অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত পদ্ধতিৰে ঘেঁহুখেতি :

অসমৰ বিভিন্ন খাদ্যশস্যৰ ভিতৰত ঘেঁহু অন্যতম। বৰ্তমান সময়ত আমাৰ ৰাজ্যত প্ৰায় ৬৩,৪৫৪ হেক্টৰ মাটিত ঘেঁহুখেতি কৰা হয় আৰু বছৰি প্ৰায় ৬৮,০৮৩ টন ঘেঁহু উৎপাদন হয়ু। খাদ্যশস্য হিচাপে ই আমাৰ দৈনন্দিন খাদ্য তালিকাত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। খাদ্যৰ গুণাগুণৰ ফালৰ পৰা শতকৰা হিচাপত প্ৰায় ৬০-৬৮ ভাগ শ্বেতসাৰ, ৮-১৫ ভাগ প্ৰ’টিন বা মাংসসাৰ, ১.৫-২ ভাগ চৰ্বী, ১.৫-২ ভাগ খনিজ লৱণ আৰু ২-২.৫ ভাগ চেলুল’জ থাকে। এইবোৰৰ উপৰি বিভিন্ন প্ৰকাৰৰ ভিটামিন, যেনে- ক, খ, গ আৰু ঘ আদিও কিছুপৰিমাণে থাকে। ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটা আমাৰ দৈনন্দিত জীৱনত ব্যৱহৃত ৰুটি, পৰঠা, লুচি, বিভিন্ন প্ৰকাৰৰ বিস্কুট, চুজি, পাওৰুটী আদি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়।

শীতকালীন শস্য হিচাপে কৰিব পৰা ঘেঁহুখেতিৰ বাবে অসমৰ মাটি আৰু জলবায়ু উপযোগী। এইক্ষেত্ৰত উৎপাদন বৃদ্ধিৰ বাবে বিশেষভাৱে মন কৰিবলগীয়া বিষয়সমূহ হ’ল উন্নত জাতৰ ব্যৱহাৰ আৰু উন্নত কৃষি কৌশলৰ সফল প্ৰয়োগ।

উপযুক্ত বতৰ আৰু ভূমি -

বায়ুমণ্ডল আৰু ভূমিৰ উষ্ণতাৰ লগতে মাটিৰ জীপে শস্যৰ অংকুৰণ আৰু বৃদ্ধিত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায়। সাধাৰনতে ঘেঁহুৰ বীজৰ অংকুৰণৰ বাবে উষ্ণতা প্ৰায় ২৫° চেন্টিগ্ৰেড হোৱাটো বাঞ্ছনীয়। পোখা মেলা অৱস্থাত ইয়াতকৈ সামান্য কম উষ্ণতা দৰকাৰ হোৱাৰ  বিপৰীতে গুটি পূৰঠ হোৱা সময়ত উষ্ণতা বৃদ্ধি হোৱাটো দৰকাৰ। অসমত ঘেঁহুখেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় অঞ্চলভেদে বেলেগ বেলেগ যদিও এই সময় মোটমুটিকৈ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ মাজভাগলৈ সীমাবদ্ধ আছে। অৱশ্যে বতৰৰ আৰম্ভণিতে বীজ সিঁচিলে যথেষ্ট সুফল পোৱা যায়। এই সময়ত উষ্ণতা বীজৰ অংকুৰণৰ বাবে উপযোগী হৈ থকাৰ উপৰি মাটিত অৰ্দ্যতাৰ অভাৱ দেখা নাযায়। তদুপৰি আগতীয়া মৌচুমী বতাহৰ প্ৰভাৱত ফোৱা বৰষুণ আৰম্ভ হোৱাৰ আগতেই শস্য চপাব পাৰি।

ঘেঁহুখেতিৰ বাবে বালিচহীয়াৰ পৰা পলসুৱা মাটি উপযোগী। মাটিত যথেষ্ট পৰিমাণে  জৈৱিক পদাৰ্থ থকাতো বাঞ্ছনীয়। আঠালেটীয়া মাটি এই খেতিৰ বাবে সুবিধাজনক নহয়।

উন্নত জাত -

আমাৰ ৰাজ্যৰ বাবে অনুমোদিত ঘেঁহুৰ উন্নত জাতসমূহ হ’ল- সোণালিকা, ইউ পি-২৬২, কে-৭৪১০, ডব্লিউ এইচ-২৯১, ডব্লিউ এল-৪১০, এইচ ডি আৰ-৭৭ আদি। এই জাতসমূহৰ কৃষিকাল জলসিঞ্চিত খেতি হিচাপে প্ৰায় ১১৫-১২৫ দিন। এই জাত সমূহৰ উপৰি অসমৰ বৰাক উপত্যকা আৰু পাহাৰীয়া অঞ্চলৰ বাবে অন্যান্য সংমণ্ডকৰ বাবে অনুমোদিত নতুন জাতসমূহ হ’ল- ডি বি ডব্লিউ-১৪ আৰু এই ইউ ডব্লিউ-৪৬৮। এই জাত দুবিধৰ কৃষিকাল জলসিঞ্চিত খেতি হিচাপে ১০০ৰ পৰা ১১০ দিন। তদুপৰি এই দুয়োবিধ জাতৰে পাত জ্বলি যোৱা বেমাৰ সহ্য কৰিব পৰা ক্ষমতা আছে আৰু পোক-পৰুৱাৰ উপদ্ৰৱো যথেষ্ট কম। ওপৰত উল্লিখিত জাতসমূহৰ উৎপাদন ক্ষমতা বিঘাই প্ৰতি প্ৰায় ৪ কুইন্টল।

পথাৰ প্ৰস্তুতি -

ঘেঁহুখেতিত মন কৰিবলগীয়া এক গুৰুত্বপূৰ্ণ বিষ হ’ল মাটি প্ৰস্তুতি। এই খেতিৰ বাবে পথাৰডৰা ৪/৫ বাৰ ভালদৰে চহাই, বন-বাত, শস্যৰ মুঢ়া আদি আঁতৰাই ভালদৰে মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি যথেষ্ট পৰিমাণৰ ভালকৈ পচা গোবৰ সাৰ অথবা পচনসাৰ প্ৰয়োগ কৰি লোৱা দৰকাৰ।

বীজ সিঁচা -

সময়মতে সিঁচা ঘেঁহুখেতিত প্ৰতি বিঘা তলীত প্ৰায় ১৩ৰ পৰা ১৬ কেজি বীজৰ প্ৰয়োজন হয় আৰু জাতভেদে এই পৰিমাণ পৃথক পৃথক। ভালকৈ গজালি ওলাবৰ বাবে ৮ ইঞ্চি আঁতৰে আঁতৰে লোৰ বনাই ডেৰ-দুই ইঞ্চি গভীৰতাত বীজ সিঁচিব লাগে। বেছি দ’ত সিঁচিলে গজালু ওলোৱাত পলম হয় আৰু কিছুক্ষেত্ৰত গজালি মাটি ফুটি ওলোৱাত অসুবিধা খয় বীজ সিঁচাৰ পাছত মৈয়াই বীজবোৰ মাটিৰে ঢাকি দিব লাগে। এনে ব্যৱস্থাই সমানভাৱে আৰু সোনকালে গজালি মাটি ফুটি ওলোৱাত অসুবিধা হয়। বীজ সিঁচাৰ মাছত মৈয়াই বীজবোৰ মাটিৰে ঢাকি দিব লাগে। এনে ব্যৱস্থাই সমানভাৱে আৰু সোনকালে গজালি ওলোৱাত সহায় কৰে। যিবিলাক দ’ অঞ্চলত শালি খেতিৰ পাছত ঘেঁহুখেতি কৰা হয়, তেনেবোৰ অঞ্চলত মাটিত থকা অত্যধিক জীপৰ বাবে বীজ বেছি দ’ত নিসিঁচি মাটিৰ পৃষ্ঠভাগতে সিঁচিব লাগে।

বীজ সিঁচাৰ সময় অঞ্চলভেদে পৃথক পৃথক। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অসম আৰু নামনি অসম সংমণ্ডলৰ বাবে বীজ সিঁচাৰ অনুমোদিত সময় হ’ল নৱেম্বৰ মাহৰ ৫ তাৰিখৰ পৰা ডিচেম্বৰ মাহৰ ১৫ তাৰিখ। উজনি অসম আৰু পাহাৰীয়া সংমণ্ডলৰ বাবে উপযুক্ত সময় নৱেম্বৰ মাহৰ ৫ তাৰিখৰ পৰা ৩০ তাৰিখ। একেধৰণে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰপাৰৰ সমতল ভূমিৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হ’ল নৱেম্বৰ মাহৰ ৫ তাৰিখৰ পৰা প্ৰায় ২০ তাৰিখলৈ।

সাৰ প্ৰয়োগ -

সুসম হাৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰে শস্যৰ উৎপাদন বৃদ্ধিত প্ৰভূত পৰিমাণে সহায় কৰে। অনুমোদিত পৰিমাণৰ ৰাসায়নিক সাৰ পথাৰত ছটিয়াই মাটিৰ লগত মিহলি কৰিব দিব পাৰে যদিও সিঁচাৰ আগেয়ে ৪ ইঞ্চিমান গভীৰতাত লোৰবোৰত প্ৰয়োগ কৰি ২ ইঞ্চিমান ডাঠকৈ মাটিৰে ঢাকি দি বীজ সিঁচিলে অধিক লোৱা অত্যন্ত জৰুৰী। বৰষুণ নিৰ্ভৰশীল আৰু জলসিঞ্চিত খেতিৰ বাবে প্ৰয়োজন হোৱা সাৰৰ পৰিমাণো পৃথক পৃথক। বৰষুণ নিৰ্ভৰশীল খেতিত প্ৰতি বিঘা তলীত প্ৰয়োজন হোৱা সাৰৰ পৰিমাণ হ’ল ইউৰিয়া ১২ কেজি, একক ছুপাৰ ফছফেট ১৮ কেজি আৰু মিউৰিয়েট অৱ পটাছ ৪ কেজি।আন্যহাতে জলসিঞ্চিত খেতিত অধিকাৰ পৰিমাণৰ ৰাসায়নিক সাৰৰ প্ৰয়োজন হয় যদিও অনুমোদিত সাৰৰ পৰিমাণ অঞ্চলভেদে বেলেগ বেলেগ। তথাপি প্ৰতি বিঘা তলীত মোটামুটিকৈ ১৮-২৪ কেজি ইউৰিয়া সাৰ, ২০-৪০ কেজি একক ছুপাৰ ফছফেট জাৰু ৪-১০ কেজি মিউৰিয়েট অৱ পটাছ সাৰ মাটিৰ সাৰুৱা গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োগ কৰিব পৰা যায়। অনুমোদিত সাৰৰ আধাভাগ ইউৰিয়া আৰু সমুদায় ছুপাৰ ফছফেট আৰু পটাছ সিঁচা চাহত প্ৰয়োগ কৰি বাকী থকা ইউৰিয়া সাৰভাগ বীজ সিঁচাৰ ২০-২৫ দিন পাছত শস্যৰ মুকুট শিপা লোলোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

জলসিঞ্চন -

জলসিঞ্চনৰ সুবিধা থকা মাটিত পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিলে উৎপাদন বৃদ্ধিত সহায় হয়। বীজ সিঁচাৰ সময়ত খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হ’লে সিঁচাৰ ৩/৪ দিন আগেয়ে এবাৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰিব পাৰিলে ই বীজৰ অংকুৰণত সহায় কৰে। পানী যোগানৰ ফালৰ পৰা শস্যৰ অত্যন্ত গুৰুত্বপূৰ্ণ অৱস্থা হ’ল মুকুট শিপা ওলোৱা অৱস্থা(সিঁচাৰ ২০-২৫ দিন পাছত)। এই সময়ত পানী প্ৰয়োগ কৰাৰ উপৰি থোক ওলাব ধৰা অৱস্থাতো(সিঁচাৰ ৭০-৭৫ দিন পাছত) পানী প্ৰয়োগ কৰা দৰকাৰ। এইকেইটা অৱস্থাৰ উপৰি শুকান বতৰত পানী যোগানৰ ব্যৱস্থা থকা মাটিত পোখামেলা, ফুল ফুলা আৰু গাখীৰতী অৱস্থাত পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিলে উৎপাদন বৃদ্ধি পায়।

বন-বাত নিয়ন্ত্ৰণ -

ঘেঁহুখেতিত মন কৰিবলগীয়া আন এক বিষয় হ’ল শস্যৰ বন-বাত নিয়ন্ত্ৰণ। ঘেঁহুখেতিৰ বন-বাত নিয়ন্ত্ৰণৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সময় হ’ল সিঁচাৰ ২৫ দিনৰ পৰা ৬০ দিন। সেয়েহে সিঁচাৰ ২০-৩০ দিন পাছত প্ৰথমবাৰ আৰু ৪০-৪৫ দিন পাছত দ্বিতীয়বাৰ বন-বাত নিৰাই দিয়া দৰকাৰ। প্ৰয়োজন সাপেক্ষে দুইশাৰীৰ মাজত শুকান মাটিত চলাব পৰা নিৰণি যন্ত্ৰও বন-বাত নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এইবোৰৰ উপৰি বৰ্তমান সময়ত সহজলভ্য বিভিন্ন ৰাসায়নিক দৰবো বন-বাত নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব পাৰি। অৱশ্যে এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱা উচিত।

শস্য চপোৱা -

শস্যৰ গুটি পূৰঠ হ’লেই চপাব লাগে। মোটামুটিকৈ ৪ মাহ পাৰ হ’লে শস্য চপাব পাৰি। চপোৱাৰ কাম সদায় ৰ’দৰ বতৰত কৰিব পাৰি। ঘেঁহুখেতিত মৰণা মৰা কাম তুলনামূলকভাৱে কষ্টদায়ক। মৰণা মৰাৰ বাবে গৰু বা সৰু ট্ৰেক্টৰ লগাব পাৰি। অৱশ্যে আজিকালি ঘেঁহু মৰা যন্ত্ৰও সহজলভ্য হৈছে।

বীজ সংৰক্ষণ -

বৰ্তমান সময়ত ঘেঁহুখেতিৰ বাবে প্ৰয়োজনীয় বীজ অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ পৰা আমদানি কৰা হয়। বহু সময়ত কৃষকসকলে প্ৰয়োজনীয় বীজৰ সন্ধানত হাবাথুৰি খাবলগাত পৰে আৰু সময়মতে বীজ নাপাই হতাশ হ’বলগা হয়। আকৌ যিসকল কৃষকে বীজ ঘৰতে সংৰক্ষণ কৰি ৰাখে তেওঁলোকৰো এইক্ষেত্ৰত সঠিক জ্ঞানৰ অভাৱত বীজৰ গুনগত মান অৱনমিত হোৱাৰ লগতে অংকুৰণ ক্ষমতাও যথেষ্ট হ্ৰাস পায়। গতিকে বিজ্ঞানসন্মতভাৱে ঘেঁহুৰ বীজ সংৰক্ষণ কৰাত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আহি পৰিছে। বীজ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে মন কৰিবলগীয়া দুটা বিষয় হ’ল- বীজসমূহ পো-পৰুৱা, বেমাৰ-আজাৰৰ পৰা মুক্ত কৰি ৰখা আৰু বীজত থকা আৰ্দ্ৰতাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা। ইয়াৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বীজৰ বাবে নিৰ্বাচন কৰা খেতিডৰা যাতে পোক-পৰুৱা, মিহলি হৈ থাকিব পৰা ধূলি-বালি, শিলগুটি, খেৰ, আধা ভঙা ঘেঁহুগুটি আদি বাছি আঁতৰাই কৰিব নালাগে। গুটিত থকা আৰ্দ্ৰতাৰ পৰিমাণ সাধাৰণতে শতকৰা ১০ৰ পৰা ১২ ভাগ হ’ব লাগে। এনে অৱস্থাৰ উমান পাবলৈ গুটি দাঁতেৰে কামুৰি চাব লাগে। যদি গুটি কটককৈ শব্দ কৰি টুকুৰা-টুকুৰ হৈ পৰে, তেন্তে গুটিখিনিত আৰ্দ্ৰতাৰ পৰিমাণ মোটামুটিকৈ সঠিক বুলি অনুমান কৰিব লাগিব। গুটি গৰম অৱস্থাত ভৰোৱা উচিত নহয়। সেয়ে মজিয়াত মেলি দি চেঁচা হ’বলৈ দিব লাগে। বীজ সংৰক্ষণৰ আগেয়ে পোক-পতংগৰ আক্ৰমণৰ পৰা গুটিখিনি মুক্ত কৰি ৰাখিবলৈ প্ৰতি কুইন্টল বীজত ২৫০ গ্ৰাম হাৰত মালাথিয়ন শতকৰা ৫ ভাগ পাউডাৰ মিহলাই ল’ব লাগে। অসমৰ বতাহ সেমেকা হোৱা বেমাৰ-আজাৰ আৰু পোক-পৰুৱাৰ উপদ্ৰৱ সচৰাচৰ অধিক হোৱা দেখা যায়।

গতিকে বতাহ সোমাব নোৱৰাকৈ পলিথিনৰ ডাঠ অথবা যুৰীয়া ডুলিতো বিজ্ঞানসন্মত আৰু নিৰাপদে ঘেঁহুৰ বীজ সংৰক্ষণ কৰিব পাৰি। যুৰীয়া ডুলি অথবা ধাতুৰে নিৰ্মিত ভঁৰালত থ’লে ইথিলিন ডাই ব্ৰমাইড নামৰ দৰব প্ৰয়োগ কৰি পোক-পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰি।

বীজক উশাহ-নিশাহৰ বাবে বায়ুৰ প্ৰয়োজন। বহুদিনলৈ বায়ু সোমাব নোৱৰাকৈ ৰাখিলে বীজৰ অংকুৰণ ক্ষমতা হ্ৰাস পায়। গতিকে সময়ে সময়ে বীজখিনি পৰীক্ষা কৰি প্ৰয়োজন সাপেক্ষে ৰ’দাই থাকিব লাগে।

এনে ব্যৱস্থাই শস্যৰ বীজত পোক-পৰুৱা বা বেমাৰ-আজাৰৰ আৱিৰ্ভাৱ হ’লেও চকুত পৰাত সহায় কৰিব।

লেখক: ড° চিন্ময় কুমাৰ শৰ্মা

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

 

 

শেহতীয়া উন্নীতকৰণ: : 11/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate