অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমন্বিত পাম পদ্ধতি :

সমন্বিত পাম পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

সমন্বিত পাম পদ্ধতি (Integrated Farming System)এছিয়া মহাদেশত অতীজৰে পৰা প্ৰচলিত আছিল। এতিয়া এই পদ্ধতি ইউৰোপ, আফ্ৰিকা তথা দক্ষিণ আফ্ৰিকা মহাদেশলৈয়ো সম্প্ৰসাৰিত হৈছে। সমন্বিত পাম পদ্ধতিত কোনোধৰণৰ পেলনীয়া আৱৰ্জনা নাথাকে, কিয়নো এটা উপাদানৰ আৱৰ্জনাই আন এটা উপাদানৰ বাবে আৱশ্যকীয় পদাৰ্থৰুপে চিহ্নিত হয়। এই পদ্ধতি দুখীয়া কৃষকৰ বাবে খুবেই উপযোগী। এই পদ্ধতিত কৃষিৰ যিমান সম্ভৱ সকলোবোৰ উপাদানৰ (শস্য-পশুপালন-মীন পালন-উদ্যানশস্য) এনেভাৱে সমন্বয় ঘটোৱা হয়, যাতে এটা উপাদান আন এটাৰ সহায়কহে হয়। এইদৰে কৃষিৰ একাধিক উপাদানৰ সমন্বয় ঘটালে দুখীয়া কৃষকৰ লোকচান ভৰাৰ সম্ভাৱনা বহুলাংশে কমি যায়। পৰিৱেশ তথা পাৰিপাৰ্শ্বিক বাতাৱৰণ বিনষ্ট নকৰাকৈ কৃষকে উৎপাদন পাবলৈ হ’লে এই পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ।

তলত দিয়া উদাহৰণকেইটাৰ পৰা সমন্বিত পাম পদ্ধতিৰ বিষয়ে এক সুস্পষ্ট ধাৰণা পোৱা যাব।

সমন্বিত ধান-মাছ পাম পদ্ধতি -

শালিধানৰ গা-গছৰ প্ৰায় আধা অংশই পানীত ডুবি থাকে। মাছ ধাননিৰ পাৰিপাৰ্শ্বিকতন্ত্ৰৰ এক মুখ্য জৈৱিক উপাদান। আজিকালি বিভিন্ন কাৰণত ধাননি পথাৰসমুহত মাছৰ সংখ্যা কমি আহিছে। সেয়েহে ধাননিৰ পাৰিপাৰ্শ্বিকতন্ত্ৰ সম্পুৰ্ণ নহয়। ধাননি পথাৰত সমন্বিত পদ্ধতিৰে মীন পালন কৰিলে ধান তথা মাছ উভয়ে উপকৃত হয়। মাটিৰ ভৌগালিক অৱস্থান তথা ভুমিপৃষ্ঠৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানত: তিনিটা পদ্ধতিত ধানখেতিৰ সমন্বয়ত মীন পালন কৰা হয়।

ক) বৰ্ষাকালীন পদ্ধতি (Perennial System)

খ) আৱেষ্টনী পদ্ধতি (Enclosure System)

গ) তুল্যকালীন পদ্ধতি (Synchronous System)

২) সমন্বিত মাছ আৰু গাহৰি পালন

গাহৰি পালনৰ ফলত সৃষ্টি হোৱা আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰি অতি কম খৰচতে মাছ উৎপাদনৰ লগতে গাহৰিৰ মাংস উৎপাদন কৰাই এই পদ্ধতিৰ মুল লক্ষ্য। গাহৰিৰ মলত ৬০-৭০ শতাংশ অজীৰ্ণ খাদ্যৰ উপৰি ১৩: ১:০.১ অনুপাতত জৈৱিক এঙাৰ, নাইট্ৰ’জেন আৰু ফছফৰাছ থাকে। তদুপৰি গাহৰিৰ মলত এবিধ অন্ত্ৰীয় এনজাইম থাকে আৰু এই এনজাইমে মাছৰ শাৰীৰিক বৃদ্ধিত সহায় কৰে। গাহৰিৰ মলত থকা পুষ্টিদ্ৰব্য আৰু এনজাইমৰ পুনৰ ব্যৱহাৰৰ দ্বাৰা সাৰ আৰু খাদ্যৰ ব্যৱহাৰ কমাব পৰা যায় তথা অতি কম খৰচতে মাছৰ উৎপাদন পোৱা যায়। এই ধৰণে গাহৰি আৰু মীন পালন কৰিলে পুখুৰীৰ আকাৰ অতি কমেও ২ কঠা হ’লে ভাল। গাহৰিৰ গঁৰালটো পুখুৰীৰ যিকোনো এটা পাৰত বনাব পাৰি।

সমন্বিত মাছ অৰু হাঁহ পালন -

হাঁহ পালনৰ ফলত সৃষ্টি হোৱা আৱৰ্জনা পুনৰ ব্যৱহাৰ কৰি অতি কম খৰচতে মাছ উৎপাদনৰ লগতে হাঁহৰ কণী তথা মাংস উৎপাদন কৰাই এই পদ্ধতিৰ মুল লক্ষ্য। হাঁহৰ মলত ০.৯১ শতাংশ নাইট্ৰ’জেন আৰু ০.৩৮ শতাংশ ফছফৰাছ থাকে। সঠিক হাৰত হাঁহৰ মল প্ৰয়োগ কৰিলে পুখুৰীত সাৰ আৰু মাছৰ খাদ্য প্ৰয়োগৰ প্ৰয়োজন নাথাকে। তদুপৰি হাঁহে ৫০ শতাংশ খাদ্য পুখুৰীৰ পৰাই সংগ্ৰহ কৰে। হাঁহে সাঁতোৰাৰ ফলত পানীত দ্ৰৱীভুত অম্লজানৰ পৰিমাণ বৃদ্ধি পায়। ই মাছৰ শাৰীৰিক বৃদ্ধিত সহায় কৰে। (উৎস : http://briddhi.aau.ac.in)

এনেকুৱা আন কেইটামান সমন্বিত পাম পদ্ধতিৰ উদাহৰণ হ’ল:

১) মাছ-উদ্যানশস্যৰ সমন্বিত পাম

২) শস্য-পশুপালন-কুকুৰাৰ সমন্বিত পাম

৩)শস্য-পশুপালনৰ সমন্বিত পাম

৪) শস্য-ঘাঁহ-পশুপালনৰ সমন্বিত পাম

লেখক: ভাস্কৰজ্যোতি শৰ্মা

উৎস : আধুনিক কৃষিকথা (কৃষি বাণিজ্যিকীকৰণ আৰু উদ্যোগমুখিতা)

2.83333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top