অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অধিক ঘনকৈ ৰোপণ কৰা পদ্ধতি :

 

বিভিন্ন কাৰণত লাহে লাহে কৃষকৰ মাটিৰ পৰিমাণ কমি আহিছে, কিন্তু খোৱা মানুহৰ সংখ্যা সদায় বাঢ়িছে গৈ আছে। সেয়ে এনেকুৱা প্ৰযুক্তিৰ প্ৰয়োজনীয়তা আহি পৰিছে যাৰ সহায়ত কম মাটিত অধিক উৎপাদন কৰিব পৰা যায়। ফলৰ খেতিৰ ক্ষেত্ৰত তেনেকুৱা এক প্ৰযুক্তি হৈছে অধিক ঘনকৈ ৰোপণ কৰা কৌশল।

যিহেতু এজোপা গছে এটা নিৰিখতকৈ বেছি উৎপাদন দিব নোৱাৰে, গতিকে এই কৌশলৰ সহায়ত এডোখৰ ঠাইত বেছি পুলি লগাই উৎপাদন বঢ়োৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। এই কৌশলৰ সহায়ত এডোখৰ ঠাইত বেছি পুলি লগাই উৎপাদন বঢ়োৱাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। এই কৌশলৰ আৰম্ভণি হৈছিল ১৯৫০  চনৰ ওচৰে-পাঁজৰে। অধিক ঘনকৈ ৰোপণ কৰা প্ৰথম ফলবিধ আছিল আপেল।

অধিক ঘনকৈ ৰোপণ কৰা পদ্ধতিত গছবোৰ সাধাৰণতে ব্যৱহাৰ কৰা ৰোপণ ব্যৱধানতকৈ ঘনকৈ ৰোৱা হয়। বছৰৰ পাছত বছৰ ফল দিয়া গছ, যেনে- আপেল, আম, মধুৰি-আম, লিচু ইত্যাদি যদি হেক্টৰ মাটিত ৫০০ জোপাতকৈ বেছি লগোৱা হয় তেতিয়া ইয়াক অধিক ঘনকৈ ৰোপণ কৰা পদ্ধতিত লগোৱা বুলি কোৱা হয়। আনহাতে জীৱনত মাত্ৰ এবাৰহে ফল দিয়া গছ, যেনে- কল, মাটিকঁঠাল আদিৰ ক্ষেত্ৰত প্ৰতি হেক্টৰ মাটিত গছৰ সংখ্যা ৪০০০ৰ পৰা ৪০,০০০তকৈ অধিক হ’ব লাগিব।

ফলৰ গছবোৰ সিমান ঘনকৈহে লগাব পাৰি যিমান ঘনকৈ লগালে ফলৰ গুণগুত মান কমি নাযায় আৰু আকাৰ অকমান কমিলেও মুঠ উৎপাদন বেছি হয়। কিন্তু অতি ঘনত্ব পদ্ধতিত পৰিচৰ্যা ভাল হোৱা দৰকাৰ। বহুবৰ্ষী ফলৰ গছ এই পদ্ধতিত ৰোপণ কৰিলে গছৰ আকাৰ দিয়া তথা লাগতিয়াল ডাল কটা কাৰ্য অতি প্ৰয়োজনীয় হৈ পৰে। এই পদ্ধতিত ফলৰ খেতি কৰিলে উপযুক্ত জাত নিৰ্বাচন কৰাটো খুবেই দৰকাৰী।

অধিক ঘনকৈ ৰোপণ কৰা পদ্ধতিত ফলৰ খেতি কৰিলে বহুতো উপকাৰিতা পোৱা যায়। তাৰ ভিতৰত অধিক উৎপাদন পোৱা, সোনকালে ফুল তথা ফল লগা, ফলৰ গুন বৃদ্ধি হোৱা, বনুৱাৰ খৰচ কম হোৱা ইত্যাদিয়ে প্ৰধান।

এতিয়ালৈকে নানা ফলৰ অধিক ঘনকৈ ৰোপণ পদ্ধতিৰ সঠিক কৌশল গৱেষণাৰ পৰা নিৰ্ধাৰণ কৰা হৈছে। ভাৰতত মাটিকঁঠাল, কল, অমিতা, আম, আপেল আৰু কমলাৰ অধিক ঘনকৈ ৰোপণ কৰা পদ্ধতিৰ ওপৰত। বহুতো গৱেষণা হৈছে। কিন্তু অসমত এই বিষয়ৰ গৱেষণা চালুকীয়া অৱস্থাতেই আছে। মাত্ৰ কল আৰু মাটিকঁঠালৰ ওপৰতহে অসমত এই বিষয়ৰ গৱেষণা চালুকীয়া অৱস্থাতেই আছে। মাত্ৰ কল আৰু মাটিকঁঠালৰ ওপৰতহে অসমত গৱেষণা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ত কৰা গৱেষনাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি

কল আৰু মাটিকঁঠাল তলত দিয়া ব্যৱধানত লগাবলৈ কৃষকৰ বাবে অনুমোদন কৰা হৈছে -

 

ফল

ৰোৱাৰ ব্যৱধান

গছৰ সংখ্যা(প্ৰতি হেক্টৰত)

 

সাধাৰণতে

অধিক ঘনকৈ

সাধাৰণতে

অধিক ঘনত্ব

কল

 

 

 

 

জাহাজী

১.৮*১.৮ মিঃ

১*১.২*২ মিঃ

৩০৮৬

৬২৫০

মালভোগ

২.১*২.১ মিঃ

১*১.২*২ মিঃ

২২৬৮

৬২৫০

বৰজাহাজী

২.১*২.১ মিঃ

১.২*১.৮ মিঃ

২২৬৮

৪৬২৯

মাটিকঁঠাল

 

 

 

 

কিউ

৩০*৬০*৯০ চেঃমিঃ

৩০*৪৫*৬০ চেঃমিঃ

৪৪৪৪৪

৬৩৪৯২

 

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

অসম কৃষি বিশ্ববিদ্যালয়ৰ সদসমাপ্ত গৱেষণাৰ পৰা জানিব পৰা হৈছে যে চাপৰ জাতৰ জাহাজী কলৰ খেতিত এটা গাঁতত তিনিটা পুলি লগাব পাৰি। এটা গাঁতৰ পুলি তিনিটাৰ মাজত ৩০ চে.মি. হ’ব লাগে। এক হেক্টৰ মাটিত ৫,০০১ জোপা জাহাজী কল লগাব পৰা পদ্ধতিত এটা গাঁতৰ পৰা আনটোলৈ ব্যৱধান হ’ল ২ মিটাৰ তথা দুটা শাৰীৰ মাজৰ ব্যৱধান হ’ল ৩ মিটাৰ। এইধৰণে অধিক ঘনকৈ কৰা কলখেতিত ১ টকা খৰচ কৰি ৪.১৫ টকা লাভ পাব পাৰি।

লেখক: ভাস্কৰজ্যোতি শৰ্মা

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate