অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাৰ্যদক্ষ অণুজীৱ: সুক্ষ্ম অথচ শক্তিৰ বিশাল ভাণ্ডাৰ

কাৰ্যদক্ষ অণুজীৱ: সুক্ষ্ম অথচ শক্তিৰ বিশাল ভাণ্ডাৰ

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অকল্পনীয় উত্তৰণে সলনি কৰি পেলাইছে সমসাময়িক বিশ্বৰ জীৱন যাত্ৰা। সলনি হৈছে কৃষি গৱেষণাৰ ধ্যান-ধাৰণা। শেহতীয়া ভাৱে বিশ্বৰ অগ্ৰণী কৃষি গৱেষণাগাৰ সমূহৰ নয়নৰ মণি হৈ পৰিছে আমি চকুৰে মণিব নোৱাৰা অসংখ্য অণুজীৱ- যিয়ে ধাৰণাশীল (Sustainable) কৃষিৰ বিকাশৰ ক্ষেত্ৰত বহন কৰিছে সীমাহীন সম্ভাৱনা। মাটিত থকা পুষ্টিকৰ পদাৰ্থ সমূহক শস্যই গ্ৰহণ কৰিব পৰা ৰুপলৈ পৰিৱৰ্তন ঘটোৱাত পাৰদৰ্শী ৰাইয’বিয়াম, এজেট’বেক্টৰ, এজ’স্পিৰিলাম আদিৰ দৰে উপকাৰী বেক্তেৰিয়া সমূহৰ উপৰি বিভিন্ন ভেঁকুৰ, শেলুৱৈ, প্ৰ’ট’যোৱা আদিয়ে পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা আজি আৰু কোনো নতুন বিষয় নহয়।

কিন্ত ইয়াৰ বিপৰীতে এয়াও ভয়ংকৰ সত্য যে, বাণিজ্যিক ভিত্তিত কৰা অধিক সংখ্যক শস্যৰ ক্ষেত্ৰতেই মনে বিচৰা উৎপাদন পাবলৈ আজি শস্য ক্ষেত্ৰত বিভিন্ন ৰাসায়নিক কীট নাশক দৰৱ, সাৰ, অপতৃণ নাশক আদিৰ নিৰ্বিচাৰ প্ৰয়োগ কৰা হৈছে যিয়ে অকল মানৱ স্বাস্থ্যৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰা নাই, আমাৰ সেউজী ধৰাকো বসবাসৰ অযোগ্য কৰি তুলিছে। মাটিত থকা উপকৰী অণুজীৱ বোৰক ধ্বংস কৰাৰ ক্ষেত্ৰতো এই ৰাসায়নিক দ্ৰব্য সমূহে আজি দানৱীয় ৰুপ ধাৰণা কৰিছে। এই প্ৰেক্ষাপটত ৰাসায়নিক কৃষিৰ বিকল্প বিচাৰি ব্যস্ত হৈ পৰা বিশ্বৰ আগশাৰীৰ কৃষি গৱেষণা সমূহৰ নিৰন্তৰ প্ৰচেষ্টাত নিত্য নতুন অণুজীৱৰ আৱিষ্কাৰ সম্ভৱ হৈ পৰিছে। অৱশ্যে এই ক্ষেত্ৰত আমাৰ দেশৰ ভাৰতবৰ্ষৰ ভূমিকাও কম নহয়। ১৯৩৬ চনতেই আমাৰ দেশৰ প্ৰখ্যাত বিজ্ঞানী অধ্যাপক পি.কে.দে ৰ গৱেষণাত শেলাইয়ে বতাহৰ পৰা নাইট্ৰোজেন শোষণ কৰা পৰিঘটনাটো সাব্যস্ত হৈছিল। জৈৱিক কৃষিৰ বিকাশৰ ক্ষেত্ৰত সেয়া আছিল এক যুগান্তকাৰী ঘটনা।

কৃষি খণ্ডত ৰাসায়নিক পাদাৰ্থই সৃষ্টি কৰা ভাবুকিৰ বিপৰীতে শেহতীয়া ভাৱে উচ্চাৰিত হৈছে এটি নাম- কাৰ্যদক্ষ অণুজীৱ। এই কাৰ্যদক্ষ অণুজীৱ বোৰ হ’ল অণুজৈৱিক নিৱেশ্য (innoculant) আৰু এণ্টি আক্সিডেণ্ট হিচাপে কাম কৰা উপকাৰী অণুজীৱৰে ভৰা জুলীয়া গাঢ় পদাৰ্থৰ সমষ্টি। এই কাৰ্যদক্ষ অণুজীৱ সমূহে শস্যৰ বৃদ্ধি আৰু অধিক উৎপাদনৰ বাবে মাটিত এক অনুকূল পৰিবেশ সৃষ্টি কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে। অধিক উৎপাদনৰ বাবে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ চিৰাচৰিত প্ৰথাৰ বিপৰীতে মাটিত উপকাৰী অণুজীৱৰ সংখ্যা বৃদ্ধি কৰি মাটিৰ গুণগত মান উন্নীত কৰাৰ লগতে শস্যৰ বাবে স্বাস্থ্যকৰ পৰিবেশ ৰচনা কৰাটোও ইহঁতৰ অন্যতম লক্ষ্য।

লেখক: কৃষি সঞ্চালক ড° কবীন্দ্ৰ বৰকাকতি, কৃষি দাপোণ।

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate