অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্যান শস্যৰ খেতি কৰকঃ

উদ্যান শস্যৰ খেতি কৰকঃ

অসমৰ মাটি আৰু জলবায়ু নানাবিধ উদ্যান শস্যৰ খেতিৰ বাবে বিশেষভাৱে উপযোগী। বিবিধ ফল-মূল, শাক-পাচলি, ফুল, ঔষধি উদ্ভিদ আদি উদ্যান শস্যৰ ভিতৰত পৰে। সম্প্ৰতি চৰকাৰেও উদ্যান শস্যৰ খেতি সম্প্ৰসাৰণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে। বিশেষকৈ ‘প্ৰযুক্তি অভিযান’ৰ অধীনত কল, আনাৰস, নামু, নাৰিকল, অমিতাকে ধৰি বিধে বিধে ফল-মূলৰ খেতিৰ বাবে আগ্ৰহী কৃষকসকলক উত্সাহিত কৰা হৈছে। অসমত স্থানীয়ভাৱে চাহিদা থকা বিভিন্ন ফুলৰ খেতিয়েও আমাৰ কৃষক ৰাইজক অৰ্থ উপাৰ্জনৰ সুন্দৰ পথ এটা দিব পাৰে। নাৰ্জি, ৰজনীগন্ধা, গ্লেডিঅ’লাছ আদি ফুলৰ উপৰি অৰ্কিডৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিব পাৰিলে লাভ নিশ্চয় হ’ব।

আদা, নহৰু, জালুক, জলকীয়া, লং, ইলাচি, ডালচেনি আদি বিভিন্ন মচলাবোৰো উদ্যানশস্যৰ ভিতৰত পৰে। মচলাৰ খেতি কৰিবলৈ আগ্ৰহী কৃষকসকলকো ঋণ তথা অৰ্থ সাহাৰ্য্য দিয়াৰ ব্যৱস্থা আছে।

আমাৰ কৃষক ৰাইজে পৰম্পৰাগতভাৱে বিভিন্ন ধৰণৰ শাক-পাচলিৰ খেতি কৰি আহিছে। দেখাক দেখি খেতি কৰাৰ সলনি বজাৰৰ চাহিদা অনুসৰি বিভিন্ন পাচলিৰ খেতি আগতীয়াকৈ কৰাত গুৰুত্ব দিব লাগে। কাৰণ আগতীয়া খেতিৰ ফচল বিক্ৰী হয় অধিক দামত। গতিকে লাভো হয় বেছি।

কমেও চাৰি-পাঁচ বিঘামান ওখ, সাৰুৱা মাটিত উদ্যানশস্যৰ বাগান এখন গঢ়ি তুলিব পাৰিলে স্থায়ী উপাৰ্জনৰ পথ এটা মুকলি হ’ব। পুখুৰীৰ পাৰতো ফল-মূল, শাক-পাচলি আদিৰ খেতি কৰিব পাৰি। পুখুৰীৰ পাৰকেইটা আহল-বহল কৰি লৈ তাত নাৰিকল, তামোল, কল, মধুৰি, লিচু, তেজপাত, ডালচেনি আদিৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিব পাৰি। তাৰ পাছতো ৰৈ যোৱা খালী ঠাইবোৰত বতৰীয়া শাক-পাচলিৰ খেতি, ৰহৰ মাহ, আদা-হালধি আদিৰ খেতি কৰিলে অধিক ধন হাতলৈ আহিব। অকল উদ্যান শস্যৰ খেতি অথবা মত্স্য পালনৰ সলনি সমন্বিত পদ্ধতিৰে উদ্যান শস্য আৰু মাছৰ খেতি কৰিব পাৰিলে একেডৰা মাটিৰ পৰা আশা কৰাতকৈও বহু বেছি ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।

উত্সঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate