অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি উন্নয়নত সম্প্ৰসাৰণ শিক্ষাৰ ভুমিকা :

 

সম্প্ৰসাৰণ শিক্ষা হ’ল সমাজ বিজ্ঞানৰ অন্তৰ্ভুক্ত এটা অতীৱ গুৰুত্বপুৰ্ণ বিষয়। এইটো জনা কথা যে সমাজ বিজ্ঞানৰ জ্ঞান অবিহনে বিজ্ঞান এক মানৱ বিচ্ছিন্ন অনুসন্ধানত পৰিণত হয়। অৰ্থাৎ সম্প্ৰসাৰণ শিক্ষাও এই বিশাল সমাজ বিজ্ঞানৰেই অংশ। সম্প্ৰসাৰণ শিক্ষাৰ বিষয়বস্তুসমুহকো বিভিন্ন গৱেষণা, জীৱনৰ অভিজ্ঞতা আৰু নীতিৰ ওপৰত প্ৰতিষ্ঠিত। ঘাইকৈ এক নিৰ্দিষ্ট দিশত মানুহক সুশিক্ষিত কৰি তোলাৰ উদ্দেশ্যেৰে এই শিক্ষাৰ দৰ্শন, নীতি, লক্ষ্য আদি স্থিৰ কৰা হৈছে আৰু ই এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। তদুপৰি আমি যেতিয়া কৃষি সম্প্ৰসাৰণ শিক্ষাৰ কথা কওঁ তেতিয়া ঘাইকৈ কৃষি আৰু আনুষংগিক ক্ষেত্ৰৰ উন্নতিৰ যোগেদি সামগ্ৰিকভাৱে মানুহৰ কল্যাণৰ দিশটোতেই গুৰুত্ব দিয়া হয়।

সম্প্ৰসাৰণ শিক্ষাৰ মুল দৰ্শন -

সম্প্ৰসাৰণ শিক্ষাৰ মুল দৰ্শন ব্যক্তি আৰু সামুহিক উন্নতিৰ যোগেদি গ্ৰামীণ জনসাধাৰণ আৰু লগতে ৰাষ্ট্ৰীয় উন্নয়নৰ লগতেই জড়িত। সম্প্ৰসাৰণৰ লগত জড়িত কৰ্মীসকলে মানুহৰ মাজত লুকাই থকা শুভশক্তিসমুহৰ চিনাক্তকৰণ আৰু উত্তৰণৰ যোগেদি বৃহত্তৰ সমাজখনৰ কল্যাণৰ হকে কাম কৰে। ল’ৰা-বুঢ়া, মুনিহ-তিৰোতা আদি সকলো শ্ৰেণীৰ মানুহৰ লগত কাম কৰিলেহে সমাজ আগবাঢ়িব। সকলো মানুহৰ কল্যাণ সাধনৰ যোগেদি আনন্দ দানেই হ’ল এই শিক্ষাৰ মুল দৰ্শন। ইয়াৰ বাবে ‘কৰ্মৰ মাধ্যমেৰে শিক্ষা প্ৰদান’, দেখিলেহে বিশ্বাস’ আদিক এই শিক্ষাৰ মুলমন্ত্ৰ হিচাপে গণ্য কৰা হয়। পাৰস্পৰিক বিশ্বাস, সকলো ধৰ্ম তথা সংস্কৃতিৰ প্ৰতি সমদৃষ্টি প্ৰদানেই হ’ল সম্প্ৰসাৰণ শিক্ষাৰ ঘাই আধাৰ।

কৃষি সম্প্ৰসাৰণ শিক্ষাৰ মুল নীতিসমুহ -

কৃষি সম্প্ৰসাৰণ শিক্ষাৰ মুল নীতিসমুহ কৃষি প্ৰযুক্তি হস্তান্তৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছে। গৱেষণাৰ দ্বাৰা উদ্ভুত প্ৰযুক্তি কৌশলসমুহ যদি আমাৰ কৃষকসকলে তেওঁলোকৰ পথাৰত প্ৰয়োগ নকৰে, তেন্তে কৃষি গৱেষণাৰ দ্বাৰা যি লাভ হ’ব লাগিছিল সেয়া নহয়গৈ। গতিকে গুৰুত্বপুৰ্ণ দিশটো হ’ল এয়ে যে মানৱীয় দিশবোৰ আওকাণ কৰিলে, সমাজৰ বিভিন্ন অনুষ্ঠানসমুহৰ গুৰুত্ব উপলব্ধি নকৰিলে প্ৰযুক্তি এটা মানুহে গ্ৰহণ নকৰে। বহুতো ক্ষেত্ৰত এই দিশটো আওকাণ কৰা দেখা যায়। ফলস্বৰুপে, গৱেষণাৰ দ্বাৰা উদ্ভুত প্ৰযুক্তি কৃষকৰ পথাৰ নাপায়গৈ। সেয়েহে সম্প্ৰসাৰণ শিক্ষাৰ নীতিসমুহে সিদ্ধান্ত গ্ৰহণ আৰু কৰ্মসুচী তৈয়াৰ কৰাত উল্লেখযোগ্য ভুমিকা ল’ব পাৰে। থোৰতে সম্প্ৰসাৰণ শিক্ষাৰ মুল নীতিসমুহ হ’ল-

১) মানুহৰ প্ৰয়োজন, সমস্যা আৰু ইচ্ছাৰ ওপৰত গুৰুত্ব দি সম্প্ৰসাৰণ কৰ্ম নিৰ্ধাৰণ কৰা।

২) গ্ৰাম্য অঞ্চলৰ তৃণমুল পৰ্যায়ৰ অনুষ্ঠান-প্ৰতিষ্ঠানত গুৰুত্ব প্ৰদান কৰা।

৩) মানুহৰ সাংস্কৃতিক দিশবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

৪) সকলো কাৰ্যসুচীতে জনসাধাৰণৰ সহযোগিতা আৰু অংশগ্ৰহণ নিশ্চিত কৰা

৫) কৰ্মৰ মাদ্যমেৰে শিক্ষা প্ৰদান কৰা।

৬) সুপ্ৰশিক্ষিত কৰ্মীৰ দ্বাৰা বিভিন্ন উপযুক্ত শিক্ষণ পদ্ধতিৰ সহায়ত কৃষকক শিক্ষা প্ৰদান কৰা।

৭) গ্ৰামীণ জনতাৰ মাজত নেতৃত্বৰ বিকাশ সাধন কৰা ইত্যাদি। কৰ্মক্ষেত্ৰত এই নীতিসমুহৰ যথাযথ প্ৰয়োগৰ দ্বাৰাহে কৃষি প্ৰযুক্তি হস্তান্তৰৰ যোগেদি জনকল্যাণৰ লগতে ৰাষ্ট্ৰৰো উন্নয়নৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিব পৰা যাব।

কৃষি সম্প্ৰসাৰণ শিক্ষাই সামৰি লোৱা বিষয়সমুহ -

সমাজ বিজ্ঞান হিচাপে এই শিক্ষাই সামৰি লোৱা বিষয়সমুহো সমাজ আধাৰিত আৰু তাৰ দ্বাৰা মানৱৰ কল্যাণ সাধন হ’ল এটা লক্ষ্য। কৃষি সম্প্ৰসাৰণ শিক্ষাই সামৰি লোৱা বিষয়সমুহৰ যোগেদি কৃষি গৱেষণাৰ ফচল কৃষকৰ মাজলৈ নিয়াৰ প্ৰ্য়াস চলোৱা হয়। গতিকে সম্প্ৰসাৰণ শিক্ষাৰ যোগেদি কৃষক প্ৰশিক্ষণ অনুষ্ঠান এটা কিদৰে সুচাৰুৰপে পৰিচালনা কৰিব পাৰি, মানৱ সমাজৰ বিকাশ কিদৰে কৰিব পাৰি, কৃষক ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ যোগেদি কোনো আঁচনি এটা কিদৰে হাতত ল’ব পাৰি, অথবা তৈয়াৰ কৰিব পাৰি, সমাজ কি আৰু সমাজৰ বিভিন্ন সংস্কৃতি, ৰীতি-নীতি, অনুষ্ঠান-প্ৰতিষ্ঠানসমুহৰ বিষয়ে সম্যক জ্ঞান আৰু তাৰ গুৰুত্ব, চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন গ্ৰাম্য উন্নয়নৰ আঁচনি, উদ্যোগমুখিতা, প্ৰাপ্তবয়ষ্ক লোকক কিদৰে শিক্ষা প্ৰদান কৰিব লাগে তাৰ পদ্ধতি, শিক্ষাৰ বিভিন্ন নীতিসমুহ, কৃষি সাংবাদিকতা আদি বিষয়সমুহ কৃষি ছাত্ৰ তথা সম্প্ৰসাৰণ কৰ্মীক শিকোৱা হয় যাতে কৰ্মক্ষেত্ৰলৈ আহি সেই জ্ঞান প্ৰয়োগ কৰি কৃষি বিকাশ কৰিব পাৰে। এই জ্ঞানৰ অবিহনে কৃষি প্ৰযুক্তি হস্তান্তৰ একপ্ৰকাৰ অসম্ভৱ বুলিয়েই প্ৰমাণিত হৈছে।

কৃষিৰ উন্নতিত সম্প্ৰসাৰণ শিক্ষাৰ ভুমিকা -

সম্প্ৰসাৰণ শিক্ষাৰ প্ৰকৃত জ্ঞান আৰু ইয়াৰ প্ৰয়োগেহে কৃষি বিজ্ঞানৰ সুফলসমুহ গতিশীল ৰুপত কৃষকৰ মাজলৈ যোৱাত সহায়তা প্ৰদান কৰে। গতিকে কৃষি বিস্তাৰত এই শিক্ষাৰ গুৰুত্ব বা ভুমিকা অপৰিসীম। বৰ্তমান বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ যোগেদি সম্প্ৰসাৰণ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। কৃষি বিজ্ঞানৰ চাৰি বছৰীয়া আনুষ্ঠানিক ডিগ্ৰী ল’বলৈ সম্প্ৰসাৰণ শিক্ষাৰ জ্ঞান বাধ্যতামুলক। তদুপৰি কৃষিক্ষেত্ৰত জড়িত সম্প্ৰসাৰণ কৰ্মীসকলৰ বাবে ৰাষ্ট্ৰীয় , আঞ্চলিক আৰু ৰাজ্যিক পৰ্যায়ত ভালেমান প্ৰশিক্ষণ প্ৰতিষ্ঠান ভাৰত চৰকাৰ তথা ৰাজ্যিক চৰকাৰসমুহে গঢ়ি তুলিছে। ইয়াৰ যোগেদি সম্প্ৰসাৰণ  কৰ্মীসকলক প্ৰশিক্ষিত কৰি তোলাৰ ব্যৱস্থা হাতত লোৱা হৈছে। ‘মেনেজ’ নামৰ হাইদৰাবাদস্থ প্ৰতিষ্ঠানটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে এটা প্ৰখ্যাত প্ৰতিষ্ঠান। তদুপৰি সমগ্ৰ দেশতে চাৰিটা আঞ্চলিক পৰ্যায়ৰ ‘সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠান’ গঢ়ি তোলা হৈছে। তাৰে উত্তৰ-পুৰ্বাঞ্চল তথা পশ্চিমবংগৰ বাবে ‘সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠান’ অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটত অৱস্থিত। বৰ্তমান দেশৰ প্ৰায় সকলো জিলাতে গঠন হোৱা ‘কৃষি বিজ্ঞান কেন্দ্ৰসমুহৰ অন্য এক্ প্ৰধান উদ্দেশ্য হ’ল তৃণমুল পৰ্যায়ৰ সম্প্ৰসাৰণ কৰ্মীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। গতিকে ভাৰত চৰকাৰে কৃষিক্ষেত্ৰত সম্প্ৰসাৰণ শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰিয়েই এই অনুষ্ঠান-প্ৰতিষ্ঠানসমুহ গঢ়ি তুলিছে।

ভাৰতবৰ্ষত কেনেধৰণৰ সম্প্ৰসাৰণ পদ্ধতি চলি আছে?

গ্ৰাম্য উন্নয়ন তথা কৃষি সম্প্ৰসাৰণৰ বাবে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছতেই লোৱা প্ৰধান আঁচনিখন হ’ল Community Development Programme   (১৯৫২)। পাছলৈ National Extension Service   (১৯৫৩) ৰ দ্বাৰা ইয়াক গতিশীল ৰুপ দিয়া হয়। ইয়াৰ পাছত বিশাল দেশ ভাৰতৰ বিভিন্ন অঞ্চলৰ প্ৰয়োজন অনুসাৰে বিভিন্ন গ্ৰাম্য উন্নয়নমুলক আঁচনি হাতত পোৱা হয় যদিও Training & Visit System  (১৯৭৪)-এ ভাৰতৰ কৃষি সম্প্ৰসাৰণত এক লেখত ল’বলগীয়া ভুমিকা গ্ৰহণ কৰিছিল। নব্বৈৰ দশকত এই T&V  পদ্ধতিৰ সলনি ATMA   (Agricultural Technology Management Agency) নামৰ জিলা পৰ্যায়ত এটি স্বয়ংচালিত এজেন্সিৰ জন্মদানৰ মাধ্যমেৰে কৃষি সম্প্ৰসাৰণত গুৰুত্ব দিয়া হয়। কৃষিক্ষেত্ৰত বাঢ়ি অহা তথ্য সৰবৰাহ আৰু পৰিচালনাৰ গুৰুত্ব উপলব্ধি কৰি এই ATMA ই জিলা পৰ্যায়ৰ সকলো বিভাগৰ সৈতে সহলগ্নতা স্থাপন কৰি কৃষিক্ষেত্ৰখন অধিক গতিশীল কৰি তুলিবলৈ যত্নপৰ হৈছে।

উপসংহাৰ:

এতিয়া বিশ্বায়নৰ ফলত আমাৰ কৃষকে কেৱল উৎপাদন কৰিলেই নহ’ব, মানবিশিষ্ট খাদ্যশস্যও উৎপাদন কৰিব লাগিব। ঘাইকৈ আন্তৰ্জাতিক বজাৰখনলৈ চকু দিয়েই। গতিকে কৃষকক এইবোৰ দিশত সজাগ কৰি তুলিব লাগিব। আজিকালি কম মাটিত অধিক শস্য উৎপাদন কৰা, কৃষিক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰৰ যোগেদি বছৰৰ যিকোনো সময়তে যিকোনো উদ্যানশস্যৰ খেতি কৰা, উচ্চ ঘনত্বৰ পুলি ৰোপণ, নিখুঁত কৃষি পদ্ধতি (Precision Farming), বতৰৰ আগজাননী দিয়া, কৃষিক্ষেত্ৰত তথ্য সৰবৰাহ- বিশেষকৈ বজাৰৰ ভাও আদিৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, মহিলা সবলীকৰণ কৰা, বেচৰকাৰী অনুষ্ঠানসমুহৰ গুৰুত্ব বৃদ্ধি কৰা, কৃষিক্ষেত্ৰত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সন্মিলনৰ মাধ্যমেৰে আঁচনি পৰিচালনাৰ কৰা আদি বিষয়সমুহত গুৰুত্ব দিয়া হৈছে। গতিকে সম্প্ৰসাৰণ শিক্ষাৰ গুৰুত্ব দিনক দিনে বাঢ়ি আহিছে। তদুপৰি বিভিন্ন আঁচনিসমুহত জনসাধাৰণৰ অংশ গ্ৰহণ নিশ্চিত কৰিবলৈ সম্প্ৰসাৰণ শিক্ষাৰ জ্ঞান অপৰিহাৰ্য। কাৰণ এতিয়া জনসাধাৰণেই আঁচনি তৈয়াৰ আৰু সম্পাদন কৰাৰ উপৰি ইয়াৰ মুল্যায়ন কৰাত গুৰুত্বপুৰ্ণ ভুমিকা লোৱাৰ দিন। গতিকে কৃষিকৰ্মীসকলে সম্প্ৰসাৰণ শিক্ষাৰ প্ৰকৃত জ্ঞান অবিহনে কৃষিখণ্ডক গতিশীল কৰিব নোৱাৰিব।

লেখক: ড° প্ৰশান্ত মিশ্ৰ

উৎস: আধুনিক কৃষিকথা (কৃষি শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু কৃষক)

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate