অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আম্লিক মাটি আৰু চূণৰ ব্যৱহাৰ

ভাৰতত অৱস্থিত প্রায় ৪৯০ লাখ হেক্টৰ আম্লিক মাটিৰ ২৬০ লাখ হেক্টৰ মাটিৰেই পি .এইছ . সচৰাচব ৫.৫ ৰ পৰা ৬.৫ ৰ ভিতৰত পোৱা যায় । আমাৰ অসমৰ প্রায়খিনি মাটিয়েই অম্লযুক্ত মাটি । ইয়াৰে পুৰণি পলসুৱা মাটিবোৰ অধিক আম্লিক আৰু এনে মাটিৰ পি .এইছ . সাধাৰণতে ৪.৫ ৰ পৰা ৫.০ ৰ পৰা ভিতৰত থাকে । ব্রহ্মপুত্র নদীৰ চাপৰি অঞ্চলবোৰৰ মাটিৰ পি .এইছ . ৫ ৰ পৰা ৬ পর্য্যন্ত হোৱা দেখা যায় । অসমৰ বিভিন্ন জিলাসমূহত ৮৫-১০০ শতাংশ পর্য্যন্ত অম্লযুক্ত মাটি পোৱা যায়। নামনি ব্রহ্মপুত্রৰ সমতলভূমিত ৯১.৬ শতাংশ অম্লয়ুক্ত মাটি পোৱাৰ বিপৰীতে উজনি ব্রহ্মপুত্রৰ সমতলভূমিত এই মাটিৰ পৰিমাণ প্রায় ৯৬ শতাংশ হোৱা দেখা যায় ।

উত্তৰ পূর্বাঞ্চলীয় ৰাজ্যসমূহৰ সৰহভাগ মাটি অম্লযুক্ত হোৱা হেতুকেই ইয়াৰে শতকৰা ৭৩ ভাগ মাটিত এককভাৱে ধানজাতীয় শস্যৰহে খেতি কৰা হয় । ধানগছৰ অম্লতা সহ্য কৰিব পৰা গুণ প্রবল হোৱা বাবে এনে ৰাজ্যসমূহত ধানখেতিৰ প্রাবল্য বেছি । ইয়াৰ বিপৰীতে অম্লতা সহ্য কৰিব নোৱাৰা মাহজাতীয় শস্যক শস্যচক্রত অন্তর্ভূক্ত কৰাৰ হেতু অম্লযুক্ত মাটিসমূহ সঠিকভাৱে নিৰাময় কৰাটো দৰকাৰ ।

যিবিলাক মাটিৰ পি .এইছ .সাততকৈ কম তেনে মাটিক অম্লযুক্ত মাটি বোলে । অম্লতাৰ পৰিমাণৰ ওপৰত নির্ভৰ কৰি অম্লযুক্ত মাটিক নিম্নোক্ত ভাগত ভগাব পাৰি ।

পি . এইছ .
বিভাগ
৪.৫ তকৈ কম গুৰুতৰভাৱে আম্লিক
৪.৫ - ৫.০ অতি বেছি আম্লিক
৫.১ - ৫.৫ অতি আম্লিক
৫.৬ - ৬.০ মধ্যমীয়া ভাৱে আম্লিক
৬.১ - ৬.৫ সামন্যৰুপে আম্লিক

মাটি আম্লিক হোৱাৰ কাৰণসমূহ

(১) সেমেকা জলবায়ুৰ ৰাজ্য অসম তথা উত্তৰ পূর্বাঞ্চলৰ প্রচুৰ পৰিমাণে বৰষুণ হোৱা বাবে বৰষুণৰ পানীয়ে মাটিত থকা দ্রৱণীয় লোণ তথা ক্ষাৰীয় পদার্থবোৰ উটুৱাই নিয়ে যাৰ ফলত মাটিৰ উপৰিভাগ আম্লিক হৈ পৰে ।

(২) আংশিকভাৱে ক্ষয়ীকৃত জৈৱপদার্থ পানীত বহুদিন নিমজ্জিত হৈ থাকিলে বিভিন্ন জৈৱিক অম্লৰ সৃষ্টি হ'ব পাৰে যাৰবাবেও মাটিডোখৰ আম্লিক হৈ উঠিব পাৰে ।

(৩) অম্ল নি: সৰণ কৰিব পৰা শিল বা মণিকৰ পৰা সৃষ্টি হোৱা মাটিডোখৰো স্বাভাৱিকভাৱেই আম্লিক হৈ পৰে । উদাহৰণ স্বৰুপে কোৱার্জ , ফেলস্পাৰ , মাইকা প্রভূতি মণিকৰপৰা সৃষ্টি হোৱা মাটিবোৰ অম্লযুক্ত হোৱা দেখা যায় ।

(৪) যেতিয়া মাটিৰ পি .এইছ . নিচেই কম হয় তেতিয়া এলুমিনিয়াম নামৰ মৌলবিধে বিক্রিয়াৰদ্বাৰা মাটিত অধিক পৰিমাণৰ হাইড্রজেন আয়ন সৃষ্টি কৰাৰ বাবেও মাটিৰ অম্লতা আৰু অধিক বৃদ্ধি হয় ।

(৫) অম্লগুণসম্পন্ন নাইট্রজেনযুক্ত সাৰ যথা ইউৰিয়া ,এম'নিয়াম ছালফেট , এম'নিয়াম ক্লৰাইড আদি একেৰাহে আৰু প্রচুৰ পৰিমাণে প্রয়োগ কৰি থাকিলেও মাটিডোখৰ আম্লিক হ'ব পাৰে।

আম্লিক মাটিৰ উৎপাদন ক্ষমতা

পি .এইছ . কম হোৱা হেতুকে অম্লযুক্ত মাটিত বিভিন্ন প্রতিকূল অৱস্থাৰ সৃষ্টি হয় যাৰ বাবে এনে মাটিৰ উত্পাদন প্রয়োজনীয় ক্ষমতা হ্রাস হোৱা দেখা যায় । অম্লযুক্ত মাটিত শস্যৰ বাবে প্রয়োজনীয় প্রায়বোৰ মৌল তথা কেতবোৰ ক্ষাৰীয় পদার্থৰ পৰিমাণ কমি যায় । তদুপৰি মাটিৰ সৈতে যুক্ত হোৱা হেতুকে ফচফৰাচ নামৰ মৌলবিধ শস্যৰ বাবে ক্রমাত্দুর্লভ হৈ পৰে । আনহাতে এলুমিনিয়ামৰ পৰিমাণ বৃদ্ধি হোৱা হেতুকে শস্যদেহত ইয়াৰ বিষক্রিয়া ঘটিব পাৰে । ইয়াৰ উপৰিও অম্লযুক্ত মাটিত উদ্ভিদৰ বাবে উপকাৰী জীৱাণুবোৰৰ কর্মদক্ষতা কমি যায় ।

আম্লিক মাটিৰ সমস্যাসমূহ

সাধাৰণতে মাটিৰ পি . এইছে উদ্ভিদৰ শ্রীবৃদ্ধিত প্রত্যক্ষভাৱে বাধা আৰোপ নকৰে যদিও অতি কম পি . এইছ যুক্ত মাটিত উভৈনদী হৈ থকা হাইড্রজেন নামৰ মৌলবিধে অন্য মৌলৰ শোষণত বাধা জন্মায় । আম্লিক মাটিত প্রচুৰ পৰিমাণে থকা লো , মেংগানিজ বিশেষকৈ এলুমিনিয়ামে শস্যৰ শ্রীবৃদ্ধিত অন্তৰায় স্বৰুপে থিয় দিয়ে । মাটিত প্রচুৰ পৰিমাণে এলুমিনিয়াম থাকিলে শিপা বৃদ্ধি হোৱাত তথা মাটিৰ অর্ন্তভাগলৈ শিপা আগবাঢ়ি যোৱাত বাধা জন্মে যাৰ বাবে শস্যই পানী আৰু মৌল মাটিৰ পৰা ঠিকমতে আহৰণ কৰিব নোৱাৰে । তদুপৰি মাটিৰ দ্রৱণত এলুমিনিয়ামৰ পৰিমাণ বেছি হলে কোষ বিভাজন ,শ্বাস-প্রশ্বাস , ডি.এন .এ , গঠন আদিত তথা কেলচিয়াম , ফচফৰাচ প্রভৃতি মৌল আহৰণত বাধা জন্মে ।

অসমৰ মাটিত লোৰ বিষক্রিয়াও সততে পৰিলক্ষিত হোৱা দেখা যায় । এনে হোৱাৰ মূল কাৰণসমূহ হৈছে অগভীৰ জলভূমি ,সৰহীয়া পৰিমাণৰ জৈৱ পদার্থ (১.৫ শতাংশতকৈও অধিক ), নিম্ন মাত্রাৰ পি .এইছ .(৪.৯ তকৈ কম ) ইত্যাদি । তদুপৰি ধান খেতিৰ নিমিত্তে ৰাজ্যখনৰ প্রায়বোৰ মাটিয়েই পানীৰে নিমজ্জিত কৰি ৰখাৰ ফলতো লো আৰু মেংগানিজৰ বিষক্রিয়া ঘটিব পাৰে । আনহাতে মাটিত লোৰ পৰিমাণ বৃদ্ধি পালে লোৰ বিষক্রিয়া ঘটাব লগতে ফচফৰাচ ,পটাচ প্রভৃতি মৌলও উদ্ভিদৰ বাবে দূর্লভ হৈ উঠে ।

আম্লিক মাটিত শস্যৰ বাবে প্রয়োজনীয় কেতবোৰ ক্ষুদ্রমাত্রিকা মৌলৰ সততে নাটনি হোৱা দেখা যায় । অসম প্রমূখ্যে আম্লিক মাটি সমৃদ্ধ অন্য ৰাজ্যসমূহত মলিবডেনামৰ নাটনিৰ হেতু বিভিন্ন শস্য বিশেষকৈ মাহজাতীয় শস্যৰ বৃদ্ধিত বাধা জন্মে । তদুপৰি প্রবল বৰষুণৰ বাবে এনে ৰাজ্যসমূহত বৰ'ণৰ অভাৱ হোৱাও দেখা যায় । বৰষুণৰ পানীত বৰ'ণ দ্রৱীভূত হৈ ভুমিভাগৰ পৰা নিষ্কাষণ প্রক্রিয়াৰ দ্বাৰা ক্রমাত্ ওলায় যায় যাৰ ফলত মাটিত এইবিধ মৌলৰ নাটনি পৰলক্ষিত হয় ।

অম্লযুক্ত মাটিৰ উন্নীতকৰণ

ভিন ভিন উপায়ৰদ্বাৰা অম্লযুক্ত মাটিৰ উন্নতি সাধন কৰি এনেবোৰ মাটিক শস্যৰ বাবে উপযোগী কৰি তুলিব পাৰি । এনে উপায়সমূহৰ ভিতৰত অন্যতম হৈছে চূণৰ প্রয়োগ । আনহাতে আর্থিক দিশৰপৰাই হওক বা আন কাৰণতেই হওক যিবিলাক মাটিত চূণ প্রয়োগ কৰাটো সম্ভৱ নহয় তেনেবোৰ মাটিত অম্লতা সহ্য কৰিব পৰা শস্যৰ যেনে ধান , মাকৈ ,কপাহ ,মটৰমাহ ,বাদাম ,আলু ,বিলাহী ,মূলা আদিৰ খেতি ভালদৰে কৰিব পাৰি ।

কোনো এডোখৰ মাটিত কিমান পৰিমাণৰ চূণ প্রয়োগ কৰিব লাগিব তাক প্রধানতঃ নির্ভৰ কৰে মাটিৰ পি.এইছ . বোকাৰ পৰিমাণ আৰু জৈৱিক পদার্থৰ পৰিমাণৰ ওপৰত । মাটি পৰীক্ষা কৰা গৱেষণাগাৰবোৰত পৰীক্ষা কৰি অম্লীয় মাটিত কিমান পৰিমাণৰ চূণ প্রয়োগ কৰিব লাগিব তাক নিৰুপন কৰি উলিওৱা হয় । পৰীক্ষাৰদ্বাৰা প্রমাণিত হৈছে যে অসমৰ প্রতি হেক্টৰ আম্লিক মাটিত ১.৭৫ টনৰ পৰা ৮.৭৯ টন পর্য্যন্ত চূণ প্রয়োগ কৰিবলগীয়া হয় । যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত চয়াবিন -ঘেহুঁ শস্যচক্রৰ ওপৰত কৰা এটা পৰীক্ষাত দেখা গৈছে যে যিবিলাক মাটিত আৱশ্যকীয় চূণৰ পৰিমাণৰ শতকৰা ২৫ ভাগ পর্য্যন্ত প্রয়োগ কৰা হৈছিল তেনেবোৰ মাটিৰ উত্পাদন চূণ প্রয়োগ নকৰা মাটিতকৈ কেবা গুণে বৃদ্ধি পাইছিল। আনহাতে প্রয়োজনীয় চূণৰ পৰিমাণৰ সমুদায় অংশ অর্থাত্শতকৰা এশভাগ প্রয়োগ কৰাটো যথেষ্ট ব্যয়বহুল হোৱা হেতুকে বহুক্ষেত্রত ই ক্ষুদ্র খেতিয়কৰ বাবে সম্ভৱপৰ হৈ নুঠে ।

তালিকা নং - ১ : চয়াবিন - ঘেঁহু শস্যক্রমত প্রয়োগ কৰা চূণৰ প্রত্যক্ষ আৰু অৱশিষ্ট অংশৰ উৎপাদনত (টন/হেক্টৰ ) প্রভাৱ ।

চূণৰ পৰিমাণ চয়াবিন (প্রত্যক্ষ) ঘেঁহু (অৱশিষ্ট)
প্রয়োগ কৰিব লগা চূণৰ পৰিমাণ ২৫ শতাংশ ১৫.০৮ ২০.৯৭
প্রয়োগ কৰিব লগা চূণৰ পৰিমাণ ৫০ শতাংশ ১৬.১৯ ২২.৪০
প্রয়োগ কৰিব লগা চূণৰ পৰিমাণ ৭৫ শতাংশ ১৬.৪৪ ২৪.৩০
প্রয়োগ কৰিব লগা চূণৰ পৰিমাণ ১০০ শতাংশ ১৬.৬৮ ২৭.৫০
চূণ অবিহনে ১০.৪০ ১৫.৮০

চূণ প্রয়োগ কৰাৰ বিধি : সাধাৰণতে কোনো এটা শস্য ৰোৱা বা সিচাৰ ডেৰ বা দুমাহমানৰ আগতে চূণখিনি ছটিয়াই মাটিৰ উপৰিভাগৰ লগত ভালদৰে মিহলি কৰি দিব লাগে । এনে কৰিলে চূণে মাটিৰ সৈতে দ্রুতভাবে ৰাসায়নিক ক্রিয়া ঘটাই সুফল দেখুৱায় । অসম কৃষি বিশ্ববিদ্যালয়ত কৰা এটা পৰীক্ষাত এইটো দেখা গৈছে যে ছটিয়াই প্রয়োগ কৰাতকৈ সীৰলু বনাই চূণ প্রয়োগ কৰিলে অধিক সুফল পোৱা যায় ।

উৎস : কৃষি ৰসায়ন গৱেষণা কেন্দ্র , অসম কৃষি বিশ্ববিদ্যালয় , যোৰহাট।

চূণৰ উৎস

সাধাৰণতে আম্লিক মাটিত প্রয়োগ কৰাৰ নিমিত্তে বাণিজ্যিক চূণ আৰু ডল'মাইট চূণৰ গুৰি সততে ব্যৱহাৰ কৰা হয় । অৱশ্যে অতি সম্প্রতি দেখা গৈছে যে কাগজকল , চেনিকল ,চিমেন্ট কাৰখানা আদি উদ্যোগ প্রতিষ্ঠানবোৰৰ বর্জিত পর্দাথবোৰো চূণৰ পৰির্ৱত্তে অম্লীয় মাটিত ব্যৱহাৰ কৰিসুফল পাব পাৰি । অসম কৃষি বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিক সকলে কৰা এটা পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি কাগজকলৰ বর্জিত পর্দাথ 'লাইম শ্লাজ ' আৰু চেনিকলৰ বর্জিত পদার্থ - 'প্রেছমার্ড'ব সৈতে কৃষিজ চূণৰ ৰাসায়নিক গঠনৰ এক তুলনামূলক পার্থক্য (তালিকা নং ২) তথা ঘেঁহু উত্পাদনৰ ওপৰত এইবোৰে কেনেভাৱে প্রভাৱ পেলায় তাক দেখুওৱা হৈছে (তালিকা নং ৩) ।

তালিকা নং - ২ : চূণৰ ভিন ভিন উত্সৰ ৰাসায়নিক গঠন ।

উত্স কেলছিয়াম মেগনেছিয়াম কেলছিয়াম কার্বনেট
কৃষিজ চূণ ৩৪.৮০ ২.৪৬ ৯৫.৬
ডলমাইটিক চূণ ২২.২৬ ৬.৬৪ ৮৮.০১
লাইম শ্লাজ(কাগজকলৰ বর্জিত পদার্থ) ৩১.৮৬ ১.৬৯ ৮৭.১৩
প্রেছমাড (চেনিকলৰ বর্জিত পদর্থ) ৪.১ ১.২ ৮০.০০

তালিকা নং - ৩ : ঘেঁহু উত্পাদনৰ ওপৰত চূণৰ ভনি ভিন উত্স তথা পৰিমাণৰ ভিন্নতাৰ প্রত্যক্ষ প্রভাৱ ।

চূণৰ পৰিমাণ
চূণৰ উত্স
লাইম শ্লাজ
চূণ বিহীন মাটিৰ তুলনাত উত্পাদন বৃদ্ধিৰ হাৰ
কৃষিজ চূণ
ডলমাইটিক চূণ
প্রয়োগ কৰিব লগা চূণৰ প্রকৃত পৰিমাণৰ ১২.৫ শতাংশ
১৯.৮৬
২১.১৭
২০.৪০
১৮.৮৬
প্রয়োগ কৰিব লগা চূণৰ প্রকৃত পৰিমাণৰ ২৫ শতাংশ
২০.৬০
২২.১৬
২১.১০
২৩.৫৬
প্রয়োগ কৰিব লগা চূণৰ প্রকৃত পৰিমাণৰ ৫০ শতাংশ
২১.১৩
২২.২৭
২২.০০
২৬.৫২
চূণৰ অবিহনে
১৭.২৩

