অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্যোগমুখিতাৰ আৱশ্যকতা আৰু উদ্যোগীৰ বৈশিষ্ট্য :

 

উদ্যোগমুখিতাৰ আৱশ্যকতা -

আমাৰ দেশত যুৱশক্তিৰ সংখ্যা আৰু দক্ষতা অপাৰ। কিন্তু চৰকাৰী খণ্ডত নিয়োজনৰ আশা কমি অহাত বহুতো সময়ত এই যুৱশক্তি দিকভ্ৰান্ত হৈ অসামাজিক আৰু অহিতকৰ কামত ব্ৰতী হয়। এই বিশাল যুৱশক্তিৰ সদব্যৱহাৰৰ যোগেদি দেশক প্ৰগতিশীল কৰি গঢ়ি তুলিবলৈ উদ্যোগমুখিতাৰ খুবেই আৱশ্যক।

যুৱশক্তিৰ মাজত উদ্যোগমুখিতা বাঢ়িলে আমাৰ জাতীয় আয়ো বাঢ়িব, জনসাধাৰণৰ জীৱনধাৰণৰ মানৰো উন্নতি হ’ব, নতুন বজাৰত একেজন ব্যৱসায়ীৰ একাধিপত্য। ইয়াৰ ফলত দেশৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰত এক কুপ্ৰভাৱ পৰে।

ইয়াক নাশ কৰিবলৈ অধিক লোক উদ্যোমী হোৱা প্ৰয়োজন। পৰিকল্পিত ব্যৱসায়িক কাৰ্যকলাপ আৰম্ভ হ’লেহে অৰ্থনৈতিক ক্ষমতাৰ সমবিতৰণ সম্ভৱ হয়। গতিকে অধিক লোক উদ্যোগমুখী হ’লে সম্পদৰ ভাগ-বতোৱাৰাৰ মাধ্যমত দেশ অধিক উন্নয়নৰ দিশত অগ্ৰসৰ হয়। নতুন নতুন মানবিশিষ্ট সামগ্ৰীও সুলভ হয়।

দেশ এখন প্ৰকৃতাৰ্থত উন্নতি হ’বলৈ হ’লে মানৱ সম্পদৰ পূৰ্ণ বিকাশ হোৱাটো প্ৰয়োজন। গতিকে অধিকসংখ্যক উদ্যোগী হ’লে দেশত কৰ্ম-সংস্কৃতিয়ে দেখা দিয়ে আৰু বৃহৎ কৰ্মসংস্থাপনৰ পথ মুকলি হয়। ইয়াৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান সম্ভৱ হৈ উঠে। তদুপৰি বুধিয়ক মানৱ সম্পদক দেশৰ ভিতৰতেই ৰাখিব পৰা যায়।

উদ্যোগমুখিতা বঢ়া মানেই সম্পদ সৃষ্টি হোৱা আৰু এই সম্পদৰ কিছু অংশ জনহিতকৰ কল্যাণৰ কামত ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ দ্বাৰা ন ন অঞ্চলৰ বিকাশ হয়। ৰাস্তা-ঘাট নিৰ্মাণৰ লগতে অন্যান্য সামাজিক অনুষ্ঠানসমূহো বিকশিত ৰূপত আগবাঢ়িব ধৰে।

উদ্যোগীৰ বৈশিষ্ট্য -

১)সুনিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰা:

সুনিৰ্দিষ্ট লক্ষ্য স্থিৰ নকৰিলে এজন উদ্যোগীয়ে কেতিয়াও সফলতাৰ মুখ নেদেখে। গতিকে এজন উদ্যোগীৰ সুনিৰ্দিষ্ট লক্ষ্য থকা প্ৰয়োজন।

২)মানসিক দৃঢ়তা আৰু আত্মবিশ্বাস:

মানসিক দৃঢ়তা আৰু আত্মবিশ্বাস গঢ়ি তুলিলেহে লক্ষ্য প্ৰাপ্তিৰ ফালে আগবাঢ়ি যাব পৰা যাব।

৩)সৃষ্টিশীল আৰু ভৱিষ্য দৃষ্টি:

এক সৃষ্টিশীল অৰু ভৱিষ্য দৃষ্টিৰে খুবেই প্ৰয়োজন এজন উদ্যোগীক। ইয়াৰ বাবে সমস্যা আৰু তাৰ সমাধানৰ পথ নিৰ্ণয় কৰিব পৰা গুনৰ অধিকাৰী হ’ব লাগিব।

৪)অনিশ্চয়তা গ্ৰহণৰ ক্ষমতা:

ব্যৱসায়ত অনিশ্চয়তা আছেই। তাক গ্ৰহণ কৰাৰ মানিক বল অৰ্জন কৰিব লাগিব।

৫)দায়িত্ব গ্ৰহণ:

কোনো এক কামৰ বাবে দায়িত্ব মূৰ পাতি লৈ আগবাঢ়ি আহিব পাৰিব লাগিব।

৬)আশাবাদী আৰু ইতিবাচক দৃষ্টিভংগী:

জীৱনক আশাবাদী আৰু ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ শিকিব লাগিব।

৭)সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা:

সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা অৰ্জন কৰিব লাগিব।

৮)ক্ষতি স্বীকাৰ কৰিব পৰা মানসিকতাৰ অধিকাৰী:

ব্যৱসায়ত লাভ-লোকচান থাকেই। গতিকে কেতিয়াবা ক্ষতি হ’লেও তাক স্বীকাৰ কৰিব পৰা মানসিকতাৰ অধিকাৰী হ’ব লাগিব।

৯)সদা সচেতন মন:

গ্ৰাহকৰ প্ৰয়োজন, বজাৰৰ ভাও আদিৰ বিষয়ে সদা সচেতন হৈ থাকিব লাগিব।

১০)জনসাধাৰণৰ সৈতে সু-সম্পৰ্ক:

এজন উদ্যোগীয়ে সদায় জনসাধাৰণৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলিব লাগিব।

১১)ব্যৱসায়ৰ গোপনীয়তা ৰক্ষা:

ব্যৱসায়ৰ গোপনীয়তা ৰক্ষা কৰাৰ অধিক প্ৰয়োজন, অন্যথা বজাৰৰ প্ৰতিযোগিতাত তিষ্ঠি থাকিব নোৱাৰিব।

১২)কাৰিকৰী দক্ষতা:

এটা ব্যৱসায়ক সফল কৰি গঢ়ি তুলিবলৈ তাৰ বাবে প্ৰয়োজনীয় কাৰিকৰী দক্ষতা অৰ্জন কৰিব লাগিব।

১৩)শাৰীৰিক ক্ষমতা:

এজন সফল ব্যৱসায়ীৰ চাবিকাঠী লুকাই থাকে তেওঁৰ শাৰীৰিক ক্ষমতাৰ ওপৰত। গতিকে নিজৰ দেহৰ প্ৰতি সদায় সচেতন হ’ব লাগিব।

১৪)আনক প্ৰভাৱান্বিত কৰিব পৰা গুনাৱলী:

নিজৰ মতামত, সিদ্ধান্ত আদিৰ দ্বাৰা অন্য ব্যৱসায়ী বা গ্ৰাহক আদিক প্ৰভাৱন্বিত কৰিব পৰা দক্ষতা অৰ্জন কৰিব পাৰিলেহে নিজ লক্ষ্যত উদ্যোগীজন উপনীত হ’ব পাৰিব।

১৫)শিথিল দৃষ্টিভংগী:

নিতে নতুন কৰ্মৰ সন্ধান কৰিব লাগিব। তাৰ বাবে এক শিথিল দৃষ্টিভংগীও ল’ব লাগিব।

১৬)স্বাধীন মন:

এজন সফল উদ্যোগী সদায়েই স্বাধীন মন এটাৰ অধিকাৰী হৈয়ো আনৰ মতামতক শ্ৰদ্ধা কৰে। গতিকে এই গুণ আহৰণ কৰা খুবেই প্ৰয়োজন।

১৭)জীৱনৰ যাত্ৰাপথ:

উদ্যোগী এজনৰ জীৱনৰ যাত্ৰাপথ বিৰামহীন। এই গুণাৱলীসমূহ ইশ্বৰপ্ৰদত্ত বুলি এটা ধাৰণা কৰিব পাৰি। কিন্তু এই কথা সত্য নহয়। কাৰণ উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা এই গুণাৱলী আহৰণ কৰি ল’ব পাৰি। গতিকে উদ্যোগমুখী হোৱাৰ বাহিৰে বিকল্প পথ নাই। এতিয়া আমি এটা নতুন ব্যৱসায়, উদ্যোগ আৰম্ভ কৰিবলৈ কি পদক্ষেপ ল’ব লাগিব তাৰ বিষয়ে সম্যক আলোচনা কৰিম-

কেনেদৰে আৰম্ভ কৰিব এটা কৃষিভিত্তিক উদ্যোগ?

১)পোনতেই চাওক কি বিষয়ত আপুনি উদ্যোগ আৰম্ভ কৰিব খোজে? যিবোৰ বিষয়ত আপুনি উদ্যোগ গঢ়িব বিচাৰিছে তাৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী আপোনাৰ ওচৰে-পঁজৰে সুলভ হয়নে?

২)আপুনি আৰম্ভ কৰিব খোজা উদ্যোগটোৰ গ্ৰাহকসকল কোন? কিমান দূৰত্বত তেওঁলোকৰ অৱস্থান?

৩)উৎপাদিত সামগ্ৰী বৰ্তমান বজাৰত উপলব্ধনে? তাৰ চাহিদা কিমান?

৪)সামগ্ৰীবিধৰ উৎপাদনৰ বাবে কাৰিকৰী দক্ষতাসম্পন্ন লোক সুলভনে? কিমান দূৰত্বত তেওঁলোকৰ অৱস্থান? অথবা দক্ষতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ব্যক্তি, প্ৰতিষ্ঠান আছেনে?

৫)ভৱিষ্যতেও সামগ্ৰীবিধৰ চাহিদা থাকিবনে?

৬)চৰকাৰী নীতি বা আইনৰ বিষয়ে আপুনি অৱগতনে? অথবা আপোনাৰ সহায়কাৰী আছেনে?

৭)উদ্যোগটোৱে পৰিৱেশ দূষিত কৰাৰ সম্ভাৱনা কিমান?

৮)উদ্যোগ নিৰ্মাণৰ বাবে ধন, মাটি, শ্ৰমিক আৰু সাংগঠনিক প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰিবনে?

এই আটাইবোৰ দিশ চালিজাৰি চোৱাৰ পাছতহে আপুনি এক সিদ্ধান্তত উপনীত হ’ব পাৰিব। কিন্তু কেনেকৈ আপুনি উদ্যোগ স্থাপনৰ বাবে ধাৰণা কৰিব? ইয়াৰ উৎস কি? কোনে দিব আপোনাক সঠিক পথৰ সন্ধান? ইয়াৰ বাবে আপুনি সচেতন হৈ এই দিশত দিহা-পৰামৰ্শ দিয়া অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিবিশেষ অথবা বিভিন্ন উন্নয়নমূলক বিভাগৰ লগত যোগাযোগ কৰিব পাৰে।

আজিকালি এনেকুৱা প্ৰতিষ্ঠানো আছে যিবোৰে এই দিশত আপোনাৰ মানসিক দৃঢ়তা বঢ়োৱাৰ প্ৰশিক্ষণো দিয়ে। ইয়াৰ বাবে বাণিজ্যমেলা বা বৃত্তিগত আলোচনী, বাতৰি কাকত, ৰেডিঅ’, টেলিভিছন, ইন্টাৰনেট, বাণিজ্যমেলা, কৃষকমেলা আদিয়ে বাট দেখুৱাব পাৰে। অৱশ্যে পোনতেই আপোনাৰ প্ৰয়োজন আপোনাৰ আগ্ৰহ আৰু সদিচ্ছাৰ। ইয়াৰ উপৰি তলত দিয়া দিশসমূহৰ পৰ্যালোচনা কৰাটোও প্ৰয়োজন-

ক)সামগ্ৰীৰ চাহিদা আৰু যোগান ব্যৱস্থাত নজৰ দিয়া।

খ)মূল উদ্যোগৰ স’তে ভটিয়নি উদ্যোগ স্থাপনৰ সম্ভাৱনীতাৰ বিষয়ে পুংখানুপুংখভাৱে বিশ্লেষণ কৰা।

গ)চৰকাৰী সুযোগৰ সদব্যৱহাৰ কৰা।

ঘ)উদ্যোগৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বজাৰ বিশ্লেষণ, তথা ৰপ্তানিৰ সম্ভাৱনা।

ঙ)সমাজত নতুন ধাৰণাৰ জন্ম দিব পৰা উদ্যোগ স্থাপনত গুৰুত্ব দিয়া। ইয়াৰ দ্বাৰা ভোগৰ ধৰণৰ পৰিৱৰ্তন কৰা।

চ)নিজ অঞ্চলত থকা উদ্যোগসমূহৰ অৱস্থাৰ প্ৰতি নজৰ দিয়া।

ছ)কেতিয়াবা উদ্যোগীৰ অৱহেলাত কোনো উদ্যোগ আধাতে মৃত্যুমুখত পৰে। এনে উদ্যোগে কোনোবা পৰিশ্ৰমী মানুহৰ হাতত পৰিলে সফলতাৰ ফালে আগবাঢ়ি যায়। গতিকে এই উদ্যোগৰ মৃত্যুনো কি হ’ল তাৰ বিশ্লেষণ কৰিব লাগে।

জ)বেংকৰ ঋণ আদিৰ বিষয়ে জ্ঞান লাভ কৰা ইত্যাদি।

সামৰণি -

আমাৰ যুৱপ্ৰজন্ম উদ্যোগমুখী হ’লেহে ৰাজ্যখন প্ৰগতিৰ ফালে আগবাঢ়িব। ইয়াৰ বাবে প্ৰয়োজন সঠিক প্ৰশিক্ষণ আৰু সুদৃঢ় মন। বিভিন্ন ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰশিক্ষণ অনুষ্ঠানৰ যোগেদি দক্ষতা অৰ্জন কৰি উদ্যোগমুখী হোৱাৰ সময় সমাগত।

ইয়াৰ বাবে চৰকাৰৰ যোগেদি পাব পৰা সুবিধাসমূহৰ উপৰি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা পাব সুবিধাসমূহো ল’বলৈ আগবাঢ়ি আহিব লাগিব। যুৱ প্ৰজন্মৰ এনে একোটা সুচিন্তিত আৰু দৃঢ় পদক্ষেপে অনগ্ৰসৰ ৰাজ্যখনত কৰ্মসংস্থাপন সৃষ্টি কৰি উন্নতিৰ পথলৈ নিয়াত সফলকাম হ’ব পাৰিব।

লেখক: ড° প্ৰশান্ত মিশ্ৰ, ড° ৰাজেন্দ্ৰ কুমাৰ তালুকদাৰ, ড° উৎপল বৰ্মন, সজীৱ বৰুৱা

উৎস: আধুনিক কৃষিকথা(উদ্যোগমুখিতাৰ আৱশ্যকতা)

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate