অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যত ৰোগ নিয়ন্ত্ৰণৰ বাবে কি কৰা উচিত?

শস্যত ৰোগ নিয়ন্ত্ৰণৰ বাবে কি কৰা উচিত?

 

১) শস্যৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে ভেঁকুৰনাশক, বেক্টেৰিয়ানাশক আদি অনেক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। আনহাতে ভাইৰাছৰ দ্বাৰা হোৱা ৰোগৰ পৰা শস্যৰক্ষা কৰিবৰ বাবে সাধাৰণতে ৰোগ সংক্ৰমিত কৰা পতংগবিধ নিয়ন্ত্ৰণ কৰিহে ৰোগ নিয়ন্ত্ৰণৰ চেষ্টা কৰা হয়। বহুতো ৰোগৰ বীজাণু শস্যৰ বীজৰ ভিতৰত সুপ্ত অৱস্থাত সোমাই থাকে। আনহাতে, কেতবোৰ বীজৰ বাহিৰৰ আৱৰণখনত সোমাই থাকে। এনেক্ষেত্ৰত ৰোগ প্ৰতিকাৰৰ বাবে বীজ শোধন কৰাটো নিতান্তই প্ৰয়োজনীয়। বহুতো ৰোগৰ ক্ষেত্ৰত ৰোগৰ বীজাণু শস্যৰ সংবহন কলাত বিয়পি পৰাৰ পাছত ৰোগ নিয়ন্ত্ৰণ কৰাৰ কোনো উপায় নাথাকে। সেয়েহে কৃষকবন্ধুসকলে ৰোগ এটাৰ আৰম্ভণি ক’ৰ পৰা হয়, এই সন্দৰ্ভত কিছু জানিবৰ চেষ্টা কৰা উচিত। বীজ শোধন কৰা ৰাসায়নিক দ্বাৰা বীজ সিঁচাৰ আগেয়ে উপযুক্ত হাৰত শোধন কৰিব লাগে।

২) বহুতো ৰোগৰ বীজাণু মাটিত বাস কৰে। কেতিয়াবা মাটিত ইবোৰ সক্ৰিয় অৱস্থাত থাকে। নতুবা নানাধৰণৰ সুপ্ত, নিষ্ক্ৰিয় ৰেণু উৎপন্ন কৰি তাৰ সহায়ত মাহৰ পাছত মাহ বা বছৰৰ পিছত বছৰ ধৰি জীৱিত অৱস্থাত থাকে। পথাৰত শস্যৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে অনুকুল উষ্ণতা, আৰ্দ্ৰতা আদি পাই এই ৰেণুবোৰৰ অংকুৰণ হয় আৰু শস্যক আক্ৰমণ কৰে। এনেধৰণৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে বীজ শোধনৰ লগতে মাটিৰ/ পথাৰৰ পৰিচৰ্যা অতি প্ৰয়োজনীয়। বীজ শোধনৰ ফলত বীজৰ বাহিৰৰ ত্বকটোৰ ওপৰত ৰাসায়নিক দ্ৰব্যৰে এখন আৱৰণ থাকে। সেই আৱৰণে মাটিত থকা বীজাণুৰ পৰা বীজক ৰক্ষা কৰাৰ ক্ষেত্ৰত কবচৰ দৰে কাম কৰে। মাটিৰ পৰা অহা ভেঁকুৰৰ অংকুৰিত ৰেণু এনে বীজ শোধকৰ (ৰাসায়নিক ঔষধ) সংস্পৰ্শলৈ অহাৰ লগে লগে মৰি যায়। অন্তত: ৩০-৪৫ দিনলৈ বীজ শোধনৰ জৰিয়তে মাটিৰ দ্বাৰা বাহিত কেতবোৰ বীজাণুক এনেদৰে ৰোধ কৰিব পাৰি।

৩) মাটিৰ দ্বাৰা বাহিৰত বেমাৰৰ বীজাণু বহু সময়ত মাটিত পচি থকা আগৰ বছৰৰ খেতিৰ পচা আক্ৰান্ত ডাল-পাততে আশ্ৰয় লৈ মৃতজীৱী হিচাপে জীয়াই থাকিব পাৰে। সেয়েহে শস্যতলী সাজু কৰাৰ সময়ত বা পথাৰত ৰোগৰ আক্ৰমণ দেখা পালেই, আক্ৰান্ত গছ-পাত উভালি জ্বলাই পেলাব লাগে। খেতিৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত কেইবাবাৰো হাল বাই মাটি ওপৰ-তল কৰি সুৰ্যৰ প্ৰখৰ ৰ’দত ৰ’দাব লাগে। তেনে কৰিলে বহুতো মাটিত থকা বীজাণু মৰি যায়। বীজতলীখন ৰোগমুক্ত কৰিবৰ বাবে অতি গৰমৰ দিনত ২০-২৫ দিনমান ৪% ফৰমেলিন দি প্লাষ্টিকেৰে ঢাকি ৰাখিব লাগে। ট্ৰাইক’ড্ৰামাও মাটিৰ লগত মিহলাই গাপ দি ৰাখিলে বেছ সুফল পাব পাৰি। এনেবোৰ ব্যৱস্থাই প্ৰতিষেধকৰ দৰে কাম কৰে।

৪) শস্যাৱৰ্তনেও মাটিত জীয়াই থকা ভেঁকুৰ, বেক্টেৰিয়া আদিৰ দ্বাৰা হোৱা ৰোগ নিবাৰণত সহায় কৰে। নিৰ্দিষ্ট ভেঁকুৰ, বেক্টেৰিয়াই কিছুমান নিৰ্দিষ্ট শস্যক আক্ৰমণ কৰি নিজৰ খাদ্য আহৰণ কৰি জীয়াই থাকে। সকলো অণুজীৱই সকলো শস্যক আক্ৰমণ কৰিব নোৱাৰে। একেলেঠাৰিয়ে একেমাটিতে একেশস্য কৰি থাকিলে সেই মাটিত বাস কৰা ভেঁকুৰ, বেক্টেৰিয়াই অতি সহজেই খাদ্য আহৰণ কৰি জীয়াই থাকে। কিন্তু শস্যাৱৰ্তন কৰি একে ভেঁকুৰ-বেক্টেৰিয়াই আক্ৰমণ কৰিব নোৱৰা আন শস্যৰ খেতি কৰিলে খাদ্যৰ অভাৱত সেই অণুজীৱবোৰ মৰি যায়। এনেদৰে অন্তত: ৩-৪ বছৰ শস্যাৱৰ্তন কৰি সুফল পাব পাৰি। বেক্টেৰিয়াজনিত বা ভেঁকুৰজনিত লেৰেলা ৰোগৰ নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা অতি গুৰুত্বপুৰ্ণ।

লেখিকা: ড° দিপালী মজুমদাৰ

উৎস: আধুনিক কৃষিকথা (শস্য সুৰক্ষা)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate