সাধাৰণতে আলুখেতি আলুগুটিৰ পৰা কৰা হয় ৷ এইধৰণে বছৰ বছৰ ধৰি আলুখেতি কৰিলে, নানা ধৰণৰ বেমাৰ আলুগুটিৰ ভিতৰত জমা হয় আৰু সেয়ে পিছলৈ আলুখেতিত উৎপাদন কম হৈ পৰে৷ অধিক উৎপাদনৰ বাবে বেমাৰ আজাৰ নোহোৱা বিশুদ্ধ আলুগুটিৰ প্ৰয়োজন কিন্তু আমাৰ দেশত বিশুদ্ধ আলুগুটিৰ উৎপাদন কম, সেয়ে দেশৰ প্ৰত্যেকখন ৰাজ্যলৈ ইয়াৰ বিতৰন কম হয় আৰু বিশুদ্ধ আলুৰ দামো যথেষ্ট বেছি৷
সেয়ে আলুৰ প্ৰকৃত বীজৰ পৰা খেতি কৰাৰ বাবে এক নতুন প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে আৰু এই পদ্ধতিৰ সহায়ত উপৰোক্ত সমস্যা সমুহ দূৰ কৰিব পৰা যায়৷ যি বিলাক অঞ্চলত উন্নত গুণসম্পন্ন বীজৰ অভাৱ আৰু প্ৰচুৰ পৰিমানে আলুগুটিৰ অভাৱ হোৱা পৰিলক্ষিত হয়; তেনেবিলাক অঞ্চলত আলুৰ প্ৰকৃত বীজৰ পৰা কৰা উৎপাদন পদ্ধতিটো অতিশয় লাভজনক আৰু উৎপাদনশীল হোৱা দেখা যায়৷
প্ৰকৃত বীজৰ পৰা কৰা আলুৰ খেতি আজিকালি প্ৰায়বিলাক আলু উৎপাদনকাৰী অঞ্চলত কৰি সুবিধাজনক আৰু লাভজনক হোৱা দেখা গৈছে৷ এই পদ্ধতিৰে কৰা আলুৰ খেতিত তলৰ সুবিধাসমুহ পোৱা যায়৷
- আলুৰ প্ৰকৃত বীজ উৎপাদন পদ্ধতিৰে সকলোবিলাক আলু উৎপাদন কৰা অঞ্চলত গুটি আলু উৎপাদন কৰিব পাৰি ৷
- এই পদ্ধতিৰ সহায়ত উৎপাদন কৰা শস্যৰ বেমাৰ প্ৰতিৰোধ ক্ষমতা থাকে; যিহেতু বেছিবিলাক বেমাৰ প্ৰকৃত বীজ উৎপন্ন কৰাৰ সময়তে পৰিশোধিত কৰা যায় ৷
- এই পদ্ধতিৰে উৎপাদন কৰা আলুৰ প্ৰকৃত বীজ বিলাক বৰ সৰু হোৱাৰ বাবে সংৰক্ষণ আৰু যাতায়তৰ ক্ষেত্ৰত কোনো অসুবিধা হোৱা দেখা নাযায় ৷ আনহাতে, আলুৰ গুটিবিলাক ডাঙৰ হোৱাৰ বাবে সংৰক্ষণ আৰু সৰবৰাহ কৰাত যথেষ্ট খৰচ বহন কৰিব লগা হয় ৷
- আলুৰ প্ৰকৃত বীজৰ পৰা কৰা পদ্ধতিত অতি কম মূল্যৰ খৰচ বহন কৰিব লগা হয় ৷ ৩৭৫ বৰ্গ মিটাৰ মাটিত ৫০ গ্ৰাম আলুৰ প্ৰকৃত বীজ সিঁচি এক হেক্টৰ মাটিৰ বাবে প্ৰয়োজন হোৱা সৰু আলু গুটি (Tabelet) উৎপন্ন কৰিব পৰা যায় ৷ এই সৰু আলুগুটি বিলাক পিছৰ বছৰত এক হেক্টৰ মাটিত ৰুবৰ বাবে ব্যৱহাৰ কৰা হয় ৷
আনহাতেদি, প্ৰকৃত বীজৰ পৰা আলুৰ পুলি উৎপন্ন কৰি সেই পুলিবিলাক ৰুই আলুৰ খেতি কৰিব পৰা যায় ৷ এই ক্ষেত্ৰত প্ৰতি হেক্টৰ মাটিৰ বাবে ১৫০ গ্ৰাম প্ৰকৃত বীজ দৰকাৰ হয় ৷
প্ৰকৃত আলুৰ বীজ উৎপাদন কৰা প্ৰযুক্তিটোত দুটা প্ৰধান পদ্ধতি ব্যৱহ›ত হয় ৷ :-
I. বৰ্ণ-সংকৰ উৎপাদন
II. বৰ্ণ-সংকৰ বীজৰ ব্যৱসায়িক ভিত্তিত শস্য উৎপাদনত প্ৰয়োগ
দুটা উচ্চক্ষমতা সম্পন্ন বৰ্ণ সংকৰ প্ৰকৃত আলুৰ বীজ ব্যৱসায়িক ভাৱে ব্যৱহাৰৰ বাবে অনুমোদিত হৈছে ৷ এই বৰ্ণ-সংকৰ আলুৰ বীজ দুটা হ’ল – টি:পি:এচ-চি-৩ আৰু এইচ:পি:এচ:-১/১৩ ৷ ইয়াৰে টি:পি:এচ-চি-৩ বীজৰ পৰা উৎপন্ন আলুৰ সহায়ত খেতি কৰি অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, কৰ্ণাটক, মেঘালয় আৰু পশ্চিম উত্তৰ প্ৰদেশত যথেষ্ট উৎপাদন লাভ কৰা দেখা যায় ৷ আনহাতেদি, এইচ:পি:এচ:-১/১৩ ৰ প্ৰকৃত বীজ ব্যৱহাৰ কৰাৰ ফলত গুজৰাট আৰু মধ্যপ্ৰদেশৰ সাতপুৰা অঞ্চলত যথেষ্ট আলুৰ উৎপাদন পোৱা গৈছে ৷
প্ৰকৃত আলুৰ বীজৰ পৰা শস্য উৎপাদন
ব্যৱসায়িকভিত্তিত আলুৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে প্ৰকৃত আলুৰ বীজ ব্যৱহাৰ কৰিব পাৰি ৷ প্ৰকৃত আলুৰ বীজৰ পৰা দুই পদ্ধতিৰে আলুৰ খেতি কৰিব পৰা যায় ৷ সেই পদ্ধতি দুটা হ’ল :-
(ক) পুলি ৰুই কৰা পদ্ধতি
(খ) সৰু আলুগুটিৰ পৰা কৰা পদ্ধতি
অসম, মধ্যপ্ৰদেশ, বিহাৰ, গুজৰাট, পশ্চিম বংগ তথা উত্তৰ প্ৰদেশৰ কম শীত পৰা অঞ্চল সমুহৰ বাবে প্ৰথম পদ্ধতি যথেষ্ট সফলদায়ক৷ অন্যহাতেদি, দ্বিতীয় পদ্ধতিৰে খেতি কৰি সকলোবিলাক আলু উৎপন্ন অঞ্চলত সুফল লাভ কৰা হৈছে ৷
প্ৰথম পদ্ধতিত প্ৰকৃত আলুৰ বীজ ব্যৱহাৰ কৰি ব্যৱসায়িকভিত্তিত আলুৰ খেতি কৰা হয় ৷ দ্বিতীয় পদ্ধতিৰে আলুখেতি কৰাত প্ৰথম পদ্ধতিৰ সহায়ত উৎপন্ন কৰা সৰু আলুবিলাক (Tubulets) ব্যৱহাৰ কৰা হয় ৷ এইদৰে, সৰু আলুবিলাক ব্যৱহাৰ কৰি দ্বিতীয় বছৰত যথেষ্ট উৎপাদন লাভ কৰিব পাৰি ৷
১.১ পুলি ৰুই কৰা আলুৰ খেতি
১.১.১ বীজ তলি প্ৰস্তুতি কৰণ
- এক হেক্টৰ মাটিত ৰুবৰ বাবে ৭৫ বৰ্গমিটাৰ মাটিত প্ৰায় ১৫০ গ্ৰাম প্ৰকৃত আলুৰ বীজৰ দৰকাৰ ৷
- প্ৰতিখন বীজ তলিৰ প্ৰস্হ এক মিটাৰ হোৱাটো দৰকাৰ ৷ সুবিধা অনুযায়ি ইয়াৰ দৈৰ্ঘ্যটো ঠিক কৰিব লাগে ৷ দুখন তলিৰ মাজৰ দূৰত্ব ৮০ ছে:মি: হোৱা দৰকাৰ ৷
- বীজ তলিৰ মাটিবিলাক ভালদৰে চাহ কৰি গুড়ি কৰি পেলাব লাগে ৷ প্ৰতিখন তলিৰ চাৰিওকাষে স্হানীয়ভাৱে পোৱা বাহঁ, ইটাৰেও বেৰা দি চাৰিচুকীয়া কৰি ৰখাটো দৰকাৰ ৷
- বীজ তলিত দিবৰ বাবে ১:১ অনুপাতত পৰিশোধিত মাটিৰ লগত শুকান গোবৰ দিব লাগে ৷ এই ক্ষেত্ৰত বিভিন্ন জৈব গেছৰ উপাদেয়, হাহঁ-কুকুৰাৰ মলো ব্যৱহাৰ কৰিব পাৰি ৷ এই মাটিখিনিৰ লগত প্ৰতিমিটাৰ হিচাপত ৪-৫ গ্ৰাম নাইট্ৰজেন, ৬-৮ গ্ৰাম ফছফৰাছ আৰু ১০ গ্ৰাম পটাছিয়াম ভালদৰে মিলাই বীজতলিত প্ৰয়োগ কৰিব লাগে ৷
- বীজ তলিৰ তলভাগত ওপৰোক্ত মিশ্ৰণটো ব্যৱহাৰ কৰিব লাগে ৷ বীজ তলিৰ ওপৰভাগত চালনীৰ সহায়ত চলা গোবৰ ব্যৱহাৰ কৰা হয় ৷ এই গোবৰখিনিৰে তলিখনত প্ৰায় ২-৩ ছে:মি: ৰ এক তৰপ দিব লাগে ৷ এইদৰে, বীজ তলিখন মাটিৰ পৰা প্ৰায় ১০ ছে:মি: ওপৰত তৈয়াৰ কৰা হয় ৷
১.১.২ পুলিৰ উৎপাদন
- সমতল অঞ্চলত যেতিয়া নুন্যতম দৈনিক উষ্ণতা ২০0 C হয়; সেই সময়তে প্ৰকৃত আলুৰ বীজ বীজতলিসমুহত সিঁচা হয় ৷
- বীজতলিত সিঁচাৰ আগতে প্ৰকৃত আলুৰ বীজ বিলাক আগতিয়াকৈ অংকুৰিত কৰি লোৱাৰ দৰকাৰ ৷ ইয়াৰ বাবে বীজবিলাক ২৪ ঘন্টাৰ বাবে পানীত তিয়াই ৰখা হয় আৰু গোবৰ ১:1 অনুপাতত মিহলাই লোৱা হয় ৷ মাটিত গুটি বিলাক সিঁচাৰ পিছত ৪-৫ দিনলৈকে পানীৰে তলিখন তিয়াই ৰাখিব লাগে যাতে গুটি বিলাক সোনকালে অংকুৰিত হয়৷ এই পদ্ধতিটো সদায়ে দৰকাৰ বা প্ৰজ্যোয্য নহয় ৷
- বীজ তলিত বীজ সিঁচাৰ আগদিনা জলসিঞ্চন কৰিব লাগে ৷ পাছদিনা কোৰেৰে মাটিডৰা সমান কৰি বীজ সিঁচাৰ বাবে আৰ্দ্ৰকৰি ৰখাটো দৰকাৰ৷
- প্ৰায় ২-৩ গ্ৰাম প্ৰকৃত আলুৰ বীজ এক বৰ্গমিটাৰৰ এখনতলিৰ বাবে দৰকাৰ হয়৷ বীজ বিলাক তলিডৰাত সমানে ছটিয়াই দিব লাগে নহ’লে প্ৰায় আধা ছে:মি: দ’ৰ শাৰী বনাই সিঁচিব লাগে৷ শাৰী সমুহৰ প্ৰস্হৰ ওলোটা দিশে হোৱা দৰকাৰ৷ বীজ সিঁচাৰ পিছত মাটিডৰা শুকান গোবৰেৰে প্ৰায় ১/২ ছে:মি: ৰ তৰপ কৰি ঢাকি পেলোৱাৰ দৰকাৰ৷
- বীজ তলিসমুহত জীপটো সজীৱ কৰি ৰাখিবৰ বাবে স্প্ৰেয়াৰ নাইবা কেনেৰে পানী দিয়া উচিত ৷ পানী দিয়াৰ সময়ত যাতে বীজ বিলাক উটি বা পানীয়ে খহাই নিব নোৱাৰে, তাৰ বাবে চকু দিব লাগে ৷
- প্ৰয়োজন অনুসাৰে বীজ তলিসমুহত দিনে ৩ বাৰকৈ নাইবা তাতকৈ বেছি পানী প্ৰয়োগ কৰিব লাগে ৷ এনে কৰিলে মাটিডৰাত জীপ সজীৱ হৈ থকাত সুবিধা হয় ৷ পিছলৈ পানী দিনে এবাৰকৈ দিব পাৰি ৷
- যি বিলাক অঞ্চলত দিনৰ তাপমাত্ৰা ৩০০ ছে: গ্ৰেডতকৈ অধিক হোৱা দেখা যায়, সেইবিলাক অঞ্চলত বীজ তসিমুহত ছাঁ দিয়াৰ প্ৰয়োজন হয় ৷ খেৰৰ চালি নাইবা হেচিয়ান কপোৰেৰে চালি তৈয়াৰ কৰি দিনৰ ১০ বজাৰ পৰা আবেলি ৫ বজালৈকে বীজ তলিসমুহত ছাঁ দিয়াৰ ব্যৱস্হা কৰাটো দৰকাৰ ৷ পিছবেলা অলপ সময়ৰ বাবে চালিবিলাক আঁতৰাই দিয়াৰ ব্যৱস্হা কৰিলে পুলি বিলাক সতেজ আৰু সবল হৈ উঠে ৷ এই প্ৰক্ৰিয়াটো বীজ সিঁচাৰ ১৫ দিন মানৰ পিছলৈকে কৰাটো অত্যন্ত আৱশ্যকীয় ৷
- বীজ বিলাক সম্পূৰ্ণৰূপে অংকুৰিত হৈ দুই পতীয়া অৱস্হা পালে, পুলি বিলাকত শতকৰা ০.১ পৰিমানৰ ইউৰীয়া প্ৰতি ২-৩ দিনৰ মুৰে মুৰে স্প্ৰে কৰিব লাগে ৷ পুলি বিলাকত ৪-৫ খিলা পাত নোহোৱালৈকে এই স্প্ৰে কৰাটো দৰকাৰ ৷ ১ গ্ৰাম ইউৰীয়া ১ লিটাৰ পানীত মিহলাই শতকৰা ০.১ পৰিমানৰ ইউৰীয়া স্প্ৰে তৈয়াৰ কৰা হয় ৷ সাধাৰণতে, বীজ তলিত বীজ সিঁচাৰ ২০-২৫ দিনৰ পিছতহে ইউৰীয়া স্প্ৰে কৰা হয় ৷ পুলিৰ বয়স ২৫-৩০ দিন হোৱাৰ লগে লগে মূল পথাৰত ৰোবৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷
১.১.৩ মুল পথাৰডৰাৰ প্ৰস্তুতি
- আলুৰ পুলি বিলাক ৰুবৰ বাবে ব্যৱহাৰ কৰিব লগা মূল পথাৰডৰা ভালদৰে হাল বাই চাহ কৰি লব লাগে ৷ জলসিঞ্চনৰ সুবিধা থকা ঠাইত এবাৰ জলসিঞ্চন কৰি লব পাৰিলে ভাল হয় ৷ সেই মাটিডৰাত প্ৰতি হেক্টৰত ২০ টনৰ হিচাপত শুকান গোবৰ দিব লাগে ৷
- মাটিডৰাৰ বাবে প্ৰয়োজন হোৱা নাইট্ৰোজেন, ফছফৰাছ আৰু পটাছৰ পৰিমানটো জানি ল’ব লাগে, ৩/৪ পৰিমানৰ নাইট্ৰোজেন আৰু সম্পূৰ্ণ পৰিমানৰ ফছফৰাছ আৰু পটাছ মাটি ডৰাত প্ৰয়োগ কৰি মিহলাই দিয়া দৰকাৰ ৷ বাকী থকা নাইট্ৰোজেন (১/৪) ভাগ আলুত মাটি চপাই দিয়াৰ সময়ত প্ৰয়োগ কৰিব লাগে ৷
- মাটি ডৰা সম্পূৰ্ণৰূপে সমান কৰাৰ পাছত প্ৰায় ২০ ছে:মি: উচ্চতাৰ ভেটি বিলাক পূবা-পশ্চিমাকৈ তৈয়াৰ কৰি লোৱা হয় ৷ প্ৰতিটো ভেটিৰ মাজৰ দূৰত্ব ৫০ ছে:মি: হোৱাটো দৰকাৰ ৷ পুলিটো ৰোৱাৰ সুবিধাৰ্থে মাটিডৰাত যিমান পাৰি দীঘলীয়াকৈ তলি বনোৱা হয় ৷ এই তলি সমুহ জলসিঞ্চন দিয়াৰ সময়ত একো একোখনকৈ সৰু তলি হিচাপে ভাগ কৰি ল’ব পাৰি ৷ প্ৰতিখন তলিৰ মাজত প্ৰায় ৪৫ ছে:মি: বহলৰ একোটাকৈ পানীদিবৰ বাবে নলা খান্দি লোৱা হয়৷
১.১.৪ মূল খেতি পথাৰত পুলি ৰোপণ
- সাধাৰণতে পানীৰ অভাৱত হোৱা সমস্যা সমূহ দূৰ কৰিবৰ বাবে পুলিবিলাক আবেলি সময়ত ৰোৱা হয় ৷
- পুলিবিলাক অতি সাৱধানতাৰে বীজ তলিৰ পৰা সৰু সৰু টোপোলা কৰি মূল পথাৰডৰালৈ নিয়া হয় ৷
- পুলি বিলাক ৰোৱাৰ আগতে মুল পথাৰডৰাৰ তলিসমুহ পানীৰে ভিজাই লোৱা হয় ৷ মাটিৰ ভেটি সমুহৰ মাত্ৰ আধাভাগ ভিজি যোৱাকৈ পানী দিব লাগে যাতে ভেটিটোৰ ওপৰৰ ৮-১০ ছে:মি: শুকান হৈ থাকে ৷
- পুলিবিলাক ভেটিটোৰ উত্তৰ দিশত ১০ ছে:মি: ব্যৱধানত খন্তি নাইবা খুৰ্পিৰ সহায়ত ৰোৱা হয়৷ পুলিবিলাকৰ শিপা বিলাকে যাতে ৰোৱাৰ পাছত জীপ পাই থাকে তাৰ বাবে চকু দিয়া উচিত৷ সাধাৰণতে এটাকৈ পুলি ৰোৱা হয় আৰু ওচৰা ওচৰিকৈ থকা দুডৰা মুল পথাৰত একেলগে পুলি ৰোব পাৰিলে ভাল৷
- পুলিবিলাক ৰোৱাৰ পাছত আৰু এবাৰ জলসিঞ্চন দিব লাগে৷ জলসিঞ্চন আৰু পুলি ৰোৱা এই দুটা প্ৰক্ৰিয়া সমসাময়িক আৰু শাৰী শাৰীকৈ কৰাটো দৰকাৰ৷
- পুলিবিলাক সম্পূৰ্ণৰূপে সংস্হাপন নোহোৱালৈকে প্ৰতি ৩ বা ৪ দিনৰ ব্যৱধানত জলসিঞ্চন দিব লাগে৷ শস্যৰ প্ৰয়োজনীয়তা, মাটিৰ প্ৰকৃতি আৰু পৰিবেশ চাই জলসিঞ্চনৰ মাত্ৰা বঢ়াই বা কমাই দিব লাগে৷
- পুলি ৰোৱাৰ প্ৰায় ৩০-৩৫ পাচত মাটি পুলিৰ গুৰিত চপাই দিব লাগে৷ এই সময়তে বাকী থকা ১/৪ পৰিমানৰ নাইট্ৰোজেন ভাগ মাটিত প্ৰয়োগ কৰিব লাগে৷ মাটি চপাওতে যাতে পুলিটো ভেটিটোৰ মাজভাগত পৰে তালৈ লক্ষ্য ৰখা দৰকাৰ৷ যিমান পাৰে আলুৰ গাঠিঁ বিলাক ঢাকি মাটি চপাই দিব লাগে যাতে ওপৰৰ ৫-৬ খিলা পাত ওলাই থাকে ৷
- সকলো বিলাক ৰোগ নিৰাময় বিধি কৰি যাব লাগে৷ এই সকলো বিলাক কাম আলুৰ খেতি কৰা অঞ্চলটোৰ ওপৰত নিৰ্ভৰ কৰে৷
- আলুৰ খেতি ডৰা যদি কেৱল খোৱাৰ বাবে কৰা যায়, তেনেহ’লে আলুৰ গছবিলাক সম্পূৰ্ণৰূপে পূৰঠ হ’বলৈ দিয়া হয়৷ অন্যহাতেদি, যদি পুলিৰ উৎপন্ন সৰু সৰু আলুবিলাক পিছৰ বছৰত গুটি দিবৰ বাবে ব্যৱহাৰ কৰা হয়, তেনেহ’লে গছজোপাৰ ওপৰৰ অংশ কাটি দিয়া হয় ৷ গছৰ ওপৰৰ অংশ কটাৰ ১০ দিনৰ আগত জলসিঞ্চন প্ৰয়োগ কৰিব নালাগে৷
- পুলিৰ পৰা উৎপন্ন ১০-৪০ গ্ৰাম ওজনৰ আলুবিলাক পিছৰ বছৰত বীজ হিচাপে ব্যৱহাৰ কৰিবলৈ বাছি ৰখা হয় ৷ ৪০ গ্ৰামতকৈ অধিক ওজনৰ আলুবিলাক খাবৰ বাবে ব্যৱহাৰ কৰা হয় ৷
১.২ সৰু আলুগুটিৰ পৰা শস্য উৎপাদন
বীজ তলিত সৰু আলুগুটি উৎপাদন কৰা পদ্ধতিটো সকলোবিলাক আলু উৎপাদন কৰা অঞ্চলতে সফলতা লাভ কৰিছে, যদিও মুল পথাৰত আলু উৎপাদন কৰাৰ পদ্ধতিটোতকৈ বেছি খৰছী ৷ যি বিলাক অঞ্চলত তাপামাত্ৰা মধ্যমীয়া, সেইবিলাক অঞ্চলত নিম্নোল্লিখিত পদ্ধতিৰে সৰু আলুগুটি উৎপন্ন কৰিব পৰা জায় ৷
যি বিলাক অঞ্চলত মুল পথাৰত সৰু আলুগুটি উৎপাদন কৰাৰ অভাৱ বা সমস্যা থাকে, সেইবিলাক অঞ্চলত বীজতলিত সৰু আলুগুটি উৎপাদন কৰাৰ পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰি ৷
সাধাৰণতে বীজতলিত সৰু আলুগুটি উৎপাদন কৰাৰ দুটা পদ্ধতি আছে ৷ সুবিধানুসাৰে, ইয়াতে উল্লেখকৰা যি কোনো টো পদ্ধতি ব্যৱহাৰ কৰিব পাৰি৷
প্ৰথম পদ্ধতি
- এক হেক্টৰ মাটিত ৰোৱৰ বাবে প্ৰায় ৫০ গ্ৰাম প্ৰকৃত আলুৰ বীজ প্ৰায় ৩৭৫ বৰ্গমিটাৰ মাটিত সিঁচিব লাগে ৷
- বীজ তলি বনাবৰ বাবে ১ মিটাৰ বহলৰ তলি বনোৱা হয় ৷ তলিখনৰ দৈৰ্ঘ্য সুবিধানুসাৰে কৰি ল’ব লাগে ৷ দুখন তলিৰ মাজত ৮০ ছে:মি: ৰ দুৰত থকা দৰকাৰ ৷
- বীজ তলিখন মাটিৰ পৰা ২০-২৫ ছে:মি: ওখ কৰি দিয়া হয় ৷
- বীজ তলিত দিবৰ বাবে ১:১ অনুপাতত পৰিশোধিত মাটিৰ লগত শুকান গোবৰ নাইবা পচনসাৰ মিলাই লোৱা হয় ৷ (আলতিয়া) মাটিৰ ক্ষেত্ৰত শুকান গোবৰৰ মাত্ৰাটো বঢ়াই দিব লাগে ৷ সম্পূৰ্ণ পৰিমানৰ নাইট্ৰোজেন, ফছফৰাছ আৰু পটাছ পৰিশোধিত মাটি আৰু গোবৰৰ লগত মিহলাই বীজ তলিত প্ৰয়োগ কৰিব লাগে
- সমতল অঞ্চলত দিনৰ তাপমাত্ৰা ২০০ ছে:গ্ৰেড হোৱাৰ লগে লগে প্ৰকৃত আলুৰ বীজ সিঁচিব লাগে ৷
- বীজ তলিত সিঁচাৰ আগতে প্ৰকৃত আলুৰ বীজ বিলাক ২৪ ঘন্টাৰ বাবে পানীত তিয়াই ছাঁত শুকুৱাৰ ব্যৱস্হা কৰিব লাগে ৷ প্ৰকৃত আলুৰ বীজ বিলাক সিঁচাৰ আগতে অংকুৰিত কৰিও ল’ব পাৰি ৷
- বীজ তলিত গুটি সিঁচাৰ এদিনৰ আগত জলসিঞ্চন দিব লাগে ৷
- বীজ তলিত ১০ ছে:মি:ৰ ব্যৱধানত শাৰী বিলাক বনাব লাগে ৷ প্ৰতি শাৰীত ১০ ছে:মি: ব্যৱধানত ২-৩ টা প্ৰকৃত আলুৰ বীজ ০.৫ ছে:মি: গভীৰতাত সিঁচি মাটিৰে ঢাকি ৰাখিব লাগে ৷
- বীজ সিঁচাৰ পিছত বীজ তলি বিলাকত পানী ছটিয়াই দিব লাগে, যাতে বীজ তলিখন পানীৰে সেমেকা হৈ থাকে ৷ পানী দিয়াৰ সময়ত যাতে বীজ তলিৰ পৰা বীজ কঢ়িয়াই নানে তাৰ প্ৰতি চকু দিব লাগে ৷
- যদি দিনৰ তাপমাত্ৰা ৩০০ ছে:গ্ৰেডতকৈ অধিক হয় তেনেহ’লে বীজ তলিবিলাকত ছাঁ দিয়াৰ ব্যৱস্হা কৰিব লাগে ৷ ছাঁ দিয়াৰ ব্যৱস্হা বীজ সিঁচাৰ ১৫ দিনৰ পাছলৈকে কৰাৰ দৰকাৰ ছাঁ দিবৰ বাবে গছৰ পাত নাইবা ধান খেৰৰ চাল ব্যৱহাৰ কৰিব পৰা যায় ৷ ছাঁ দিয়াৰ ফলত বীজ তলিত মাটিৰ তাপমাত্ৰা কম হোৱাৰ লগতে জলীয় বাষ্প সংৰক্ষিত কৰাই বীজ বিলাক অংকুৰণ হোৱাত সহায় কৰে ৷
- বীজ তলিবিলাকত বীজ সিঁচাৰ এসপ্তাহলৈকে দিনৰ ৩-৪ বাৰকৈ পানী দিব লাগে ৷ পিছলৈ দিনে এবাৰ বা দুবাৰকৈ পানী দিয়া উচিত যাতে বীজতলিৰ মাটিৰ জীপটো সজীৱ হৈ থাকে ৷
- বীজবিলাক ফাট মেলাৰ ১৫ দিনৰ পিছত প্ৰতি তিনি নাইবা চাৰি দিনৰ অন্তৰে অন্তৰে শতকৰা ০.১ হিচাপত ইউৰীয়া স্প্ৰে কৰিব লাগে ৷
- পুলিবিলাকৰ উচ্চতা ১৫ ছে:মি: হোৱাৰ লগে লগে পুলিৰ তলৰ তিনি বা চাৰিটা গাঠিঁ ঢাক খোৱাকৈ গোবৰ আৰু পৰিশোধিত মাটিৰ মিশ্ৰণটো পুলিৰ গুৰিত মাটি চপাই দিব লাগে ৷
- বন নিৰনি, জলসিঞ্চনৰ নিচিনা কামবোৰ সময়ানুসাৰে কৰি যাব লাগে ৷
- আলু গছৰ ওপৰৰ অংশ কটাৰ সময় হোৱাৰ আগতে জলসিঞ্চন দিয়াৰ ব্যৱস্হাটো বন্ধ কৰিব লাগে ৷
- পুলিৰ পৰা হোৱা আলুবিলাকৰ ওপৰৰ অংশ কটাৰ ১৫ দিনৰ পিছত খান্দি পেলোৱাৰ দৰকাৰ ৷
- আলু খন্দাৰ পিছত আলুবিলাক ৫ গ্ৰামতকৈ অধিক ৫-১০ গ্ৰাম, ১০-২০ গ্ৰাম আৰু ২০ গ্ৰামতকৈ অধিক ওজনৰ ভিত্তিত বাছি পেলাব লাগে ৷ এই আলুবিলাক শতকৰা ৩ পৰিমানৰ বৰিক এচিডত ৩০ মিনিট ডুবাই ৰাখি শুকুৱাব লাগে ৷ এনে কৰিলে আলুবিলাক পিছৰ বছৰ আলুৰ গুটি হিচাপে ব্যৱহাৰ কৰিবৰ বাবে সংৰক্ষণ কৰিব লাগে ৷
- ওপৰোক্ত ওজনৰ আলুবিলাক পথাৰত পিছৰবাৰ ৰুবৰ বাবে ব্যৱহাৰ কৰিব লাগে ৷
দ্বিতীয় পদ্ধতি
বীজতলি বনাই তাৰ লগত সংগত বাকী বিলাক কাম নিয়াৰিকৈ কৰিব লাগে ৷ বাকী সকলো বিলাক প্ৰক্ৰিয়া প্ৰথম পদ্ধতিৰ সৈতে প্ৰায় একেই ৷ এই পদ্ধতিত বীজ সিঁচাৰ সময়ত দুটা শাৰীৰ মাজৰ দূৰত্ব ৩০ ছে:মি: ৰাখিব লাগে, যাতে পিছলৈ মাটি ছপোৱাত সহায় হয় , যিটো সাধাৰণতে মুল পথাৰত কৰা হয় ৷
১.২.১ মূল পথাৰত শস্য উৎপাদন
- আগৰ বছৰৰ পুলিৰ পৰা উৎপন্ন সৰু আলুবিলাক বীজ হিচাপে ব্যৱহাৰ কৰা হয় ৷
- যান্ত্ৰিক পদ্ধতিৰে কৰা খেতিত দুটা শাৰীৰ মাজৰ ব্যৱধান ৬০ ছে:মি: হ’ব লাগে ৷ সেইদৰে মানুহে কৰা পদ্ধতিৰ খেতিত এই ব্যৱধান ৪৫ – ৫০ ছে:মি: হোৱা দৰকাৰ ৷ আলুৰ গঠন অনুসৰি প্ৰতিশাৰীত দুটা আলুৰ মাজৰ ব্যৱধান তলৰ তালিকা মতে ৰাখিব লাগে –
আলুৰ ওজন (গ্ৰা:)
|
মানুহে কৰা কৃষি পদ্ধতি
|
যান্ত্ৰিক কৃষি পদ্ধতি
|
দুটা শাৰীৰ মাজৰ ব্যৱধান (ছে:মি:)
|
দুটা আলুগুটিৰ মাজৰ ব্যৱধান (ছে:মি:)
|
প্ৰতি হেক্টৰত আনুমানিক বীজৰ পৰিমান (কু:/হে:)
|
দুটা শাৰীৰ মাজৰ ব্যৱধান (ছে:মি:)
|
দুটা আলুগুটিৰ মাজৰ ব্যৱধান (ছে:মি:)
|
প্ৰতি হেক্টৰত আনুমানিক বীজৰ পৰিমান (কু:/হে:)
|
২০-৪০
|
৪৫-৫০
|
২০
|
৩০-৩৩
|
৬০
|
২০
|
২৫
|
১০-২০
|
৪৫-৫০
|
১৫
|
২০-২২
|
৬০
|
১৫
|
১৭
|
৫-১০
|
৪৫-৫০
|
১০
|
১৫-১৭
|
৬০
|
১০
|
১৩
|
লিখক: ড০ ৰবীন গগৈ, অসম কৃষি বিশ্ববিদ্যালয়।