শালিধানৰ পথাৰত উপদ্ৰৱ কৰা শুঁৰপোকৰ নিয়ন্ত্ৰণ ব্যৱস্থা
চমু বিৱৰণ
শালিধানৰ খেতিত শুঁৰপোক শ্বাৰমিং কেটাৰপিলাৰ (Swarming caterpillar) ৰ আক্ৰমণ বানপানী শুকুৱাৰ ঠিক পিছতেই আৰম্ভ হোৱা দেখা যায়| বতৰৰ প্ৰভাৱ অনূকুল হ’লে অৰ্থাৎ বানপানীৰ পিছতে কিছুদিন একেৰাহে অনাবৃষ্টি হ’লে এইবিধ পোকৰ উপদ্ৰৱ বাঢ়ি যায়| পথাৰৰ আলি, বঙিয়া আৰু চৌপাশে থকা ঘাঁহ বন বোৰেই শুঁৰপোকৰ আৱিৰ্ভাৱৰ প্ৰধান উৎস| এইবোৰৰ মাজত সোমাই থকা ইহঁতৰ লেটা বোৰক বানৰ পানীয়ে ভিন্ ভিন্ পথাৰলৈ কঢ়িয়াই নিয়ে আৰু বানপানী শুকুৱাৰ পিছতে লেটাবোৰৰ পৰা মথ্বোৰ ওলাই শস্যডৰাৰ মাটিতে কণী পাৰে| ইহঁতে এবাৰত প্ৰায় ৩০০-৫০০ কণী পাৰিব পাৰে| কণী ফুটি ওলোৱা পলুবোৰে ধানগছজোপাৰ পোখাৰ তলফালে সোমাই থাকি পোখা আৰু পাতবোৰ খায়| ডাঙৰ হৈ অহাৰ লগেলগে পলুবোৰৰ খোৱাৰ মাত্ৰা বাঢ়ি যায় আৰু অতি কম সময়ৰ ভিতৰতে একোখন পথাৰ সম্পূৰ্ণৰুপে টকলা কৰি পেলায়| শুঁৰপোকৰ এটা জীৱন চক্ৰ সম্পূৰ্ণ কৰিবলৈ অঞ্চল ভেদে ২৮ ৰ পৰা ৪০ দিন মানৰ প্ৰয়োজন হয়| অৱশ্যে একে সময়তে ওপৰা-ওপৰিকৈ কেইবাটাও জীৱন-চক্ৰ চলি থাকে বাবে ইহঁতৰ জাকৰুৱা আক্ৰমণৰ তীব্ৰতা যথেষ্ট পৰিমাণে বাঢ়ি যায়|
শুঁৰপোকৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা:-
- আক্ৰান্ত ধাননি পথাৰত কুইনালফছ ২৫ ইচি বা ক্লৰপাইৰিফছ্ ২৫ মি:লি:কৈ প্ৰতি লিটাৰ পানীত মিহলাই সমূহীয়াকৈ স্প্ৰে কৰক|
- একে সময়তে পথাৰৰ আলি, বঙিয়া আৰু চৌ-পাশৰ ঘাঁহ বন বোৰতো স্প্ৰে কৰক বা মালাথিয়ন ৫% পাউদাৰ চটিয়াওক|
- পথাৰৰ পৰিসীমাৰ পৰা ভিতৰফালে স্প্ৰে কৰিলে অধিক সুফল পোৱা যায়|
শুঁৰপোকৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেইটামান অতি প্ৰয়োজনীয় কৃষি দিহা:-
- বানপানী শুকুৱাৰ পিছৰ পৰাই ধাননি পথাৰ খন নিয়মিত পৰিদৰ্শন কৰক|
- কঠীয়া ৰোৱাৰ ঠিক পিছতে পতংগভোজী চৰাইবোৰ (কেঁচু, শালিকা, দহিকতৰা, হেঁতুলুকা বগলী আদি) পথাৰত পৰিব পৰাকৈ বাঁহৰ জেং (বিঘাই প্ৰতি ৫টা) পোওক|
- পথাৰ প্ৰস্তুতিৰ সময়ত আলি আৰু বঙিয়া বোৰত গজা বন-বাতবোৰ নিৰাই দি বোকা মাটিৰে লেপি দিয়ক যাতে শুঁৰপোকৰ উৎস বোৰ নষ্ট হৈ যায়|
- নিয়ন্ত্ৰণৰ ব্যৱস্থা সমুহ সদায় সমূহীয়াকৈ আৰু খৰখেদাকৈ কৰিবলৈ যত্ন কৰক|
লেখকৰ নামসমুহ:- ড° বিৰিঞ্চি কুমাৰ বৰা
ড° কল্যাণ কুমাৰ শৰ্মা
ড° তুলসী প্ৰসাদ শইকীয়া
আ:কৃ:গ:কে:, চিলঙনী, নগাঁও
শেহতীয়া উন্নীতকৰণ: : 7/2/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.