উৎস : কৃষি ৰসায়ন গৱেষণা কেন্দ্র , অসম কৃষি বিশ্ববিদ্যালয় , যোৰহাট ।

ভিন ভিন পৰীক্ষাৱলীৰ পৰা এইটো পতীয়মান হৈছে যে চূণৰ উত্সসমূহৰ ভিতৰত ড'লমাইটিক চূণেই সকলোতকৈ উন্নত মানৰ ফল দেখুৱাবলৈ সক্ষম । আনহাতে এককভাৱে কৰা খেতিত প্রয়োগ কৰিব লগা চূণৰ সমুদায় অংশৰ সলনি কেৱল মাত্র ২২.৫ শতাংশ প্রয়োগ কৰিয়েই সন্তোষজন ফল পাব পাৰি । অৱশ্যে ভিন ভিন শস্যৰ খেতি কৰা মাটিত চূণৰ প্রয়োগ ২৫ শতাংশ পর্য্যন্ত বৃদ্ধি কৰাটো যুগুত ।

চূণ প্রয়োগত শস্যৰ প্রতিক্রিয়া

চূণ প্রয়োগ কৰাৰ লগত শস্যই দেখুওৱা প্রতিক্রিয়াৰ বিষয়ে জানিবলৈ ১৯১২ চনত যোৰহাট কৃষি গৱেষণা কেন্দ্রত পোনপ্রথম বাৰৰ বাবে পৰীক্ষা আৰম্ভ কৰা হৈছিল । পৰৱর্ত্তী সময়ত কৰা বিভিন্ন পৰীক্ষা - নিৰীক্ষাৰ পৰা এইটো প্রমাণিত হয় যে চূণৰ প্রয়োগে ধান , সৰিয়হ , ঘেঁহু , কুঁহিয়াৰ , মচুৰ , সেউজীয়া মাহ আদিৰ উত্পাদন যথেষ্ট বৃদ্ধি কৰে ।

পৰীক্ষাৰদ্বাৰা এইটো প্রমাণিত হৈছে ঘেঁহু আৰু বালিত চূণ অকলে প্রয়োগ নকৰি যদিহে নাইট্রজেন , ফচফৰাচ আৰু পটাচযুক্ত সাৰৰ সৈতে প্রয়োগ কৰা হয় তেন্তে অধিক সুফল পোৱা যায় । ইয়াৰ বিপৰীতে মাকৈ ,আলু আদি জাতীয় শস্যত সাৰুৱা মাটিতকৈ অনুর্বৰ মাটিতহে চূণ প্রয়োগ কৰি অধিক সুফল দেখা পোৱা গৈছে । চূণ প্রয়োগৰ ফলত অসাৰুৱা মাটিত ৰুদ্ধ হৈ থকা অত্যাৱশ্যকীয় মৌলবোৰ শিপাৰ বাবে সহজলভ্য হৈ পৰে যাৰবাবে শস্যৰ দ্রুত বৃদ্ধি হোৱা দেখা যায় ।

মাটিত চূণ প্রয়োগ কৰাৰ পিচত শস্যবোৰে কিভাবে ফল দেখুৱাই সেইটোৰ ওপৰত নির্ভৰ কৰিয়েই ওখমাটিত হোৱা শস্যবোৰক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি ।

(১) চূণ প্রয়োগৰ ফলত অতি ভাল ফল দেখুওৱা শস্য : কপাহ , ঘেঁহু , চয়াবিন ,ৰহৰ ইত্যাদি ।

(২) চূণ প্রয়োগৰ ফলত মধ্যমীয়া ফল দেখুওৱা শস্য : মাকৈ , মচুৰ , মটৰ ইত্যাদি।

(৩) চূণ প্রয়োগৰ ফলত কম বা একেবাৰে ফল নেদেখুওৱা শস্য : ধান , আলু ইত্যাদি।

চূণ প্রয়োগৰ ফলত শস্যই দেখুওৱা ফলাফলৰ ওপৰত নির্ভৰ কৰি কোনো এডোখৰ মাটিত কি কি শস্যৰ খেতি কৰা হ'ব তাক নির্দ্ধাৰণ কৰিব লাগে । চূণ প্রয়োগৰ ফলত ভাল ফল দেখুওৱা শস্যবোৰ সাধাৰণতে প্রথম দুই বছৰত ৰুই মধ্যমীযা ফল দেখুওৱা শস্যবোৰ তাৰপিচত ৰুব লাগে । আনহাতে ধান , আলু প্রভূতি কমকৈ ফল দেখুওৱা শস্যবোৰ শস্যক্রমৰ একেবাৰে শেষৰ ফালে ৰুব লাগে । সাধাৰণতে মাটি পৰীক্ষাৰ ফলাফলৰ ওপৰত নির্ভৰ কৰি চূণৰ পৰিমাণ নিদ্ধাৰণ কৰা হয় । তলৰ তালিকাত (তালিকা নং ৪) গৰম ,সেমেকা ,সমভূমি অলৰ বিভিন্ন বয়নৰ মাটিত কিমান পৰিমাণৰ চূণ দিব লাগে তাৰ আনুমানিক হিচাব এটা দিয়া হ'ল ।

তালিকা নং - ৪ : বিভিন্ন বয়নৰ আম্লিক মাটিৰ পি .এইছ সলনিৰ নিমিত্তে আৱশ্যকীয় চূণশিলৰ পৰিমাণ ।

মাটিৰ বয়ন
মাটিৰ উপৰিভাগৰ ১৫ ছে.মি. ত মিহলি কৰিবলগীয়া গুৰি চূণশিলৰ পৰিমাণ (প্রতি তিনি বিঘাত টন হিচাপে)
পি.এইছ. ৪ৰ পৰা ৬.৫লৈ নিবলৈ
পি.এইছ. ৪.৫ৰ পৰা ৬.৫লৈ নিবলৈ
পি.এইছ. ৫ৰ পৰা ৬.৫লৈ নিবলৈ
বালিচহীয়া আৰু মৌলেনা বালীয়া
১.৫
০.৫
বালীয়া মৌলেনা
-
মৌলেনা
-
৩.৫
বোকা মৌলানা
-

চূণ প্রয়োগৰ সুফলসমূহ

চুণ প্রয়োগৰ ফলত মাটিৰ পি .এইছ . বৃদ্ধি পায় ।

এলুমিনিয়াম ,লো , মেংগানিজ আদি মৌলবোৰৰ বিষক্রিয়া কমি যায় ।

কেলচিয়াম , মেগনেছিয়াম , ফচফৰাচ , মলিবডেনাম ,বৰ'ণ প্রভূতি মৌলবোৰ গছৰ বাবে সুলভ হৈ পৰে । - সেউজীয়া গছৰ শিপাত নাইট্রজেন জমা কৰিব পৰা জীৱাণুবোৰৰ লগতে মাটিত থকা অন্যান্য উপকাৰী জীৱাণুবোৰৰ সংখ্যা বৃদ্ধি পায় ।

মাটিৰ গঠন উন্নত হোৱাত চূণে সহায় কৰে।

অম্লযুক্ত হোৱা হেতুকে অসমৰ মাটিৰ উত্পাদন আশানুৰুপ নহয়। সেয়েহে চূণ প্রয়োগ কৰি এনে মাটিৰ উত্পাদন বৃদ্ধি কৰিব পাৰি। পৰীক্ষাৰদ্বাৰা দেখা গৈছে যে শস্যৰ বাবে প্রয়োজনীয় চূণৰ সমুদায় অংশৰ সলনি ১২.৫ - ২৫ শতাংশ পর্য্যন্ত প্রয়োগ কৰিও শস্যৰ উত্পাদন যথেষ্ট বৃদ্ধি কৰিব পাৰি। আনহাতে কাগজকল , চেনিকল প্রভৃতি উদ্যোগিক প্রতিষ্ঠানসমূহৰ বর্জিত পদার্থবোৰো চূণৰ পৰিপূৰক হিচাপে শস্যত ব্যৱহাৰ কৰিব পাৰি।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate