অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষকৰ বাবে কেতবোৰ আঁচনি :

 

কৃষি আমাৰ জীৱনীশক্তি। কৃষিখণ্ডৰ বিকাশ অবিহনে আমি দেশৰ উন্নতিৰ কথা ভাবিব নোৱাৰোঁ। কৃষিৰ লগত আমাৰ দেশৰ প্ৰায় ৮০ শতাংশ লোক জড়িত হৈ আছে। তাৰ ভিতৰত বেছিভাগ লোকেই হৈছে ক্ষুদ্ৰ আৰু উপান্ত কৃষক। সেয়েহে চৰকাৰে এওঁলোকৰ হিতসাধন কৰি কৃষিক্ষেত্ৰত উন্নতি অনাৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰিছে। এইবোৰ আঁচনিৰ ভিতৰত কিছুমান আঁচনি পোনপটীয়াভাৱে কৃষিৰ লগত জড়িত। তদুপৰি এনে আৰু কিছুমান গ্ৰামোন্নয়ন আঁচনি আছে যিবোৰৰ সুফল আমাৰ দুখীয়া কৃষকসকলেও লাভ কৰিব পাৰে। এই লেখাত আমাৰ কৃষকসকলৰ কামত অহাবিধৰ এনে কিছুমান নিৰ্বাচিত আঁচনিৰ বিষয়ে থুলমুলকৈ আলোচনা কৰা হ’ল।

কৃষিখণ্ডৰ লগত জড়িত আঁচনি -

১) উন্নত কৃষি পদ্ধতি অৱলম্বন কৰি আমাৰ কৃষকসকলে যাতে আৰ্থিকভাৱে লাভান্বিত হ’ব পাৰে তথা নিবনুৱা যুৱক-যুৱতীয়ে স্বাৱলম্বী হৈ উঠিব পাৰে তাৰ কাৰণে চৰকাৰে দেশৰ প্ৰতিখন জিলাতেই একোটাকৈ কৃষি বিজ্ঞান কেন্দ্ৰ গঢ়ি তোলাৰ আঁচনি লৈছে। অসমত ইতিমধ্যে ১৯ টা কৃষি বিজ্ঞান কেন্দ্ৰ বিভিন্ন জিলাত স্থাপন কৰা হৈছে। প্ৰত্যেক কেন্দ্ৰই তেওঁলোকৰ অধীনৰ জিলাখনত কৃষি আৰু কৃষকৰ উন্নতিৰ কাৰণে কাম কৰে। ইয়াৰ বাবে প্ৰতিটো কেন্দ্ৰতেই কৃষি বিজ্ঞানী নিযুক্তি দিয়া হৈছে।

কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মসুচী মুলত: চাৰিভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল- বৃত্তিমুলক কৃষি প্ৰশিক্ষণ, কৃষকৰ পথাৰত কৃষি সমস্যাৰ সমাধানৰ বাবে পৰীক্ষা কৰা, বিভিন্ন শস্যৰ উন্নত জাত আৰু কৃষি প্ৰযুক্তিৰ প্ৰদৰ্শনমুলক খেতি কৰা আৰু তৃণমুল পৰ্যায়ৰ সম্প্ৰসাৰণ কৰ্মীক প্ৰশিক্ষণ প্ৰদান কৰা। কৃষকৰ সুবিধাৰ্থে প্ৰতিটো কৰ্মসুচীৰ বিষয়ে থুলমুলভাৱে ইয়াত উল্লেখ কৰা হ’ল।

ক) বৃত্তিমুলক কৃষি প্ৰশিক্ষণ:

উন্নত কৃষি পদ্ধতি অৱলম্বন কৰি কৃষকসকলে কিদৰে লাভৱান হ’ব পাৰে তাৰ ওপৰত জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰই কৃষকক প্ৰশিক্ষণ দিয়ে। যিসকলে কৃষিকেই জীৱিকা হিচাপে ল’ব বিচাৰিছে তেওঁলোকৰ বাবেও বৃত্তিমুলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। কৃষকৰ চাহিদা আৰু প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক প্ৰশিক্ষণৰ পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়। কৃষি বিজ্ঞান কেন্দ্ৰই সকলোবোৰ প্ৰশিক্ষণ বিনামুলীয়াকৈ প্ৰদান কৰে। প্ৰশিক্ষণৰ সময়ছোৱাত বিনামুলীয়াকৈ থকা-খোৱাৰো ব্যৱস্থা কেন্দ্ৰৰ তৰফৰ পৰা কৰা হয়। কেন্দ্ৰৰ বিজ্ঞানীসকলে প্ৰয়োজন সাপেক্ষে গাঁৱলৈ গৈয়ো কৃষকক প্ৰশিক্ষণ প্ৰদান কৰে। কৃষকৰ প্ৰয়োজন অনুসাৰে কেন্দ্ৰবোৰে কৃষি, পশুপালন, গাৰ্হস্থ্য বিজ্ঞান আৰু মীনপালন আদিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে।

খ)কৃষকৰ পথাৰত কৃষি সমস্যাৰ সমাধানৰ বাবে গৱেষণা:

বৃত্তিমুলক প্ৰশিক্ষণৰ বাদেও কেন্দ্ৰৰ বিজ্ঞানীসকলে কৃষকৰ বিভিন্ন সমস্যা লৈ কাম কৰে। ইয়াৰ কাৰণে কিছুমান সমস্যা লৈ কৃষকৰ পথাৰত গৱেষণাও কৰে। তদুপৰি নতুন নতুন কৃষি প্ৰযুক্তি আৰু বীজ ইত্যাদিয়ে জিলাখনত কেনে ফল দিব তাৰ বাবেও কৃষকৰ সহযোগত পৰীক্ষা কৰে। ইয়াৰ কাৰণে উদ্যোগী তথা ইচ্ছুক কৃষকৰ লগত আলোচনা কৰি কেন্দ্ৰৰ বিজ্ঞানীসকলে কৃষকৰ পথাৰতেই গৱেষণা কৰে। ইয়াৰ বাবে প্ৰয়োজন হোৱা সকলো খৰচ কেন্দ্ৰৰ তৰফৰ পৰা বহন কৰা হয়।

গ) প্ৰদৰ্শনমুলক খেতি:

আমাৰ ৰাজ্যখন তৈলবীজ আৰু দাইলজাতীয় শস্যৰ উৎপাদনত বহুত পিছপৰি আছে। সেয়েহে এনে শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰবোৰে প্ৰদৰ্শনমুলক খেতিৰ দিহা কৰে। ইয়াৰ বাবে প্ৰয়োজন হোৱা বীজ, সাৰ আদি কেন্দ্ৰৰ তৰফৰ পৰা বিনামুলীয়াকৈ যোগান ধৰা হয়। ইয়াৰ উপৰি প্ৰয়োজন সাপেক্ষে অন্য গুৰুত্বপুৰ্ণ শস্যৰ ওপৰতো প্ৰদৰ্শনমুলক খেতি কৰা হয়। প্ৰদৰ্শনৰ সয়ছোৱাত কেন্দ্ৰৰ বিজ্ঞানীসকলে কৃষকসকলক সকলোধৰণৰ দিহা-পৰামৰ্শ প্ৰদান কৰে।

ঘ) তৃণমুল পৰ্যায়ৰ সম্প্ৰসাৰণ কৰ্মীৰ প্ৰশিক্ষণ:

গৱেষণাৰ দ্বাৰা উদ্ভাৱিত সুফল কৃষকৰ ওচৰলৈ লৈ যোৱাৰ দায়িত্ব মুলত: তৃণমুল পৰ্যায়ৰ সম্প্ৰসাৰণ কৰ্মীৰ। সেইকাৰণে এইসকল কৰ্মীক সকলো সময়তেই নতুন নতুন গৱেষণালব্ধ ফলৰ বিষয়ে অৱগত কৰাটো অত্যন্ত জৰুৰী। অন্যথা গৱেষণাৰ ফল কৃষকৰ ওচৰলৈ ঠিকমতে গৈ নাপায়। সেইকাৰণে কৃষি বিজ্ঞান কেন্দ্ৰই নিয়মিতভাৱে তৃণমুল পৰ্যায়ৰ সম্প্ৰসাৰণ কৰ্মীক কৃষিৰ বিভিন্ন দিশসমুহৰ বিষয়ে প্ৰশিক্ষণ দিয়ে।

ওপৰত উল্লেখ কৰা কামবোৰৰ উপৰি কৃষি বিজ্ঞান কেন্দ্ৰই আৰু কেতবোৰ কাম কৰে। যেনে- কৃষক দিৱস উদযাপন, কৃষক মেলা উদযাপন, কৃষক আৰু বিজ্ঞানীৰ মাজত মত বিনিময় , কৃষি বিষয়ক বিভিন্ন লিফলেট প্ৰকাশ আদি। তদুপৰি কেন্দ্ৰবোৰে উন্নত জাতৰ বীজ, পুলি আদিও বিক্ৰী কৰে। কৃষিৰ দ্বাৰা যিসকল ব্যক্তিয়ে স্বাৱলম্বী হ’ব বিচাৰে , তেওঁলোকে কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰদান কৰা সুবিধাবোৰৰ পুৰ্ণ সুযোগ গ্ৰহণ কৰা উচিত। আগ্ৰহী কৃষক, যুৱক-যুৱতী , গ্ৰামীণ মহিলা, আত্মসহায়ক গোট আদিয়ে নিজ নিজ জিলাৰ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি এই সুবিধাবোৰ গ্ৰহণ কৰিব পাৰে।

২) ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা:

আমাৰ দেশৰ কৃষিখণ্ডৰ বিকাশৰ হাৰ যদিও নিম্নগামী হৈছে, তথাপি বহুলোকে এতিয়াও কৃষিৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছে। ইয়াৰ উপৰি কৃষিখণ্ডত বিনিয়োগৰ পৰিমাণো দিনকদিনে কমি আহিছে। সেয়েহে কৃষিখণ্ডত বিকাশৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এখন নতুন আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত শস্যৰ উৎপাদন বৃদ্ধি, পশুপালন, মীন, কৃষি বিপণন, শস্যৰ সংৰক্ষণ, জল আৰু ভুমিৰ সংৰক্ষণ আদিক সাঙুৰি লোৱা হৈছে। আমাৰ ৰাজ্যৰ কৃষি বিভাগৰ দ্বাৰা এই আঁচনি ইতিমধ্যে ৰুপায়ণ কৰি থকা হৈছে। এই আঁচনিৰ কিছু কাম কেইটামান কৃষি বিজ্ঞান কেন্দ্ৰয়ো কৰিছে। এই আঁচনিৰ অধীনত কৃষকক উন্নত মানৰ কৃষিকৰ্মৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা আছে। তদুপৰি উন্নত জাতৰ বীজ, পশুধন, কৃষি সঁজুলি, ট্ৰেক্টৰ আদিও কৃষকক যোগান ধৰা হয়। গতিকে আমাৰ কৃষকসকলে কৃষি বিভাগৰ লগত যোগাযোগ কৰি এই আঁচনিৰ সুফল লাভ কৰিব পাৰে।

৩) উদ্যানশস্যৰ টেকন’লজী মিছন:

উদ্যানশস্যৰ সুসংহত উন্নতিৰ বাবে আৰু ইয়াৰ জৰিয়তে কৃষকে যাতে জীৱিকানিৰ্বাহ কৰিব পাৰে তাৰ কাৰণে উত্তৰ-পুৰ্বাঞ্চলৰ সম্ভাৱনীয়তাক কামত লগাই উদ্যানশস্যৰ উৎপাদন আৰু উৎপাদিকা বৃদ্ধি কৰা। কম আয়তনৰ কিন্তু বেছি মুল থকা তথা সহজে পচি নোযোৱা উদ্যানশস্যৰ ওপৰত ই বেছি গুৰুত্ব দিছে। এই মিছনে উদ্যানশস্যজনিত কৃষিকাৰ্যৰ জৰিয়তে উৎপাদন বৃদ্দি কৰি নিয়োগৰ সুযোগ সৃষ্টি কৰে। এই মিছনে মহিলাসকলৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে। এই মিছন চাৰিটা মিনি মিছনৰ দ্বাৰা ৰুপায়ণ কৰি থকা হৈছে। যেনে-

ক) মিনি মিছন-১:

এই মিনি মিছনৰ অধীনত উদ্যানশস্যৰ বীজ তথা ৰোপণ সামগ্ৰী কৃষকক যোগান ধৰা হয়। তদুপৰি কৃষকৰ পথাৰত পৰীক্ষা কৰি কৃষি প্ৰযুক্তিৰ বিকাশ কৰা হয়।

খ) মিনি মিছন-২:

এই মিনি মিছনৰ প্ৰাথমিক উদ্দেশ্যে হৈছে উদ্যানশস্যৰ উৎপাদন আৰু উৎপাদিকা বৃদ্ধি কৰা। ইয়াৰ বাবে কৃষি বিভাগে বিভিন্ন আঁচনি সমন্বিতভাৱে ৰুপায়ণ কৰে। এই মিনি মিছনৰ দ্বাৰা বিভিন্ন কাৰ্য, যেনে- কৃষক প্ৰশিক্ষণ, প্ৰদৰ্শনীমুলক খেতি, কৃষি পথাৰৰ বিস্তাৰ সাধন, কৃষি সামগ্ৰীৰ জনপ্ৰিয়তা বৃদ্ধি কৰা, শস্যৰক্ষা, মহিলা কৃষকৰ মাজত ব্যৱসায়িক গুণ বৃদ্ধি কৰাৰ বাবে প্ৰশিক্ষণ আদি দিয়া হয়।

গ) মিনি মিছন-৩:

এই মিনি মিছনে শস্য চপোৱাৰ পাছৰ পৰ্যায়ৰ কাম তথ্য বজাৰৰ সুবিধা (Marketing Facility) সৃষ্টি কৰাৰ বাবে বাবে কাম কৰে।

ঘ) মিনি মিছন-৪:

এই মিনি মিছনৰ দ্বাৰা শস্যৰ প্ৰচেছিং আৰু ইয়াৰ বজাৰ জাতৰ কাৰণে কাম কৰে।

ইতিমধ্যে আমাৰ বহুতো উদ্যমী কৃষকে উদ্যানশস্যৰ টেকন’লজী মিছনৰ দ্বাৰা লাভান্বিত হৈছে। তেওঁলোকে এই আঁচনিৰ অধীনত বিভিন্ন বীজ, ৰোপণ সামগ্ৰী, কৃষি সঁজুলি আদি লাভ কৰিছে। আমাৰ আগ্ৰহী কৃষকসকলেও এইক্ষেত্ৰত সজাগ হৈ আগবাঢ়ি আহিলে এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব পাৰিব। ইয়াৰ বাবে তেওঁলোকে জিলা কৃষি বিষয়াৰ লগত যোগাযোগ কৰা ভাল।

৪) ৰাজ্যিক অগ্ৰাধিকাৰ খণ্ডৰ আঁচনি:

এই আঁচনিখন কৃষি বিভাগে ৰুপায়ণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে কৃষকসকলক বিনামুলীয়াকৈ বা কেতিয়াবা অৰ্ধেক দামত বিভিন্ন কৃষি সঁজুলি, সামগ্ৰী যোগান ধৰা হয়। উদাহৰণস্বৰুপে স্প্ৰে’য়াৰ, জীৱাণু সাৰ, চুণ, মাটি পৰীক্ষা কৰা সঁজুলি ইত্যাদিৰ কথা ক’ব পাৰি। ইয়াৰ উপৰি পাৱাৰটিলাৰ, ট্ৰেক্টৰ আদিও কম দামত যোগান ধৰা হয়। তদুপৰি ধান আদিৰ প্ৰদৰ্শনমুলক খেতিও এই আঁচনিৰ অধীনত কৰা হয়। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ’লে আমাৰ কৃষকসকলে কৃষি বিভাগৰ লগত যোগাযোগ কৰিব লাগিব।

৫) শস্য উন্নয়ন আঁচনি:

কৃষি বিভাগৰ এই আঁচনিখনৰ দ্বাৰা মগুমাহ, মাটিমাহ আদি শস্যৰ প্ৰদৰ্শনমুলক খেতি কৰা হয়। তদুপৰি চুণ, অণুসাৰ আদিও যোগান ধৰা হয়।

৬) বীজগাওঁ:

কৃষি বিভাগে ৰুপায়ণ কৰি থকা আন এখন আঁচনি হৈছে বীজগাওঁ আঁচনি। এইখন আঁচনিৰ জৰিয়তে খেতিয়কৰ পথাৰত বীজ উৎপাদনৰ কাৰণে কৰ্মসুচী গ্ৰহণ কৰা হয়। ইয়াৰ কাৰণে প্ৰয়োজন হোৱা প্ৰায়ভাগ উপাদান বিনামুলীয়াকৈ যোগান ধৰা হয়। প্ৰধানত: ধান, সৰিয়হ, মাহজাতীয় শস্য আদিৰ বীজ এই আঁচনিৰ অধীনত উৎপাদন কৰা হয়। এই আঁচনিখনৰ বাবেও কৃষকসকলে কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰে।

৭) জিলা উন্নয়ন আঁচনি:

এই আঁচনিৰ জৰিয়তে ৫০ শতাংশ ৰেহাই মুল্যত সৰিয়হ, ধান আদিৰ বীজ, সাৰ আদি খেতিয়কক কৃষি বিভাগে যোগান ধৰে। তদুপৰি স্প্ৰে’য়াৰ আদিও অৰ্ধেক মুল্যত কৃষকক যোগান ধৰা হয়। গতিকে আমাৰ কৃষকসকলে এইখন আঁচনিৰ সুফলো গ্ৰহণ কৰিব পাৰে। তাৰ বাবে তেওঁলোকে কৃষি বিভাগৰ লগত যোগাযোগ কৰিব লাগিব।

কৃষকেও সুবিধা ল’ব পৰা কিছুমান গ্ৰামোন্নয়ন আঁচনি -

ক) স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা:

দুখীয়া ব্যক্তিক স্বাৱলম্বিতাৰ দ্বাৰা আৰ্থিকভাৱে সবল কৰি দৰিদ্ৰতা নিৰ্মুল কৰাটো চৰকাৰৰ দৰিদ্ৰ নিবাৰণৰ আঁচনিৰ অন্তৰ্ভুক্ত এক গুৰুত্বপুৰ্ণ অংগ। স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা বৰ্তমানৰ দৰিদ্ৰতা নিৰ্মুলকৰণ আঁচনিসমুহৰ ভিতৰত অন্যতম আঁচনি। এই আঁচনিখন ১৯৯৯ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। দুখীয়া ব্যক্তিক এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত উপাৰ্জনমুখী সম্পদৰ যোগান ধৰি দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ লৈ অহাটোৱেই হৈছে এই আঁচনিৰ মুখ্য উদ্দেশ্যে। ইয়াৰ বাবে হিতাধিকাৰীসকলক চৰকাৰে ঋণ আৰু ছাবছিডি প্ৰদান কৰে। এই আঁনিৰ দ্বাৰা গ্ৰামাঞ্চলত যথেষ্ট সংখ্যক ক্ষুদ্ৰ ব্যৱসায় স্থাপন কৰি দৰিদ্ৰতা নিৰ্মুল কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই ব্যৱসায়বোৰ সাধাৰণতে গাঁৱৰ দুখীয়া লোকসকলৰ অৰ্হতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন কৰা হয়। এই ক্ষেত্ৰত অঞ্চলটোত থকা সুবিধা-অসুবিধাসমুহো চালি-জাৰি চোৱা হয়।

দুখীয়া লোকসকলক স্বাৱলম্বী কৰিবৰ বাবে প্ৰয়োজনীয় সকলো আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। যেনে- দুখীয়া লোকৰ মাজত গোট গঠন কৰি আত্মসহায়ক গোট স্থাপন কৰা, তেওঁলোকৰ মাজত সক্ষমতা বৃদ্ধি কৰা, প্ৰশিক্ষণ দিয়া, প্ৰয়োজনীয় পৰিকাঠোমো নিৰ্মাণ তথা উৎপাদিত সামগ্ৰীৰ বজাৰ জাতকৰণ আদি। এই আঁচনিৰ অধীনত ব্যক্তিগত তথা গোট হিচাপে ঋণ আৰু ছাবছিডি ল’ব পাৰে। তথাপি আমাৰ দুখীয়া কৃষকে আত্মসহায়ক গোট গঠন কৰি এনে সুবিধা ল’বলৈ আগবাঢ়ি আহিব লাগে।

সাধাৰণতে একোটা আত্মসহায়ক গোটত ১০-২০ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ সদস্য বা সদস্য থাকে। অৱশ্যে প্ৰয়োজন সাপেক্ষে ২০-৩০% সদস্য দৰিদ্ৰ সীমাৰেখাৰ ওপৰত বাস কৰা লোকো হ’ব পাৰে। অৱশ্যে তেওঁলোক আন সদস্যৰ লগতে একেলগে বসবাস কৰা হ’ব লাগিব। মহিলাৰ সবলীকৰণৰ দিশত এই আঁচনিয়ে বিশেষ গুৰুত্ব আৰোপ কৰিছে। সেয়েহে প্ৰতিটো উন্নয়ন খণ্ডৰ ৫০% গোট মহিলাৰ কাৰণে ৰখা হৈছে। তদুপৰি অনুসুচিত জাতি-জনজাতিৰ বাবেও বিশেষ সুবিধা প্ৰদান কৰা হৈছে।

স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনাৰ অধীনত প্ৰকল্প খৰচৰ ৩০% ধন ছাবছিডি হিচাপে প্ৰদান কৰা হয়। অৱশ্যে এই ধনৰ পৰিমাণ ৭,৫০০ টকাৰ বেছি নহয়। অনুসূচিত জাতি আৰু জনজাতিৰ কাৰণে ছাবছিডিৰ পৰিমাণ ৫০% বা সৰ্বাধিক ১০,০০০ টকা হয়। গোটৰ ক্ষেত্ৰতো ছাবছিডিৰ পৰিমাণ প্ৰকল্প খৰচৰ ৫০% বা সৰ্বাধিক ১০,০০০ টকা হয়।

এই আঁচনিৰ অধীনত নিৰ্বাচিত গোট বা ব্যক্তিসকলক জিলা গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰশিক্ষণো প্ৰদান কৰা হয়। তদুপৰি প্ৰয়োজন অনুসৰি পৰিকাঠামোও নিৰ্মাণ কৰে। তদুপৰি গোটৰ উৎপাদিত সামগ্ৰীৰ বজাৰ জাত কৰাৰ বাবে ব্যৱস্থা কৰে।

যিহেতু আমাৰ দুখীয়া ৰাইজৰ সুবিধাৰ কাৰণেই এই আঁচনিখন ৰুপায়ণ কৰি অহা হৈছে, সেই কাৰণে আমাৰ ৰাইজেও ইয়াৰ সুবিধা পাৰ্যমানে গ্ৰহণ কৰাৰ চেষ্টা কৰিব লাগে। দুখীয়া লোকৰ নিজস্ব সম্পত্তি কম। গতিকে তেনে লোকে এককভাৱে কিবা এটা ব্যৱসায় কৰি আৰ্থিক দিশ শক্তিশালী কৰাটো কঠিন। এই কাৰণে মনোমিলা লোকৰ লগত লগ হৈ গোট গঠন কৰি এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে। এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ হ’লে আগ্ৰহী লোকসকলে তেওঁলোকৰ উন্নয়ন খণ্ডত সম্প্ৰসাৰণ কৰ্মীৰ লগত যোগাযোগ কৰা উচিত। তদুপৰি কিছুমান বেচৰকাৰী সংগঠনৰ সদস্যয়ো এইক্ষেত্ৰত সহায় কৰে। ইতিমধ্যে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি বহুতো লোক উপকৃত হৈছে। গতিকে আমাৰ ৰাইজে নোহোৱাৰ কাৰণ নাই। ইয়াৰ বাবে গোট গঠন কৰি আগবাঢ়ি আহিলেই হ’ল। আত্মসহায়ক গোটবোৰক বেংকে কি ভাৱে ঋণ প্ৰদানৰ বাবে নিৰ্বাচিত কৰে, তাক পিছত পৃথকে উল্লেখ কৰা হৈছে।

খ) সম্পুৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা:

এই আঁচনিখন ২০০১ চনৰ পৰা প্ৰচলন হৈ আছে। এই আঁচনিৰ জৰিয়তে গাঁৱৰ দুখীয়া লোকক চৰকাৰী কামত দিন হাজিৰা কৰি উপাৰ্জন কৰিব দিয়া হয়। এই আঁচনিৰ জৰিয়তে গাঁৱৰ লোকৰ দ্বাৰা বিভিন্ন আৰ্থ-সামাজিক পৰিকাঠামো নিৰ্মাণ কৰা হয়। এই নিৰ্মাণ কাৰ্যত অংশগ্ৰহণ কৰা লোকসকলক চৰকাৰে মজুৰি প্ৰদান কৰে। এই আঁচনিখনে মহিলা, অনুসুচীত, জাতি আৰু জনজাতিৰ কাৰণে বিশেষ সুবিধা প্ৰদান কৰি আহিছে। এই আঁচনিখন জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাওঁ পঞ্চায়তৰ দ্বাৰা ৰুপায়ণ কৰা হৈছে। এই আঁচনিৰ অধীনত কাম কৰা লোকসকলক দৈনিক ৫ কেজি খাদ্যশস্য মজুৰি হিচাপে দিয়া হয়। বাকীখিনি মজুৰি নগদ ধন হিচাপে আদায় দিয়া হয়।

আমাৰ গাঁৱৰ বহুতো লোকেই বছৰৰ আটাইকেইটা দিনেই কৰ্মসংস্থাপন নাপায়।তেনেস্থলত তেওঁলোকৰ আৰ্থিক অৱস্থাও শোচনীয় হৈ পৰে।গতিকে তেনে লোকে কৰ্মসংস্থাপন নোপোৱা দিনবোৰত সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনাৰ অধীনত কাম কৰি দুপইচা উপাৰ্জন কৰিব পাৰে।তাৰবাবে তেওঁলোকে আগতীয়াকৈ পঞ্চায়তৰ লগত যোগাযোগ কৰিব লাগে।

 

(গ) মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন, ২০০৫

এই আইন খনক সাধাৰণতে এনৰেগা বুলিয়েই জানে।অশৈলীগত কামৰ প্ৰতি আগ্ৰহী গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ প্ৰাপ্তবয়স্ক লোকসকলক এটা বিত্তীয় বৰ্ষত কমেও ১০০ দিনৰ মজুৰিভিত্তিক নিশ্চিত নিয়োগৰ সুবিধাৰে গ্ৰামাঞ্চলৰ জীৱনধাৰণৰ নিৰাপত্তা বৃদ্ধি কৰাই হ’ল এই আইন খনৰ উদ্দেশ্য।ইয়াৰ এটা লক্ষ্য হ’ল নিয়োগৰ অন্যান্য বিকল্পসমূহৰ অভাৱ অথবা পৰ্যাপ্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত নিয়োগৰ উৎসৰ সুবিধা আগবঢ়াই দুৰ্বলৰ মাজত শক্তিশালী সামাজিক সুৰক্ষা সম্পৰ্ক গঠন কৰা।কৃষিভিত্তিক অৰ্থনীতিৰ অবিৰত বিকাষৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটোও এই আইনখনৰ আন এটা লক্ষ্য।

এই আইনৰ অধীনত কাম কৰিবলৈ হ’লে অশৈলীগত শাৰীৰিক কামৰ বাবে আগ্ৰহী গাৱৰ পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলে পঞ্জীয়নৰ বাবে লিখিত বা মৌলিকভাৱে স্থানীয় গাঁও পঞ্চায়তত আৱেদন জনাব লাগে।আৱেদনৰ সত্যতা নিৰুপনৰ যাৱতীয়া প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত গাঁও পঞ্চায়তে আৱেদনকাৰীক জবকাৰ্ড আগবঢ়ায়।এই আইনৰ অধীনত কাম কৰিবলৈ ইচ্ছুক পৰিয়ালটোৰ প্ৰতিজন প্ৰাপ্তবয়স্ক সদস্য-সদস্যাৰ ফটো জবকাৰ্ডত লগোৱা থাকে।আবেদন দাখিলৰ ১৫ দিনৰ ভিতৰত জবকাৰ্ড বিনামূলীয়াকৈ জাৰি কৰা হয়।ইয়াৰ পাছত জবকাৰ্ড লাভ কৰা লোক এজনে তেঁও কৰিব বিচৰা কামৰ সময় আৰু ম্যাদৰ বিষয়ে উল্লেষ কৰি নিয়োগৰ বাবে গাঁও পঞ্চায়তত লিখিত আৱেদন দাখিল কৰিব পাৰে।নিয়োগৰ বাবে দাখিল কৰা আৱেদনৰ বিপৰীতে গাঁও পঞ্চায়তে তাৰিখযুক্ত প্ৰাপ্তি ৰছিদ দিয়ে আৰু ১৫ দিনৰ ভিতৰত নিয়োগৰ নিশ্চিতি কাৰ্যকৰী কৰা হয়।যদি সেয়া নহয়গৈ তেন্তে আইন খনৰ আধাৰত দৈনিক নিবনুৱা ভাট্টা দিয়া হয়।সাধাৰণতে গাঁও পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে কামৰ সুবিধা আগবঢ়ায়।কিন্ত্ত পাঁচ কিলোমিটাৰতকৈঅধিক দূৰত্বত কাম কৰিবলগীয়া হ’লে যাতায়ত আৰু জীৱনধাৰণৰ বৰ্ধিত খৰচৰ বাবদ অতিৰিক্ত ১০ শতাংশ মজুৰি প্ৰদান কৰা হয়।এই আইনৰ অধীনত পুৰুষ-মহিলা সকলোৱে সমান মজুৰি লাভ কৰে।মজুৰিসমূহ ১০ দিনৰ ভিতৰত প্ৰদান কৰা হয়।জবকাৰ্ড লাভ কৰা ব্যক্তিজনে নিজৰ সুবিধা আৰু সময় অনুযায়ী কাম কৰাৰ বাবে দুখীয়া লোকসকলে বছৰৰ যি সময়ত অন্য ঠাইত কাম বিচাৰি নাপায় তেনে সময়ত এই আইনৰ অধীনত কাম কৰি দুপইচা আৰ্জিব পৰে।তাৰ বাবে তেঁওলোকে পঞ্চায়তৰ লগত যোগাযোগ কৰিব লাগিব।

(ঘ)ৰাষ্ট্ৰীয় মহিলা কোষ :

আমাৰ অসংগঠিত খণ্ডৰ মহিলাসকলৰ ঋণৰ প্ৰয়োজন বেংক আদিয়ে পূৰণ কৰিব পৰা নাই।এনে দুখীয়া মহিলাসকলৰ ঋণৰ চাহিদা আৰু ঋণ যোগান ব্যৱস্থাৰ মাজত থকা বৃহৎ ব্যৱধানৰ প্ৰতি লক্ষ্য ৰাখি ১৯৯৩ চনত ৰাষ্ট্ৰীয় মহিলা কোষ গঠন কৰা হয়।ই ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ অধীনৰ এক স্বতন্ত্ৰ ছ’চাইটি।বেংকে ঋণ প্ৰদান কৰাৰ পাছত ঋণৰ চাহিদা আৰু যোগানৰ মাজত যি ব্যৱধান ৰৈ যায় তাক হ্ৰাস কৰাৰ বাবেই এই কোষ গঠন কৰা হৈছে।

কোষৰ মূল উদ্দেশ্যবোৰ হ’ল -

(১)এই কোষৰ জৰিয়তে যিবোৰ কামৰ দ্বাৰা মহিলাৰ আৰ্থ-সামাজিক উন্নতি সম্ভৱ হয় তেনেবোৰ কামক উৎসাহ যগোৱা বা তাৰ বাবে ঋণৰ যোগান ধৰা হয়।

(২)কোষৰ জৰিয়তে মহিলাসকলে কৰি থকা উপাৰ্জনমুখী কামলৈ স্থিৰতা প্ৰদান কৰা, নতুন নিয়োগ সৃষ্টি কৰা আৰু সম্পদ সৃষ্টিৰ বাবে আঁচনি যোগান ধৰা হয়।

(৩)ঋণৰ সঠিক ব্যৱহাৰৰ বাবে মহিলাসকলৰ মাজত গঠিত হোৱা আত্মসহায়ক গোটৰ কাম-কাজ অন্যৰ আগত প্ৰৰ্দশন কৰা বা তেনেধৰণৰ গোট অন্য ঠাইত নতুনকৈ গঠন কৰাটোও এই কোষৰ লক্ষ্য।

(৩)দুখীয়া মহিলাসকলো যে ঋণৰ কাৰণে উপযুক্ত তাৰ কাৰণে বিভিন্ন বিভাগৰ মাজত এই কোষে সজাগতা বৃদ্ধি কৰে।

(৫)যিবোৰ ক্ষেত্ৰত ঋণ ব্যৱস্থা সফল হৈছে তেনেবোৰ ব্যৱস্থাৰ সম্প্ৰসাৰণো এই কোষে কৰে।

(৬)তদুপৰি মহিলা গোটৰ মাজত ফেডাৰেচন গঠন কৰি অভিজ্ঞতা আৰু তথ্যৰ আদান-প্ৰ্দানো এই কোষৰ দ্বাৰা কৰা হয়।

(৭)এই কোষে মহিলাসকলৰ মাজত ব্যৱসায়িক দক্ষতা বৃদ্ধি কৰাৰ ব্যৱস্থাও কৰে।

ঋণ প্ৰদানৰ ক্ষেত্ৰত এই কোষে কোনো জাতি, ধৰ্ম, ভাষা, সম্প্ৰদায় আদি বিবেচনা নকৰে।সেয়েহে যিকোনো দুখীয়া মহিলাই এই কোষৰ পৰা ঋণ লাভ কৰিব পাৰে।প্ৰ্ধানকৈ উৎপাদন আৰু বিত্তীয় কামৰ বাবেহে এই কোষে ঋণ প্ৰদান কৰে।গতিকে আঁচনিবোৰ প্ৰস্ত্তত কৰোঁতে ইয়াৰ প্ৰতি নজৰ ৰাখিব লাগে।সাধাৰণতে এই কোষে মহিলা আত্মসহায়ক গোটৰ মাজত ঋণ প্ৰদান কৰে।গতিকে দুখীয়া মহিলাসকলে ঋণ লাভৰ বাবে এনে গোট প্ৰথমে গঠন কৰি ল’ব লাগে।এনে গোটবোৰক কোষে ঋণৰ সদব্যৱহাৰ, দক্ষতা বৃদ্ধি, স্বাক্ষৰতা, নেতৃত্বৰ বিকাশ আদিৰ ওপৰত প্ৰশিক্ষণ দিয়ে যাতে তেওঁলোকে সঠিকভাৱে ঋণৰ ব্যৱহাৰ কৰি আৰ্থিকভাৱে লাভৱান হ’ব পাৰে।দুখীয়া মহিলাসকলৰ ঋণৰ চাহিদা সময়ে সময়ে সলনি হৈ থাকে।ৰাষ্ট্ৰীয় মহিলা কোষে এই কথাখিনি লক্ষ্য ৰাখি মহিলাৰ কামৰ ওপৰত ভিত্তি কৰি ঋণ প্ৰদান কৰে।আমাৰ দুখীয়া মহিলাসকলে তেওঁলোকৰ ওচৰত থকা ৰাষ্ট্ৰীয় মহিলা কোষৰ অধীনস্থ অনুষ্ঠান-প্ৰ্তিষ্ঠানৰ লগত যোগাযোগ কৰি ঋণলাভৰ ব্যৱস্থা কৰিব পাৰে।ইতিমধ্যে গঢ় লৈ উঠা মহিলা আত্মসহায়ক গোটবোৰে অন্যান্য আঁচনিৰ উপৰি এই আঁচনিৰ দ্বাৰাও ঋণলাভ কৰাৰ বাবে চেষ্টা কৰিব পাৰে।

(ঙ)মহিলা সমৃদ্ধি যোজনা :

মহিলাসকলৰ মাজত সঞ্চয়ৰ অভ্যাস কৰা তথা আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰীয় স্ংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমে ১৯৯৩ চনত এই আঁচনি আৰম্ভ কৰে।এই আঁচনিৰ এটা উদ্দেশ্য হ’ল উৎপাদনমুখী কামৰদ্বাৰা স্ংখ্যালঘু সম্প্ৰদায়ৰ মহিলাৰ সক্ষমতা বৃদ্ধি কৰা।তদুপৰি এনে মহিলাৰ মাজত আত্মসহায়ক গোট গঠন কৰা আৰু ক্ষুদ্ৰ ঋণ প্ৰদান কৰি উৎসাহ যগোৱাও এই আঁচনিৰ আন এটা উদ্দেশ্য।ইয়াত বাদেও স্ংখ্যালঘু মহিলাৰ কামত অহাধৰনৰ উৎপাদনমুখী কামো এই আঁচনিৰ দ্বাৰা কৰা হয়।

মহিলা সমৃদ্ধি যোজনাখন সমগ্ৰ দেশতে প্ৰচলন হৈ আছে যদিও আমাৰ ৰাজ্যৰ স্ংখ্যালঘু মহিলাসকলে খুব এটা সুবিধা এই আঁচনিৰ দ্বাৰা গ্ৰহন কৰিব পৰা নাই।আঁচনিখনৰ প্ৰ্তি সজাগতাৰ অভাৱেই ইয়াৰ এটা কাৰণ।সেয়েহে এই আঁচনিৰ কিছুমান কথা ইয়াত চমুকৈ উল্লেখ কৰা হ’ল।

মহিলা সমৃদ্ধি যোজনাৰ অধীনত সুবিধা লাভ কৰিবলৈ হ’লে ১৮ বছৰৰ ওপৰৰ যিকোনো মহিলাই পোষ্ট অফিছত নিজৰ নামত ন্যূনতম ৪ টকা বা তাৰ গুণিতকত টকা জমা ৰাখি এটা একাউণ্ট খুলিব লাগে।এবছৰত যিমান টকা একাউণ্টৰ পৰা নোলোৱাকৈ থাকিব টাৰ ২৫% ধন (বা সৰ্বাধিক বছৰি ৩০০ টকা) চৰকাৰে উদগনিমূলক ধন হিচাপে মহিলাগৰাকীক দিয়ে।ইয়াৰ উপৰি একোটা অঞ্চলৰ এনে স্ংখ্যালঘু মহিলাৰ ২০ জনীয়া একোটা গোটক চৰকাৰে তেওঁলোকৰ কামত অহাবিধৰ উৎপাদনমুখী বা সেৱাভিত্তিক কামৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।প্ৰ্শিক্ষণৰ সময়ত গোটটোৰ সদস্যাসকলে আত্মসহায়ক গোট গঠন কৰি লয়।প্ৰ্শিক্ষণৰ অন্তত এই আঁচনিয়ে গোটক ঋণৰ লগত জড়িত কৰে আৰু সদস্যাসকলক গাইগুটীয়াভাৱে বা গোট হিচাপে ঋণ প্ৰদান কৰে।এনে ঋণৰ সৰ্বাধিক পৰিমাণ হ’ল ২০,০০০ টকা আৰু সুতৰ পৰিমাণ হ’ল ৪%।এই ঋণ ৩ বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগে।অৱশ্যে উপাৰ্জন হোৱালৈ কিছু সময় ৰেহায়ো দিয়া হয়।

এই আঁচনিৰ অন্তৰ্গত সংখ্যালঘু বিধৱা বা আৰ্থিক উপাৰ্জনৰ কোনো উৎস নথকা অতি দৰিদ্ৰ মহিলাসকলে অগ্ৰাধিকাৰ পায়।তদুপৰি যি স্ংখ্যালঘু মহিলাৰ অলপ ব্যৱসায়িক জ্ঞান আছে তেওঁলোকেও অগ্ৰাধিকাৰ লাভ কৰে।এই আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ হ’লে হিতাধিকাৰীসকলৰ বাৰ্ষিক আয় দৰিদ্ৰ সীমাৰেখাৰ দুগুণতকৈ বেছি হ’ব নালাগিব।আমাৰ স্ংখ্যালঘু মহিলাসকলেও এই আঁচনিৰ অধীনত ঋণ লৈ উপকৃত হ’ব পাৰে।তাৰ বাবে তেওঁলোকে নিকটৱৰ্তী ৰাষ্ট্ৰীয় স্ংখ্যালঘু উন্নয়ন আৰু বিত্তীয় নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে।

(চ)ইন্দিৰা আৱাস যোজনা :

অনুসূচিত জাতি-জনজাতি বা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা দুখীয়া লোকক এই আঁচনিয়ে ঘৰ সজাৰ বাবে অনুদান আগবঢ়ায়।আজিকালি নিৰাপত্তা বাহিনীত কাম কৰা লোকসকলকো কিছুমান চৰ্তসাপেক্ষে এই আঁচনিয়ে সামৰি লৈছে।জিলা গ্ৰামোন্নয়ন প্ৰাধিকৰণ আৰু জিলা পৰিষদে প্ৰতি বছৰে প্ৰ্তিটো পঞ্চায়তৰ বাবে যোগ্য প্ৰাৰ্থীক নিৰ্বাচন কৰি উলিয়ায়।ইয়াৰ পাছত গ্ৰামসভাই চূড়ান্ত তালিকা প্ৰস্ত্তত কৰে।এই আঁচনিৰ অধীনত নিৰ্বাচিত হোৱা লোকসকলে নিজেই ঘৰটো নিজৰ পছন্দ, সুবিধামতে সাজি ল’ব পাৰে।এই আঁচনিৰ অধীনত ঘৰ পাবলৈ হ’লে ইচ্ছুক ব্যক্তিয়ে পঞ্চায়ত বা স্থানীয় বিধায়কৰ লগত যোগাযোগ কৰিব পাৰে।

(ছ) জাতীয় বৃদ্ধ পেঞ্চন আঁচনি :

এই আঁচনিখনো দুখীয়া লোকসকলৰ বাবে ৰুপায়ন কৰি থকা হৈছে।এই আঁচনিৰ দ্বাৰা ৬০ বছৰৰ ওপৰৰ দুখীয়া বৃদ্ধ লোকক মাহিলী পেঞ্চন দিয়া হয়।যিসকল ব্যক্তিৰ নিজা কোনো কৰ্মস্ংস্থাপন নাইবা যিসকলে পৰিয়ালৰ আনৰ পৰাও সাহাৰ্য্য নাপাই তেনে লোকসকলে এই আঁচনিৰ সুবিধা ল’ব পাৰে।তাৰ বাবে তেওঁলোকে পঞ্চায়ত বা স্থানীয় উন্নয়ন খণ্ডৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে।

(জ) আত্মসহায়ক গোট :

আত্মসহায়ক গোট আচলতে কোনো এটা বিশেষ আঁচনি নহয়।কিন্ত্ত বিভিন্ন আঁচনিৰ ই এটা গুৰুত্বপূৰ্ণ অংগ।আজিকালি বিভিন্ন আঁচনিৰ অধীনত আত্মসহায়ক গোট গঠন কৰা হয়।তদুপৰি এনে গোটবোৰক চৰকাৰে ঋণ বা ছাবছিডি প্ৰদান কৰি আহিছে।সেয়েহে আমাৰ কৃষকসকলেও আত্মসহায়ক গোট গঠন কৰি বিভিন্ন আঁচনিৰ সুবিধা ল’ব পাৰে।সেয়েহে ইয়াত আত্মসহায়ক গোটৰ বিষয়ে কিছু কথা আলোচনা কৰা হ’ল।অৱশ্যে আঁচনিভেদে গোটৰ নিয়ম কিছু সলনিও হ’ব পাৰে।

আত্মসহায়ক গোট হ’ল এক সমূহীয়া লক্ষ্যসাধনৰ উদ্দেশ্যে জনসাধাৰণে স্বইচ্ছাই গঠন কৰা এটা স্বেচ্ছাসেৱী গোট বা স্ংগঠন। যিসকল লোকৰ আৰ্থ-সামাজিক পটভুমি বা পৰম্পৰাগত পেছা একেধৰণৰ, তেওঁলোকে নিজৰ গোটৰ সদস্যসকলৰ হিতসাধনৰ বাবে এক সমুহীয়া উদ্দেশ্যত একগোট হয়। গোট গঠন কৰোঁতে প্ৰতিজন সদস্যৰ লক্ষ্য আৰু উদ্দেশ্যে একে হ’ব লাগে। গোটবোৰত সাধাৰণতে ২০ জনৰ বেছি সদস্য বা সদস্য হ’ব নালাগে। গোটবোৰ অকল মহিলাই, অকল পুৰুষে বা পুৰুষ-মহিলাই একেলগে গোট খাই খুলিব লাগে। অৱশ্যে পুৰুষ –মহিলা মিলি গোট গঠন নকৰাই ভাল।

গোট গঠন কৰাৰ পাছত গোটৰ সদস্যসকলে নিয়মীয়াকৈ ধন সঞ্চয় কৰিব লাগে। সঞ্চিত ধন গোটৰ নামত বেংকত খোলা একাউণ্টত জমা কৰিব লাগে। ভালদৰে সঞ্চয় কৰাৰ পাছতহে ঋণ লাভৰ কথা চিন্তা কৰিব লাগে। বৰ্তমান বিভিন্ন আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ কাৰণে আত্মসহায়ক গোটবোৰ গঠন কৰা হৈছে। আত্মসহায়ক গোটে সুবিধা ল’ব পৰা এক বৃহৎ আঁচনি হৈছে স্বৰ্ণজয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা। তদুপৰি ৰাষ্ট্ৰীয় মহিলা কোষ, মহিলা সমৃদ্ধি যোজনা আদি আছেই। আজিকালি কৃষি বিভাগেও কৃষকৰ মাজত আত্মসহায়ক গোট গঠন কৰিব ধৰিছে। ভালদৰে পৰিচালিত হৈ থকা আত্মসহায়ক গোটবোৰে বেংকৰ পৰা বিভিন্ন আঁচনিৰ অধীনত ঋণ লৈ অৰ্থকাৰী কাম কৰিব পাৰে। গোটক ঋণ প্ৰদান কৰাৰ আগতে বেংকে গোটৰ কিছুমান কথা বিশ্লেষণ কৰি চায়। তেনে কিছু গুৰুত্বপুৰ্ণ কথা তলত উল্লেখ কৰা হ’ল-

১) গোট পৰিচালনাৰ নিয়ম:

গোটবোৰে সঠিকভাৱে কাম কৰিবলৈ কিছুমান নীতি-নিয়ম প্ৰস্তুত কৰি ল’ব লাগে। যেনে- গোটৰ সদস্যপদ কোনে লাভ কৰিব, গোটৰ সভা কেতিয়া পাতিব, সঞ্চয় কেতিয়া কৰিব, কি পৰিমাণে কৰিব, ঋণ প্ৰদানৰ নিয়ম কেনে হ’ব, সৰ্বোচ্চ কিমান টকা ঋণ হিচাপে পাব, কোনে আগতে ঋণ পাব, সুতৰ হাৰ কি হ’ব, ঋণ পৰিশোধ বা সঞ্চয়ত বিলম্ব হ’লে কি কৰিব, গোটৰ নেতা কিদৰে নিৰ্বাচন কৰিব, কেতিয়া নেতৃত্ব সলনি কৰা হ’ব ইত্যাদি কথাবোৰৰ কাৰণে নিয়ম সৃষ্টি কৰি ল’ব লাগে। তদুপৰি নিয়মবোৰ সৰ্বসন্মতভাৱে গৃহীত হ’ব লাগে। অকল নিয়ম প্ৰস্তুত কৰিলেই নহয়, গোটৰ প্ৰতিজন সদস্যই এই নিয়মবোৰৰ বিষয়ে জানিবও লাগিব। তদুপৰি নিয়মবোৰ সঠিকভাৱে পালন হৈছে নে নাই তাকো বেংকে ঋণ প্ৰদান কৰাৰ আগতে পৰীক্ষা কৰে।

২) গোটৰ সভা:

গোটৰ সভা কেতিয়া কেতিয়া হ’ব তাক সদস্যসকলে আগতেই ঠিক কৰি ল’ব লাগে। সভাবোৰ নিয়মিতভাৱে হৈছেনে নাই তাকো বেংকে পৰীক্ষা কৰে। তদুপৰি সদস্যৰ উপস্থিতিৰ সংখ্যাও এক গুৰুত্বপুৰ্ণ বিচাৰ্য বিষয়।

৩) তথ্যপাতিৰ সংৰক্ষণ:

গোটটোৱে সকলোধৰণৰ তথ্য নিয়মিতভাৱে সংৰক্ষণ কৰিছে নে নাই তাকো বেংকে চায়। গতিকে গোটবোৰে সকলো তথ্য, যেনে- সদস্যপদৰ হিচাপ, সঞ্চয়ৰ হিচাপ, ঋণ প্ৰদানৰ হিচাপ, ঋণ গ্ৰহণৰ হিচাপ, জমা-খৰচৰ হিচাপ, গোটৰ নিয়মাৱলী, সভাৰ কাৰ্যবিৱৰণী, সভাত সদস্যৰ উপস্থিতিৰ হিচাপ আদি সংৰক্ষণ কৰি ৰাখিব লাগে। প্ৰতিজন সদস্যৰ সঞ্চয় আৰু ঋণৰ হিচাপ গোটে পৃথকে পৃথকে ৰাখিব লাগে।

৪) নেতৃত্ব:

সদস্য-সদস্যাসকলে গোট পৰিচালনাৰ কাৰণ ২-৩ জনক সভাপতি, সম্পাদক, কোষাধ্যক্ষ আদি হিচাপে নিৰ্বাচিত কৰি ল’ব লাগে। এই নিৰ্বাচন সহমতৰ দ্বাৰা হোৱা উচিত। তদুপৰি একেকেইগৰাকী সদস্যকে সদায়েই নেতৃত্বত ৰখা অনুচিত। নিয়মিত সময়ৰ ব্যৱধানত নেতৃত্বৰ পৰিৱৰ্তন কৰা উচিত। গোটবোৰে সময়ে সময়ে নেতৃত্বৰ পৰিৱৰ্তন কৰিছে নে নাই তাকো বেংকে চায়। তদুপৰি গোটৰ নেতৃত্বই গোটটো গণতান্ত্ৰিকভাৱে পৰিচালনা কৰিছে নে নাই তাকো লক্ষ্য কৰে।

৫) গোটৰ কামত সদস্যৰ অংশগ্ৰহণ আৰু সজাগতা:

গোটৰ প্ৰতিজন সদস্যই গোটৰ কামত অংশগ্ৰহণ কৰিব লাগে। গোটটো কেনেদৰে পৰিচালনা হৈছে তাকো প্ৰতিজন সদস্যই জানিব লাগে। গোটৰ সঞ্চয় তথা ঋণ প্ৰদান ব্যৱস্থাৰ বিষয়ে সঠিক খবৰ প্ৰতিজন সদস্যই ৰাখিব লাগে। গোটৰ সকলো কথাই প্ৰতিজন সদস্যই জনা উচিত। বেংকে গোটক ঋণ প্ৰদান কৰাৰ আগেয়ে কোনো সদস্যক প্ৰশ্ন কৰি এইবোৰ জানেনে নাই তাক পৰীক্ষা কৰে।

৬) সঞ্চয়:

গোটে কিমান টকাকৈ সঞ্চয় কৰিব আৰু কিমান দিনৰ অন্তৰালত কৰিব তাক ঠিক কৰি ল’ব লাগে। সঞ্চয় নিয়মমতে হৈছে নে নাই তাকো বেংকে লক্ষ্য কৰে।

৭) ঋণ :

ঋণ প্ৰদানৰ বাবেও সকলো নিয়ম ঠিক কৰি ল’ব লাগে। কোনে ঋণ পাব, কিমান টকা পাব, কিমান দিনৰ বাবে পাব, সুত কিমান হ’ব, সময়মতে ঋণ পৰিশোধ নকৰিলে জৰিমনা কি হ’ব ইত্যাদি নিয়মবোৰ গোটে প্ৰস্তুত কৰি ল’ব লাগে। ঋণ প্ৰদানৰ সিদ্ধান্ত দলীয় সভাতহে হোৱা উচিত। কোনো সদস্যই ঋণ পৰিশোধ নকৰিলে বাকী সদস্যসকলে তেওঁক ঋণ পৰিশোধৰ বাবে হেঁচা দিয়া উচিত।

ঋণ প্ৰদান কৰাৰ আগতে বেংকে গোটৰ মান নিৰুপণ কৰি লয়। মান নিৰুপণৰ বাবে বেংকে গোট একোটাক ওপৰত উল্লেখ কৰা বিষয়বোৰ তলত দিয়াধৰণে চালি জাৰি চাই নম্বৰ দিয়ে। অৱশ্যে অঞ্চলভেদে , বেংকভেদে, আঁচনিভেদে ইয়াৰ কিছু তাৰতম্য হ’ব পাৰে।

আত্মসহায়ক গোটৰ মান নিৰুপণৰ মাপকাঠি-

শ্ৰেণী

নিয়ম

নম্বৰ

গোটৰ সংমিশ্ৰণ

*একেধৰণৰ সদস্যপদ

*সদস্যপদ একেধৰণৰ নহ’লে

১০

 

গোটৰ বয়স

*এবছৰৰ বেছি হ’লে

*৬ মাহতকৈ বেছি কিন্তু এবছৰতকৈ কম

 

১০

 

গোটৰ সভাৰ সংখ্যা

*মাহত চাৰিখন সভা

*মাহত ২-৩ খন সভা

*মাহত এখন সভা

১০

 

 

সভাত সদস্যৰ উপস্থিতি

*৯০% তকৈ বেছি হ’লে

* ৭০-৯০% ৰ ভিতৰত

*৭০% তকৈ কম

১০

 

 

কাৰ্যক্ৰমণিকাৰ বহী

*বিতংকৈ লিখা থাকিলে

*বিতংকৈ লিখা নাথাকিলে

১০

 

সভাত সদস্যৰ অংশগ্ৰহণ

*কেৱল কেইজনমান সদস্যই অংশ গ্ৰহণ কৰে

*বেছিভাগ সদস্যই অংশ অংশগ্ৰহণ কৰে

 

 

 

১০

 

সঞ্চয় কৰাৰ অন্তৰাল

*মাহত চাৰিবাৰ (বেছিভাগ সদস্যৰ ক্ষেত্ৰত)

*মাহত চাৰিবাৰ (কিন্তু বেছিভাগ সদস্যৰ ক্ষেত্ৰত নহয়)

*মাহত ২-৩ বাৰ (বেছিভাগ সদস্যৰ ক্ষেত্ৰত

*মাহত ২-৩ বাৰ (কিন্তু বেছিভাগ সদস্যৰ ক্ষেত্ৰত নহয়)

*মাহত এবাৰ (বেছিভাগ সদস্যৰ ক্ষেত্ৰত)

*মাহত এবাৰ (কিন্তু বেছিভাগ সদস্যৰ ক্ষেত্ৰত নহয়)

১০

 

 

 

 

 

 

 

 

 

 

 

 

সঞ্চয় আৰু ঋণ

*গোটৰ সভাত সংগ্ৰহ কৰা হয়

১০

পৰিশোধন ধন কিদৰে সংগ্ৰহ কৰা হয়

*ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হয়

গোট পৰিচালনা আৰু সিদ্ধান্ত গ্ৰহণৰ ধৰণ

*গণতান্ত্ৰিক আৰু স্বচ্ছ

*কেৱল কেইজনমান সদস্যই বা নেতৃত্বই সিদ্ধান্ত লয়

১০

 

ঋণ প্ৰদানৰ সিদ্ধান্ত আৰু প্ৰদান

*ঋণ ল’বলগা সদস্যক সভাত নিৰ্বাচন কৰা হয়

*ঋণ প্ৰদানৰ সিদ্ধান্ত আৰু প্ৰদানৰ ব্যৱস্থা সভাত কৰা হয়

*ঋণ প্ৰদানৰ নিয়ম সভাত আলোচনা আৰু লিপিবদ্ধ কৰা হয়

*ঋণৰ ব্যৱহাৰ সম্পৰ্কে সভাত নিয়মিত আলোচনা হ’লে

*ঋণ পৰিশোধৰ কথা সভাত নিয়মিত আলোচনা হ’লে

 

 

 

 

 

 

 

 

 

 

 

সুতৰ পৰিমাণ

*সকলোধৰণৰ পুঁজিৰ বাবে একে সুত

*পুঁজিৰ উৎস বেলেগ বেলেগ হ’লে সুতৰ হাৰো বেলেগ বেলেগ হয়

* ঋণৰ উদ্দেশ্যে অনুযায়ী সুতৰ হাৰ বেলেগ হ’লে

*সকলোধৰণৰ ঋণৰ বাবে একে সুত হ’লে

 

 

 

 

 

 

 

 

 

ঋণৰ ধনৰ ব্যৱহাৰ

*৮০% ত কৈ বেছি হ’লে

*৫০-৮০% ৰ ভিতৰত হ’লে

১০

 

ঋণ পৰিশোধ

*১০% তকৈ কম পৰিমাণৰ ঋণৰ পৰিশোধ বাকী থাকিলে

*১০-৩০% ৰ ভিতৰত ঋণৰ পৰিশোধ বাকী থাকিলে

১০

 

 

 

হিচাপ-পত্ৰ

*সদস্যৰ উপস্থিতি আৰু কাৰ্য বিৱৰণীৰ বহী থাকিলে

*সঞ্চয় ৰেজিষ্ট্ৰাৰ থাকিলে

*ঋণ লেজাৰ বহী থাকিলে

*বেংক পাছবুক

 

 

 

 

 

নিয়মাৱলী

*গোটৰ সকলো সদস্যই জানিলে

*বেছিভাগ সদস্যই জানিলে

*বেছিভাগ সদস্যই নাজানিলে

১০

 

 

০০

 

ঋণ প্ৰদান কৰাৰ আগতে আত্মসহায়ক গোট এটাৰ মানৰ ওপৰত দিয়া মাপকাঠিৰ সহায়ত নিৰ্ণয় কৰা হয়। সাধাৰণতে একোটা গোটে ১২০ বা ততোধিক নম্বৰ লাভ কৰিলেহে বেংকে ঋণ প্ৰদান কৰে। সেয়েহে আমাৰ কৃষক ৰাইজে আত্মসহায়ক গোট গঠন কৰি লাভৱান হ’ব বিচাৰিলে ওপৰৰ কথাখিনিৰ প্ৰতি নজৰ দিব লাগিব।

লেখক: ড° উৎপল মিশ্ৰ, ড° প্ৰশান্ত মিশ্ৰ

উৎস: আধুনিক কৃষিকথা (কৃষি শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু কৃষক)

 

 

 

 

 

 

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate