অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঠফুলা খেতি :

কাঠফুলা খেতি :

 

কাঠফুলা কি?

কাঠফুলা একপ্ৰকাৰ উচ্চ প্ৰজাতিৰ মঙহাল ভেঁকুৰ। খাদ্য হিচাপে কাঠফুলা সুস্বাদু আৰু প্ৰ’টিনযুক্ত। মানৱ শৰীৰৰ প্ৰয়োজনীয় ভিটামিন, খনিজ লৱণৰ উপৰি প্ৰায় সকলো লাগতিয়াল এমিন’ এছিড পৰ্যাপ্ত পৰিমাণে পোৱা যায়।

কাঠফুলাৰ সুত্ৰপঞ্জ (যাৰ সহায়ত কাঠফুলাৰ বৃদ্ধি হয়) মাটিৰ তলত থাকে। মাটিৰ ওপৰত দেখা বা খাদ্য হিচাপে ব্যৱহাৰ কৰা অংশটো হৈছে ইয়াৰ ফলোৎপাদন পিণ্ড। এই অংশক টুপি বা বাকী অংশক ঠাৰি বোলা হয়।

কাঠফুলাৰ ইংৰাজী প্ৰতিশব্দ ‘মাশ্বৰুম’ (Mushroom) লেটিন অথবা গ্ৰীক ভাষাৰ পৰা উদ্ভৱ হোৱা বুলি ধাৰণা কৰা হয়। লেটিন ভাষাত ইয়াক ‘ফাংগ’ (Fungo) বোলে। ইয়াৰ অৰ্থ সুশোভিত বা বিকশিত হোৱা, অৰ্থাৎ মাটি বা গছ ভেদি গজি উঠা উদ্ভিদ। আনহাতে গ্ৰীকসকলে স্ফ’ঙগছ (Sphonggos) বা স্ফ’গছ (Sphoggos) শব্দৰে কাঠফুলাকে বুজায়। ফৰাচী শব্দ মউছেৰ’ণ (Mousseron), মউছে (Mousse) বা মছৰ (Moss) পৰাও ‘মাশ্বৰুম’ শব্দটো উদ্ভৱ হোৱাৰ সম্ভাৱনা অধিক।

হিন্দীত বুটাম (Button) কাঠফুলাক খুম্বি (Khumbi) বা খুম্ব (Khumb) আৰু অয়ষ্টাৰ (Oyster) কাঠফুলাক ধিংৰি (Dhingri) নামেৰে জনা যায়। সংস্কৃত ভাষাত কাঠফুলাক চুম্পা (Ksumpa) বা ছত্ৰ বা ভুমি কভক (Bhoomi kavak) আদি  নামেৰে জনা যায়।

কাঠফুলাৰ পুষ্টিকাৰক আৰু ঔষধি গুণ -

খাদ্য হিচাপে কাঠফুলা মাথোঁ সুস্বাদুৱেই নহয়, ইয়াত প্ৰ’টিন, ভিটামিন, খনিজ লৱণৰ উপৰি প্ৰায় সকলো লাগতিয়াল এমিন’ এচিড পৰ্যাপ্ত পৰিমাণে পোৱা যায়। সেয়ে কাঠফুলাৰ গুণাগুণ অতুলনীয়।

কাঠফুলাৰ পুষ্টিকাৰক গুণ -

ক) প্ৰ’টিন:

সতেজ কাঠফুলাত ২.৫-৩% আৰু শুকান কাঠফুলাত ২০-৩৫% প্ৰ’টিন থাকে। কাঠফুলাত থকা প্ৰ’টিন উচ্চমানৰ আৰু ই সহজে হজম হয়।

খ) খাদ্যপ্ৰাণ (Vitamins):

কাঠফুলা মানৱদেহৰ লাগতিয়াল খাদ্যপ্ৰাণ বি (vitamin B) আৰু খাদ্যপ্ৰাণ চি (vitamin C) ৰ এক মুল উৎস। থিয়ামিন, ৰাইব’ফ্লেবিন আৰু লিয়াচিন আদি খাদ্যপ্ৰাণ বি যৌগসমুহ কাঠফুলাত যথেষ্ট পৰিমাণে থাকে। কাঠফুলাৰ ৰন্ধন প্ৰক্ৰিয়াত অথবা সংৰক্ষণৰ পাছত ইয়াত থকা খাদ্যপ্ৰাণৰ গুণাগুণ হানি হয়। সেউজীয়া শাক-পাচলিত নথকা তেজ গঠনত সহায়কাৰী ফলিক এচিড (folic acid) আৰু খাদ্যপ্ৰাণ বি ১২ (vitamin B12) কাঠফুলাত পোৱা যায়।

গ) খনিজ লৱণ (Minerals):

কাঠফুলাত পৰ্যাপ্ত পৰিমাণে পটাছিয়াম থাকে। তদুপৰি পটাছিয়াম: ছডিয়ামৰ অনুপাতো (K:NA) কাঠফুলাত যথেষ্ট বেছি। সেয়েহে হৃদৰোগী আৰু উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ ই উত্তম খাদ্য।

ঘ) কাৰ্বহাইড্ৰেট (Carbohydrate):

কাঠফুলাত ঘাইকৈ কাইটিন (chitin) , হেমিচেলুল’জ (hemicellulose )আৰু গ্লাইক’জেন নামৰ কাৰ্বহাইড্ৰেটজাতীয় পদাৰ্থ থাকে। কাঠফুলাত থকা সৰ্বমুঠ কাৰ্বহাইড্ৰেটৰ পৰিমাণ ৪-৫%। কাঠফুলাত নিচেই কম পৰিমাণৰ (০.৫%) শৰ্কৰা (sugar) থাকে।

কাঠফুলাৰ গুণাগুণ -

খাদ্য হিচাপে কাঠফুলাৰ উপকাৰিতা বহু প্ৰকাৰৰ। যেনে-

ক) নগণ্য চৰ্বী (০.৩%) আৰু কম কেলৰিৰ (৩২ কিল’কেলৰি/ ১০০ গ্ৰাম সতেজ কাঠফুলা ) খাদ্য হোৱা হেতুকে, মেদবহুল লোকৰ বাবে ই উপযুক্ত খাদ্য।

খ) কাঠফুলাত ক’লেষ্টেৰ’ল নাথাকে যদিও আৰগ’ষ্টেৰ’ল থাকে। এই আৰগ’ষ্টেৰ’ল মানৱদেহত খাদ্যপ্ৰাণ-ডি (vitamin-D) লৈ ৰুপান্তৰিত হয়। ক’লেষ্টেৰ’লযুক্ত বাবে হৃদৰোগ উপশম কৰাত ই সহায় কৰে।

গ) বেছি তন্তু বা আঁহযুক্ত (১% তকৈ অধিক) হোৱা বাবে কোষ্ঠকাঠিন্যত (constipation) ভোগা ৰোগীৰ বাবে কাঠফুলা উপকাৰী খাদ্য।

চিকিৎসাত কাঠফুলাৰ খাদ্য (Therapeutic uses)

ক) তেজৰ ক’লেষ্টেৰ’ল হ্ৰাসকাৰী ক্ষমতা:

তেজত জমা হোৱা হৃদৰোগৰ কাৰক ক’লেষ্টেৰ’ল হ্ৰাস বা নাশ কৰিব পৰা এবিধ বিশেষ পদাৰ্থ কাঠফুলাত থাকে।

খ)হাইপ’গ্লাইচেমিক (Hypoglycemic):

কাৰ্বহাইড্ৰেট আৰু চৰ্বী একেবাৰে কম পৰিমাণে থকাৰ বাবে বহুমুত্ৰ ৰোগী আৰু মেদবহুল লোকৰ বাবে অয়ষ্টাৰ কাঠফুলা একপ্ৰকাৰৰ উৎকৃষ্ট খাদ্য।

গ) টিউমাৰৰোধী গুণ (Antitumer effect)

শেহতীয়াকৈ নানাধৰণৰ উচ্চমানৰ গৱেষণাৰ পৰা কেতবোৰ কাঠফুলাৰ দুৰাৰোগ্য কেন্সাৰ প্ৰতিৰোধকাৰী গুণৰ কথা পোহৰলৈ আহিছে।

বিষাক্ত আৰু খাদ্যোপযোগী কাঠফুলা -

প্ৰাকৃতিক অৱস্থাত খাদ্যোপযোগী আৰু বিষাক্ত দুয়োবিধ কাঠফুলাই উপলব্ধ হয়। বিষাক্ত কাঠফুলাক ইংৰাজীত টড’ষ্টুল (Toadstool) নামেৰে জনা যায়। এমেনিটা ফেল’ইডিছ (Amanita phalloides), এমেনিটা মাছকাৰিয়া (Amanita muscaria), আদি অতি বিষাক্ত কাঠফুলাৰ উদাহৰণ। অসমত এনে বিষাক্ত কাঠফুলা জধেমধে হাবি-বননিৰ পৰা সংগ্ৰহ কৰি খাই প্ৰতি বছৰে অনেক লোকৰ মৃত্যুৰ বাতৰি কাকতে-পত্ৰই সঘনাই পোৱা যায়। বাহ্যিক দৃষ্টিৰে প্ৰাকৃতিক পৰিৱেশত খাদ্যোপযোগী আৰু বিষাক্ত কাঠফুলা চিনাক্তকৰণ কিছু কঠিন।

এনে বিষাক্ত কাঠফুলাৰ ওপৰৰ টুপীটোৰ ৩০ গ্ৰাম কাঠফুলাই এজন লোকৰ মৃত্যুৰ বাবে অধিক। এমেনিটা প্ৰজাতিৰ বিষাক্ত কাঠফুলা অসমৰ বনাঞ্চলত সহজে মাৰ্চ-এপ্ৰিল মাহত গজি উঠে। ইয়াত এমাটকচিন আৰু ফেল’টকচিন নামৰ দুবিধ বিষাক্ত পদাৰ্থ থাকে। ই লিভাৰ আৰু বৃক্কত বিষক্ৰিয়া কৰাৰ বাবে ৭২ ঘণ্টাৰ ভিতৰত পেটৰ বিষ, ডায়েৰিয়া, বমি আদিত ভুগি ৰোগী মৃত্যুমুখত পৰে। আনহাতে বৈজ্ঞানিক ভিত্তিত খেতি কৰি উৎপাদন কৰা কাঠফুলাত এনে ভয় তিলমানো নাথাকে। সেয়েহে সুস্বাদু, প্ৰ’টিনযুক্ত কাঠফুলাৰ জুতি ঘৰতে উৎপাদন কৰি লোৱা উচিত।

খাদ্যোপযোগী কাঠফুলা (Edible mushroom):

বৰ্তমানে বিশ্বত ১০,০০০ তকৈ অধিক খাদ্যোপযোগী কাঠফুলাৰ চিনাক্তকৰণ হৈছে যদিও অতি কমসংখ্যক কাঠফুলাৰ খেতিহে ব্যৱসায়িক ভিত্তিত বিস্তৃতভাৱে কৰা হয়।

বিস্তৃতভাৱে খেতি কৰা পাঁচপ্ৰকাৰৰ খাদ্যোপযোগী কাঠফুলা হ’ল -

ক) বাটন বা বুটাম কাঠফুলা বা Button mushroom   (Agaricus spp): ইয়াক বগা বাটন (White button ) ইউৰোপীয় বাটন (European button), নাতিশীতোষ্ণীয় কাঠফুলা (Temparate mushroom) নামেৰেও জনাজাত।

খ) ধানখেৰ কাঠফুলা বা Paddy straw mushroom  (Volvariella spp.): ইয়াক চীনা কাঠফুলা (Chinese mushroom) বা বিষুৱীয় বা উষ্ণ মণ্ডলীয় কাঠফুলা (Tropical mushroom) নামেৰেও জনা যায়।

গ) সাগৰীয় শামুকীয় বা অয়ষ্টাৰ কাঠফুলা বা  Oyster mushroom (Pleurotus spp)

ঘ) মিল্কী কাঠফুলা বা Milky mushroom (Calocybe indica)

ঙ) শ্বিটাকে কাঠফুলা (জাপানী ভাষাত ওক গছ ) বা Shiitake (Lentinula edodes)

ওপৰত উল্লিখিত কাঠফুলাৰ প্ৰজাতিসমুহৰ উপৰি কম পৰিসৰত কেতবোৰ কাঠফুলাৰ খেতি কৰা হয়। যেনে-

১) ক’লা কণীয়া বা Black ear (Auricularia auricula)

২) বৃহৎকায় ভেঁকুৰ বা Giant fungus (Stropharia rugosaannulata)

৩) ইন’কিটাকে (Enokitake- Flammulina velutipes)

৪) মাইটাকে (Maitake- Grifola frondosa)

বিষাক্ত আৰু খাদ্যোপযোগী কাঠফুলাৰ চিনাক্তকৰণ পদ্ধতি -

বিষাক্ত কাঠফুলাৰ চিনাক্তকৰণ অনভিজ্ঞ লোকৰ বাবে কিছু কঠিন কাম। চিনাক্তকৰণ নিখুঁত নোহোৱাৰ বাবেই বিষাক্ত কাঠফুলা খাই বহুজনে মৃত্যুক সাবটি ল’বলগা হৈছে। দুয়োবিধ কাঠফুলাৰ অংগ সংস্থান সম্পৰ্কীয় কেতবোৰ বৈশিষ্ট্য উল্লেখ কৰা হ’ল-

ক) বিষাক্ত কাঠফুলাৰ ঠাৰি (stalk or stipe) ডালৰ একেবাৰে তলৰ অংশত ‘ভলভা’ (volva) নামৰ বাটি বা কাপ আকৃতিৰ এটা অংশ থাকে। সুক্ষ্ম পৰ্যবেক্ষণৰ দ্বাৰাহে এই অংগটো ধৰিব পাৰি। সেয়েহে কাঠফুলাৰ ঠাৰিডালৰ ছালখন (skin) অতি মনোযোগেৰে পৰ্যবেক্ষণ কৰিব লাগে।

খ) টুপীৰ তলত স্কাৰ্টৰ (skrit) দৰে এটা বহল আঙঠিয়ে (ring) কাঠফুলাৰ ঠাৰিডালক আৱৰি থাকে।

গ) কাঠফুলাৰ টুপীটোৰ তল পিঠিত থকা সীৰলু বা গিলবোৰ বগা বৰণৰ।

ঘ) বিষাক্ত কাঠফুলাবোৰ সাধাৰণতে এপাহকৈ নাইবা একেলগে দুপাহকৈহে গজা দেখা যায়।

খাদ্যোপযোগী কাঠফুলা (Edible mushroom)

বিষাক্ত কাঠফুলাত থকাৰ দৰে বাটি আৰু আঙঠি খাদ্য উপযোগী কাঠফুলাত একেপাহ কাঠফুলাতে নাথাকে। যিকোনো এবিধহে, যেনে-কেৱল ভলভা (ধানখেৰ কাঠফুলা ) বা কেৱল আঙঠিহে (বুটাম কাঠফুলা ) থাকে। নতুবা দুয়োবিধেই নাথাকে (অয়ষ্টাৰ আৰু মিল্কী কাঠফুলা)

বিষাক্ত আৰু খাদ্যোপযোগী  কাঠফুলাৰ চিনাক্তকৰণৰ থলুৱা পদ্ধতি (Traditional method)

প্ৰাকৃতিক অৱস্থাত পোৱা কাঠফুলাসমুহক বিভিন্ন অঞ্চলৰ স্থানীয় লোকসকলে নিজস্ব পদ্ধতিৰে চিনাক্ত কৰিয়েই অতীজৰে পৰা সংগ্ৰহ কৰি খাই আহিছে। এনেধৰণৰ প্ৰচলিত থলুৱা পদ্ধতিসমুহক চিনাক্তকৰণৰ একেবাৰে নিখুঁত আৰু নিৰ্ভৰযোগ্য পদ্ধতি বুলিব নোৱাৰি। থলুৱা পদ্ধতিসমুহ হ’ল-

ক) কাঠফুলা তিয়াই থোৱা পানীত বেঙেনাৰ কটা টুকুৰা বা ফুল অলপ সময় তিয়াই থৈ লক্ষ্য কৰিলে যদি বেঙেনা আৰু ফুলবোৰৰ বৰণ ক’লা পৰা দেখা যায়, তেন্তে ই প্ৰমাণ কৰে যে পৰিক্ষণীয় কাঠফুলাখিনি বিষাক্ত।

খ) নিমখযুক্ত পানীত কাঠফুলা তিয়াই থ’লে পানীৰ বৰণ যদি ক’লা হয়, ই কাঠফুলাৰ বিষাক্ততা প্ৰতিপন্ন কৰে।

গ) বিষাক্ত কাঠফুলাৰে প্ৰস্তুত কৰা যিকোনো ব্যঞ্জনত ৰুপৰ্ বা তামৰ সামগ্ৰী (article) দিলে তাৰ বৰণ ক’লা হয়।

ঘ) বিষাক্ত কাঠফুলাৰে সৈতে নহৰু কেইফুটমান তিয়াই থ’লে, নহৰুৰ ফুটবোৰ ক’লা পৰি যায়।

ঙ) বিষাক্ত কাঠফুলাৰ ব্যঞ্জনত ব্যৱহাৰ কৰা পিঁয়াজ আৰু বেঙেনাৰ স্বাভাৱিক ৰং ক’লা ৰঙলৈ পৰিৱৰ্তন হোৱা ৰান্ধি থকা অৱস্থাতে পৰিলক্ষিত হয়।

চ) বিষাক্ত কাঠফুলাৰ সংস্পৰ্শত এঁৱা গাখীৰ গোট মাৰি দৈলৈ পৰিৱৰ্তিত হয়।

বিষাক্ত কাঠফুলাৰ অন্যান্য বৈশিষ্ট্য:

ক) বিষাক্ত কাঠফুলাৰ তুলনামুলকভাৱে কোমল আৰু ওপৰৰ টুপীটোৰ ছালখন সহজে পৃথক কৰিব নোৱাৰি।

খ) বিষাক্ত কাঠফুলাৰ সাধাৰণতে উজ্জ্বল আৰু আকৰ্ষণীয় ৰঙৰ হয়।

গ) কেতবোৰ বিষাক্ত কাঠফুলাৰ ক্ষতস্থানৰ পৰা গাখীৰৰ দৰে পদাৰ্থৰ নি:সৰণ হয়।

ঘ) বিষাক্ত কাঠফুলাৰ সোৱাদ তিতা অথবা টেঙা হোৱাৰ উপৰি এনে কাঠফুলাৰ পৰা দুৰ্গন্ধ বাহিৰ হয়।

ঙ) পোক- পৰুৱা বা অন্য জন্তুৱে বিষাক্ত কাঠফুলা সাধাৰণতে নাখায় বা নষ্ট নকৰে।

সাৱধানতা অৱলম্বন কৰিবলগীয়া দিশসমুহ -

ক) কাঠফুলা চিনাক্তকৰণৰ উপযুক্ত জ্ঞান নথকাকৈ জধে মধে হাবিৰ পৰা সংগ্ৰহ কৰি বনৰীয়া কাঠফুলা খাব নালাগে। দুৰ্ভাগ্যক্ৰমে চিনাক্তকৰণৰ ভুলৰ বাবেই বনৰীয়া কাঠফুলা খাই অনেক লোকৰ মৃত্যু হৈছে।

খ) কাঠফুলাৰ যিকোনো ব্যঞ্জনৰ সৈতে কেতিয়াও মদ্যপান কৰিব নালাগে।

গ) কাঠফুলাৰ লগত ৰঙালাও বা উৰহী একেলগে খালে খাদ্যত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে।

অয়ষ্টাৰ কাঠফুলাৰ খেতি ( Cultivation of Oyster Mushroom)

অসমৰ জলবায়ুত প্ৰাকৃতিক পৰিৱেশত , কম মুলধনেৰে অতি সহজে খেতি কৰিব পৰা কাঠফুলাবিধ হ’ল অয়ষ্টাৰ কাঠফুলা (Pleurotus spp.)। ইংৰাজী অয়ষ্টাৰ    (Oyster) শব্দৰ আভিধানিক অৰ্থ হ’ল সাগৰীয় শামুক। এই কাঠফুলা দেখাত সাগৰীয় শামুকৰ খোলাৰ (shell) দৰে হোৱাৰ বাবেই ইয়াক অয়ষ্টাৰ বা সাগৰীয় শামুকসদৃশ কাঠফুলা নামেৰে জনা যায়।

ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ তুলনাত তামিলনাডু, কেৰেলা, অন্ধ্ৰপ্ৰদেশ , উৰিষ্যা, পশ্চিমবংগ আৰু অসমত ইয়াৰ খেতি বিস্তৃতভাৱে কৰা হয়। বুটাম কাঠফুলা আৰু ধানখেৰ কাঠফুলাতকৈ অয়ষ্টাৰ কাঠফুলাৰ খেতি বেছি সুবিধাজনক । সেই সুবিধাসমুহ এনেধৰণৰ-

১) কৃষিপ্ৰণালী অতি সহজ আৰু সহজে গ্ৰহণযোগ্য।

২) উষ্ণতাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত সংবেদী নহয়, অৰ্থাৎ ২০° চেণ্টিগ্ৰেডৰ পৰা ৩০° চেণ্টিগ্ৰেডলৈ এই খেতি কৰিব পাৰি।

৩) জৈৱ পৰিৱৰ্তনৰ (bioconversion) সক্ষমতা উচ্চমানৰ। ই ৬০% তকৈ অধিক।

৪) খেতি কৰাৰ সময় দীঘলীয়া, অৰ্থাৎ বছৰটোত প্ৰায় ৮ মাহেই এই খেতি কৰিব পাৰি।

৫) ৰ’দত সহজে শুকুৱাই সংৰক্ষণ কৰিব পাৰি।

কৃষিকাল আৰু কৃষিৰ মাধ্যম (Substrate)

অয়ষ্টাৰ কাঠফুলা খেতিৰ বাবে অতি উপযুক্ত (optimum) উষ্ণতা হ’ল ২৩° ৰ পৰা ২৫° চেণ্টিগ্ৰেড। অসমত এই খেতিৰ উপযুক্ত সময় অক্টোবৰৰ পৰা এপ্ৰিল মাহ পৰ্যন্ত।

ধানখেৰেই কাঠফুলা খেতিৰ বাবে উপযুক্ত মাথোন। ধানখেৰখিনি সোণোৱালী ৰঙৰ অৰ্থাৎ নপচা হ’ব লাগে। ৰ’দে-বৰষুণে পৰি থকা, ভেঁকুৰা খেৰ ব্যৱহাৰ কৰিব নালাগে। কাঠফুলা খেতিৰ বাবে শালিধানৰ খেৰ আটাইতকৈ উত্তম। আহুধানৰ খেৰ ব্যৱহাৰ কৰিলে নানান প্ৰকাৰৰ বীজাণুৰ আক্ৰমণ কাঠফুলাৰ টোপোলাবোৰত দেখা যায়।

অসমৰ জলবায়ুত খেতি কৰিব পৰা জাতসমুহ -

সাত প্ৰকাৰৰ অয়ষ্টাৰ কাঠফুলাৰ খেতি অসমত কৰিব পাৰি। সেইবোৰ হ’ল-P. sajor caju. (ধোঁৱাবৰণীয়া অয়ষ্টাৰ কাঠফুলা),P.sapidus, P. citrinopileatus, P. cornucopia,P. florida, P. flabellatus   আৰু P. ostreatus(হিৰাচিটাকে)। আকৰ্ষণীয় গুলপীয়া ৰঙেৰে সৈতে সকলোতকৈ সুন্দৰ অয়ষ্টাৰ কাঠফুলাবিধ হৈছে P. eous । সেয়েহে ইয়াক গুলপীয়া অয়ষ্টাৰ বোলা হয়। এই কাঠফুলাৰ উৎপাদন কম হোৱাৰ উপৰি কিছু কঠুৱা হোৱা হেতুকে ইয়াৰ খেতি ব্যৱসায়িক ভিত্তিত গঢ় লৈ উঠা নাই।

কৃষি পদ্ধতি -

পলিথিনৰ মোনাত কৰা পদ্ধতি:

বীজ সিঁচিবৰ বাবে ধানখেৰ মাধ্যম প্ৰস্তুতকৰণ:

১) ৰ’দ-বৰষুণত নষ্ট নোহোৱাকৈ থকা শালিধানৰ পৰিষ্কাৰ খেৰ নিৰ্বাচন কৰি খেৰখিনি চোকা দা বা কাচিৰে ৫ চে.মি. জোখত কাটি লওক। এখন ব্লেডযুক্ত ডাঙৰ চকা থকা চেফ কাটাৰ (chaff cutter) ৰ সহায়তো খেৰখিনি কাটিব পাৰি। দুখন ব্লেডযুক্ত চেফ কাটাৰ ব্যৱহাৰ কৰিলে খেৰবোৰ অত্যন্ত সৰু সৰু হয়। নতুবা hachette  ৰ সহায়তো খেৰ কটা কামটো কৰিব পাৰি।

২) এটা খালী তেলৰ ড্ৰামত খেৰখিনি ৬-৮ ঘণ্টা তিয়াই ৰাখক। খেৰখিনি যাতে পানীত ওপঙি নাথাকে , তাৰ বাবে এটা গধুৰ ওজন খেৰৰ ওপৰত দিয়ক। নিৰ্দিষ্ট সময়ৰ পাছত পানীখিনি নিগৰাই দিয়ক।

৩) উতলা পানীত মাধ্যমৰ শোধন:

এলুমিনিয়ামৰ চচপেন বা G.I  ড্ৰামত উতলোৱা (৮৫° চেণ্টিগ্ৰেড) পানীত তিতা খেৰখিনি ডুবাই দিয়ক। এনেদৰে ৩০ মিনিট সময় মাজে মাজে ওপৰ- তল কৰি ড্ৰামৰ পানীত উতলাওক। তেনে অৱস্থাত পাত্ৰটোৰ ঢাকনীখন লগাই লাহে লাহে উতলাই থাকিব লাগে যাতে গৰম পানীৰ উষ্ণতাৰ তাৰতম্য নঘটে। খেৰ সিজোৱাৰ ওপৰতেই অয়ষ্টাৰ খেতিৰ সফলতা বহুখিনি নিৰ্ভৰ কৰে । ইয়াৰ প্ৰধান উদ্দেশ্য হ’ল- খেৰত থকা চেলুল’জ কাঠফুলা উৎপানকাৰী ভেঁকুৰে সোনকালে সৰল এককলৈ ভাঙিব পাৰে আৰু সিজোৱা খেৰত সহজে থিতাপি ল’ব পাৰে।

৪) উতলা পানীৰ পৰা খেৰখিনি উঠাই আনক। গৰম পানীখিনি দ্বিতীয়ভাগ খেৰ সিজাবৰ বাবে পুনৰ ব্যৱহাৰ কৰিব পাৰি। তিওৱা অৰু সিজোৱাৰ পাছত এক কেজি শুকান খেৰৰ ওজন ৩ কেজি হয়গৈ।

৫) খেৰখিনি ঠাণ্ডা হ’বলৈ পৰিষ্কাৰ পকা মজিয়াত মেলি দিয়ক। খেৰখিনিত অতিৰিক্ত পানী থাকিব নালাগে। হাতৰ মুঠিত লৈ চেপি দিলে পানী নিগৰি আহিব নালাগে নাইবা টোপ টোপকৈ পৰিব নালাগে।

৬) সেউজৰঙী ভেঁকুৰ ট্ৰাইক’ড্ৰামা (Trichoderma sp) ৰ পৰা আক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে কাৰ্বেনদাজিম (বেভিষ্টিন) নামৰ ভেঁক্লুৰনাশক (০.৫ গ্ৰাম/ লিটাৰ পানীত) সিজোৱা খেৰত স্প্ৰে’ কৰক। কাঠফুলাৰ এটা টোপোলাৰ বাবে ব্যৱহৃত হোৱা খেৰৰ বাবে ২০০ মি.লি. মিশ্ৰণেই যথেষ্ট। কাৰ্বেনদাজিমৰ পৰিৱৰ্তে বীজ সিঁচাৰ ঠিক আগে আগে ০.৩% নহৰুৰ ৰস স্প্ৰে’ কৰি কাঠফুলাৰ টোপোলাবোৰত সেউজৰঙী ভেঁকুৰ গজাত বাধা দিব পাৰি।

নহৰুৰ ৰসৰ প্ৰস্তুত প্ৰণালী -

ক) বাকলি গুচোৱা ৫০ গ্ৰাম নহৰু বাতি লওক।

খ) পেষ্টটোত ৫০ মি.লি. পানী দিয়ক। পাতল কাপোৰেৰে (মাছলিন ক্লথ) ছেকি মুল দ্ৰৱণটো (stock solution) প্ৰস্তুত কৰক। এনে দ্ৰৱণৰ ৩ মি.লি. একলিটাৰ পানীত মিহলাই নহৰুৰ ০.৩% ৰস প্ৰস্তুত কৰক। এই ৰস স্প্ৰে’ কৰি কাঠফুলাৰ টোপোলাবোৰত সেউজৰঙী ভেঁকুৰ গজাত বাধা দিব পাৰি।

ৰাসায়নিক পদ্ধতিৰে ধানখেৰ মাধ্যমৰ শোধন (Chemical sterilization of substrate)

ওপৰত উল্লিখিত গৰম পানীৰে মাধ্যম শোধনৰ পৰিৱৰ্তে ৰাসায়নিক পদ্ধতিৰেও মাধ্যম শোধন কৰিব পাৰি।

কাৰ্বেনদাজিম ৫০%  WP  (৭৫ পি পি এম) আৰু ফৰ্মেলডিহাইড (৫০০ পি পি এম) ৰ দ্ৰৱণত তিতা খেৰখিনি ১৬-১৮ ঘণ্টা ডুবাই ৰাখি শোধন কৰা হয়। বীজ সিঁচাৰ ২৫-৪০ দিনৰ ভিতৰত খেৰত গজিব পৰা বেছিসংখ্যক প্ৰতিযোগী ভেঁকুৰ এনেদৰে শোধন কৰি নাশ কৰিব পাৰি বা ইয়াৰ বৃদ্ধি কমাই ৰাখিব পৰি।

ৰাষ্ট্ৰীয় কাঠফুলা গৱেষণা কেন্দ্ৰ (NRCM), ছ’লানৰ (হিমাচল প্ৰদেশ) বিজ্ঞানীদ্বয় বিজয় আৰু স’হিয়ে ১৯৮৭ চনত ৰাসায়নিক শোধন কৌশল উদ্ভাৱন কৰে। পদ্ধতিটো এনেধৰণৰ- এটা মামৰে নধৰা ২০০ লিটাৰ পানী ধাৰণ কৰিব পৰা ড্ৰামত ৯০ লিটাৰ পানী ভৰাওক, ১২ কিলোগ্ৰাম ওজনৰ খেৰ লাহেকৈ ড্ৰামৰ পানীত তিয়াই এটা প্লাষ্টিকৰ বাল্টিত ৭.৫ গ্ৰা: কাৰ্বেনদাজিম আৰু ১২৫ মি.লি. ফৰ্মেলডিহাইড (৩৭-৪০%) লৈ ১০ লিটাৰ পানীত ভালদৰে মিহলাওক। মিশ্ৰণটো ইতিমধ্যে তিয়াই থোৱা খেৰখিনিত লাহেকৈ ঢালি দিয়ক। খেৰখিনি অলপ হেঁচা মাৰি ড্ৰামৰ মুখখন পলিথিন শ্বিটেৰে ঢাকি দিয়ক। খেৰখিনি ১৫-১৮ ঘণ্টাৰ পাছত উলিয়াই আনি অতিৰিক্ত পানীখিনি আঁতৰাই পেলাওক।

কাঠফুলাৰ বীজ:

অন্য কৃষিকাৰ্যৰ দৰে কাঠফুলা খেতিৰো মুখ্য প্ৰয়োজনীয় সামগ্ৰী হ’ল কাঠফুলাৰ বীজ। ইংৰাজীত কাঠফুলাৰ বীজক স্পন (spawn) বোলে। এনে বীজ শস্যৰ (ধান, ঘেঁহু আদি) বীজৰ আধাৰত বৃদ্ধি হ’বলৈ দিয়া কিছুমান কাঠফুলা উৎপাদনকাৰী ভেঁকুৰৰ সুত্ৰপুঞ্জৰ সমষ্টি মাথোন। এইক্ষেত্ৰত ধান, ঘেঁহু আদি বীজসমুহে ভেঁকুৰৰ বাহক হিচাপে কাম কৰে। অসমত জিলা কৃষি বিভাগ, ৰাজ্যিক গ্ৰামোন্নয়ন বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট, উত্তৰ-পুব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (পুৰ্বৰ RRL), যোৰহাট DRL  তেজপুৰ , প্ৰ’টিন ফুড, আমবাৰী, গুৱাহাটী আদি প্ৰতিষ্ঠানৰ পৰা কাঠফুলাৰ বীজ সংগ্ৰহ কৰিব পাৰি।

বীজ সিঁচা কাৰ্য:

ক) ৪০ চে.মি* ৬০ চে.মি জোখৰ এটা ডাঠ পলিথিনৰ মোনা লওক। ইয়াক দীঘে দীঘে চাৰিভাঁজ কৰি লওক। বীজৰ বৃদ্ধিৰ বাবে স্বচ্ছ পলিথিনৰ মোনাতকৈ বেছি ঘনত্বৰ অস্বচ্ছ পলিথিনৰ মোনা বেছি উপযুক্ত।

খ) এটা বিন্ধা কৰা সঁজুলিৰে প্ৰতিটো মোনাতে ২০ টামানকৈ ৫ মি.মি ব্যাসৰ ফুটা কৰি লওক।

গ) মোনাৰ বন্ধ মুৰটো এডাল সৰু ৰছীৰে বান্ধি লওক। এনে কৰিলে কাঠফুলাৰ টোপোলাৰ তলিখন গোলাকৃতিৰ হয়।

ঘ) শোধিত খেৰৰ ওজন অনুসৰি ৩% হাৰত বীজ সিঁচিব লাগে। গতিকে এটা টোপোলাৰ বাবে প্ৰতি ৩ কেজি শোধন কৰা খেৰত ৯০ গ্ৰাম বীজৰ আৱশ্যক। সাধাৰণতে এটা টোপালাত ১০০ গ্ৰাম বীজ সিঁচা হয়।

ঙ) ২০০ গ্ৰাম বীজ থকা এটা স্পনৰ পেকেট লওক। এখন কাগজৰ প্লেটত জৰজৰীয়া কৰি লওক। এতিয়া বীজখিনি সমানে দুভাগ কৰক যাতে প্ৰতিটো ভাগতে ১০০ গ্ৰামকৈ বীজ থাকে। ১০০ গ্ৰাম বীজক সমানে পুনৰ ২৫ গ্ৰামকৈ চাৰিভাগ কৰক।

চ) পলিথিনৰ মোনাটোৰ তলত খেৰৰ ১০ চে.মি. ৰ এটা তৰপ দিয়ক। হাতৰ তলুৱাৰে খেৰখিনি হেঁচি দিব লাগে যাতে আৱদ্ধ বায়ু ওলাই যায় আৰু তৰপটো ৬ চে.মি. মান ওখ হয়। বায়ু চলাচল কৰাত সহায় কৰা পিভিচি নলীকাডাল খেৰৰ সোঁমাজত বহুৱাই দিয়ক।

ছ) খেৰৰ তৰপটোৰ ওপৰত এভাগ (২৫ গ্ৰাম) বীজ সিঁচি দিয়ক। মোনাটোৰ কাষৰ ফাললৈ বীজৰ পৰিমাণ কিছু বেছি হোৱা উচিত।

জ) খেৰ আৰু বীজৰ তৰপ এটাৰ ওপৰত আনটো দি মোনাটো পুৰ কৰি টোপোলা বনোৱা হয়। এইদৰে বীজৰ মুঠ ৪ টা তৰপ খেৰৰ ৫ টা তৰপৰ মাজত সোমাই পৰে। এতিয়া মোনাটোৰ মুখখন এডাল সৰু ৰছীৰে বান্ধি প্ৰজাতিৰ নাম, বীজ সিঁচাৰ তাৰিখ আদি উল্লেখ থকা এখন ফলক ৰছীডালৰ সৈতে বান্ধি দিব লাগে।

কাঠফুলাৰ পালেংবোৰ (টোপোলাবোৰ) বীজ বৃদ্ধিৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা কোঠাত ৰাখিব লাগে। ৩ মিটাৰ* ৬ মিটাৰ জোখৰ এই কোঠাটোৰ ছালখন খেৰেৰে তৈয়াৰ কৰা হয় আৰু ভিতৰত কাঠফুলাৰ টোপোলাবোৰ একেলগে ৰাখিবৰ বাবে বাঁহৰ চাং সাজি দিয়া হয়। আন্ধাৰত কাঠফুলাৰ সুত্ৰপুঞ্জৰ বৃদ্ধি খৰতকীয়া হয়। বীজৰ বৃদ্ধিৰ বাবে উপযুক্ত উষ্ণতাহ’ল ২৫ চেণ্টিগ্ৰেড। বীজৰ বৃদ্ধি সম্পুৰ্ণ হ’বৰ বাবে ১৪-১৫ দিন সময়ৰ প্ৰয়োজন হয়। খেৰৰ উপৰিভাগত বগা বা মাখন বৰণৰ পাতল চামনিয়ে সুত্ৰপুঞ্জৰ পৈণত অৱস্থাৰ ইংগিত দিয়ে। এনে অৱস্থাত খেৰৰ টুকুৰাবোৰ ভেঁকুৰৰ সুত্ৰপুঞ্জই জালৰ দৰে গাঁথি পেলায়। এনে অৱস্থাত মোনাবোৰ খোলাৰ বাবে উপযুক্ত হয়।

কাঠফুলাৰ টোপোলা মুকলি কৰা কাৰ্য:

মোনাটোৰ মুখখন খুলি, বাওঁফালৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ ওপৰত উবুৰিয়াই দি সোঁহাতৰ মোনাটো অলপ জোকাৰি দিলে কাঠফুলাৰ মুক্ত টোপোলাটো পলিথিনৰ মোনাটোৰ পৰা পিছলি ওলাই আহে।

উৎপাদন গৃহ বা কোঠা:

কাঠফুলাৰ টোপোলাবোৰ পলিথিনৰ মোনাৰ পৰা উলিওৱাৰ পাছত উৎপাদন গৃহলৈ স্থানান্তৰিত কৰা হয়। উৎপাদন গৃহটো ৩ মিটাৰ* ৬ মিটাৰ জোখৰ খেৰেৰে তৈয়াৰ কৰা ছালৰ এটা কোঠা। সুৰ্যৰ পোহৰ এই কোঠাত পোনপটীয়াকৈ পৰিব নালাগে। কোঠাটোত বায়ু চলাচলৰ সু-ব্যৱস্থা থকা উচিত । কাঠফুলা উৎপাদনৰ বাবে উপযুক্ত উষ্ণতা ২৫-২৮ চেণ্টিগ্ৰেড। কোঠাটোৰ মজিয়াত বালিৰ এটা ৫ চে.মি. তৰপ দিয়াৰ উপৰি চাৰিওকাষৰ বেৰৰ ভিতৰফালে বস্তা আঁৰি দিব লাগে। কোঠাটোৰ ভিতৰখন যথেষ্ট আৰ্দ্ৰ কৰি ৰাখিবৰ বাবে মজিয়াত আৰু বেৰত দিনে অন্তত: দুবাৰকৈ পানী ছটিয়াব লাগে। ইয়াৰ মুল উদ্দেশ্যে হৈছে কাঠফুলাৰ টোপোলাবোৰৰ পৰা হোৱা বাষ্পীভৱন ৰোধ কৰা। সুৰ্যৰ ৰশ্মি পোনপটীয়াকৈ নপৰিবৰ বাবে ডাঙৰ গছৰ ছাঁ পৰা ঠাই কাঠফুলাৰ উৎপাদন ঘৰৰ নিৰ্মাণৰ বাবে উপযুক্ত স্থান। ইয়াৰ সলনি আবেলিৰ তাপ কমাবলৈ উৎপাদন গৃহৰ পশ্চিম দিশত খৰকৈ বাঢ়িব পৰা যিকোনো জোপোহা গছ ৰুব লাগে।

উৎপাদনৰ সময়ছোৱাত ল’বলগা সাৱধানতা -

১) মুকলি কৰা কাঠফুলাৰ টোপোলাবোৰ উৎপাদন গৃহলৈ স্থানান্তৰ কৰক। দুটা টোপোলাৰ মাজত অন্তত: ৫ ইঞ্চি ঠাই ৰাখিব লাগে। অন্ধকাৰ কোঠাত ৰখাৰ দৰে টোপোলাবোৰ গাত গা লগাই ৰাখিব নালাগে।

২) পলিথিনৰ মোনাটো গুচাই দিয়াৰ পাছত প্ৰথম দুদিন কাঠফুলাৰ পালেংবোৰত পানী দিয়াৰ আৱশ্যক নাই।

৩) এটা হেণ্ড স্প্ৰে’য়াৰৰ সহায়ত পালেংবোৰত পুৱা-গধুলি দুবাৰকৈ পানী প্ৰয়োগ কৰক। প্ৰয়োজন সাপেক্ষে দুবাৰতকৈ বেছি পানীও স্প্ৰে’ কৰিবলগা হয়।

৪) মোনাবোৰ খোলাৰ ৬-৭ দিনৰ পাছতেই কাঠফুলাৰ প্ৰথম জাউৰি (flush) কলি গজে। তাৰ এসপ্তাহৰ ব্যৱধানত ক্ৰমে দ্বিতীয় আৰু তৃতীয় ভাগ কাঠফুলা গজিবলৈ আৰম্ভ কৰে। এইদৰে ৮-১০ দিনৰ অন্তৰত দুবাৰ বা তিনিবাৰ কাঠফুলা চপাব পাৰি। উৎপাদন গৃহৰ পৰা কাঠফুলাৰ টোপোলাবোৰ মোনা খোলাৰ এমাহৰ পাছত আঁতৰাই দিব লাগে।

ভেঁকুৰজনিত সমস্যাৰ নিয়ন্ত্ৰণ:

কাঠফুলাৰ টোপোলাবোৰ কেতিয়াবা বীজ সিঁচাৰ ৭-৮ দিনৰে পৰা পাতল সেউজীয়া ৰঙৰ ভেলভেটৰ দৰে ঘন ভেঁকুৰৰ (green mould) সুত্ৰপঞ্জই সম্পুৰ্ণকৈ বা আংশিকভাৱে আৱৰি ধৰে। ফলত কাঠফুলাৰ সুত্ৰপুঞ্জ ভালদৰে বাঢ়িব নোৱৰা হয়। কেতিয়াবা বৃদ্ধি একেবাৰেই নহয়।  Trichoderma harzianum  নামৰ ভেঁকুৰবিধৰ বাবে কাঠফুলাবোৰ এনেদৰে আক্ৰান্ত হয়। এই সমস্যা সাধাৰণতে মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে দেখা যায়। প্ৰধানকৈ দুটা কাৰণত এই সমস্যাই দেখা দিব পাৰে-

১) গৰম পানীৰ দ্বাৰা খেৰ শোধন সঠিক নহ’লে

২) স্পন প্ৰস্তুতকৰণত দুষিত , পোকৰ দ্বাৰা নষ্ট হোৱা, বেয়া বীজ ব্যৱহাৰ কৰাৰ বাবে ।

প্ৰতিকাৰৰ উপায়:

১) বীজ সিঁচাৰ আগেয়ে সিজোৱা খেৰত কাৰ্বেনদাজিম (০.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই) বা নহৰুৰ ৰস (০.৩%) স্প্ৰে’ কৰক।

২) বীজ সিঁচাৰ আগেয়ে বীজৰ পেকেটটো ভাঙি বীজখিনি সাৱধানে পৰীক্ষা কৰক। দুষিত দাগ থকা বীজ আঁতৰাই ৰাখক।

৩) ব্যৱহৃত পলিথিন বেগবোৰ কাঠফুলাৰ টোপোলাবোৰ উলিওৱাৰ লগে লগে পৰিষ্কাৰকৈ ধুই ৰ’দত শুকুৱাইছে পুনৰ ব্যৱহাৰ কৰিব লাগে।

৪) কাঠফুলাৰ আক্ৰান্ত টোপোলাসমুহ কাঠফুলা উৎপাদনকাৰী কোঠাৰ পৰা আঁতৰাই মাটিত পুতি পেলাব লাগে।

কীট-পতংগৰ সমস্যা:

গ্ৰীষ্মকালত অয়ষ্টান কাঠফুলাত কেইবাবিধৰ মাখিৰ উপদ্ৰৱ দেখা যায়। বায়ুমণ্ডলৰ তাপমান ২৭-৩০° চেণ্টিগ্ৰেড হ’লে কাঠফুলা খেতিত মাখিৰ উপদ্ৰৱ বেছি হয়। কাঠফুলা খেতিৰ অনিষ্টকাৰী মাখিৰ উপদ্ৰৱৰ প্ৰতিকাৰ হিচাপে তলত উল্লেখ কৰা ব্যৱস্থাসমুহ গ্ৰহণ কৰা উচিত-

১) অতি পৈণত (overmatured)কাঠফুলাবোৰ যিমান পাৰি সোনকালে আঁতৰাই পেলাওক।

২) কাঠফুলা উৎপাদন গৃহৰ আশে-পাশে ব্লিচিং পাউডাৰ প্ৰয়োগ কৰক।

৩) নিমজাতীয় কীটনাশক (আজাদিৰেকটিন ০.১৫ ই চি) যেনে- ৰক্ষক (Rakshak), নিমাগণ (Neemagon), নিমাজল (Neemajol) ৩ মি.লি. প্ৰতি লিটাৰ পানীত মিহলাই বীজ সিঁচাৰ ঠিক আগে আগে সিজোৱা খেৰত আৰু পলিথিনৰ বেগবোৰ আঁতৰাই পেলোৱাৰ পাছত কাঠফুলাৰ টোপোলাবোৰত প্ৰয়োগ কৰক।

৪) এণ্ডছালফন ১ মি.লি. প্ৰতিলিটাৰ পানীত মিহলাই বীজ সিঁচাৰ সময়ত খেৰত প্ৰয়োগ কৰক।

৫) কাঠফুলা উৎপাদন গৃহৰ খিৰিকী আৰু বতাহ চলাচল কৰা বাটত মাখি সোমাব নোৱৰাকৈ নাইলনৰ নেট (আঁঠুৱা) লগাওক।

কাঠফুলাৰ চপোৱা কাৰ্য:

সঠিক সময়ত চপোৱা, সতেজ কাঠফুলা খালেহে কাঠফুলাৰ সম্পুৰ্ণ কাহদ্যগুণ, সোৱাদ আৰু ঔষধি গুণ আহৰণ কৰিব পাৰি। স্পৰ্শ কৰিলে পিছল আৰু মিহি যেন লগা কাঠফুলাই হ’ল অতি উৎকৃষ্ট কাঠফুলা

মুকুল ওলোৱাৰ ৩-৪ দিনৰ পাছতেই সৰু সৰু কাঠফুলাৰ থোপাবোৰ সম্পুৰ্ণ পৈণত কাঠফুলালৈ পৰিৱৰ্তিত হয়। কিছুমান কাঠফুলাৰ পাহিৰ কাষবোৰ ওপৰ বা তলমুৱাকৈ পাক খাবলৈ ধৰে। কাঠফুলা চপোৱাৰ এইটোৱেই উপযুক্ত সময়। কাঠফুলাবোৰ ছিঙাৰ পৰিৱৰ্তে গুৰিৰ পৰা উভালি চপাব লাগে। চপোৱাৰ পাছত কাঠফুলাবোৰ মুগা বৰণৰ কাগজৰ মোনাত বা ফুটা কৰি লোৱা পলিথিনৰ পেকেটত ভৰাব লাগে।

কাঠফুলাৰ সংৰক্ষণ:

কাঠফুলাৰ অতি সহজে নষ্ট হোৱা প্ৰকৃতিৰ বাবে ইয়াৰ জীৱনকাল (shelf life) বৰ কম। সেয়েহে সতেজ অৱস্থাত বেছিদিনলৈ ইয়াক সংৰক্ষণ (preservation) কৰা সম্ভৱ নহয়। তথাপি, কেতবোৰ উপায় অৱলম্বন কৰি এটা নিৰ্দিষ্ট সময়লৈকে ইয়াক সংৰক্ষণ কৰিব পাৰি।

বিভিন্ন প্ৰকাৰৰ সংৰক্ষণ পদ্ধতি -

আৱশ্যক অনুসৰি নিৰ্দিষ্ট সময়লৈকে কাঠফুলা সংৰক্ষণ কৰিবৰ বাবে নানান পদ্ধতি উদ্ভাৱন কৰা হৈছে। সংৰক্ষণৰ সময় অনুসৰি এই পদ্ধতিসমুহক দুভাগত বিভক্ত কৰা হৈছে।

১) হ্ৰস্বম্যাদী সংৰক্ষণ।

২) দীৰ্ঘম্যাদী সংৰক্ষণ।

হ্ৰস্বম্যাদী সংৰক্ষণ:

এই পদ্ধতিৰে অতি বেছি ১০-১৫ দিনলৈকে সংৰক্ষণ কৰিব পাৰি। এই সংৰক্ষণত অন্তৰ্ভুক্ত পদ্ধতিসমুহ অতি সৰল আৰু তাৰবাবে প্ৰয়োজনীয় সামগ্ৰীসমুহো সহজলভ্য।

পদ্ধতি:

১) কোঠাৰ উষ্ণতাত সংৰক্ষণ:

কাগজৰ ঠোঙাত ভৰাই কাঠফুলা কোঠাৰ সাধাৰণ উষ্ণতাত সংৰক্ষণ কৰিব পাৰি। গ্ৰীষ্মকালত ৩০-৩৩° চেণ্টিগ্ৰেড উষ্ণতাত কাঠফুলাৰ গুণাগুণৰ হেৰফেৰ নোহোৱাকৈ মাত্ৰ ৮-১২ ঘণ্টামানহে সতেজ হৈ থাকে। আনহাতে শীতকালত কোঠাৰ উষ্ণতাত ২৪-৩৬ ঘণ্টালৈকে সতেজ হৈ থাকে।

২) ৰিফ্ৰিজাৰেটত সংৰক্ষণ:

ৰিফ্ৰিজাৰেটৰত সতেজ কাঠফুলা ৭-১৫ দিনলৈকে নষ্ট নোহোৱাকৈ ৰাখিব পাৰি। অৱশ্যে সংৰক্ষণ কৰা উষ্ণতাৰ ওপৰত ভিত্তি কৰি এই সময় বেলেগ বেলেগ হয়, যেনে-

৩) নিমখ পানীত সংৰক্ষণ:

পানীৰ লগত খোৱা নিমখ উচ্চ গাঢ়তাত (১০-১৫%) মিহলাই প্ৰস্তুত কৰা দ্ৰৱণত (brine solution) সতেজ কাঠফুলা ৬-৭ দিনলৈকে কৰিব পাৰি। দ্ৰৱণটো মাজে মাজে লৰাই থকাৰ উপৰি, গাঢ়তা অটুট ৰাখিবৰ বাবে ওপৰঞ্চি নিমখ মিহলাই থাকিব লাগে।

দীৰ্ঘ্যম্যাদী সংৰক্ষণ:

দীৰ্ঘ্ম্যাদী সংৰক্ষণৰ বাবে মিতব্যয়ী আৰু খৰচী দুয়োবিধ পদ্ধতিয়েই ব্যৱহাৰ কৰা হয়। কিছুমান পদ্ধতিত কাঠফুলাৰ আকৃতি, গুণগত মান আৰু সোৱাদ হ্ৰাস পায়, অথচ আন কিছুমানত এই গুণাগুণ বৃদ্ধি হোৱা দেখা যায়। প্ৰচেছিঙৰ পাছত কাঠফুলাবোৰ বায়ু নিৰুদ্ধ টেমাত (can) ভৰাই দিয়া হয়। সঠিকভাৱে প্ৰচেছিং আৰু কেনিং কৰি কাঠফুলাবোৰ বহুদিনলৈকে ভাল অৱস্থাত ৰাখিব পাৰি।

পদ্ধতি:

১) ৰ’দত শুকুওৱা পদ্ধতি:

এই পদ্ধতিৰ মুল নীতি হ’ল কাঠফুলাত থকা পানীভাগ শুকুৱাই পেলোৱা। ই সকলোতকৈ সহজ আৰু মিতব্যয়ী পদ্ধতি। আকাৰ অনুযায়ী ভাগ ভাগকৈ বাছি উলিওৱা কাঠফুলাবোৰ এখন চালনিত পাতলকৈ মেলি দি ২-৩ দিন ৰ’দাব লাগে। সুৰ্যৰ পোনপটীয়া পোহৰত কাঠফুলাবোৰ মুগাবৰণীয়া হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে চালনিখনৰ পৰা এক ফুট উচ্চতাত এখন পাতল ক’লা কাপোৰ মেলি দিব লাগে। কাঠফুলাৰ ঠাৰিডালৰ গুৰি অংশটো ৰ’দত ভালকৈ শুকুৱাব নোৱাৰি। সেয়েহে শুকুওৱাৰ আগতে কাঠফুলাবোৰ বাছোঁতেই ঠাৰিডাল কাটি পেলাব লাগে। ৰ’দাওঁতে কাঠফুলাৰ সীৰলুবোৰ ৰ’দত পৰাকৈ মেলি দিব লাগে। প্ৰয়োজনতকৈ ডাঙৰ কাঠফুলাবোৰ দুভাগ কৰি ৰ’দত শুকুৱাব লাগে।

এই পদ্ধতিত সতেজ কাঠফুলাৰ ওজন ১/১৪ ১/১২ ভাগ হ্ৰাস পায়। পানীভাগ শুকাই কাঠফুলা ২-৩ দিনৰ পাছত মচমচীয়া হ’লে ১০০ গেজ পলিথিনৰ মোনাত ২৫-৫০ গ্ৰামৰ সৰু সৰু টোপোলাত ভৰাই মোহৰ মাৰি বতাহ সোমাব নোৱাৰাকৈ শুকান অৱস্থাত ঠাণ্ডা ঠাইত সংৰক্ষণ কৰিব লাগে। এনেদৰে সংৰক্ষিত কাঠফুলা ৫-৬ মাহলৈ খাবৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

২) মেচিনত শুকুওৱা পদ্ধতি:

সতেজ কাঠফুলাবোৰ বিদুৎচালিত শুষ্কক যন্ত্ৰত (drier) ৬-৮ ঘণ্টাৰ ভিতৰতে শুকুওৱা হয়। যন্ত্ৰ ব্যৱহাৰ কৰাৰ বাবে মেঘাচ্ছন্ন আৰু বৰষুণৰ বতৰতো কাঠফুলা শুকুৱাব পাৰি। ই হ’ল এই পদ্ধতিৰ বিশেষ সুবিধা । কিন্তু এই পদ্ধতি একপ্ৰকাৰৰ খৰচী পদ্ধতি। তদুপৰি একেলেঠাৰিয়ে ৬-৮ ঘণ্টা বিদ্যুৎ যোগানৰ ওপৰত এই পদ্ধতি নিৰ্ভৰশীল।

৩) ব্লেনচিং: এই পদ্ধতিত সতেজ কাঠফুলাবোৰ গৰম পানীত নিৰ্দিষ্ট সময়ৰ বাবে ডুবাই পাছত ৰ’দত শুকুওৱা হয়। এখন মাছলিন কাপোৰত অলপমান বাছি থোৱা কাঠফুলা টোপোলা বান্ধি লৈ ৮০-৮৫ চেণ্টিগ্ৰেড উষ্ণতাত গৰম পানীত ১.৫-২ মিনিট সময় জুবুৰিয়াই ৰাখিব লাগে। টোপালাটো গৰম পানীৰ পৰা উঠাই আনি কাঠফুলাবোৰ এখন চালনিত পাতলকৈ মেলি দি ৰ’দত অথবা ড্ৰায়াৰত শুকুৱাব লাগে। কাঠফুলাৰ স্বাভাৱিক বৰণ অটুত ৰাখিবৰ বাবে কেতবোৰ ৰাসায়নিক পদাৰ্থ, যেনে- পটাছিয়াম মেটাবাইছালফেট (KMS) ৩০০ পি পি এম হাৰত, ছডিয়াম ক্লৰাইড (NaCL) ৪০০ পি পি এম হাৰত আৰু চাইট্ৰিক এচিড ০.১-০.২% হাৰত উতলোৱাৰ আগেয়ে পানীত মিহলাব লাগে।

৪) অন্যান্য পদ্ধতিসমুহ:

ক) ফ্ৰিজত শুকুওৱা পদ্ধতি (freeze drying)

খ) কেনিং (canning)

গ) ৰাসায়নিক দ্ৰৱণত ডুবাই ৰখা (steeping in chemical solution)

ঘ) আচাৰ বনাই সংৰক্ষণ কৰা (pickling)

পৰিত্যক্ত কাঠফুলাৰ টোপোলাৰ পুনৰ ব্যৱহাৰ -

কাঠফুলা দুবাৰ বা তিনিবাৰ চপোৱাৰ পাছত কাঠফুলা উৎপাদনৰ বাবে ব্যৱহাৰ কৰা খেৰবোৰ পেলাই দিয়া হয়। যিহেতু টোপোলাবোৰ খেৰখিনি কাঠফুলা ভেঁকুৰৰ সুত্ৰপুঞ্জই আশিকভাৱে পচাই পেলায় আৰু খেৰত থকা নাইট্ৰ’জেন- ফছফৰাছ-পটাছৰ পৰিমাণ বাঢ়ি (১.৯০.-০৬-১%) যায়। সেয়েহে এইবোৰ পুনৰ ব্যৱহাৰ কৰি অতিৰিক্ত আয় লাভ কৰিব পাৰি।

অনুৰ্বৰ মাটিত পেলনীয়া কাঠফুলাৰ টোপোলা বা খেৰ প্ৰয়োগ কৰি মাটি উৰ্বৰ কৰিব পাৰি। পচনসাৰ প্ৰস্তুতিৰ বাবেও পেলনীয়া কাঠফুলাৰ টোপোলা উত্তম। কেঁচুসাৰ উৎপাদনৰ বাবে এই পেলনীয়া কাঠফুলাৰ টোপোলাবোৰ অতি উত্তম। এনে কেঁচুসাৰত নাইট্ৰ’জেন ১.৮৫% ফছফৰাছ, ফছফৰাছ ০.৯% আৰু পটাছ ১.১২% উপলব্ধ হয়।

অয়ষ্টাৰ কাঠফুলা খেতিৰ আৰ্থিক লাভালাভ:

প্ৰতিদিনে ৫ কেজিকৈ বছৰৰ ২২৫ দিন অয়ষ্টাৰ কাঠফুলা উৎপাদন কৰিব পৰা কক্ষ এটাৰ পৰা হ’ব পৰা আৰ্থিক লাভালাভ তলত উল্লেখ কৰা হ’ল।

ক) অনাৱৰ্তক ব্যয় (Non-recurring expenditure)

 

মুল্য টকা

খেৰ কটা যন্ত্ৰ (Chaff cutter)

৫,০০০.০০ টকা

কাঠফুলা উৎপাদন কক্ষ

৮,০০০.০০ টকা

খেৰ সিজাবৰ বাবে ডাঙৰ ড্ৰাম বা চচপেন

২,৫০০.০০ টকা

বাঁহৰ চাং

১,০০০.০০ টকা

সৰু স্প্ৰে’য়াৰ দুটা

৫০০.০০ টকা

প্লাষ্টিকৰ ডাঙৰ বাল্টি ১ টা

৩০০.০০ টকা

 

মুঠ: ১৭,৩০০.০০ টকা

 

খ) স্থায়ী ব্যয় (Fixed capital)

কাঠফুলা খেতি বতৰৰ ৯ মাহৰ বাবে ১০% হাৰত ১৭,৩০০.০০ টকাৰসুত

১,৭৩০.০০ টকা

উল্লিখিত সামগ্ৰীসমুহৰ ব্যৱহাৰিক ব্যয় (১ ৰ পৰা ৬ লৈ

১,০৫৬.০০ টকা

 

মুঠ ২,৭৮৬.০০ টকা

 

গ) আৱৰ্তক ব্যয় (Recurring cost)

 

১) বীজ (প্ৰতিটোত ২০০ গ্ৰামকৈ) ১১৫০ টা পেকেট, প্ৰতিটোত ১২.০০ টকা হিচাপত

১৩,৮০০.০০ টকা

ধানখেৰৰ ২২৫০ কেজি, প্ৰতি কেজিত ৪ টকাকৈ

৯,০০০.০০ টকা

শ্ৰমিক ২২৫ দিনৰ, দিনে ১০০.০০ টকাকৈ

২২,৫০০.০০ টকা

খৰি ১৩৫০ কেজি, প্ৰতি কেজিত ৫ টকাকৈ

৬,৭৫০.০০ টকা

পলিথিন বেগ ১১২৫ টা

(পুনৰ ব্যৱহাৰ কৰিব পৰাকৈ প্ৰতিটোত ১ টকাকৈ

১,১২৫.০০ টকা

অন্যান্য খৰচ

১,০০০.০০ টকা

 

মুঠ ৫৪,১৭৫.০০ টকা

 

ঘ) উৎপাদন ব্যয় (Cost of oroduction):

আৱৰ্তক ব্যয়

৫৪,১৭৫.০০০ টকা

অনাৱৰ্তক ব্যয়ৰ সুত আৰু ব্যৱহাৰিক ব্যয়

২,৭৮৬.০০ টকা

 

মুঠ ৫৬,৯৬১.০০ টকা

 

(ঙ) উপাৰ্জন

উৎপাদন শুকান খেৰৰ হিচাপত ৬০%

১.৩৫০.০০ কেজি

ওৰতি কেজিত ১০০.০০ টকা হিচাপত ৬০%

১,৩৫,০০০.০০ টকা

মুঠ ব্যয়

৫৬,৯৬১.০০ টকা

প্ৰতি কেজি কাঠফুলাৰ উৎপাদন ব্যয়

৪২.০০ টকা

প্ৰতি কেজি কাঠফুলাত উপাৰ্জন

৫৮.০০ টকা

বছৰেকীয়া (৯ মাহত) উপাৰ্জন

৫৬,৭০০.০০ টকা

 

কৃষকে ঘৰৰ বাঁহ, খেৰ, খৰি ব্যৱহাৰ কৰি এই খেতি কৰিলে অধিক উপাৰ্জন আশা কৰিব পাৰে।

অসমত কাঠফুলা খেতিৰ প্ৰশিক্ষণৰ অনুষ্ঠান:

  1. Department of Plant Pathology

Assam Agricultural University

Jorhat-785013

2.North-East Institute of Science and Technology (NEIST)

Jorhat-785006

3.Extension Training Centre

State Institute of Rural Development

Lichubari, Jorhat-785008

4.Sate Institute of Rural Development (SIRD)

Khanapara, Guwahati-781022

5. Protein Food

Agro Industrial Concern,

32, Lamb Road, Ambari Guwahati-781001

6. Shanti Shadhana Ashram

Baistha, Guwahati

7. Manav Shakti Jagaran

Vill-Kairara, PO.- Sandha, via-Milanpur

Dist-Nalbari, Assam, Pin-781335

লেখিকা: ড° দিপালী মজুমদাৰ

উৎস: আধুনিক কৃষিকথা (কৃষি বাণিজ্যিকীকৰণ আৰু উদ্যোগমুখিতা)

 

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate