অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হালধীয়া চৰায়ে বাও ধান খায়

পক্ষীকুল কৃষি পৰিস্থিতি তন্ত্ৰৰ গুৰুত্ব পূৰ্ণ উপাদান। পথাৰৰ সৈতে চৰাইৰ সম্পৰ্ক আৰু এই সন্দৰ্ভীয় পৰিৱেশ সেৱা সমূহে অকল পক্ষী বিদকে নহয় সাধাৰণ গঞা ৰাইজকো অতীজৰে পৰা আকৰ্ষণ কৰি আহিছে। আমাৰ গঞা ৰাইজে তাহানিৰে পৰা চৰাইৰ বাহ সজা কাৰ্য, খাদ্যাভাস, পোৱালিৰ যতন, চৰাইৰ গতিবেগ আদি বিষয় সমূহ পৰম্পৰাগত ভাৱে পৰ্যবেক্ষণ কৰি আহিছিল। ‘চৰাইটিহে সৰু, লয় হোলোং গছত বাহ’, ‘হালধীয়া চৰায়ে বাওঁধান খায়’, ‘চৰাই পোৱালি তোলাদি তোল’, ‘এইবাৰ শেনৰ এজাত’ আদি ফকৰা-যোজনাবোৰ এনে পৰ্য বেক্ষণৰেই নিদৰ্শন।

ভাৰতবৰ্ষত এতিয়া লৈকে নথিভূক্ত হোৱা প্ৰায় ১২০০ প্ৰজাতিৰ চৰাইৰ ভিতৰত অসমতেই ৮২০ বিধ প্ৰজাতিৰ অৱস্থিতি তালিকাভূক্ত হৈছে। অৰ্থাৎ আমাৰ দেশৰ মুঠ চৰাইৰ ৬৫ শতাংশ অসমতেই পোৱা যায়। অৱশ্যে ইয়াৰ ভিতৰত তিনিশটা মান প্ৰজাতিৰ চৰাই বছৰৰ বিভিন্ন ঋতুত বাহিৰৰ পৰা অহা আলহী চৰাই। যদিও ৰাজ্য খনৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহ বিভিন্ন স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ আৱাস ভূমি তথাপি এই সংৰক্ষিত অঞ্চল সমূহত থকা স্থানীয় চৰাই বোৰতকৈ বহু বেছি স্থানীয় চৰাই সিচঁৰিত হৈ আছে আমাৰ পথাৰ, বাৰী, জলাহ ভূমি, পুখুৰী, ডোবা, চৰণীয়া পথাৰ আৰু বাগিচা সমূহত।

শইচ আৰু পক্ষীৰ সমাহাৰ আমাৰ পথাৰ

ক্ষুদ্ৰ অণুজীৱৰ পৰা আৰম্ভ কৰি জলজ প্ৰাণী, চৰাই আদিৰে পূৰ্ণ আমাৰ পথাৰ বোৰ জৈৱ বৈচিত্ৰ্যৰ ভৰাল। অসমৰ চৰাই বুলি ক’লে আমাৰ স্থানীয় চৰাই খিনিৰ কথাই প্ৰথমতে মনলৈ আহে। ঘৰচিৰিকা, শালিকা, ভদৰকলি, দহিকতৰা, বুলুবুলি, সখিয়তি, চেকচেকী আদিৰ দৰে বৃক্ষাৰোহী চৰাইবোৰ লোকালয়ৰ আশেপাশে থকা খেতি পথাৰ, বাৰী বাঁহনি গছ-বন আদিত দেখিবলৈ পোৱা যায়। পানী থকা ধাননি, দলনি, পিতনি, নৈ বিল আদি আৰ্দ্ৰ ভূমি সমূহ শামুক ভঙাব, ডাউক, বগলী, কণামুচৰি, পানীকাউৰী, বৰটোকোলা আদিৰ দৰে চৰাইৰ বিচৰণ ভূমি। কিন্ত আমি সচৰাচৰ দেখি থকা চৰাই বোৰৰ বাহিৰেও আৰু বহুতো চৰাই আছে যিবোৰে আমাৰ্বাগিচাৰ গছৰ ডালত বাহ সাজে, পোৱালী জগায়, গান গায়। বাগিচা আৰু খেতি পথাৰৰ এই চৰাই বোৰো আমাৰ বাবে হ’ব পাৰে আনন্দৰ অন্তহীন উৎস। সেয়েহে হয়তো আমেৰিকান পক্ষী তত্ববিদ বাৰোজে কৈছে- ‘মোএ বাবে চৰাই হ’ল বিভিন্ন ঋতুক মালাৰ দৰে গাঁথি ৰখা এধাৰি সোণালী সূতা’। হয়, নিশ্চিত ভাবে চৰায়ে আমালৈ লৈ আহে গ্ৰীষ্ম, বৰ্ষা, শৰত, শীত, হেমন্ত, বসন্তৰ বতৰা।

পথাৰৰ উপকাৰী আৰু অপকাৰী চৰাই

লক্ষীমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত এই নিবন্ধৰ লেখকৰ তত্বাৱধানত বিগত ২০০৯ বৰ্ষৰ পৰা ৰুপায়ণ কৰি অহা সৰ্ব ভাৰতীয় কৃষি পক্ষী বিজ্ঞান নেটৱৰ্ক প্ৰকল্পৰ অধীনত ২০১৪ চনৰ মাৰ্চ মাহ পৰ্যন্ত ৰাজ্য খনৰ শস্য পথাৰ, চাহ বাগিচা, বাৰী, বাঁহনি, পুখুৰী, চৰণীয়া পথাৰ আদিত চলোৱা জৰীপত ১৬৬ বিধ প্ৰজাতিৰ চৰাইক অসমৰ কৃষি ক্ষেত্ৰৰ হিচাপে তালিকা ভূক্ত কৰা হৈছে। ১৮ টা বৰ্গ আৰু ৫৩ টা গোত্ৰৰ অন্তৰ্গত এই চৰাই প্ৰজাতি সমূহৰ ৯৮ বিধক সচৰাচৰ দেখা ঘৰুৱা চৰাই, ৫৬ বিধক অপৰ্যাপ্ত ভাবে দেখা আৰু ১২ বিধক বিৰল (জৰীপ কালত এবাৰ ব দুবাৰ দেখা) প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছে। শস্য ক্ৰম অনুসৰি নথি ভূক্ত কৰা চৰাইৰ সংখ্যা তলত উল্লেখ কৰা হ’ল :

তালিকা : অসমৰ শস্য-পথাৰৰ চৰাইৰ বৈচিত্ৰ্যতা

শস্যক্ৰম        (মূল শস্য-ধান)

মুঠ প্ৰজাতিৰ সংখ্যা

শস্যভোজী অনিষ্টকাৰী চৰাইৰ সংখ্যা

পতংগভোজী, মাংসহাৰী আৰু সৰ্বভোজী চৰাইৰ সংখ্যা

ধান-ধান

৫৬

১০

৪৬

ধান-গোমধান

৬১

১৬

৪৫

ধান-সৰিয়হ

৪৯

৪০

খেতি পথাৰত দেখা মুঠ চৰাইৰ ৭০-৮০ শতাংশই শস্যৰ অপকাৰী কীট-পতংগ আৰু এন্দুৰ আদি ভক্ষণ কৰা কৃষকৰ বন্ধু স্বৰুপ উপকাৰী চৰাই। শেহতীয়া ভাৱে গুৰুত্ব লাভ কৰা জৈৱিক কৃষিৰ প্ৰেক্ষাপটত শস্যৰ অপকাৰী কীট-পতংগ নিয়ন্ত্ৰৰ বাবে পতংগভোজী, মাংসহাৰী চৰাইক ‘পেষ্ট’ ব্যৱস্থাপনাৰ অন্যতম উপাদান হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰ ভিত্তিক গৱেষণা অৱ্যাহত আছে।

বৰ্তমান লৈকে শস্যৰ অনিষ্টকাৰী কীট নিয়ন্ত্ৰণত ৪৮ বিধ প্ৰজাতিৰ পতংভোজী চৰায়ে বিশেষ ভূমিকা পালন কৰা দেখা গৈছে। গো-বগলী (Cattle egert), ফেঁচু চৰাই(Black drongo), বালিঘোঁৰা(Red wattled laping), কানকুৰিহা(Pied starling), ঘৰ শালিকা(Common myna), চুটীয়া শালিকা(Jungle myna), কাও চৰাই(Indian roller) আদি হ’ল পথাৰত পোক-পৰুৱাৰ উপদ্ৰৱ কমাই খেতিয়কক সহায় কৰা কেই বিধ মান উপকাৰী চৰাই। একেদৰে লক্ষ্মী ফেচাঁই এন্দুৰ নিয়ন্ত্ৰণত প্ৰধান ভূমিকা পালন কৰে। ইহতঁৰ খাদ্যৰ টোপোলা পৰিক্ষা কৰি দেখা গৈছে যে লক্ষ্মী ফেচাঁৰ খাদ্যৰ শতকৰা ৯০ ভাগেই এন্দুৰ জাতীয় প্ৰাণী। হাল বোৱাৰ সময়ত মাটিত থকা পোকৰ পলু আৰু লেটা খাই গো-বগলীয়ে অকলেই ৭০ শতাংশ হোৱাইট গ্ৰাব প্ৰজাতিৰ পোক ধ্বংস কৰিব পাৰে। সেই বাবে এনে পোকৰ দ্বাৰা আক্ৰান্ত পথাৰত এজাক ভাল বৰষুণৰ পাছত নাঙলেৰে তিনি দিন একেলেঠাৰিয়ে তিনি বাৰ হাল বাবলৈ পৰামৰ্শ দিয়া হৈছে।

অকল কীট ভক্ষণহে নহয়, চৰায়ে পোক-পতংগক আক্ৰমণ কৰা ‘বেছিলাচ’ৰ দৰে বেক্টেৰিয়া আৰু ‘এন পি ভি’ৰ দৰে ভাইৰাছ বিয়পাই পৰোক্ষ ভাবেও কীট নিয়ন্ত্ৰণত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছে। চৰাইৰ বিস্তাৰ দ্বাৰা এনে পথাৰত এনে উপকাৰী অণুজীৱৰ বিস্তাৰ ঘটে আৰু এনে বিষ্ঠাই পথাৰ সাৰুৱা কৰে। অলগতিয়াল বনবাত আৰু অনিষ্টকাৰী পোক পৰুৱাৰ আক্ৰমণৰ বিষয়ে জানিবলৈ চৰাইক জৈৱিক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰি।

অসমৰ ধাননি আৰু গোমধানৰ পথৰত ওপৰৰ তালিকাত উল্লেখ কৰাৰ দৰে পথাৰত বিচৰণ কৰা মুঠ চৰাইৰ ১০-৩০ শতাংশ শস্যভোজী চৰাই দেখা যায়। ধাননি পথাৰত দুটা প্ৰজাতিৰ কপৌ, দুটা প্ৰজাতিৰ টুনী, তিনিটা প্ৰজাতিৰ টোকোৰা চৰাই, কাম চৰাই, শৰালি হাঁহে শস্যৰ গুটি খাবলৈ আহে। একেদৰে গোমধান আৰু কুঁহিয়াৰ খেতিত গলমণিকা ভাটৌৱে কৃষি কালৰ একোটা বিশেষ সময়ত আক্ৰমণ কৰি ৫-২৫ শতাংশ পৰ্যন্ত উৎপাদন হ্ৰাস কৰা পৰিলক্ষিত হয়। সময় মতে এনে চৰাইক পথাৰৰ পৰা খেদি পঠিয়াব পাৰিলে এনে ক্ষয়-ক্ষতি কমাব পৰা যায়। পৰম্পৰা গত প্ৰথা সমূহৰ লগতে সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰিব পৰা ৰঙীন ফিটা পথাৰত ব্যৱহাৰ কৰি এনে অনিষ্টকাৰী চৰাইৰ উপস্থিতিক বাধা দিব পাৰি।

পথাৰত বন্ধু চৰাইৰ সংৰক্ষণৰ ধাৰণা

অপকাৰী চৰাইক যেনেদৰে পথাৰৰ পৰা আতঁৰাই পঠিয়াব লাগে তেনেদৰে উপকাৰী চৰাইক পথাৰলৈ আকৰ্ষণ কৰাৰ লগতে এনে চৰাইক জিৰাবলৈ আৰু বাহ সাজিবলৈ পথাৰৰ দাঁতিত উজ্জ্বল ৰঙৰ ফুল ফুলা শিমলু, পলাশ আদি গছ ৰোৱা উচিত। গৱেষণাৰ পৰা দেখা গৈছে যে, এনে গছ বা পথাৰত কাৰ্ত থকা ঘৰত ‘বাকচ বাহ’ সাজি দিলে গছৰ খোৰোঙত বাহ সজা লক্ষ্মী ফেঁচা, কাল ফেঁচা, শালিকা, দহিকতৰা, ভদৰকলি আদিৰ দৰে উপকাৰী চৰায়ে এনে বাহক আশ্ৰয় লৈ সহজতে বংশ বৃদ্ধি কৰে। ধাননি, সৰিয়হতলী, মৰাপাটৰ খেতি পথাৰত ইংৰাজী ‘টি’ আৰ্হিৰ বাঁহ অথবা গছৰ ডালেৰে তৈয়াৰী খুটি পুতি দিলে পথাৰলৈ অহা দহ বিধ মান পতংগ ভোজী চৰায়ে ইয়াত আশ্ৰয় লৈ পোকৰ উপদ্ৰৱ যথেষ্ট পৰিমাণে কমাই পেলোৱাত সহায় কৰে। এনে খুটি বিঘাই প্ৰতি ৬-৭ ডালকৈ পুতি দিবলৈ সংহত পেষ্ট ব্যৱস্থাপনাত অনুমোদন জনোৱা হৈছে।

ঘৰুৱা চৰাইৰ চিনাকী উদাহৰণ। কিন্ত জনসংখ্যা বৃদ্ধিৰ লগে লগে বাৰীৰ সংখ্যাও কমি অহাত এনে চৰাইৰ সংখ্যও দ্ৰুত গতিত হ্ৰাস পাইছে। গতিকে ঘৰৰ চৌহদত যম লাখুটি, নুনি, হেলচ, বটল ব্ৰাছ, জবা, মধুৰীআম আদি ৰুই ঘৰুৱা চৰাইৰ সংৰক্ষণত আমি গুৰুত্ব দিব পাৰো। একেধৰণে ঘৰৰ চুক কোণত বাহ সজা ঘৰচিৰিকা, বন চিৰিকা আদিৰ বাবে কম খৰচী কৃত্ৰিম বাকচ-বাহ ফেব্ৰুৱাৰী-মাৰ্চ মাহত সংস্থাপন কৰি প্ৰকৃতিৰ ভাৰসাম্য অটুট ৰখাৰ বাবেও আমি যত্নপৰ হোৱা উচিত। কাৰণ চৰাই অকল চৰায়েই নহয়, ইহঁত হ’ল আমাৰ বাৰী খন বা বাগিচা খনৰ ওপৰত ওপঙি থকা আন এখন ৰং-বিৰঙৰ চলমান বাগিচা।

লেখক: ড° প্ৰবাল শইকীয়া, উত্তৰ লক্ষীমপুৰৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী।

উৎস: এগ্ৰি হৰ্টি প্ৰদৰ্শনী, ২০১৫

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate