অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শুঁৰপোকৰ আক্ৰমণৰ প্ৰতি সতৰ্ক হওক :

 

ধানখেতিৰ কাৰণে বিভিন্ন ধৰণৰ পখিলা জাতীয় পোকৰ পলুৱেই ঘাই শত্ৰু। এইবোৰৰ ভিতৰত মজাখোৱা, চেলেকা, পাতমেৰিওৱা, শুঁৰপোক আদি অন্যতম। ইয়াৰ কিছুমান অধিক ক্ষতিকাৰক আৰু কিছুমান নামমাত্ৰে ক্ষতিকাৰক। বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱ সৰ্বজনবিদিত। নিয়মীয়াকৈ বৰষুণ আহিলেও আগৰ দৰে এতিয়া ধানখেতিত মজাখোৱা পোক বা চৰহাপোকৰ সলনি চেলেকাপোকৰ উপদ্ৰবহে বাঢ়িছে। ইফালে, যেতিয়া অনিয়মীয়া বৰষুণৰ বাবে ধাননি পথাৰত চিৰাঁলফাট দিয়ে তেতিয়া শুঁকপোকৰ উপদ্ৰৱ বৃদ্ধি পায় আৰু ই মহামাৰীৰ ৰূপ লয়।

দুৰ্ভাগ্যৰ কথা যে যোৱা কেইবছৰমানৰপৰা অসমৰ চাৰিওফালে শুঁৰপোকৰ তাণ্ডৱ চলি আহিছে। ই এফালৰপৰা ধাননি পথাৰবোৰ তহিলং কৰি যায়। বিগত বছৰবোৰত এই সংক্ৰান্তত আমি উজনি অসমৰ কেইবাখনো গাঁও ঘূৰিছো আৰু প্ৰত্যক্ষ কৰিছো Spodoptera Litura আৰু Spodoptera mauritia নামৰ দুই প্ৰজাতিৰ শুঁকপোকৰ উপদ্ৰৱ। Spodoptera Lituraৰ বাবে বন্ধাকবি, ভেন্দি, এৰী, ধঁপাত আদি প্ৰিয় খাদ্য। বাধ্যত পৰিলে বহল পাতৰ যিকোনো উদ্ভিদক আক্ৰমণ কৰিবলৈ ই সক্ষম। আমাৰ পৰ্যবেক্ষণ কালত এই পোকে পানী মেটেকা, ভাতমেটেকা আৰু কচু আদি আক্ৰমণ কৰাও দেখা পাইছিলো। আনফালে, Spodoptera Lituraৰ পলুৱে ধাননিৰ উপৰি মূৰ ফুলাকে ধৰি নানান ঘাঁহজাতীয় অপতৃণত আক্ৰমণ কৰিব পাৰে।

এই শুঁকপোকবোৰ ক’ৰ পৰা আহে?

আমি যদি যোৱা কেইবছৰমানৰ শালিৰ বতৰটো পৰ্যালোচনা কৰো তেন্তে দেখা পাওঁ যে আৰম্ভণিতেই বানপানী, তাৰ পিছত কঠীয়া ৰোৱাৰ কেইবা সপ্তাহলৈ বৰষুণ নহাৰ বাবে পথাৰত চিৰাঁলফাট দিছিল আৰু ভালেমান দিনৰ অন্তত আগমন ঘটা বৰষুণতহে পথাৰবোৰ পানীৰে ভৰিছিল। ইয়াৰ পিছত ধাননি পথাৰৰ যিফালেই চকু যায় সেইফালেই অসংখ্য পোক দেখিবলৈ পোৱা গৈছিল। এই শুঁকপোক প্ৰত্যক্ষ কৰাৰ লগে লগে কৃষিপ্ৰধান ৰাজ্য অসমৰ চতুৰ্দিশে হাহাকাৰমেয় পৰিস্থিতিয়ে বিৰাজ কৰিছিল। থোপাথোপে এই শুঁকপোকবোৰ কৰ পৰা আহিছিল? এই প্ৰশ্নৰ উত্তৰ বিচাৰি, যিদৰে উপান্ত কৃষকসকল দুখত ভাগি পৰিছিল সেইদৰে অন্যান্য সচেতন জনসাধাৰণ কৌতুহলী হৈ পৰিছিল।

প্ৰকৃততে জলবায়ু পৰিৱৰ্তনৰ লগতে কৃষি পদ্ধতিৰ পৰিৱৰ্তনেই এই পোকৰ শ্ৰীবৃদ্ধিৰ ঘাই কাৰণ। আগৰ কৃষকসকলে ধান খেতিৰ বাবে মাটিডৰা চ’ত-ব’হাগ মাহমাহৰপৰাই চহাই-মৈয়াই সাজু কৰে। দ-কৈ চহাই পৰভোজী চৰাইৰদ্বাৰা মাটিত থিতাপি লৈ থকা পোকৰ লেটাবোৰ ভক্ষণ কৰাই আগতীয়াকৈ পতংগ নিয়ন্ত্ৰণ কৰে। তাৰ পিছত মাটি গেলোৱা, আলি দিয়া, আলিত বোকা লেপা আদি বিভিন্ন কৃষি কৰ্মৰে পথাৰখন কঠীয়া ৰোৱাৰ বাবে সাজু কৰাৰ সমান্তৰালকৈ বন-বাতবোৰো নিৰাই যায়। পথাৰৰ বন-বাতবোৰেই বহুত অপকাৰী কীট-পতংগক ধাননিৰ বিকল্প খাদ্য যোগান ধৰি গোটেই বছৰজুৰি লালন-পালন পৰে। তাৰ পিছত নিয়মীয়াকৈ অহা বৰষুণজাকে পোক-পতংগৰ কণীয়েই হওক, পলু, লেটা বা পূৰঠ-পতংগই হওক এইসকলোকে কিছু পৰিমাণে হ’লেও ধুই নিয়ন্ত্ৰণ কৰে।

কিন্তু ইয়াৰ বিপৰীতে আজিকালি আমি পথাৰখন খৰখেদাকৈ ট্ৰেক্টৰ-পাৱাৰ টিৱালৰৰদ্বাৰা সাজু কৰো। ফলত পথাৰত বন-বাতবোৰ সম্পূৰ্ণকৈ নষ্ট হ’বলৈ নাপায়। ধানখেতি কৰিবলৈ আমি সাজু হোৱাৰ সমান্তৰালকৈ অপকাৰী কীট-পতংগৰ নিষ্ক্ৰিয় স্তৰবোৰৰ পৰা পূৰঠ পতংগ ওলাই পথাৰৰ কধান নষ্ট কৰিবলৈও সমানেই সাজু হয়। শুঁৰপোকৰ এজনী চকৰীয়ে এবাৰত প্ৰায় তিনিশকৈ কণী পাৰিব পাৰে আৰু গোটেই জীৱনজত প্ৰায় দুহেজাৰ কণী প্ৰৱস কৰিব পাৰে।

বৰষুণৰ অভাৱত এফালে ধাননি প্ৰত্যক্ষভাৱে প্ৰভাৱিত হোৱাৰ উপৰি উষ্ণতা বৃদ্ধি পোৱাত কীট-পতংগৰ কীট-পতংগৰ জীৱন চক্ৰ খৰতকীয়া হয়। বৰষুণে প্ৰাকৃতিকভাৱে বহুত কীট-পতংগৰ জীৱন চক্ৰ খৰতকীয়া হয়। বৰষুণে প্ৰাকৃতিকভাৱে বহুত কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰে, কিন্তু অনিয়মীয়া বৰষুণে পোক-পতংগক নিৰ্বিঘ্নে বৃদ্ধি হোৱাত সহায় কৰে। আমি প্ৰকৃততে কৃষি-যান্ত্ৰিকীকৰণৰ তালে তালে খেতিডৰা মূল পথাৰত সুৰক্ষা দিবলৈ আগতীয়াকৈ ব্যৱস্থাপনা গ্ৰহণ কৰা নিতান্তই প্ৰয়োজনীয়।

পতংগ প্ৰতিৰোধৰ পূৰ্বপ্ৰস্তুতি কিবা আছেনে?

১)শস্য চপোৱাৰ পিছত চ’ত-ব’হাগ মাহত মাটিডৰা দ-কৈ চহাই মাটিৰ তলত আশ্ৰয় লৈ থকা বিভিন্ন কীট-পতংগৰ লেটাকে ধৰি অন্যান্য নিস্ক্ৰিয়  স্তবোৰক পৰভোজী চৰাইৰদ্বাৰা ভক্ষণৰ বাবে উন্মুক্ত কৰি দিব লাগে। এইধৰণৰ গ্ৰীষ্মকালীন কৰ্ষণৰদ্বাৰা মাটিত থিতাপি লৈ থকা বিভিন্ন কীট-পতংগৰ উপৰি শস্যৰোগ সৃষ্টিকাৰী বীজাণুৰ আক্ৰমণৰপৰা পথাৰখন কিছু পৰিমাণে মুক্ত কৰিব পাৰি।

২)শস্যৰ পথাৰত গজা বন-বাতবোৰ নিৰাই চাফা কৰিব লাগে। শস্যৰ পথাৰৰ মাজৰ আলিবোৰ যথাসম্ভৱ সৰু কৰি বোকাৰে লেপি দিব লাগে আৰু ইয়াৰ গজা অপতৃণত আশ্ৰয় লোৱা কীট-পতংগৰ বিৰুদ্ধে কীটনাশক প্ৰয়োগ কৰিব লাগে।

৩)কঠীয়াৰ আগ কাটি দিব লাগে, ইয়াত পাৰি থোৱা পতংগৰ ডিম্ব নাশ কৰাৰ ই উত্তম কৌশল। ধান ৰোৱাৰ পিছত কৃষকসকলে অন্ততঃ এসপ্তাহৰ অন্তৰালত খেতিডৰা ওপৰৰপৰা তললৈ নিৰীক্ষণ কৰা উচিত। ইয়াৰদ্বাৰা পোক-পতংগৰ আক্ৰমণৰ প্ৰাৰম্ভিক অৱস্থাৰে চিনাক্ত কৰি খেতিৰ প্ৰকৃত লাভ বৃদ্ধি কৰিব পাৰি।

৪)নিশা জুই জ্বলাই বা আকাশবাতি জ্বলাই নিশাচৰ চকৰীবোৰক আকৰ্ষণ কৰিব পাৰি। ফেৰমন ফান্দ ব্যৱহাৰ কৰিও শুঁৰপোকৰ অৱস্থিতিৰ বিষয়ে আগতীয়াকৈ অৱগত হ’ব পাৰি। ফান্দত পৰা চকৰীৰ ওপৰত ভিত্তি কৰি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সহজ হয়।

অৰ্থনৈতিকভাৱে ক্ষতিকাৰী সীমা অতিক্ৰম কৰে আৰু বৰষুণ দিয়াৰ পিছত ধানগছৰ তলত আশ্ৰয়ৰ জেগা নাপাই গছৰ ওপৰলৈ উঠি আহে। লমালমে এই পোকবোৰ ধাননিত আকস্মিকভাৱে দেখিলে এনে লাগে যেন কোনোবাই ওপৰৰপৰা এই পোকবোৰ চটিয়াইহে থৈছে। সেয়েহে এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কৃষকসকলে কঠীয়া ৰোপণৰ আগত শিপাশোধন কৰা জৰুৰী আৰু প্ৰয়োজন সাপেক্ষে ধান ৰোপণৰ পিছতেই ৰাসায়নিক কীটনাশক দ্ৰব্য উচিত মাত্ৰাত চটিওৱাৰ প্ৰয়োজন।

৬)ধানখেতিত বহু পানীৰ প্ৰয়োজন। ধান ৰোৱাৰপৰা মণিধৰালৈকে পথাৰত পৰ্যাপ্ত মাত্ৰাত পানী থাকিলে শুঁৰপোক আক্ৰমণ কৰিবলৈ সুবিধা নাপায়। কিন্তু বৰষুণৰ অভাৱত পথাৰত চিৰালফাট দিলে, মণিধৰাৰ mythimna separate পিছতো নামৰ আন এবিধ পখিলাজাতীয় পোকে গোটেই পথাৰ তহিলং কৰাৰ লগতে ধানৰ থোকবোৰৰ গুৰিতে কাটি দিয়ে।

এই প্ৰজাতিৰ পোকৰপৰা হাত সাৰিবলৈ ধানৰ মণিধৰাৰ সময়ত উপযুক্ত ৰাসায়নিক কীটনাশক ধানৰ গুছা তিতি যোৱাকৈ স্প্ৰে মেছিনৰ মুখাগ্ৰ ভাগ(নজল) সুমুৱাই বিয়লি বেলা প্ৰয়োগ কৰিব লাগে। ২০১৪ চনত এই পোকৰ প্ৰাদুৰ্ভাৱ উজনি অসমত দেখা গৈছিল।

পোক দেখাৰ পিছত ল’ব লগা ব্যৱস্থাপনা জৈৱিক কৃষিৰ কৃষকৰ বাবে নিদান কি?

১)তিনিটাকৈ বাঁহৰ জেং প্ৰতিবিঘা মাটিত স্থাপন কৰিব লাগে। ই পৰভোজী চৰাইক জিৰণি ল’বলৈ সুবিধা দিব আৰু অনিষতকাৰী পতংগ নিয়ন্ত্ৰণত জৈৱ নিয়ন্ত্ৰকৰ ভূমিকা পালন কৰিব।

২)কেৰাচিন আৰু পানীৰ মিশ্ৰণত নাৰিকলৰ ৰছী ডুবাই আক্ৰান্ত ধাননিৰ ওপৰেদি চোচৰাই নিব লাগে। (দ্ৰষ্টব্য: কেৰাচিনৰ পৰিৱৰ্তে, নিম্নোক্ত ৰাসায়নিক কীটনাশকত ডুবাইও এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি)।

৩)যদি নিমতেল উপলব্ধ হয়, তেন্তে শুঁকপোকে আক্ৰমণ নকৰা পথাৰত প্ৰয়োগ কৰিলে, পোক বিকৰ্ষিত হ’ব। তদুপৰি পতংগনাশক ভেঁকুৰ(বিউভেৰিয়া বেচিয়ানা আৰু নিমুৰিয়া ৰিলাই) আৰু পতংগনাশক ভাইৰাছ(এন পি ভি) যদি সহজলভ্য হয় তেন্তে প্ৰয়োগ কৰি সুফল পাব। জৈৱিক কৃষিৰ কৃষক এইবোৰ ব্যৱহাৰ কৰিব পাৰিব।

অবাঞ্ছিত পৰিস্থিতিত ধানডৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰিব পৰা কৃত্ৰিম কীটনাশক:

শুঁৰপোকে মহামাৰীৰ ৰূপ লোৱা অৱস্থাত কৃত্ৰিম ৰাসায়নিক গত্যন্তৰ নাই। অৱশ্যে, এটা কথা ঠিক যে ধান চপোৱাৰ পিছত মিলত বানি চাউল উৎপাদনৰ এক সুদীৰ্ঘ সমছোৱাত পথাৰত প্ৰয়োগ হোৱা কৃত্ৰিম ৰাসায়নিক মানৱ স্বাস্থ্যবিৰোধী গুণ বহু পৰিমাণে হ্ৰাস পায়।

১)পতংগনাশক প্ৰয়োগ কৰিলে এই পোকে জাত পাতি আন পথাৰলৈ পলায়ন কৰিব পাৰে। সেয়েহে পথাৰৰ মাজত কীটনাশক চটিওৱাৰ আগতে পথাৰৰ চৌপাশে পাউডাৰ জাতীয় কীটনাশক(মালাথিয়ন ৫ শতাংশ, কুইনলফচ ১.৫ শতাংশ, ক্ল’ৰপাইৰিফচ ১ শতাংশ) ৩-৪ কিলোগ্ৰাম প্ৰতি বিঘা মাটিৰ আলিবোৰত প্ৰয়োগ কৰিব লাগে।

২)পথাৰৰ চৌপাশে কীতনাশক প্ৰয়োগ কৰাৰ পিছত কুইনলফচ ২৫ ই চি/ক্ল’ৰপাইৰিফচ ২০ ই চি/মনক্ৰট’ফচ ৩৬ এছ এল এইকেইটা কীটনাশকৰ যিকোনো এটা ধাননিৰ কৰা পথাৰত বা কাষত গৰু-ছাগলী-হাঁহ আদি চৰিবলৈ দিয়া অনুচিত।

উপসংহাৰ -

ধান ৰোৱাৰ পিছত কৃষকসকলে পথাৰখন মাজে মাজে গৈ পৰিদৰ্শন কৰি লাগে। যিহেতু শুঁকপোকবোৰ দিনৰ ভাগত ধাননিৰ গুৰিত লুকাই থাকে, সেয়েহে বৰষুণ কেইবাদিনলৈ নাহিলেই কৃষকে ধাননিৰ গুছাবোৰৰ তলত শুঁৰপোকৰ পলু বা লেটা আছে নেকি, সেয়া পৰীক্ষা কৰা উচিত।

এই পোকৰ আক্ৰমণ পৰিলক্ষিত হোৱাৰ লগে লগে কৃষকসকলে সমূহীয়াকৈ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ইয়াৰ আক্ৰমণ অকলে প্ৰতিৰোধ কৰা অসম্ভৱ। তদুপৰি আনৰ পথাৰত শুঁৰপোকে আক্ৰমণ কৰিছে কিন্তু মোৰ পথাৰত কৰা নাই বুলি হাত সাবটি বহি থাকিলে নিজৰেই লোকচান হ’ব।

শুঁকপোকবোৰ যদি নিশাচৰ দিনত কিয় দেখো?

স্বাভাৱিক পৰিস্থিতিত শুঁক পোকে কৃষকৰ অলক্ষিতে উদ্ভিদক নিশাহে অত্যাচাৰ কৰে। গতিকে প্ৰাৰম্ভিক অৱস্থাত কৃষকে ইয়াৰ উপদ্ৰৱৰ বিষয়ে গমেই নাপায়। কিন্তু যেতিয়া প্ৰবল বৰষুণৰ কাৰণে পথাৰ পানীত বুৰ যায়, তেতিয়া ধানৰ গোছাৰ তলত লুকাই থকা পোকবোৰে আশ্ৰয় বিচাৰি ওপৰলৈ ওলাই আহে আৰু আমি দিনতে দেখা পাওঁ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ আগতীয়া অনুমোদন কি?

অসম কৃষি বিশ্ববিদ্যালয়ে মূল পথাৰত ভূঁই ৰোৱাৰ আগেয়ে ধানখেতিৰ পতংগ নিয়ন্ত্ৰণৰ বাবে যি ব্যৱস্থাপনা আগবঢ়াইছে সেয়া হ’ল- ‘ধাননি পথাৰত ভূঁই ৰোৱাৰ প্ৰথম মাহত পোক-পতংগৰপৰা সুৰক্ষা দিবলৈ কঠীয়া উঠোৱাৰ পিছত শিপাশোধন কৰিব লাগে। ইয়াৰ বাবে প্ৰতি লিটাৰ পানীত এক মিলিলিটাৰ ক্ল’ৰপাইৰিফচ ২০ ই চি কীটনাশক আৰু ১০ গ্ৰাম ইউৰীয়া সাৰ মিহলাই উভালি আন কঠীয়াৰ শিপা তিনি ঘন্টাৰ বাবে উক্ত মিশ্ৰণত ডুবাই ৰাখিব লাগে।

নহ’লে কঠীয়া উঠোৱাৰ এসপ্তাহ আগতে তিনি গ্ৰাম কাৰ্বফুৰান প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত প্ৰয়োগ কৰিব লাগে। ‘উল্লেখ্য যে যিবোৰ ধাননি পথাৰত এই ব্যৱস্থা আগতীয়াকৈ গ্ৰহণ কৰা হৈছিল সেই কেইখন পথাৰত এই পোকৰ অস্তিত্ব পোৱা নাই।

লেখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি(দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate