অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুলিবাৰীৰ আঁচনি তথা যতন :

 

পুলিবাৰী বা নাৰ্ছাৰী(Nursery) বুলিলে এনে এডোখৰ ঠাই বুজায় য’ত গছ নাইবা গছৰ পৰা প্ৰস্তুত ৰোপণ সামগ্ৰী নিৰোগী অৱস্থাত মূল পথাৰত ৰুব নাইবা বিক্ৰীৰ কাৰণে ব্যৱহাৰ কৰে। সহজ অৰ্থত পুলি বা বীজ তৈয়াৰ কৰা ঠাই টুকুৰাই হৈছে পুলিবাৰী।

ব্যৱসায়িক ভিত্তিত এখন নাৰ্ছাৰী পতাৰ আগেয়ে সঠিক পৰিকল্পনা তথা আঁচনি কৰাটো অতি প্ৰয়োজনীয়। বিজ্ঞানসন্মতভাৱে এখন ব্যৱসায়িক নাৰ্ছাৰী প্ৰতিষ্ঠা কৰিবলৈ তলত দিয়া কথাবোৰ মন কৰাটো দৰকাৰ।

স্থান নিৰ্বাচন -

*নাৰ্ছাৰী এখন ৰাষ্ট্ৰীয় ঘাইপথ নাইবা যান-বাহনৰ যাতায়াতৰ সুবিধা থকা অঞ্চলত পাতিব লাগে। ব্যৱসায়িকভাৱে নাৰ্ছাৰী পতা ঠাইত বিদ্যুৎ যোগানৰ সুবিধা থকাটো দৰকাৰ।

*মাটিৰ গঠন পাতল নাইবা ম্মধ্যমীয়া হোৱাৰ লগতে সাৰুৱা আৰু অতি সহজে পানী ওলাই যাব পৰা গুণসম্পন্ন হ’ব লাগে।

*সাধাৰণতে ৬-৭ মাত্ৰাৰ অম্লতাযুক্ত(pH) মাটি যিকোনো নাৰ্ছাৰীৰ বাবেই উপযোগী।

পৰিকল্পনা আৰু আঁচনি -

পুলিবাৰী বা নাৰ্ছাৰী এখন পাতিবলৈ প্ৰথমতে তাৰ পৰিকল্পনা আৰু আঁচনি সঠিক হোৱাটো অতি আৱশ্যকীয়। এখন ব্যৱসায়িক পুলিবাৰী পাতিবলৈ তলত দিয়া উপাদান তথা আহিলাসমূহ সুবিধা কৰি ল’ব লাগে।

১)সীমা:

পুলিবাৰীখন স্থাপন কৰাৰ আগতে ঠাইডোখৰৰ সীমা ভালদৰে নিৰ্ধাৰণম কৰিবলৈ চাৰিওকাষে জেওৰা দি লোৱাটো অতি প্ৰয়োজনীয়।

২)পথ:

পুলিবাৰীখন বিভিন্ন খণ্ডত ভাগ কৰি লৈ বাট-পথসমূহৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।

৩)পানী যোগানৰ ব্যৱস্থা:

পুলিবাৰীত পানী যোগানৰ সু-ব্যৱস্থা কৰিবই লাগিব। অন্যথা পুলিবাৰীখনে সফলতাৰ মুখ কেতিয়াও দেখা নাপাব। পানীৰ উৎস হিচাপে পুখুৰী, নাদ, নলীনাদ অথবা গভীৰ নলীনাদৰ ব্যৱস্থা কৰি সৰ্বদা পানী যোগান সুনিশ্চিত কৰিলেহে পুলিবাৰী এখনে সফলতাৰ মুখ দেখিবলৈ পাব।

৪)কাৰ্যালয় তথা সংৰক্ষণ গৃহ:

ব্যৱসায়িকভাৱে কৰা পুলিবাৰীৰ বাবে কাৰ্যালয় তথা সংৰক্ষণ গৃহ হ’ল অবিচ্ছেদ্য অংগ। কাৰ্যালয়টো এনে ঠাইত প্ৰতিষ্ঠা কৰিব লাগে য’ৰ পৰা পুলিবাৰীখনৰ বিভিন্ন কাম-কাজ সহজে পৰ্যবেক্ষণ কৰিব পৰা যায়। বিভিন্ন সামগ্ৰী ৰাখিবৰ বাবে সংৰক্ষণ গৃহটো অতি আৱশ্যকীয়।

৫)মাতৃগছৰ খণ্ড:

চাহিদা থকা তথা অংগজ প্ৰজননেৰে বংশ বৃদ্ধি কৰিব পাৰে বিভিন্ন জাতৰ ফল-ফুলৰ মাতৃগছবোৰ ৰাখিবলৈ এক পৃথক খণ্ড ৰাখিব লাগে।

৬)বীজতলী:

বীজৰ পৰা পুলি উৎপাদন কৰিবলৈ বিজ্ঞানসন্মত বীজতলী এখনৰ খুবেই প্ৰয়োজন। বীজতলী সদায়েই পানীৰ উৎসৰ ওচৰত পাতিব লাগে। এক মিটাৰ বহল, ১৫ চে.মি. ওখ আৰু প্ৰয়োজন অনুসৰি দীঘলকৈ বীজতলী এখন প্ৰস্তুত কৰিব পাৰি। দুখন বীজতলীৰ মাজত কমেও ৬০ চেন্টিমিটাৰ ব্যৱধান ৰখাটো বাঞ্ছনীয়।

৭)পুলিতলী:

অংগজ প্ৰজনন পদ্ধতিৰে তৈয়াৰ কৰা ৰোপণ সামগ্ৰীসমূহ লগাবৰ বাবে পুলিতলী এখন অতি প্ৰয়োজন। পুলিতলীখনত অতি কমেও ৫০০ কাটিং কৰা, ডালধৰা, গ্ৰাফটিং কৰা ৰোপণ সামগ্ৰী লগাব পৰা জোখৰ হ’ব লাগে।

৮)টাবত দিয়া মিশ্ৰণ:

টাবত দিয়া মিশ্ৰণ শস্যভেদে তথ উদ্দেশ্যভেদে বিভিন্ন ধৰণৰ হয়। সাধাৰণতে সাৰুৱা মাটি ভালদৰে পচা শুকান গোবৰ, তলসৰা পাত, বালি আদি বিভিন্ন অনুপাতত মিহলাই এনে মিশ্ৰণ তৈয়াৰ কৰা হয়।

পুলিবাৰীৰ বাবে লগা সংৰক্ষণ/গঠনসমূহ(Structures)-

১)সেউজগৃহ/পলি হাউচ:

প্ৰাকৃতিকভাৱে বায়ু চলাচল কৰিব পৰা কম খৰচৰ সেউজগৃহত গ্ৰাফটিং তথা মুকুলন পদ্ধতিৰে বিভিন্ন ফল-ফুলৰ বংশ বৃদ্ধি কৰি যথেষ্ট সফলতা পোৱা দেখা হৈছে। সেয়ে ব্যৱসায়িক ভিত্তিত কৰা পুলিবাৰী এখনত এইধৰণৰ ঘৰৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।

২)ছায়া গৃহ:

ছায়া গৃহ নিৰ্মাণ কৰিবলৈ ছেডনেট বা ছায়াজালৰ প্ৰয়োজন হয়। শতকৰা ৫০ৰ পৰা ৭৫ ভাগ ছাঁ দিয়া ছায়াজালেৰে বনোৱা ছায়া গৃহ এটা ব্যৱসায়িকভাৱে পুলি প্ৰস্তুত কৰিবলৈ অতি দৰকাৰী।

পুলিবাৰীত পুলি তৈয়াৰ কৰা পদ্ধতি -

ক)বীজৰ পৰা পুলি তৈয়াৰ:

বেছিভাগ শাক-পাচলিৰ খেতি বীজৰ পৰাই কৰা হয়। বেছিভাগ শাকৰ লগতে কিছুমান পাচলি, যেনে- লাওজাতীয় শস্য, ভেণ্ডি ইত্যাদিৰ বীজ পোনে পোনে মূল পথাৰতেই সিঁচা হয়। কিন্তু বেছিভাগ শীতকালীন তথা কিছুমান গ্ৰীষ্মকালীন শাক-পাচলিৰ পুলি প্ৰথমতে বীজতলীত তৈয়াৰ কৰি লৈ পুলিবোৰহে মূল পথাৰত ৰোৱা হয়। ঋতুভেদে কৰা বেছিভাগ ফুলৰ ক্ষেত্ৰতো বীজতলীৰ গুৰুত্ব অপৰিসীম। এখন বিজ্ঞানসন্মত বীজতলী পাতি তাত সুস্থ সবল পুলি উৎপাদন কেনেদৰে কৰিব পাৰি সেই বিষয়ে তলত আলোচনা কৰা হৈছে।

*বীজতলীৰ বাবে ৰ’দঘাই, পানী নোৰোৱা, অধিক জৈৱসাৰ থকা মাটি নিৰ্বাচন কৰিলে নিৰোগী তথা সবল পুলি উৎপাদন কৰিবলৈ সুবিধা হয়।

*বীজতলী পাতিবলৈ লোৱা মাটিডৰা ভালকৈ কোৰ মাৰি মিহি কৰি বন-বাত আৰু বনৰ গুটি আদি ভালকৈ আঁতৰাই পেলাব লাগে।

*ভালদৰে চহোৱা মাটিডৰাত ১ মিটাৰ বহল, ১৫ চে.মি. ওখ আৰু প্ৰয়োজন অনুসৰি দীঘলকৈ(সাধাৰণতে ৪-৫ মিটাৰ) ভেটি তৈয়াৰ কৰি ল’ব লাগে।

*চালি লোৱা পচনসাৰ ২০ কিলোগ্ৰামমান(৪ পাচিমান) প্ৰতি ১০ বৰ্গমিটাৰ মাটিত মিহলাই ল’ব লাগে। বীজ সিঁচাৰ ১৫-২০ দিনমানৰ আগতে, এনেদৰে পচনসাৰ বা শুকান গোবৰ প্ৰয়োগ কৰি ভালকৈ মিহলাই থৈ দিব লাগে। এনে কৰিলে পচনসাৰ বা শুকান গোবৰ মাটিৰ লগত ভালকৈ মিহলি হৈ বীজতলীৰ মাটিৰ উৰ্বৰতা বহু পৰিমাণে বৃদ্ধি কৰি স্বাস্থ্যৱান আৰু সবল পুলি হোৱাত সহায় কৰে।

*কেপটান নামৰ ঔষধবিধৰ ১ গ্ৰাম প্ৰতিলিটাৰ পানী(১ চাহ চামুচ ঔষধ ৫ লিটাৰ পানীত) হিচাপত গুলি লৈ বীজতলীখনৰ ১০-১৫ চে.মি. মান গভীৰতালৈ তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে।

*ঔষধ প্ৰয়োগৰ ঠিক পাছতেই পলিথিন বা বস্তাৰে বীজতলীখন দুদিনলৈ ঢাকি থ’ব লাগে।

*ঢাকনি গুচোৱাৰ পাছত মাটিখিনি খুঁচৰি ১-২ দিন পেলাই থ’ব লাগে।

*বীজ ৰোগমুক্ত কৰিবলৈ প্ৰতি কেজি শুকান বীজৰ লগত ৩ গ্ৰামকৈ কেপটাফ বা থিৰাম মিহলাই শোধন কৰা উচিত। অৱশ্যে হাইব্ৰীড জাতৰ বীজ কিনিলে তাক শোধন নকৰিলেও হয়, কিয়নো সেইবোৰ শোধন কৰা থাকে। কিন্তু যেতিয়া ঘৰতে ৰখা বীজ বা বজাৰত মুকলিভাৱে ৰখা বীজ ব্যৱহাৰ কৰা হয় তেতিয়া বীজ শোধন কৰাটো অতি দৰকাৰ।

*পোক-পৰুৱাৰ আক্ৰমণৰ আশংকা থাকিলে বীজতলীত প্ৰতি ১০ বৰ্গ মিটাৰত ২০ গ্ৰামকৈ শতকৰা ৫ ভাগ শক্তিযুক্ত মালাথিয়ন ঔষধৰ গুড়ি মাটিৰ লগত ভালদৰে মিহলাই ল’ব লাগে।

*বীজতলীৰ ৪-৫ চে.মি. ব্যৱধানত কৰা শাৰীত পাতলীয়াকৈ বীজ সিঁচিব লাগে।

*বীজ সিঁচাৰ পাছত ভালদৰে চালি লোৱা বালি, মাটি তথা শুকান গোবৰৰ মিশ্ৰণেৰে বীজবোৰ ঢাকি দিব লাগে।

*তাৰ পাছত পাতলীয়াকৈ পানী দিব লাগে।

*ধান খেৰ, কলপাত বা পলিথিনেৰে বীজতলীখন ঢাকি দিলে সোনকালে গজালি ওলায়। গজালি ওলোৱাৰ লগে লগে ঢাকনিখন আঁতৰাই দিয়াৰ দৰকাৰ। বিভিন্ন শস্যৰ বীজৰ গজালি ওলোৱাৰ সময় বেলেগ বেলেগ। কিছুদিন ৩-৪ দিনতে গজে যদিও কিছুমান বিশেষকৈ ফুলৰ বীজ গজিবলৈ কেইদিনমান সময় লাগে।

*টান ৰ’দ তথা বৰষুণৰ পৰা পুলিবোৰ ৰক্ষা কৰিবলৈ ভেটিৰ ওপৰত খেৰৰ চালি দিব লাগে।

*পুলিবোৰ ১২-১৫ চে.মি. ওখ নাইবা ৩০-৩৫ দিনীয়া হ’লে মূল পথাৰত ৰোৱাৰ উপযুক্ত হয়।

*পুলি উঠোৱাৰ এসপ্তাহ আগৰ পৰা পানী দিয়া কমাই আনি পুলিবোৰ টান হ’বলৈ দিব লাগে।

*৬ ঘন্টামান আগতে বীজতলীখন তিয়াই ল’লে পুলিবোৰ শিপাৰে সৈতে ভালদৰে উভালিবলৈ সুবিধা হয়।

*ৰ’দ বা বৰষুণে ক্ষতি কৰিব নোৱৰাকৈ মূল পথাৰত ছাঁ দিয়াৰ দৰকাৰ।

*পুলিবোৰ ঠন ধৰাৰ পাছত যিমান পৰা যায় ৰ’দ পৰিবলৈ দিলে পুলিবোৰ সবল হয়।

দ্বিতীয় বীজতলী:

*বন্ধাকবি, ফুলকবি, ওলকবি, বেঙেনা আদিৰ খেতি বিস্তৃতভাৱে কৰিব খুজিলে পুলিবোৰ টান কৰি লোৱাৰ প্ৰয়োজন হয়।

*প্ৰথম দুখিলা পাত ওলাওঁতেই ৫-৬ চে.মি. আঁতৰে আঁতৰে দ্বিতীয় এখন বীজতলীত পুলিবোৰ ৰুব লাগে।

*ৰোৱাৰ পাছতে দুদিনমানলৈ পুলিবোৰত ছাঁ দিয়াৰ ব্যৱস্থা কৰা উচিত।

*দ্বিতীয় পুলিবাৰীত পুলিবোৰত আৰু দুটা পাত মেলিলেই পুলিবোৰ পুলিবোৰ মূল পথাৰলৈ নিবৰ বাবে উপযুক্ত হয়।

আজিকালি বীজৰ পৰা পুলি তৈয়াৰ কৰিবলৈ এবিধ ট্ৰে’ ব্যৱহাৰ কৰা হয়। ইয়াক প্ৰো ট্ৰে’ বা প্লাগ ট্ৰে’ বুলি কোৱা হয়। এই ট্ৰে’ত কিছুমান খাঁজ থাকে, য’ত কাকোপিট, পাৰ্লাইত, ভাৰ্মিকুলাইট ইত্যাদিৰে পূৰ কৰি তাত বীজ দি পুলি তৈয়াৰ কৰা হয়। সৰু পলিথিনৰ মোনাতো পুলি গজাব পাৰি। বীজতলীৰ সলনি এনেধৰণে পুলি প্ৰস্তুত কৰিলে বেমাৰ-আজাৰ কম হোৱা দেখা যায়।

খ)গছৰ অংগৰ পৰা পুলি তৈয়াৰ:

নাৰিকল, তামোল, অমিতা, সুমথিৰা আদি কেইবিধমান ফলৰ গছ বাদ দিলে আন সকলোবোৰ ফলৰ গছৰ পুলি ইয়াৰ অংগৰ পৰাই কৰা হয়। কিছুমান ফুলৰো বংশবৃদ্ধি ইয়াৰ অংগৰ পৰাই কৰা হয়।

ফল গছৰ অংগৰ পৰা বংশ বিস্তাৰ:

*লিচু, মধুৰি-লেয়াৰিং(Layering)

*নেমুটেঙা-লেয়াৰিং, কাটিং(Cutting)

*কল, মাটি-কঁঠাল-পোখাপুলি

*আম-এপিক’টাইল গ্ৰাফটিং

ফুল গছৰ অংগৰ পৰা বংশ বিস্তাৰ:

*গ্লেডিওলাচ-কৰ্ম(Corm)

*ডালিয়া-আলু, কাটিং(Cutting)

*ৰজনীগন্ধা-কন্দ বা বালব(Bulb)

*ইন্দ্ৰমালতী-পোখাপুলি, কাটিং

*বাগানবিলাস-কাটিং, লেয়াৰিং বা কলম(Layering)

*এনথুৰিয়াম-পোখাপুলি, টিচুকালচাৰ পুলি

*জৰাবেৰা-পোখাপুলি, টিচুকালচাৰ পুলি

*গোলাপ-কাটিং, গ্ৰাফটিং(Grafting)

এনেদৰে বীজৰ পৰা বা গছৰ বিভিন্ন অংগৰ পৰা পুলি তৈয়াৰ কৰি মূল পথাৰত লগোৱা হয়।

লেখক: ভাস্কৰজ্যোতি শৰ্মা

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate