অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আধুনিক পদ্ধতিৰে ধানৰ খেতি :

আধুনিক পদ্ধতিৰে ধানৰ খেতি :

 

ধান এবিধ অতি গুৰুত্বপূৰ্ণ শস্য। ধানৰ বৈজ্ঞানিক নাম অ’ৰাইজা ছেটাইভা(oryza sativa)। সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষত ধানৰ খেতি প্ৰচুৰ পৰিমাণে হয়। পশ্চিমবংগ হৈছে আমাৰ দেশৰ সৰ্বাধিক ধান উৎপাদনকাৰী ৰাজ্য।

ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে বছৰত দুটাকৈ ধানৰ খেয়ি কৰা হয়। এই দুটা খেতি হৈছে আহু আৰু শালি খেতি। আহু খেতি সাধাৰণতে জলাসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল। আনহাতে, শালি খেতি মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয়।

ধান খেতিৰ কাৰণে প্ৰয়োজনীয় মাটি -

ধানৰ খেতি বিভিন্ন প্ৰকাৰৰ মাটিত কৰা হয়। সাধাৰণতে মাটিত থকা হাইড্ৰ’জেন আয়নৰ পৰিমাণ ৫.০ৰ পৰা ৮.০ লৈকে ধান খেতিৰ কাৰণে অনুকূল। অৱশ্যে পি এইচ ৫.৫ৰ পৰা ৬.৫ লৈকে অতি উত্তম। যি মাটিৰ পানী ধৰিব ৰাখিব পৰা ক্ষমতা বেছি, পলসুৱা আৰু জৈৱিক উপাদান বেছি পৰিমাণে থাকে, তেনে মাটি ধান খেতিৰ বাবে অতি উপযুক্ত। বোকা, আঠাযুক্ত বা পলসুৱা-বালিচহীয়া মাটি ধান খেতিৰ বাবে সৰ্বোত্তম।

প্ৰয়োজনীয় জলবায়ু -

ধান খেতিৰ বাবে উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুৰ প্ৰয়োজন। উচ্চ আৰ্দ্ৰতাসম্পন্ন, দীঘলীয়া সময়ৰ বাবে সূৰ্যৰ ৰশ্মি আৰু প্ৰয়োজনীয় পানীৰ যোগান থকা ঠাই ধান খেতিৰ বাবে উত্তম। ২১ ডিগ্ৰী ছেঃৰ পৰা ৩৮ ডিগ্ৰী ছেঃ উষ্ণতা ধান খেতিৰ গোটেই সময়ছোৱাৰ বাবে প্ৰয়োজনীয়।

ধান খেতিৰ সময় -

শৰৎ কাল বা আগতীয়াকৈ হোৱা শালি খেতিৰ বাবে মে’-জুন মাহত গুটি সিঁচা হয় আৰু শীতকাল বা খাৰিফ শালি খেতিৰ বাবে জুন-জুলাই মাহত গুটি সিঁচা হয়।

কঠীয়াতলী প্ৰস্তুতকৰণ -

মাটিখিনি ভালদৰে চহ কৰি বোকা কৰি মৈয়াই সমান কৰি ল’ব লাগে। দুটা ভেটিৰ মাজৰ শাৰীবোৰত প্ৰয়োজন অনুসৰি পানীৰ ব্যৱস্থা কৰিব পৰা সুবিধা কৰি ল’ব লাগে। বীজসমূহ পৰিষ্কাৰ পানীত গোটেই নিশা তিয়াই থ’ব লাগে। পিছদিনা পানীৰপৰা উঠাই বস্তাত ভৰাই ৪৮ ঘন্টাৰ বাবে গাপ দি থ’লে বীজবোৰৰ পৰা গজালি ওলায়। এই গজালি ওলোৱা বীজসমূহ খুব সাৱধানতাৰে কঠীয়াতলীৰ ভেটিবোৰত সমানে সিঁচি দিয়া হয়।

বীজ সিঁচা আৰু কঠীয়া ৰোৱা পদ্ধতি -

অধিক ফলপ্ৰসূ উৎপাদন পাবৰ বাবে উন্নত মানৰ বীজ নিৰ্বাচন কৰাটো অতি প্ৰয়োজন। উন্নত মানৰ বীজ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত মন কৰিবলগীয়া বিষয়বোৰ হ’ল-

*গজাবৰ বাবে লোৱা বীজবোৰ অনুমোদিত হোৱা প্ৰয়োজন।

*বীজবোৰ পৰিষ্কাৰ হোৱা উচিত আৰু লক্ষ্য কৰিব লাগে যাতে অন্য বীজ তাত মিহলি হৈ নাথাকে।

*বীজবোৰ নিপোটল আৰু সম্পূৰ্ণৰূপে পৈণত হোৱা হ’ব লাগে।

*বীজবোৰ পুৰণা বা দাগ থকা হ’ব নালাগে।

*অধিক উৎপাদনক্ষম বীজসমূহক অগ্ৰাধিকাৰ দিয়া উচিত।

বীজ শোধন:

বীজ নিৰ্বাচনৰ পিছত বীজখিনি অনুমোদিত ভেঁকুৰনাশক দ্ৰব্যৰদ্বাৰা শোধন কৰি লোৱা প্ৰয়োজন, যাতে তাত মাটিৰপৰা অহা ভেঁকুৰ বা অন্যান্য অনুজীৱ নাথাকে।

ধানৰ ব্যৱহাৰযোগ্য জাতসমূহ:

আই আৰ-৩৬, জয়া, পংকজ, লখিমী, বাহাদুৰ, পিয়লি, কুশল, মণিৰাম, ৰঞ্জিত, ৰঙালী, ভোগালী, মনোহৰ শালি, মাশ্বৰি, স্বৰ্ণপ্ৰভা, কেতেকী জহা, প্ৰসাদ ভোগ, লুইত, কপিলী, দিচাং ইত্যাদি।

বীজ সিঁচা আৰু কঠীয়া ৰোৱা পদ্ধতি -

ধানৰ বীজসমূহ দুই ধৰণে সিঁচা হয়- ছটিয়াই দি আৰু শাৰী শাৰীকৈ।

ক)বীজ ছটিয়াই সিঁচা:

এই পদ্ধতিত বীজবোৰ পথাৰত ছটিয়াই দিয়া হয়। এনে কৰিলে বীজবোৰ পথাৰত সমানভাৱে নপৰে। এই পদ্ধতিত এক হেক্টৰ মাটিত ১০০ কিলোগ্ৰাম ধানৰ প্ৰয়োজন।

খ)শাৰী শাৰীকৈ সিঁচা পদ্ধতি:

এই পদ্ধতিত ২০-২৫ কিলোগ্ৰাম বীজ শাৰী শাৰীকৈ সিঁচা হয়। এনে ধৰণেৰে বীজ সিঁচিলে হেক্টৰে প্ৰতি ৬০-৮০ কিলোগ্ৰাম ধানৰ প্ৰয়োজন হয়। বীজসমূহ মাটিৰপৰা ২-৩ ছেন্টিমিটাৰ দকৈ পুতিব লাগে।

জুলাই মাহৰ প্ৰথম পষেক কঠীয়া ৰোৱাৰ বাবে উপযুক্ত সময়। ধান গছৰ পুলিসমূহৰ বয়স ২০-২৫ দিন হ’ব লাগে। প্ৰতি গোছা কঠীয়াত ২-৩ ডাল কঠীয়া দিব লাগে আৰু দুগোছা কঠীয়াৰ মাজৰ দূৰত্ব ২০ ছেন্টিমিটাৰ*১৫ ছেন্টিমিটাৰ হ’ব লাগে।

সাৰ প্ৰয়োগ:

সাধাৰণ অৱস্থাত কঠীয়া ৰোৱাৰ সময়ত প্ৰতি হেক্টৰ মাটিত ৪০:২০:২০ অনুপাতত নাইট্ৰ’জেন, ফছফৰাছ আৰু প’টাছ সাৰ(৮৮ কিলোগ্ৰাম ইউৰিয়া, ১২৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ৩২ কিলোগ্ৰাম মিউৰেট অব প’টাছ) ব্যৱহাৰ কৰিব লাগে।

মূল পথাৰ প্ৰস্তুতকৰণ -

কঠীয়া ৰোৱাৰ আগেয়ে হাল বাই থ’ব লাগে। আগতীয়াকৈ হাল বাই থ’লে বন-বাতবোৰ গেলি-পচি সাৰ হয়। প্ৰথমে মাটিডৰা হাল বাই মৈয়াই সমান কৰি ল’ব লাগে। এনে কৰিলে মাটিয়ে পানী সমভাৱে ধৰি ৰাখিব পাৰে।

পথাৰত পানী ৰখাৰ ব্যৱস্থা -

ধান খেতিত আৰম্ভণিতে কঠীয়া ৰোৱাৰ পৰা মূল পথাৰত সংস্থাপিত কৰালৈকে ধানগছক আটাইতকৈ বেছি পানীৰ প্ৰয়োজন হয়। কঠীয়া মূল পথাৰত ৰোৱাৰ সময়ত পথাৰত ২ৰ পৰা ৫ ছেন্টিমিটাৰ পৰ্যন্ত পানী জমা হৈ থকা আৱশ্যক, যাতে ধানগছৰ পুলিসমূহ মাটিত ভালদৰে খোপনি পুতি নিজকে সংস্থাপিত কৰিব পাৰে। ধান গছৰ সেউজ ধৰাৰ সময়ৰ পৰা ফুল ফুলালৈকে এই সময়ছোৱাত প্ৰয়োজন অনুসৰি নিয়মিত পানী যোগান ধৰিব লাগে। ধানৰ গুটি ধৰাৰ সময়ত পথাৰত ৫ ছেন্টিমিটাৰ পৰ্যন্ত পানী থাকিব লাগে। ধান চপোৱাৰ আগে আগে পথাৰৰ পানী সম্পূৰ্ণৰূপে উলিয়াই পেলাব লাগে, যাতে সকলো ধান সমানে পূৰঠ হয়।

নিয়মিত পানী যোগানৰ বাবে ল’বলগীয়া ব্যৱস্থা -

বৰষুণ পৰাৰ আগেয়ে খেতিপথাৰৰ সকলোবিলাক ওখ আলি পানী ওলাই যাব নোৱাৰাকৈ বান্ধিব লাগে।

*হাল বাই পথাৰখন ২০-২৫ দিনৰ বাবে বোকা কৰি থ’ব লাগে, যাতে কঠীয়া ৰোৱাৰ পিছত ধানৰ গছবোৰ ভালদৰে বৃদ্ধি হৈ অধিক উৎপাদন দিব পাৰে।

*সাৰ প্ৰয়োগ কৰাৰ আগদিনা পথাৰৰপৰা পানী ওলাই যাব দিব লাগে। সাৰ প্ৰয়োগ কৰাৰ সময়ত পথাৰৰ পানী ওলাই যোৱা সকলোবিলাক বাট বন্ধ কৰি দিব লাগে, যাতে পানীৰে সৈতে প্ৰয়োগ কৰা সাৰ পথাৰৰ বাহিৰলৈ ওলাই নাযায়।

*ধান পূৰঠ হোৱাৰ লগে লগে জলসিঞ্চন বন্ধ কৰি পথাৰত বাকী থকা পানী বাহিৰ উলিয়াই দিব লাগে(ধান কটাৰ ১০ দিন আগেয়ে)।

ধান চপোৱা আৰু মৰণা মৰা -

ধানবোৰ পূৰঠ হৈ যেতিয়া হালধীয়া বা মুগা-হালধীয়া বৰণৰ হয় আৰু পাতবোৰ যেতিয়া হালধীয়া পৰি শুকাবলৈ লয়, তেতিয়া সেয়া ধান কটাৰ বাবে উপযুক্ত সময় বুলি বিবেচনা কৰা হয়। সময়ত ধান চপালে ধানৰ গুণাগুণ অক্ষুণ্ণ থাকে আৰু মিলত ধান বানিলে চাউলবোৰ ভাগি নাযায়। আজিকালি মৰণা মৰা যন্ত্ৰ ব্যৱহাৰ কৰি মৰণা মৰা হয়।

উৎপাদন:

ধানৰ খেতিৰ পথাৰৰপৰা প্ৰতি হেক্টৰত ৪৫-৫০ কুইন্টল ধান পোৱা যায়। ধানখিনি ভালকৈ শুকুৱাই ভঁৰালত ৰাখিব লাগে।

উৎস: দৈনিক অসম(ড° মিনছুৰ বেগম)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate