অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিক্ষেত্ৰত চৰাইৰ ভূমিকা আৰু সুসংহত ‘পেষ্ট’ ব্যৱস্থাপনা

অসমৰ ধাননি পথাৰৰ উপকাৰী আৰু অনিষ্টকাৰী চৰাই

২০০৮-২০০৯ বৰ্ষত লখিমপুৰ আৰু ধেমাজি জিলাৰ নিৰ্বাচিত কেইখন মান ধাননি পথাৰত চলোৱা জৰীপত শালি। বাও, বৰো আৰু অহু ধানৰ পথাৰত ৫৬ বিধ চৰাইৰ উপস্থিতি দেখা গৈছে। ধানই পথাৰৰ চৰাইবোৰৰ ভিতৰত শতকৰা ৬০ ভাগ পতংগভোজী আৰু ২৫ ভাগেই মাছ, নিগনি, মকৰা, পোক, ঘাঁহ খোৱা সৰ্বভক্ষী চৰাই। শতকৰা ১০ ভাগ মান চৰাইহে প্ৰকৃততে শস্যভোজী। ইহঁতে ঘাহঁৰ গুটি, শস্যৰ বীজ আৰু পোৱালী তোলাৰ সময়ত পোক-পৰুৱাৰ খায়। টুনি, টোকোৰা, কপৌ, ঘৰচিৰিকা, কাম চৰাই আদিৰ দৰে মাত্ৰ কেইবিধ মান চৰাইক ধান খেতিৰ পেষ্ট বা অনিষ্টকাৰী চৰাই হিচাপে চিনাক্ত কৰা হৈছে যদিও ইহঁতে কৰা ক্ষতিৰ পৰিমাণ মাত্ৰ ৩-৫ শতাংশ। ধাননি পথাৰত বিচৰণ কৰা চৰাই বোৰৰ শতকৰা ৭০ ভাগেই প্ৰজননৰ সময়ত বংশ বৃদ্ধিৰ বাবেই অহা দেখা যায়। ফেচু, বালিঘোঁৰা, শালিকা, কাউৰী, বগলী, মৌখাতী আদি চৰায়ে ধাননি পথাৰত অনিষ্টকাৰী কীট নিয়ন্ত্ৰণত প্ৰধান ভূমিকা লয়। এনেবোৰ চৰায়ে প্ৰধানকৈ ফৰিং জাতীয়, গুবৰুৱা জাতীয় আৰু পখিলা জাতীয় পোক ভক্ষণ কৰে। কাউৰীয়ে হাতী পোকৰ পলু আৰু শালিকা আৰু বগলীয়ে ধানৰ নৰাৰ ভিতৰত লুকাই থকাৰ মজাখোৱাৰ লেটা (হাল বোৱাৰ সময়ত ওলাই পৰে) আৰু নৰাত থকা ফৰিঙৰ উপদ্ৰৱত শতকৰা ৩০ ভাগ হ্ৰাস কৰা দেখা গৈছে। এটা পূৰ্ণাংগ গো-বগলীয়ে প্ৰতি ঘণ্টাত ৪০০ টা মান ভূৰ পোকৰ পলু খাব পাৰে।

সু-সংহত কীট ব্যৱস্থাপনাত চৰাই আৰু শস্যৰ অনিষ্টকাৰী চৰাইৰ পৰিবেশ মিত্ৰ ব্যৱস্থাপনা :

(ক) বৰ্তমানলৈকে বিভিন্ন শস্যৰ কীট নিয়ন্ত্ৰণত ৪৮ বিধ প্ৰজাতিৰ চৰাই বিশেষভাবে জড়িত বুলি চিনাক্ত কৰা হৈছে।

(খ) পতংগভোজী চৰাই জিৰাবৰ বাবে বিঘাই প্ৰতি ৫০ টাকৈ ‘T’ আখৰৰ দৰে গছৰ ডাল অথবা বাঁহ পুতি দিলে শালিকা ফেচুঁ চৰায়ে পোক-পতংগ ধৰিবলৈ সুবিধা পায়। চৰাই খেদোৱা পৰম্পৰাদত পন্থা সমূহ ব্যৱহাৰ কৰি চৰাইৰ কোনো হানি নকৰাকৈ শস্য এডৰা ৰক্ষা কৰিব পৰা যায়।

(গ) গোমধান খেতিৰ চাৰিওফালে গোমধান গছেৰে এখন বেৰ গঢ়ি তুলিলে মূল খেতিটো বহুলাংশ ভাটৌৰ আক্ৰমণৰ পৰা বচাব পৰা যায়। গোমধানৰ পাতেৰে গোমধানৰ আহ অংশ পুৰঠ হোৱাৰ সময়ত মেৰিয়াই দিলেও ভাটৌৰ আক্ৰমণ কম হোৱা দেখা যায়। পথাৰৰ বাহিৰৰ ফালে থকা তিনিশাৰী গোমধানৰ ৫০ শতাংশ বান্ধি দিলে ভাল ফল পোৱা যায়।

(ঘ) চাপৰ শস্যৰ মাজে মাজে দুই এজোপা তুলনামূলকভাবে ওখ গছ ৰোপণ কৰি পতংগ ভোজী চৰাই কিছুমানৰ বাবে জিৰণি লোৱাৰ সুবিধা কৰি দিব পাৰি। এনে গছে প্ৰাকৃতিক আশ্ৰয়স্থল গঢ়ি তোলে।

(ঙ) সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰা এফালে ৰঙা আৰু আনফালে ৰুপালী ৰঙৰ ‘পলিষ্টাৰ’ ফিটা ১.৫ ছে.মি. বহলকৈ ১৫-২০ মি. দীঘলকৈ কাটি শস্যৰ উচ্চতাতকৈ আধা মিটাৰ ওপৰত শস্যৰ সমান্তৰালকৈ ৫.০ মিটাৰ ব্যৱধানত বাহঁৰ খুটিত বান্ধি দিব পাৰি। এই পন্থাই অৱশ্যে প্ৰথম ১৫-২০ দিন মান লৈকেহে ভাল ফলাফল দিয়ে। উত্তৰ-দক্ষিণ মুৱাকৈ টানি দিলে ই সূৰ্যৰ পোহৰ ভালদৰে প্ৰতিফলিত কৰিব পাৰে। মৰাপাটৰ ৰচীও এনেদৰে ব্যৱহাৰ কৰিব পৰা যায়।

(চ) নিম, কালমেঘ, বিহ কলমৌ আদিৰ পৰা নিষ্কাষিত পানী শস্যত ছটিয়ালে চৰাইক বিকৰ্ষণ কৰা দেখা যায়।

(ছ) নুনি, পলাশ, হেলেছ, পলশা, শিমলু, যম লাখুটি গছে বহু কেইবিধ পতংগভোজী, সৰ্বভক্ষী চৰাই আকৰ্ষণ কৰে।

পতংগভোজী থলুৱা চৰাইৰ বংশবৃদ্ধিৰ বাবে বাকচ বাহ

আমাৰ ঘৰৰ চৌহদত নিতৌ দেখা পোৱা, দৈনন্দিন খেতিৰ পথাৰৰ আশে-পাশে বিচৰণ কৰা, ঘৰৰ চুকে-কোণে, গছৰ ধোন্দত বাহ সাজি পোৱালি জগোৱা কিছুমান অতি উপকাৰী চৰাই বৰ্তমান সংকটত পৰিছে আৱাসস্থলৰ অভাৱত। উদাহৰণ স্বৰুপে- ঘৰচিৰিকা, গছচিৰিকা, শালিকা, দহিকতৰা, ভদৰকলি, লক্ষীফেঁচা আদিৰ নাম ল’ব পাৰি। এনেবোৰ চৰায়ে নিৰ্দিষ্ট জোখৰ বাকচৰ বাহ সহজে গ্ৰহণ কৰি কণী পাৰি, পোৱালি জগোৱা দেখা যায়। প্ৰায়বোৰ চৰায়ে কাঠ আৰু মাটিৰ বাকচ আদি সহজে গ্ৰহণ কৰে যদিও ঘৰচিৰিকাই ডাঠ কাগজৰ জোতাৰ বাকচ ঘৰৰ ভিতৰত সংস্থাপন কৰিলে বাহ সাজি পোৱালি জগায়।

লেখক: ড° প্ৰবাল শইকীয়া, লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী আৰু চৰাই বিশেষজ্ঞ, কৃষি দাপোণ

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate