অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষি প্ৰযুক্তি :

গৰমৰ দিনত কাঠফুলা খেতি কেনেকৈ কৰিব -


সমগ্ৰ বিশ্বতে প্ৰ’টিন, ভিটামিন আৰু মিনাৰেল সমূহৰ প্ৰধান উৎস হিচাপে অপৰম্পৰাগত খাদ্য সামগ্ৰী কাঠফুলা বা মাশ্বৰুমে জনপ্ৰিয়তা লাভ কৰিছে। ক্ৰমান্বয়ে মাশ্বৰুমৰ বৰ্দ্ধিত জনসাধাৰণৰ চাহিদা পূৰাবলৈ অন্যান্য খেতিৰ দৰে কাঠফুলা খেতিও উদ্যোগীকৰণৰ দিশত আগবাঢ়িছে। উল্লেখ কৰা ভাল হ’ব যে আমাৰ সকলো বিলাক কৃষি কাৰ্যৰ ভিতৰত কাঠফুলা খেতি অতি কম আয়াসতে, কম মূলধন আৰু কৃষিৰ পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰেৰে কৰিব পৰা এক লাভজনক ব্যৱসায়। তাৰোপৰি ঘৰৰ ভিতৰতে এই খেতি কৰিব পাৰি বাবে পৰিয়ালৰ সকলো সদস্যই বিশেষকৈ মহিলাসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰে।

কাঠফুলা হ’ল এবিধ ভেঁকুৰ। অন্যান্য উদ্ভিদৰ দৰেই ইহঁতবোৰ বাহ্যিক পৰিৱেশ, যেনে উষ্ণতা, আৰ্দ্ৰতা, পোহৰ আদিৰ প্ৰতি অতি সংবেদনশীল। সেয়েহে ঠাই আৰু সময় বিশেষে বেলেগ বেলেগ জাতৰ মাশ্বৰুমৰ খেতি কৰা হয়। আমাৰ অসমৰ জলাবায়ু আৰু পৰিৱেশ ‘অয়েষ্টাৰ মাশ্বৰুম’ খেতিৰ বাবে যথেষ্ট উপযোগী। ইয়াৰবাবে লাগতিয়াল তাপমান ২০০-৩০০ ছে:গ্ৰে: বছৰটোৰ বেছিভাগ সময়তে উপলব্ধ হয়। অন্যহাতে, আন কেইবিধমান মাশ্বৰুম যেনে, ‘ইউৰোপীয়ান হোৱাইট বাটান পেডি-ষ্ট্ৰ’ আৰু ‘মিল্কী মাশ্বৰুম’। এই জাত কেইটাৰ ভিতৰত অয়েষ্টাৰ খেতিৰ পদ্ধতি তেনেই সহজ। সেয়ে যোৱা কেইবছৰমানৰ ভিতৰত আমাৰ অসমত অয়েষ্টাৰ খেতি কেইবা গুণো বৃদ্ধি হোৱা দেখা গৈছে।
গৰমৰ দিনকেইটাত মাশ্বৰুমৰ খেতি কৰোতে কেতবোৰ সমস্যাই দেখা দিয়ে। যাৰফলত কেতিয়াবা আমাৰ কৃষকসকল বিফল হোৱাও দেখা যায়। গ্ৰীষ্ম কালচোৱাত মাশ্বৰুম খেতি কৰিব নোৱাৰি বা কৰাটো অসম্ভৱ এনে ধৰণৰ ধাৰাণাও কিছুলোকৰ মাজত আছে। ই কেতিয়াও হ’ব নোৱাৰে। কেৱল গৰমৰ প্ৰতি লক্ষ্য ৰাখি মাশ্বৰুমৰ সফল খেতি কৰিবলৈ কেতবোৰ অতিৰিক্ত আৰু বিশেষ ব্যৱস্থাৰ প্ৰয়োজন হয়। এনে কিছুমান বিশেষ সমস্যা তলত আলোচনা কৰা হ’ল।

মাশ্বৰুম ঘৰৰ ব্যৱস্থা -

সাধাৰণতে মাশ্বৰুম উৎ ঘৰটো অসম আৰ্হিৰ খেৰি, নৰা বা টকৌ পাতৰ মাটি লেপি লোৱা বাঁহৰ বেৰৰ কেঁচা মজিয়া আৰু পোহৰ আৰু বতাহ চলাচল কৰিব পৰা সৰু সৰু খিৰিকিযুক্ত হ’ব লাগে। অত্যন্ত গৰমৰ দিনতো ঠাণ্ডা জীপাল পৰিৱেশ এটা ৰাখিবৰ বাবে ঘৰটোৰ মজিয়াত ২-৩ ইঞ্চিমান এটা বালিৰ তৰপ দিয়াটো অতি আৱশ্যক। এতিয়া আৱশ্যকীয় পৰিৱেশ পাবৰ বাবে দিনটোত অতি কমেও বালিৰ তৰপটো তিয়াই ৰাখিব লাগে। মাশ্বৰুমৰ টোপোলাবোৰত পানী দিওঁতেও তলত পৰি যোৱা পানিখিনিয়ে বালিখিনি তিয়াই ৰাখে বাবে ঘৰটো ঠাণ্ডা হৈ থাকে। আনহাতে, মাশ্বৰুম ঘৰটো বেছি সময় ৰ’দ পৰাৰ দিশত হব লাগে। পিৰালিৰ পৰা প্ৰায় ৪-৬ ফুট আঁতৰত কলগছ, তামোল আদি ৰুলে ভাল হয়।

অনুমোদিত জাত:

যিকোনো কৃষি কাৰ্যৰ ক্ষেত্রত সঠিক সময় আৰু পৰিৱেশত সঠিক জাত ব্যৱহাৰ কৰাটো অতি আৱশ্যক। অয়েষ্টাৰ মাশ্বৰুমৰ সকলোবিলাক প্ৰজাতি বছৰটোৰ সকলো সময়তে কৰিব পৰা নাযায়। গৰমৰ দিনত কৰিব পৰা অয়েষ্টাৰ প্ৰজাতি সমূহ হ’ল-প্লিঅৰ’টাছ চাইট্ৰিন’পিলিয়েটাছ (Pleurotus chitrinupileatus) চাজৰ কাজু (Pleurotus sajarcaju) চেপিডাছ (Pleurotus sapidus) ইত্যাদি। শীতকালিৰ বাবে অতি উপযোগী। ফ্লৰিডা (Pleurotus florida) নামৰ প্ৰজাতিটোৰ খেতি গৰমৰ দিন কেইটাতো কৰিব পৰা যায় যদিও ঠাণ্ডা কালিৰ তুলনাত গ্ৰীষ্মকালত উৎপাদন কম হয়।

কীটপতঙ্গৰ সমস্যা -

অয়েষ্টাৰ কাঠফুলাত গৰমকালিত দেখা দিয়া সমস্যা বিলাকৰ ভিতৰত তলত উল্লেখিত সমস্যা কেইটা হ’ল প্ৰধান:
- দুবিধ পোকৰ আক্ৰমণ বেছিকৈ হোৱা যায়। এবিধ হ’ল গুৱৰুৱা জাতীয় বিটল আনবিধ হ’ল মাখি জাতীয় ফৰিড ফ্লাই। ইহঁতে কাঠফুলাৰ সূত্র পুঞ্জবোৰ খোৱাৰ উপৰিও পাহিবোৰৰ তলত খাজবোৰত কণী পাৰে। কম সময়ৰ ভিতৰতে তাৰ পৰা গজি উঠা মাখন বৰণীয়া নলীকা আকৃতিৰ পলুবোৰে পাহিবোৰ কুটি পেলায়। এই দুবিধ পোকৰ বাহিৰেও ক্ষুদ্ৰ ক্ষুদ্ৰ চাহিজাতীয় পোকেও কেতিয়াবা আক্ৰমণ কৰা দেখা যায়। কিছুমান পৰিৱেশত কুমজেলেকুৱা আৰু সৰু শামুক এবিধো দেখা যায়। এই দুবিধ পোকে টোপোলাৰ পৃষ্ঠভাগত থকা কাঠফুলাৰ সূত্রপুঞ্জত খোৱাৰ উপৰিও সতেজ পাহিবোৰো খায়। দুয়োবিধ কীট বগাই ফুৰাৰ বাবে টোপোলাৰ ওপৰত বীজলুৱা সূতাৰ দৰে আৱৰণ হৈ পৰাত টোপোলাবোৰ ঘিণ লগা হয়। কীটপতঙ্গৰ সমাধান হিচাবে যিকোনো নিম কীটনাশক প্ৰতিলিটাৰ পানীত ৩ মি:লি: মিহলাই গৰমপানীত শোধন কৰা খেৰ খিনিত অৰ্থাৎ বীজ সিঁচিবলৈ পলিথিনৰ বেগত ভৰোৱাৰ আগতে স্প্ৰে কৰিব লাগে নাইবা আমি সহজতে পোৱা মহানিমৰ পাত ভালদৰে পিহি তাৰ ৰস কম পানীত মিহলাই শোধন কৰা খেৰ খিনিত স্প্ৰে কৰিলেও ভাল ফল পোৱা যায়। ইয়াৰোপৰি মাশ্বৰুম ঘৰৰ মজিয়া বেৰ আৰু পিৰালি আদিত প্ৰতি ১৫/২০ মি:লি: প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে পোক পতঙ্গ নিয়ন্ত্রণ কৰিব পাৰি। আনহাতে, পোক পৰুৱাৰ সমস্যাৰ পৰা ৰক্ষা পাবৰ বাবেই মাশ্বৰুম গৃহত পোহৰ আৰু বতাহ চলাচল কৰিবলৈ দিয়া খিৰিকি আৰু দুৱাৰখনত ঘন জাল লগোৱাটো অতি আৱশ্যক। মাজে মাজে ধোঁৱা দিলে মাখিৰ উপৰিও আনবিলাক পোক আঁতৰে। পোকে বেয়াকৈ নষ্ট কৰা টোপোলাবোৰ আঁতৰাই পুতি বা জ্বলাই পেলাব লাগে।

সেউজীয়া ভেঁকুৰ:

কেতিয়াবা বীজ প্ৰয়োগ কৰাৰ টোপোলাবোৰ উমনিগৃহত থওঁতে অৰ্থাৎ পলিথিন বেগ খোলাৰ আগত আৰু কেতিয়াবা বেগ খোলাৰ পিছতো টোপোলাটো বগা হোৱাৰ পৰিবৰ্তে সেউজীয়া হোৱা দেখা যায়। এনে স্থানত ট্ৰাইক’ড্ৰামা নামৰ ভেঁকুৰবিধ উৎপত্তি হোৱাৰ বাবে কাঠফুলাৰ বগা সূত্রপুঞ্জৰ বৃদ্ধি নহয় বা সমূলি বৃদ্ধি নহয়। এইবিধ ভেঁকুৰ অতি সোনকালে বতাহৰ দ্বাৰা বিয়পিব পাৰে বাবে এনেদৰে আক্ৰান্ত হোৱা টোপোলা দেখাৰ লগে লগে আঁতৰাই জ্বলাই পেলাব লাগে বা পুতি পেলাব লাগে। সাধাৰণতে এই অপতৃণ ভেঁকুৰৰ উৎপত্তি স্থান হ’ল-

১)ব্যৱহৃত বীজৰ টোপোলা আৰু

২) ভালদৰে শোধন নোহোৱা খেৰ। সেয়ে এই সমস্যাৰ পৰা আঁতৰত থাকিবৰ বাবে শুদ্ধ বীজৰ টোপোলা ব্যৱহাৰ আৰু ধানখেৰ খিনি ভালদৰে উতলাই শোধন কৰিব লাগে। গৰমৰ দিনত ইয়াৰ উপদ্ৰৱ বেছি হয় বাবে শোধন কৰা ধান খেৰক বীজ সিঁচাৰ আগেয়ে প্ৰতি লিটাৰ পানীত ১ গ্ৰাম বেভিষ্টিন মিহলাই স্প্ৰে কৰিব লাগে। টোপোলাবোৰ মাশ্বৰুম গৃহলৈ নিয়াৰ পিছত এনে সমস্যাই দেখা দিলে লগে লগে প্ৰায় ৪০ গ্ৰাম মান নহৰু পিচি ৰস উলিয়াই ১ লিটাৰ পানীত মিহলাই টোপোলাবোৰত প্ৰয়োগ কৰিলে ভাল ফল পাব পাৰি। ইয়াৰোপৰি খেতি কৰোঁতে সকলোবিলাক কাম পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে কৰাটো অত্যন্ত আৱশ্যক।

টোপোলা ক’লা পৰা:

চিউড’ম’নাছ নামৰ বেক্টেৰিয়া আক্ৰমণ কৰা বাবে কেতিয়াবা টোপোলাবোৰৰ কিছুমান ঠাইত খেৰবোৰ ক’লা পৰা দেখা যায়। এনে হ’লে কাঠফুলাৰ উৎপাদন যথেষ্ট খিনি কমি যায়। বীজ সিঁচাৰ আগতে খেৰখিনি ভালদৰে শোধন কৰা, শোধনৰ পিছত নিৰ্দিষ্ট জোখৰ সেমেকা খেৰখিনিত (খেৰখিনিত পানী পানী জমা হ’ব নেলাগে) বীজ প্ৰয়োগ কৰা আৰু টোপোলা খোলাৰ পিছত পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি।

ইংক কেপ -

ই এবিধ অপতৃণ, কাঠফুলা সদৃশ ভেঁকুৰ। ইয়াৰ বৈজ্ঞানিক নাম কপ্ৰিনাছ। কাঠফুলাৰ টোপোলাবোৰত কেতিয়াবা কোমল, ফোপোলা দীঘল ঠাৰিসহ ছাতিৰে সৈতে কিছুমান সৰু নলা আকাৰৰ কাঠফুলা ফুলি উঠা দেখা যায়। এই কাঠফুলাবোৰ কম সময়ৰ ভিতৰতে টোপোলাৰ ওপৰত হাউলি পৰে আৰু তাৰ পৰা অলেখ সৰু সৰু পাউদাৰ সদৃশ বীজবোৰ সৰি পৰাৰ বাবে খেৰবোৰ চিয়াহী বুলীয়া গাঢ় নীলা হয়। সাধাৰণতে পঁচা আৰু বেয়া, বেছি পুৰণি ধানখেৰত এই ভেকুৰৰ বীজাণু থাকে। গতিকে খেৰবোৰ ভালদৰে শোধন কৰিলে আৰু পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিলে এই সমস্যা সমাধান কৰিব পাৰি।
ওপৰত আলোচনা কৰা বিশেষ ব্যৱস্থা আৰু সমস্যাবোৰৰ উপৰিও আন কিছুমান সমস্যা আছে, যিবোৰ কৃষকসকলে অভিজ্ঞতাৰ জৰিয়তে নিজে সমাধান কৰিব পাৰে। এইবোৰৰ ভিতৰত উচিত পোহৰ আৰু আৱশ্যকীয় বতাহৰ চলাচল ব্যৱস্থা, উপযুক্ত পৰিমাণৰ পৰিমাণৰ পানী টোপোলাত ছটিওৱা ইত্যাদি। শেষত উল্লেখ কৰা ভাল হ’ব যে, মাশ্বৰুম খেতি আমাৰ কৃষক সকলৰ বাবে এক নতুন কৃষি কৰ্ম। সেয়ে ব্যৱসায়িক ভিত্তিত ইয়াৰ খেতি কৰিবলৈ যোৱাৰ আগতে কোনো বিশেষ ব্যক্তি বা বিশেষজ্ঞ ওচৰত আলোচনা কৰিলে কৃষকসকল বহুখিনি উপকৃত হ’ব পাৰিব।


লেখকৰ ঠিকনা:   ড০ ৰবীন গগৈ, প্ৰধান বিজ্ঞানী ( শস্য ৰোগ নিদান বিভাগ), ভাৰতীয় কৃষি গৱেষণা পৰিষদ, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, নতুন দিল্লী ।
ড০ গুঞ্জণ গগৈ, জ্যেষ্ঠ বিজ্ঞানী, ধেমাজী কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজী ।

উৎস: সেউজ চিন্তা

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate