অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ প্ৰযুক্তিৰ শাক-পাচলিৰ নাৰ্চাৰী : উদ্যমীসকলৰ পচন্দৰ ব্যৱসায় হ’ব পাৰে

আধুনিক নাৰ্চাৰীৰ বিষয়ে বৰ্ণনা কৰিছে কৃষি উন্নয়ন বিষয়া কল্পনা বৰ্মনে

সঘনাই সলনি হৈ থকা জলবায়ু, বতৰ আৰু অত্যধিক খৰছীআধুনিক কৃষি পাম ব্যৱস্থাপনাতউদ্যমীসকলৰ কাৰণে ‘সুৰক্ষিতনাৰ্চাৰী বা পুলিবাৰী’ লাভজনকব্যৱসায় হ’ব পাৰে। ৰাজ্যৰবাহিৰে ভিতৰে আবতৰীয়া শাক-পাচলিৰ বাণিজ্যিক চাহিদা দিনেদিনে বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু, প্ৰত্যাহ্বান আহিছে সঘনাই সলনি হৈ থকা বতৰৰ বাবে আগতীয়াকৈ সুস্থ সবল পুলি উৎপাদনকৰাটোহে। বিশেষকৈ উচ্চ মূল্যৰহাইব্ৰীড জাতৰ শাক-পাচলিৰবীজৰ ক্ষেত্ৰত প্ৰতিটো বীজৰ পৰাপুলি উৎপাদন কৰাটো নিশ্চিতকৰিব লাগে।

উচ্চ প্ৰযুক্তিৰ শাক-পাচলিৰ নাৰ্চাৰীৰ বাবে কি কি দৰকাৰ?

  • এটি অত্যাধুনিক সেউজ গৃহ বা পলিথিনৰ ঘৰ, য’ত উত্তাপ, আদ্ৰতা, পোহৰৰ মাত্ৰা তথা সময় নিয়ন্ত্ৰণকৰিব পাৰি।
  • মাটি নোহোৱাকৈ কক’পিট, ভাৰ্মিকুলাইট আৰু পাৰ্লাইটৰ মিশ্ৰণেৰে তৈয়াৰ কৰা মাধ্যম মিশ্ৰণ।
  • বিভিন্ন আকাৰৰ গাঁত থকা প্লাষ্টিকৰ ট্ৰে।
  • প্লাষ্টিকৰ প্লেটবোৰ কঢ়িয়াই নিবৰ বাবে ডাঙৰ আকাৰৰ ট্ৰে।

উচ্চ প্ৰযুক্তিৰ শাক-পাচলিৰ নাৰ্চাৰী স্থাপনৰ বাবে কি কি বিষয়ত গুৰুত্ব দিব লাগে?

নাৰ্চাৰীৰ স্থান:

ওখ আৰু পানীজমা নোহোৱা স্থানতহে এই নাৰ্চাৰীস্থাপন কৰিব লাগে। পিতনি, গৰুৰগোঁহালি আৰু কেঁচুসাৰ থকা স্থানৰপৰা কিছু নিলগতহে নাৰ্চাৰী স্থাপন কৰিব লাগে। নাৰ্চাৰী স্থাপন কৰা এলেকাটোত শাক-পাচলি উৎপাদন কৰা কৃষক যথেষ্ট পৰিমাণে থাকিবলাগে।

পানীৰ উৎস:

জলসিঞ্চন আৰুমাধ্যম মিশ্ৰণৰ তৈয়াৰ কৰাৰ বাবেপৰিষ্কাৰ পানীৰ উৎস।

বিদ্যৎ যোগান:

নিয়মীয়া বিদ্যুৎ যোগান নিশ্চিত হ’ব লাগিব।

শ্ৰমিক:

সু-প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিকৰ প্ৰয়োজন।

কেনেকৈ পুলি তৈয়াৰ কৰা হয়?

প্লাষ্টিকৰ ট্ৰেবোৰত বীজসিঁচা হয়। প্ৰতিটো গাঁতত এটাকৈবীজ দিয়া হয়। বীজ সিঁচাৰ ১৫-২০দিনৰ পিছত পুলিবোৰত সুঠামশিপা ওলাই আৰু তেতিয়াই ইয়াকৰুবৰ বাবে উপযুক্ত হয়। জুন-জুলাই মাহৰ বাহিৰে গোটেইবছৰ ধৰি পুলি উৎপাদন কৰিবপাৰি। সুস্থ পৰিকল্পনাৰে এনেধৰণৰ নাৰ্চাৰীত বছৰি ২৫ লাখ পুলিউৎপাদন কৰিব পাৰি। পুলিউৎপাদনৰ কাৰণে আটাইতকৈপ্ৰয়োজনীয়  বিষয়  হ’ল পৰিষ্কাৰ-পৰিচ্ছন্নতা। প্লাষ্টিকৰ ট্ৰে আৰু মাধ্যম প্ৰস্তুত কৰোতে এই সাৱধানতা অৱলম্বল কৰাতো অতি দৰকাৰী।সৰহকৈ পুলি উৎপাদনৰ কাৰণে স্বয়ংচালিত বীজ সিঁচা মেচিন ব্যৱহাৰ কৰা হয়। এনেকুৱা এটা মেচিনৰ মূল্যপ্ৰায় ১.৫- ২.০ কোটি টকা আৰু ই ঘন্টাত ২৫০ খন ট্ৰেত বীজ সিঁচিব পাৰে। বীজৰ মূল মাধ্যম মিশ্ৰণতৈয়াৰকৰাৰ পৰা আৰম্ভ কৰি, বীজ সিঁচা, পানী ছটিওৱাকে ধৰি সকলো কাৰ্য এই মেচিনৰ দ্বাৰাই  কৰা হয়। পিছতএই ট্ৰেবোৰ জলবায়ু নিয়ন্ত্ৰিত ‘পুলি বাঢ়ন কোঠালি’ত বীজ অঙ্কুৰণৰ বাবে ৰখা হয় আৰু তাৰপিছত সেউজগৃহৰ বেঞ্চত ৰখা হয়।  সেউজ গৃহৰ উত্তাপ আৰু আদ্ৰতা শস্যৰ প্ৰয়োজন অনুসৰি নিয়ন্ত্ৰণ কৰা হয়। প্ৰয়োজনীয়পুষ্টিমৌল আৰু পানী ‘বুমাৰ’ৰ জৰিয়তে পুলিবোৰক যোগান  ধৰা হয়। এন: পি: কে ১৯:১৯:১৯ গ্ৰেডৰৰাসায়নিক সাৰ ২ গ্ৰাম/লিটাৰ হিচাপে বীজ অঙ্কুৰণ  হোৱাৰ এসপ্তাহৰ পিছত প্ৰতিদিনে প্ৰয়োগ কৰিব লাগে। অন্যান্য যাৱতীয় শস্যৰক্ষা ব্যৱস্থাসমূহ আৰম্ভণিৰ পৰাই লোৱাটো অতি দৰকাৰী। বিশেষকৈ, পুলিৰ শিপা পচা/ গুৰি পচা ৰোগৰ ক্ষেত্ৰত  অনুমোদিত ভেঁকুৰ-নাশক প্ৰয়োগ কৰাতো অতি দৰকাৰী।

পুলিবোৰ ৩-৪ পতীয়া হওঁতেইসেইবোৰ সবল হ’বৰ বাবে ছাগৃহলৈ নিয়া হয়, য’ত পুলিবোৰ মূলপথাৰলৈ নিয়ালৈকে সাধাৰণবায়ুমণ্ডলৰ পৰিবেশত ৰখা হয়।  উপযুক্ত পেকিং ব্যৱস্থাৰে পুলিৰট্ৰেবোৰ বহুদূৰলৈকে নষ্টনোহোৱাকৈ পৰিবহণ কৰিব পাৰি।

লেখিকা: কল্পনা বৰ্মনে

উৎস: সেউজ চিন্তা

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate