অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত পদ্ধতিৰে ধেমচি খেতি :

উন্নত পদ্ধতিৰে ধেমচি খেতি :

 

শীতকালীন শস্য হিচাপে কৰিব পৰা শস্যৰ ভিতৰত ধেমচি খেতি অত্যন্ত লাভজনক। ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰো বহুমুখী। ধেমচি খেতি উজনি অসমৰ বিভিন্ন অঞ্চলৰ বাবে একেবাৰে নতুন যদিও নামনি অসমত বিশেষকৈ পুৰণি গোৱালপাৰা জিলাৰ অঞ্চলবিশেষত এই খেতি যথেষ্ট গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হৈছে। নামনি  অসমৰ বহু  অঞ্চলত এইবিধ শস্য শাক-পাচলিৰ বাগিচাত সিঁচি কুমলীয়া অৱস্থাতে শাক হিচাপে ব্যৱহাৰ কৰে যদিও প্ৰধানকৈ শস্যৰ গুটিৰ বাবে বহল ভিত্তিত এই খেতি কৰা হয়। শস্যৰ মৰণা মৰাৰ পাছত ঢেঁকীৰ সহায়ত খুন্দি গুটিবোৰৰ বাকলি গুচাই গুড়ি কৰি আটা প্ৰস্তুত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা আটা ঘেহুঁ বা বাৰ্লিৰ আটাৰ লগত মিহলি কৰি বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্য প্ৰস্তুত কৰা হয়। শস্যৰ সেউজীয়া গা-গছ গৰু, ম’হৰ খাদ্য হিচাপে ব্যৱহৃত হোৱাৰ উপৰি শুকান গা- গছ প্ৰজ্বালক হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়।

ধেমচি খেতিৰ বাবে যিকোনো প্ৰকাৰৰ, আনকি কম সাৰুৱা মাটিও বাছি ল’ব পাৰি যদিও বালিচহীয়াৰ পৰা পলসুৱা মাটিত এই খেতিৰ জেউতি চৰে। সেয়েহে উপযোগী ভুমি নিৰ্বাচন কৰি লৈ আহিন-কাতি মাহৰ ভিতৰতে শস্যৰ বীজ সিঁচিব লাগে। প্ৰতি বিঘা তলীৰ বাবে প্ৰায় ২.৭ কেজি বীজৰ প্ৰয়োজন হয়। এইবিধ শস্যৰ খেতিৰ বাবে থলুৱা জাত বাছি লৈ এফুট আঁতৰে আঁতৰে শাৰী শাৰীকৈ বীজ সিঁচিব লাগে। থলুৱা জাতসমুহৰ কৃষিকাল ৯০ দিনৰ পৰা ১১০ দিন। অন্যান্য শস্যৰ দৰেই ধেমচিৰ ক্ষেত্ৰতো ৰাসায়নিক সাৰৰ ব্যৱহাৰে শস্যৰে উৎপাদন বৃদ্ধিত সহায় কৰে। সেয়েহে বীজ সিঁচাৰ এদিন আগেয়ে বিঘাই প্ৰতি ৬ কেজি ইউৰিয়া, ৯ কেজি একক ছুপাৰ ফছফেট আৰু ২ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। শীতকালীন শস্যত বন-বাতৰ উপদ্ৰৱ যথেষ্ট কম যদিও প্ৰয়োজন সাপেক্ষে নিৰাই দিলে সুফল পোৱা যায়। শস্যৰ থোকবোৰ শুকাব ধৰাৰ লগে লগে গুটিবোৰ ক’লা পৰিব ধৰা সময়তে শস্য চপাব লাগে। চপোৱাৰ পাছত গছবোৰ ২/৩ দিন ৰ’দত শুকুৱাই লাঠিৰে কোবাই অথবা গৰুৰে মৰণা মাৰি গুটিবোৰ পৃথক কৰিব পাৰি। ভালদৰে প্ৰতিপালন কৰা এবিঘা মাটিৰ পৰা ২ কুইণ্টল পৰ্যন্ত উৎপাদন পাব পাৰি।

লেখক: ড° চিন্ময় কুমাৰ শৰ্মা

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

শেহতীয়া উন্নীতকৰণ: : 10/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate