি দি কাণ্ড পচা ৰোগৰ প্ৰাবল্য যথেষ্ট পৰিমাণে কমাই ৰাখিব পৰা যায় ।
  • পাতত ব্লাষ্ট ৰোগৰ দাগ দেখাৰ লগে লগে বজাৰত উপলব্ধ নিম গুটিৰ পৰা তৈয়াৰী কীটনাশক ৫০ মি: লি: প্ৰতি লিটাৰ পানীত মিহলাই পোৱা মিশ্ৰণ প্ৰয়োগ কৰিও ৰোগটো কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰি ।
  • পথাৰত পচন সাৰৰ লগত তুঁহৰ ছাই প্ৰয়োগ কৰিও ধানৰ ব্লাষ্ট ৰোগৰ প্ৰাবল্য নিয়ন্ত্ৰণত ৰাখিব পৰা যায় ।

ধানৰ ৰোগ নিয়ন্ত্ৰণত জৈৱিক নাইবা উদ্ভিদজাত কীটনাশকসমূহ কেতিয়াবা সম্পূৰ্ণৰুপে সফল হ’ব নোৱাৰে । ৰোগ নিয়ন্ত্ৰণ কৰি অধিক উৎপাদন পাবলৈ কৃষকসকলে ৰাসায়নিক ভেঁকুৰনাশক নাইবা এণ্টিবায়টিকসমূহৰ আশ্ৰয় ল’বলৈ বাধ্য হয় । কম মাত্ৰাত ব্যৱহাৰ কৰি ধানৰ ৰোগ নিয়ন্ত্ৰণত সঠিক ফল লাভ কৰিব পৰা কেইবিধমান ভেঁকুৰনাশকৰ বিষয়ে কৃষকসকলৰ জ্ঞাতাৰ্থে উল্লেখ কৰা হ’ল-

ওপৰত উল্লেখ কৰা ভেঁকুৰনাশক ব্যৱহাৰ কৰাৰ আগতে কৃষকসকলে ৰোগটো চিনাক্ত কৰাতো অত্যন্ত প্ৰয়োজন । কৃষি বিজ্ঞানকেন্দ্ৰৰ বিশেষজ্ঞ, কৃষি বিভাগৰ সম্প্ৰসাৰণ বিষয় নাইবা সম্প্ৰসাৰণ কৰ্মীসকলৰ পৰামৰ্শ লৈহে ৰোগ নিয়ন্ত্ৰণত ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ কৰিব লাগে ।

উৎস :- অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 5/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate