অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাটি পৰীক্ষা :

 

কিয় মাটি পৰীক্ষা কৰিব লাগে?

১) উৰ্বৰতাৰ মান নিৰ্ণয় কৰিবলৈ।

২) মাটিডৰাত কি কি পুষ্টিদ্ৰব্য কিমান পৰিমাণে আছে আৰু সেইবোৰ গছে আহৰণ কৰিব পৰা অৱস্থাত আছে নে নাই জানিবলৈ।

৩) সাৰ বা চুণৰ ব্যৱহাৰৰ দ্বাৰা লাভজনক উৎপাদনৰ সম্ভাৱনীয়তা জানিবলৈ।

মাটি পৰীক্ষাৰ আটাইতকৈ গুৰুত্বপুৰ্ণ আৰু প্ৰথম কথা হ’ল মাটিৰ নমুনা গ্ৰহণ।

নমুনা লোৱা পথাৰৰ ঠাই বাছনি -

শস্য আৰু পৰিচালনাৰ ভিন্নতা অনুসাৰে নমুনা সংগ্ৰহ কৰিব লাগে। মাটি দেখাত বিভিন্নধৰণৰ হ’লে, শস্যৰ গঠন বিভিন্ন প্ৰকাৰৰ হ’লে, বেলেগ বেলেগ শস্যৰ খেতি কৰিলে, মাটিৰ ঢল বেলেগ হ’লে, বেলেগ বেলেগ সাৰ বা চুণ আদি ব্যৱহাৰ কৰিলে, পানী ওলাই যোৱাৰ ব্যৱস্থা বেলেগ হ’লে ,মাটিৰ বয়নৰ পাৰ্থক্য থাকিলে মাটিৰ নমুনা বেলেগকৈ ল’ব লাগে। মাটিৰ নমুনা সংগ্ৰহৰ বাবে প্ৰয়োজনীয় সঁজুলি –

১) টিউব আগৰ

২) স্ক্ৰু আগৰ

৩) কোৰ

৪) খুৰপি

৫) চামুচ

কিমান দ’লৈকে মাটিৰ নমুনা ল’ব লাগে?

১) খেতি কৰা মাটিৰ বাবে উপৰিভাগৰ ১৫ চে.মি. দ’লৈকে

২) ট্ৰেক্টৰ আদিৰে হাল বোৱা মাটিত ২২-৩০ চে.মি. দ’লৈকে।

নমুনা কেতিয়া ল’ব?

কোনো খেতি কৰাৰ ঠিক আগেয়ে মাটিৰ নমুনা লোৱাটো জৰুৰী নহয়। সাধাৰণতে শালি খেতি চপোৱাৰ পাছত মাটিৰ নমুনা লোৱা ভাল। ৰবিশস্যৰ বাবে খেতি কৰাৰ ১ ১/২-২ মাহ আগতে নমুনা ল’ব পাৰি। সাধাৰণতে ৩-৪ বছৰৰ মুৰে মুৰে প্ৰতিডোখৰ মাটি পৰীক্ষা কৰিব লাগে। বালিচহীয়া মাটি হ’লে ঘনকৈ মাটি পৰীক্ষা কৰাৰ আৱশ্যক।

মাটিৰ নমুনা লোৱা পদ্ধতি -

১) নমুনা ল’বলৈ থিৰাং কৰা পথাৰখনৰ মাটিৰ ওপৰৰ বন-জাবৰ গুচাই লৈ ১৫-২০ ঠাইৰ পৰা নমুনা লৈ একগোট কৰি নমুনা কৰিব লাগে।

২) শাৰী শাৰীকৈ ৰোৱা শস্যক্ষেত্ৰৰ পৰা মাটি ল’ব খুজিলে শাৰীৰ মাজৰ পৰা নমুনা ল’ব লাগে।

৩) বান্ধ দিয়া ঠাই, পিটনি, গছৰ তল বা পচনসাৰৰ গাঁতৰ ওচৰৰ পৰা মাটিৰ নমুনা ল’ব নালাগে।

৪) ছইলটিউব, গিৰমিট বা খুৰ্পিৰে মাটিৰ নমুনা ল’ব পাৰি। খুৰ্পি ব্যৱহাৰ কৰিলে প্ৰথমতে ‘V’ আকৃতিৰ গাঁত এটা কৰি লৈ খুৰ্পিখনৰ এটা কোণেৰে এই গাঁতৰ তলৰ পৰা ওপৰলৈ চুঁচি আনোতে যিখিনি মাটি লাগি আহে সেইখিনিকে নমুনা হিচাপে ল’ব লাগে।

৫) এইদৰে গোটোৱা মাটিখিনি সেমেকা হৈ থাকিলে ছাঁত মেলি দি শুকুৱাব লাগে।

৬) মাটিখিনি ভালদৰে মিহলাই যেতিয়ালৈকে আধাকেজিৰ পৰা এক কেজিমান নহয়, তেতিয়ালৈকে প্ৰত্যেকৰেই মাটিখিনি মিহলাই চাৰিভাগ কৰি বিপৰীত দুভাগ পেলাই যাব লাগে। পাছত পৰিষ্কাৰ কাপোৰ বা পলিথিনৰ মোনাত ভৰাই পৰীক্ষাগাৰলৈ পঠাব লাগে।

৭) নমুনাৰ লগতে মোনাবোৰত ক্ৰমিক নম্বৰ, সংগ্ৰহকাৰীৰ নাম, ঠিকনা, সংগ্ৰহৰ তাৰিখ আদি দুখন লেবেলত লিখি এখন মাটিৰ মোনাৰ ভিতৰত আৰু আনখন বাহিৰত ওলোমাই দিব লাগে। লগতে একোখন বিৱৰণীপত্ৰ দিব লাগে।

লেখক: ৰুপজ্যোতি বড়া

উৎস: আধুনিক কৃষিকথা (কৃষি শিক্ষা, বিজ্ঞান, প্ৰযুক্তি আৰু কৃষক)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate