অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তামোল গছৰ গেনোডাৰমা ৰোগ কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

তামোল গছৰ গেনোডাৰমা ৰোগ কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

অসমত তামোলৰ উৎপাদন যিকেইটা প্ৰধান কাৰণত হ্ৰাস পাই আহিছে তাৰ ভিতৰত ‘গেনোডাৰমা’ বা ‘এনাবেৰোগা’ নামৰ বেমাৰবিধৰ প্ৰাদুৰ্ভাৱ অন্যতম। আমাৰ ৰাজ্যখনৰ কামৰূপ, দৰং, নগাওঁ, মৰিগাওঁ, গোৱালপাৰা আদি বহুকেইখন জিলাত এই বেমাৰটোৱে তামোলবাৰীসমূহৰ যথেষ্ট ক্ষতিসাধন কৰিছে।

কেনেকৈ বিয়পে গেনোডাৰমা

গেনোডাৰমা লুচিডাম নামৰ মাটিত থকা এবিধ ভেঁকুৰৰ পৰা এইবিধ ৰোগৰ সৃষ্টি হয়। এইবিধ ভেঁকুৰৰ বীজাণুৱে গছৰ শিপাত আক্ৰমণ কৰি গছলৈ খাদ্য, মৌল, পানী যোগান ব্যৱস্থা বিপৰ্যস্ত কৰাৰ ফলত গছজোপা খাদ্য মৌল আদিৰ অভাৱত মৰি যায়। পানী জমা হোৱা অথবা অতিৰিক্ত পানী ওলাই যোৱাৰ সু-ব্যৱস্থা নথকা অৱহেলিত তামোলৰ বাগিছাত এইবিধ বেমাৰ খুব বেছিকৈ হোৱা দেখা যায়। এইবিধ ৰোগৰ দ্বাৰা আক্ৰান্ত তামোলবাৰীত বেছিকৈ কোৰ মাৰিলে বা মাটিত থকা এনে এজোপা ৰোগাক্ৰান্ত গছৰ শিপা ওচৰত থকা আন নিৰোগী গছৰ সংস্পৰ্শলৈ আহিলে এই ৰোগ নিৰোগী গছলৈ দ্ৰুতভাৱে বিয়পে। তামোলবাৰীত নানা তৰহৰ অলাগতিয়াল গছ-গছনি থাকিলেও এই ৰোগ দ্ৰুতগতিত বিস্তাৰিত হোৱা দেখা যায়।

লক্ষণ

ক) আক্ৰান্ত গছৰ মুকুটত থকা বাহিৰৰ চক্ৰৰ বয়সস্থ পাতৰ ৰং ক্ৰমাৎ হালধীয়া হ’বলৈ ধৰে। পিচলৈ ভিতৰৰ চক্ৰৰ পাতৰ ৰঙো হালধীয়া হৈ পৰে।

খ) আক্ৰান্ত পাতবোৰ ক্ৰমাৎ শুকাই হালি পৰে আৰু গছডালত ওলমি থাকে।

গ) আক্ৰান্ত তামোল গছৰ গুৰি অংশত কেতিয়াবা মুগা বৰণৰ দাগ দেখা যায়। এনে দাগৰ পৰা এঠাযুক্ত ৰস নিৰ্গত হয়।

ঘ) আক্ৰান্ত শিপাৰ ৰং কলা হৈ শুকাই যায় আৰু হাতেৰে পিহি গুড়ি কৰিব পৰা হয়।

ঙ) বেমাৰৰ চৰম অৱস্থাত অথবা গছজোপা মৰি যোৱাৰ পিছত গছজোপাৰ গুৰিত কমলা ৰঙৰ কাঠফুলা দেখিবলৈ পোৱা যায়।

নিয়ন্ত্ৰণ ব্যৱস্থা

১) আক্ৰান্ত গছৰ পৰা ৯০ ছেন্টিমিটাৰ দূৰত্বত ৬০ ছেন্টিমিটাৰ দ আৰু ১৫-২০ মিটাৰ বহল ঘূৰণীয়া নলা খান্দি গছডালক আন গছৰ পৰা পৃথক কৰি দিব লাগে যাতে ওচৰৰ নিৰোগী গছসমূহলৈ বীজাণু সংক্ৰমিত হোৱাত বাধা জন্মে।

২) শতকৰা ০.৩ ভাগ শক্তিযুক্ত (৩ মিলিমিটাৰ প্ৰতিলিটাৰ পানীত) কেলিক্সিন ঔষধৰ মিশ্ৰণ গছৰ গুৰিত ৯০ ছেন্টিমিটাৰ ব্যাসাৰ্দ্ধত গছে প্ৰতি ১০-১৫ লিটাৰকৈ তিনিমাহৰ মূৰত এবাৰকৈ প্ৰয়োগ কৰিব লাগে।

৩) আক্ৰমণৰ প্ৰাথমিক অৱস্থাত শতকৰা ১.৫ ভাগ শক্তিযুক্ত কেলিক্সিনৰ মিশ্ৰণ (১.৫ মিলিমিটাৰ প্ৰতিলিটাৰ পানীত) গছে প্ৰতি ১২৫ মিলিমিটাৰ তিনিমাহৰ মূৰে মূৰে আক্ৰান্ত গছৰ শিপাৰে গছৰ ভিতৰত প্ৰৱেশ কৰাই দিব লাগে। লগতে শতকৰা ৩ ভাগ শক্তিযুক্ত কেলিক্সিন ঔষধৰ মিশ্ৰণ ১০-১৫ লিটাৰকৈ প্ৰতিজোপা গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে।

৪) প্ৰতিজোপা গছতে অনুমোদিত পৰিমাণৰ ৰাসায়নিক সাৰ (২২০ গ্ৰাম ইউৰিয়া, ২৫০ গ্ৰাম একক চুপাৰ ফচফেট, ২৩০ গ্ৰাম মিউৰেট অৱ পটাচ), ১০-২০ কিলোগ্ৰাম পচন সাৰ, ২ কিলোগ্ৰাম নিমকেক আৰু ৫০ গ্ৰাম ট্ৰাইক’ডাৰমা জাতৰ ভেঁকুৰ বছৰত দুবাৰ (মাৰ্চ-এপ্ৰিল আৰু ছেপ্তেম্বৰ-অক্টোৱৰ) গছজোপাৰ চাৰিওফালে প্ৰয়োগ কৰিব লাগে।

৫) বাগিচাৰ পৰা অতিৰিক্ত পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। বাগিচাৰ পৰা অলাগতিয়াল বন-জংঘল আঁতৰাই পেলাব লাগে আৰু খৰালিকালত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। তামোলবাৰীত কোৰমৰা, হালবোৱা বা মাটি খন্দা আদি কাৰ্য্য যথসম্ভৱ কমকৈ কৰিব লাগে। আক্ৰান্ত গছ মৰি গ’লে শিপা সৈতে উভালি, জুইত পুৰি বেমাৰৰ বীজাণু ধ্বংস কৰিব লাগে। গছ উভালি দিয়াৰ পাছত খালী হোৱা গাঁতটোত জুই জ্বলাই দিব লাগে।

গেনোডাৰমা ৰোগ মাটিত থকা ভেঁকুৰৰ দ্বাৰা হোৱা বাবে ইয়াৰ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ সহজ নহয়। বেমাৰৰ আৰম্ভণিতে এইবিধ ৰোগ চিনাক্ত কৰাও জটিল। ওপৰত উল্লেখ কৰা নিয়ন্ত্ৰণ ব্যৱস্থাৰ লগতে উপযুক্ত প্ৰতিপালন ব্যৱস্থা গ্ৰহণ কৰিলে অসমত দেখা দিয়া তামোল গছৰ এই গেনোডাৰমা ৰোগৰ প্ৰকোপ বহু পৰিমাণে কমাব পৰা যাব।

লিখকৰ নাম: পাৰিজান কানন বৈশ্য

উৎস: কৃষি বিভাগ, অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate