অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালৰ শস্যৰ কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা

শীতকালৰ শস্যৰ কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা

 

১) এতিয়া ধান চপোৱাৰ সময় হোৱা হেতুকে পথাৰৰ পৰা এন্দুৰ, কাষৰ ঘৰ বা ভঁৰাললৈ প্ৰব্ৰজন ঘটিব । ধান চপোৱাৰ সময়ত এন্দুৰৰ উপদ্ৰৱ ধানখিতিতো বৃদ্ধি পায় । সেয়েহে এই সময়ত এন্দুৰ নিয়ন্ত্ৰণৰ বাবে সজীৱ গাঁতৰ মুখত বাঁহেৰে নিৰ্মিত ছিটিকা পাতিব লাগে নাইবা গাঁতৰ মুখত জলকীয়াৰ ধোঁৱা দিলেও ইহঁত পলাই পত্ৰ্ং দিয়ে । ধান- শাক-পাচলি শস্যক্ৰমত এন্দুৰৰ উপদ্ৰৱ অধিক হ’লে জিংক ফছফাইডৰ টোপ ব্যৱহাৰ কৰি নতুবা ফান্দ পাতি ইহঁতক নিয়ন্ত্ৰণ কৰিব পাৰি । ৯৬০ গ্ৰাম খুদচাউল + ২০ মি:লি: সৰিয়হ তেল +২০ গ্ৰাম জিংক ফছফাইড মিহলাই টোপ তৈয়াৰ কৰি, ইয়াৰে ১০-১৫ গ্ৰামকৈ পথাৰৰ প্ৰতিটো সজীৱ গাঁতৰ মুখত দিব লাগে । ধান সংৰক্ষন কৰাৰ আগত ভালদৰে দুই-তিনি-দিনিমান ৰ’দত শুকুৱাব লাগে । ভঁৰালঘৰ ভালদৰে পৰিষ্কাৰ কৰি ভঁৰালৰ বেৰ আৰু তলিখনত মালাথিয়ন ৫০ ই চি ঔষধৰ একচাহ চামুচ প্ৰতি লিটাৰ পানীত মিশ্ৰণ কৰি স্প্ৰে কৰিব লাগে । তেনে কৰিলে কিছুদিনলৈ ভঁৰালত অন্যান্য কীট-পতংগৰ লগতে এন্দুৰৰ প্ৰৱেশ ৰোধ কৰিব পৰা যায় । ধান বস্তাত ৰাখিবলৈ হ’লে, খালী ব তাবোৰ উপৰিউক্ত ঔষধৰ মিশ্ৰণত ডুবাই ছাঁত শুকুৱাই লৈহে বস্তাত ভৰাই সংৰক্ষণ কৰিব লাগে ।

২) সৰিয়হ শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষক আৰু মৌপালকসকলে, ভাৰতীয় সঁচৰ মৌবাহ প্ৰতি হেক্টৰত ৫ টাকৈ নতুবা পশ্চিমীয়া সঁচৰ মৌবাহ ২ টাকৈ সৰিয়হৰ পথাৰত স্থাপন কৰা উচিত । সৰিয়হত দেখা দিব পৰা মোৱা পোক আৰু সৰিয়হৰ ক’লা পলুৰ পৰা ৰক্ষা পাবলৈ অক্সিডিমেটন মিথাইল ২৫ ই চি দৰৱৰ এক চাহ চামুচ পাঁচলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰক । নিমজাতীয় ঔষধ ব্যৱহাৰ কৰিও কৃষকসকল উপকৃত হ’ব পাৰে ।

৩) পুৱাবেলা আলুতলী পৰিদৰ্শন কৰি, ভুৰপোকৰ দ্বাৰা গুৰি কাটি থোৱা পুলি দেখাৰ লগে লগে গুৰিৰ কাষৰ মাটি পৰীক্ষা কৰি পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে । তদুপৰি, চহাই থোৱা মাটিত লোৰ খান্দি কুইনলফছ ২৫ ই চি নতুবা ক্ল’ৰপাইৰিফছ ২০ ই চি দৰৱৰ চাৰি চাহচামুচ ১০ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰি আলুৰ বীজ ৰোপণ কৰিলে ভুৰপোকৰ উপদ্ৰব বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায় । তদুপৰি এই সময়ছোৱাত আলুত ৰঙাপৰুৱাৰ আক্ৰমণ পৰিলক্ষিত হ’ব । ৰঙাপৰুৱাই গছৰ গুৰিত মাটিৰে বাহ সাজি ভিতৰত সোমাই থাকি আলুবোৰ খাই নষ্ট কৰে । ৰঙা পৰুৱাৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ বালিচহীয়া মাটি অথবা আগেয়ে ৰঙাপৰুৱাৰ আক্ৰমণ দেখা দিয়া অঞ্চলক নিৰ্বাচন কৰা অনুচিত । বিঘাই প্ৰতি ৫ কি:গ্ৰা: মালাথিয়ন পাউডাৰ ৰোপণৰ পূৰ্বে লোৰবোৰত প্ৰয়োগ কৰি ল’ব লাগে । লোৰবোৰত একচাহ চামুচ ক্ল’ৰপাইৰিফছ ২০ ই চি দুই লিটাৰ পানীত মিহলাই (বা ক্ল’ৰপাইৰিফছ ৩০০ গ্ৰাম প্ৰতি হেক্টৰ)ত প্ৰয়োগ কৰি বীজ ৰোপণ কৰিলে ৰঙা পৰুৱাৰ উপদ্ৰৱৰ পৰা হাত সাৰিব পাৰি । এই ক্ষেত্ৰত কৃত্ৰিম ৰাসায়নিকৰ পৰিৱৰ্তে বিঘাই প্ৰতি ২০ কি:গ্ৰা: খলিহৈ প্ৰয়োগ কৰিলেও সুফল পোৱা যায় ।

৪) বীন, লেচেৰা মাহ, মটৰ মাহ, লাই, পালেং আদি পাচলি জাতীয় শস্যত আৰু নাৰ্জী, গোলাপ, ইন্দ্ৰমালতী, টিউবৰোজ, জাৰবেৰা আদি ফুলজাতীয় গছ-গছনিত ৰঙা চাঁহীপোকৰ আক্ৰমণ হ’ব পাৰে । ইয়াৰ প্ৰতিকাৰৰুপে, প্ৰপাৰজাইট ৫৭ ই চি দৰৱৰ ১ চাহচামুচ প্ৰতি পাঁচলিটাৰ পানীত মিহলাই আবেলিৰ সময়ত ছটিয়াব লাগে ।

৫) বেঙেনাঙৰ আগ আৰু ফল বিন্ধোৱা পোকৰ নিয়ন্ত্ৰণৰ বাবে ডিম্ব পৰজীৱী ‘ট্ৰাইক’গ্ৰামা কাইল’নিজ, যুক্ত ট্ৰাইক’কাৰ্ড বিলাহীৰ ফল বিন্ধোৱা পোকৰ ডিম্ব ধ্বংস কৰিবৰ বাবে, ‘ট্ৰাইক’গ্ৰামা পিৰিডি’ যুক্ত ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি । এই উপকাৰী ট্ৰাইক’গ্ৰামা, বিঘাই প্ৰতি ১৫,০০০ কৈ ১০ দিনৰ অন্তৰালত ৬ বাৰ প্ৰয়োগ কৰক । আঠাযুক্ত হালধীয়া আকৰ্ষক কাৰ্ড ব্যৱহাৰ কৰিও মোৱাপোক, শোহনি পোক আৰু বগামাখি নিয়ন্ত্ৰণ কৰিব পাৰি, অৱশ্যে নিমজাতীয় কীটনাশক ঔষধ এক চাহচামুচ প্ৰতিলিটাৰ পানীত মিহলাই, গছত প্ৰয়োগ কৰিও এই কীট-পতংগক খেতিডৰাৰ পৰা বিকৰ্ষণ কৰিব পাৰি । লিউচি লিউৰ যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকক নিয়ন্ত্ৰণ কৰিব পাৰি ।

লেখক :- ড° আটাউৰ ৰহমান, ৰুদ্ৰ নাৰায়ণ বৰকাকতী

উৎস :- দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate