অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত মানদণ্ডৰ মৰাপাটৰ আঁহ পাবলৈ আপুনি কি কৰা উচিত?

উন্নত মানদণ্ডৰ মৰাপাটৰ আঁহ পাবলৈ আপুনি কি কৰা উচিত?

অপুনি বাৰু জানেনে যে মানদণ্ডৰ ভিত্তিত মৰাপাটৰ আঁহক মুঠ আঠটা গ্ৰেডত ভাগ কৰা হৈছে? আপুনি বাৰু এই কথাটোও জানেনে যে, এই ৮ টা গ্ৰেডৰ ভিতৰৰ আমাৰ যিসকল কৃষকে মানবিশিষ্ট মৰাপাটৰ আঁহ উৎপাদন কৰি আহিছে, সেই আঁহবোৰ সাধাৰণতে খুব বেছি পঞ্চম শ্ৰেণীৰ গ্ৰেডতহে পৰে। মাটি, পানী, জলবায়ু প্ৰায় একেধৰণৰ হোৱা স্বত্বেও যদি পশ্চিমবংগৰ কৃষকে মানবিশিষ্ট মৰাপাটৰ আঁহ উৎপাদন কৰিব পাৰে, তেনেহ’লে আমাৰ কৃষকে মানবিশিষ্ট মৰাপাটৰ আঁহ উৎপাদন কৰিব নোৱাৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।

হয়, আমাৰ অসমতো প্ৰথম শাৰীৰ মৰাপাটৰ আঁহ উৎপাদন কৰাটো সম্ভৱ যদিহে মৰাপাটৰ খেতিৰ সৈতে জড়িত নিম্নোক্ত দিশসমূহত আমি প্ৰথমৰে পৰা গুৰুত্ব দিও।

  • অসমৰ মাটি অম্লযুক্ত। মৰাপাটৰ পৰা শক্তিশালী আঁহ উৎপাদন কৰিবলৈ অম্ল মাটিত প্ৰতিবিঘাত ৩-৪ কুইন্টল চূণ প্ৰয়োগ কৰক।
  • মৰাপাটৰ অনুমোদিত জাতৰহে খেতি কৰক।
  • জীৱাণুসাৰেৰে বীজ শোধন কৰক। ১০ কিলোগ্ৰাম বীজৰ বাবে ২০০ গ্ৰাম এয’স্পিৰিলাম, ২০০ গ্ৰাম ফছ্‌ফটিকা, ৩০০-৪০০ মিলিলিটাৰ পানীত মিহলাই লৈ বীজবোৰ শোধন কৰক। এনেদৰে বীজ শোধনৰ কামখিনি দিনৰ ভাগত ৰ’দত নকৰি আবেলিহে কৰক।
  • আঁহৰ বিসংগতিয়ে দেখা নিদিবলৈ অকল সুষম মাত্ৰাতহে ৰাসায়নিক সাৰ প্ৰয়োগ কৰক। পচন সাৰ প্ৰয়োগ কৰিবলৈ নাপাহৰিব।
  • নিৰ্দিষ্ট বীজবিধৰ বাবে নিৰ্দিষ্ট কৰা অনুমোদিত সময়তহে বীজ সিঁচক।
  • শাৰী শাৰীকৈ বীজ সিঁচাটো উত্তম। নহ’লে ১ বৰ্গমিটাৰ মাটিত ৫০-৬০ ডাল গছ থকাটো বীজ সিঁচক।
  • নিৰণিৰ সময়ত মন কৰিব লাগে যাতে দুটা পুলিৰ মাজত ব্যৱধান ৯ ইঞ্চি×২.৫ ইঞ্চিকৈ থাকে। এই ব্যৱধান মানি চলিলে প্ৰতিজোপা গছে সমানভাৱে মাটিৰ পৰা পুষ্টি আহৰণ কৰিব পাৰে। অপুষ্টিত ভোগা মৰাপাটৰ গছৰ পৰা কেতিয়াও উন্নত মানৰ আঁহ পোৱাটো সম্ভৱ নহয়।
  • মৰাপাটৰ কাণ্ডৰ গুৰি অংশ পানীত ডুব গৈ থাকিলে অবাঞ্চনীয় শিপাৰ সৃষ্টি হয়। মৰাপাট গেৰোৱাৰ সময়ত এই অংশত আঁহবোৰ চিগি যায়, যাৰ ফলত উন্নত গ্ৰেডৰ আঁহ পোৱাত বাধা জন্মে। খেতিডৰাত জমা হোৱা হোৱা অতিৰিক্ত পানীভাগ উলিয়াই দি কাণ্ডত সৃষ্টি হোৱা অবাঞ্চনীয় শিপাৰ উপস্থিতি ৰোধ কৰিব পাৰি।
  • নিৰ্দ্ধাৰিত কৃষিকাল সম্পূৰ্ণ হোৱা মাত্ৰকে খেতিডৰা চপাওক। জাতভেদে ১০৫-১২০ দিনৰ ভিতৰত মৰাপাট চপোৱা হয়। পলমকৈ বা আগতীয়াকৈ চপোৱা মৰাপাটৰ আঁহৰ গুণগত মান বেয়া হয়।
  • খেতিডৰা নিয়মীয়াকৈ পৰ্য্যবেক্ষণ কৰক। বিভিন্ন পোক-পৰুৱা আৰু বেমাৰ-আজাৰ নিয়ন্ত্ৰণ কৰিবলৈ সময় থাকোতেই শস্যৰক্ষাৰ ব্যৱস্থা লোৱা উচিত। ইয়াৰ বাবে আগতীয়াকৈ বিশদভাৱে জানি লোৱা উচিত। সাধাৰণতে পূৰ্ণিমাৰ এসপ্তাহমান পূৰ্বৰ পৰা মতা পোকবোৰ খেতিডৰাত প্ৰৱেশ কৰি এবিধ বিশেষ গোন্ধ নি:সৰণ কৰি বংশ বিস্তাৰৰ বাবে মাইকী পোকবোৰক আকৰ্ষণ কৰে। গতিকে পূৰ্ণিমাৰ আগেয়ে গছবোৰত নিমজাতীয় ঔষধ ছটিয়াই পোকবোৰৰ প্ৰৱেশত বাধা দি খেতিডৰা ৰক্ষা কৰিব পাৰি।

লেখক: ডৰমণী শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 1/11/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate