অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত নতুন উদ্যোগৰ সম্ভাৱনা :

অসমত নতুন উদ্যোগৰ সম্ভাৱনা :

 

কেইমাহমানৰ আগৰ কথা। মিজোৰামৰ ৰাজধানী আইজললৈ গৈছিলোঁ এক চৰকাৰী কামত। কাম শেষ হোৱাৰ পাছত আবেলি চহৰখনত পাক এটা মাৰোঁতে এখন দোকানত বৰ ধুনীয়া ধুনীয়া চাহ-চৰ্বত আদি দিয়া ট্ৰে’, গিলাচ-ক’ভাৰ, এছট্ৰে’ আদি দেখা পালোঁ। বস্তুবোৰ লিৰিকি-বিদাৰি চাওঁতেহে গম পালোঁ যে সেইবোৰ স্থানীয় বাঁহৰ পৰা মিজোৰামৰ এক উদ্যোগতে তৈয়াৰ কৰা হৈছে, এক বিশেষধৰণৰ প্ৰযুক্তিবিদ্যা অৰ্থাৎ মেচিনৰ দ্বাৰা। দেখাত দামী প্লাষ্টিক বা ছানমাইকাজাতীয় বস্তু যেনহে লাগে। দোকানখনৰ পৰা উদ্যোগটোৰ ঠিকনাটো লৈ মিঃ বাইকচুংগা নামৰ স্বত্বাধিকাৰজনৰ ঘৰ পালোঁগৈ। তেখেতক লগ ধৰি জানিব পাৰিলোঁ যে কিছুদিনৰ আগতে চিংগাপুৰ, থাইলেণ্ডৰ ফালে তেওঁ পৰিয়ালসহ ফুৰিবলৈ যাওঁতে থাইলেণ্ডত এইধৰণৰ বহুকেইবিধমান দেখি তেওঁ তেতিয়াই খবৰ-খাতি লৈ থাইলেণ্ডৰ পৰাই মেচিন আদি আনি বস্তুকেইবিধমান দেখি তেওঁ তেতিয়াই খবৰ-খাতি লৈ থাইলেণ্ডৰ পৰাই মেচিন আদি আনি মিজোৰামতো তেনেধৰণেৰে সামগ্ৰী উৎপাদন আৰম্ভ কৰিছে আৰু ভাৰতৰ আৰু আনকি বাহিৰতো(বিদেশতো) ভাল বজাৰ এখন পাবলৈ সক্ষম হৈছে।

মিজোৰামৰ দৰে আমাৰ অসমৰ হাবিতো প্ৰচুৰ পৰিমাণে বাঁহ আছে। আমাৰ উঠি অহা যুৱক-যুৱতীয়ে এইধৰণৰ নতুন নতুন উদ্যোগৰ কথা চিন্তা-চৰ্চা কৰিব পাৰে। আনকি গছ-লতা, বাঁহ-বেত, ইকৰা-খাগৰি, কুঁহিলা, পেলনীয়া গছৰ মুঢ়া আদিৰ পৰাও বিভিন্ন ধৰণৰ নতুন নতুন উদ্যোগৰ যথেষ্ট সম্ভাৱনা আমাৰ ইয়াত আছে। এইক্ষেত্ৰত চীন দেশৰ পৰা প্ৰতিমাহে প্ৰকাশিত INBAR(International Network For Bamboo & Rattan) নামৰ আলোচনীখনে যথেষ্ট সহায় কৰিব পাৰে। ভাৰতৰ দিল্লীস্থ কাৰ্যালয় C/o IDRC, 17 For Bach, New Delhi-110003 ৰ পৰাও আলোচনীখন ডাকযোগে পাব পাৰি। তদুপৰি আমেৰিকাৰ পৰা প্ৰকাশিত Temperate Bamboo Quarterly, 30 Myers Road, Summertown, TN-38423-9768(USA) খন বা The World of Bamboo, 14 Rue Bochart De Saron-75009  আদি আলোচনী চাব পাৰিলেও এইধৰণৰ উদ্যোগৰ বিষয়ে বহুত নজনা কথা জানিব পাৰি। আনকি আমাৰ ওচৰৰ ৰাজ্য ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ অৰুন্ধতী নগৰত থকা Bamboo Crafts Training Centre য়েও বিভিন্ন প্ৰশিক্ষণৰ উপৰি ভাৰতবৰ্ষৰ ভিতৰত পোৱা বহুতি নতু নতুন মেচিন, সা-সৰঞ্জাম আদিৰ বিষয়েও খবৰ দিব পাৰে। আমাৰ উঠি অহা ল’ৰা-ছোৱালীয়ে এইবোৰ খবৰ কৰিব পাৰিলে নিশ্চয় কিবা নহয় কিবা নতুন উদ্যোগৰ সন্ধান পাব পাৰিব।

বাঁহ-বেতৰ দৰে অসমৰ হাবিত প্ৰচুৰ পৰিমাণে পোৱা বনৰীয়া কলগছ, দীঘল ঘাঁহ(ইংৰাজীত Elephant grass বুলি কয়), মৰাপাটৰ পেলনীয়া ঠাৰি, আঁহ আদি আৰু লগতে পেলনীয়া কাগজ, কাপোৰৰ টুকুৰাৰ (দৰ্জী আদিয়ে পেলাই দিয়া) পৰা হস্তনিৰ্মিত কাগজ অৰ্থাৎ hand made paper তৈয়াৰ কৰিব পাৰি। উচ্চমানৰ এইধৰণৰ পেপাৰ বা কাগজ, যেনে- সজ্জামূলক(Decorative) পেপাৰ, পাৰফিউম বক্সাৰ পেপাৰ(Perfume box paper), ফাইল ক’ভাৰ, মাৰ্বল পেপাৰ, ব্ৰেনডেড ফাইবাৰ পেপাৰ আদিৰ ভাৰতৰ লগতে বিদেশৰ বিভিন্ন বজাৰত বিশেষকৈ আমেৰিকা, ফ্ৰান্স, জাৰ্মানী, ইটালী আদি দেশত যথেষ্ট চাহিদা আছে। এইবোৰ সামগ্ৰী কেনেকৈ তৈয়াৰ কৰিব পাৰি, ইয়াৰ বজাৰ তথা চাহিদা ক’ত বেছি এইবোৰৰ যাৱতীয় খবৰৰ বাবে ৰাজস্থানৰ জয়পুৰত থকা Kumarappa National Handmade Paper Institute(UNDP Project), Sekarpura Road, Sancaner-303906, Jaipur ৰ লগত যোগাযোগ কৰি চাব পাৰি। অলপতে সেই অনুষ্ঠানৰ এজন শীৰ্ষস্থানীয় বিষয়া এম এন সিং গুৱাহাটীলৈ এক ছেমিনাৰত ভাগ ল’বলৈ আহোঁতে অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এইটো এটা বেছ লাভজনক উদ্যোগ হ’ব পাৰে বুলি উল্লেখ কৰিছিল।

অসমত যথেষ্ট পৰিমাণে উৎপন্ন হোৱা মৰাপাটৰ পৰা কেইবাটাও নতুনধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰি বুলি ইতিমধ্যে UNIDO ৰ পৰা আৰম্ভ কৰি কেইবাটাও গৱেষণা অনুষ্ঠানে ঘোষণা কৰিছে। এইক্ষেত্ৰত বৰ্তমান কলিকতাত থকা Jute Technological Research Laboratory, 12 Regant Park, Calcutta-700040 আৰু National Centre For Jute Diversification, Iemard Building(8th Floor), Block-14, CIT Scheme-VIII(M) Ultadanga, Calcutta-700067 বা ইয়াৰ গুৱাহাটীস্থ কেন্দ্ৰ Jute Service Centre & Yarn Bank, Fancy Bazar, Guwahati-781001-এ বিভিন্ন নতুন নতুন কৌশল উদ্ভাৱন কৰাৰ লগতে প্ৰশিক্ষণ, বজাৰ, গৱেষণা আৰু লগতে ঋণ আদি পোৱাত বিভিন্নধৰণেৰে সহায় কৰেগ। অসমত প্ৰতিষ্ঠা কৰিব পৰা এনেধৰণৰ উদ্যোগসমূহৰ ভিতৰত জেকেট, ফেন্সী বেগ, জোতা, চেণ্ডেল, সূতা, চাহপাত ৰাখিব পৰা ডাঙৰ বেগ, কাৰ্পেট, কাগজৰ মণ্ড(Pulp), চাৰকল(Charocoal), চেলুলইড(Celluloid), Jute Based Handicrafts, Jute Composite, Jute Geo-Textile Made-UPS, Machine knitted products, furfural, Tissue paper, Jute Reinforced Plastic আদি উল্লেখযোগ্য। ইতিমধ্যে গুৱাহাটীত দ্বীপজ্যোতি মহন্ত নামৰ এজন ডেকা উদ্যমী ব্যক্তিয়ে NEDFI ৰ পৰা ঋণ আদি লৈ মৰাপাটৰ ওপৰত এক নতুনধৰণৰ উদ্যোগ আৰম্ভ কৰিছেই। নগাঁৱৰ জ্যোৎস্না গোস্বামী নামৰ এক মহিলা উদ্যোগীয়েও নিজে মৰাপাটৰ ওপৰত ভিত্তি কৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰাৰ লগতে এইবোৰ অসমৰ বাহিৰতো বিক্ৰী কৰিছে। তেখেতে এইধৰণৰ দুই-এক প্ৰশিক্ষণো দিয়ে বুলি শুনিছোঁ।

বৰ্তমান অসমত উজ্জ্বল তৰাৰ দৰে জিলিকি থকা এবিধ উদ্যোগ হৈছে ক্ষুদ্ৰ চাহ বাগিচা ঘোলা উদ্যোগ। ইতিমধ্যে উজনি অসমৰ বিভিন্ন ঠাইত এই উদ্যোগ অতি লাভজনক উদ্যোগলৈ পৰিনত হৈছে। এই উদ্যোগ উজনি অসমৰ দৰে উত্তৰ কাছাৰ, কাৰ্বি আংলং, গোৱালপাৰা, কামৰূপ, শোনিতপুৰ, মঙলদৈ আদি জিলাতো হ’ব পাৰে। অলপতে নতুন বছৰৰ দিনা গোলাঘাট চহৰৰ ওচৰে-পাঁজৰে থকা এনেধৰণৰ কেইখনমান ক্ষুদ্ৰ চাহ বাগিচালৈ পৰিবাৰসহ দুটাকৈ দিন থকাকৈ গৈছিলোঁ আৰু প্ৰত্যেকখন বাগিচাৰে এক স্বচ্ছল অৱস্থা দেখি অতি আনন্দিত হৈছিলোঁ। অসমত ইতিমধ্যে প্ৰায় ১০,০০০ এনেধৰণৰ ক্ষুদ্ৰ চাহ বাগিচা হৈছে যদিও আৰু ১৫/২০ হাজাৰমান নতুন বাগিচা হ’ব বুলি বিভিন্ন বিশেষজ্ঞই মতপোষণ কৰিছে। চাহ শিল্পৰ উন্নয়ন সন্দৰ্ভত কলিকতাৰ পৰা মাহেকীয়াভাৱে প্ৰকাশিত গৱেষণামূলক আলোচনী The Assam Review and Tea News, 27-A, Waterloo Street(1st Floor), Calcutta-700069 নিয়মিতভাৱে পঢ়িব পাৰিলে আৰু লগতে Assam Agricultural University(Tea Science Depeartment), Jorhat ৰ লগত যোগাযোগ কৰিব পাৰিলে এই শিল্পৰ লগত জড়িত ব্যক্তিৰ কিছু হ’লেও সহায় হ’ব বুলি আশা কৰিব পাৰিব।

অসমত শিক্ষিত বহুতো যুৱক-যুৱতীয়ে আজিকালি ভাৰতৰ আন আন ৰাজ্যৰ দৰে বিদেশী নাম থকা কোনো এক উদ্যোগৰ লগত যৌথভাৱে(Joint Industry with Foreign Collaboration) উদ্যোগ এটা কৰিবলৈ ইচ্ছা কৰে যদিও তাৰ বাবে ক’ত, কিভাৱে প্ৰাৰম্ভিক কামত আগবাঢ়িব লাগিব তাৰ সাধাৰণতেই একো আও-ভাও নাপায়। তেনে উদ্যমী ব্যক্তিয়ে নতুন দিল্লীস্থ ভাৰত চৰকাৰৰ অধীনস্থ Indian Investment Centre, Jeevan Bihar Building, Sansad Marg, New Delhi-110001 ৰ লগত ওযোগাযোগ কৰিলে বা সেই অনুষ্ঠানৰ পৰা প্ৰকাশিত Monthly News Letter খন ল’ব বা চাব পাৰিলে এইধৰণৰ যৌথ উদ্যোগৰ বিষয়ে বহুতো নজনা কথা জানিব পাৰিব। উদাহৰণস্বৰূপে এই News Letter ৰ October, 1999 সংখ্যাত প্ৰকাশিত ভাৰত চৰকাৰে কেৱল যোৱা জুলাই মাহটোত(১৯৯৯) অনুমোদন জনোৱা ১৪৫ টা যৌথ উদ্যোগৰ নাম-ঠিকনা প্ৰকাশ কৰিছে। এইধৰণৰ যৌথ উদ্যোগৰ বাতৰি আদি ইয়াত প্ৰত্যেক মাহতেই প্ৰকাশ পায়।

এইদৰে আলোচনা কৰিলে দেখা যায় যে আমাৰ উঠি অহা যুইৱক-যুৱতীসকলে কেৱল চাকৰিমুখী নহৈ অলপমান চেষ্টা কৰি দুই চাৰিটা নতুনধৰণৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰিলে তেওঁলোকক দেখি অচিৰেই আৰু বহুতো নতুন নতুন যুৱক-যুৱতী এই পথত আগবাঢ়ি আহিব বুলি আশা কৰিব পাৰি।

লেখক: ড° সুনীল কুমাৰ শইকীয়া

উৎস: আধুনিক কৃষিকথা(কৃষি বাণিজ্যিকীকৰণ আৰু উদ্যোগমুখিতা)

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate