অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিভূমিৰ সুৰক্ষা :

কৃষিভূমিৰ সুৰক্ষা :

 

মাটিৰ ক্ষয়ীভৱন আৰু গুণমান হ্ৰাস সম্প্ৰতি সমগ্ৰ বিশ্বৰে এক গুৰুতৰ সমস্যা৷ Buringh নামৰ এগৰাকী বিজ্ঞানীয়ে ১৯৭৯ চনতে এক প্ৰতিবেদনত প্ৰকাশ কৰিছিল যে সমগ্ৰ বিশ্বত প্ৰতি এক মিনিটত ৭৫ বিঘা (১০ হেক্টৰ) মাটি কৃষি উৎপাদনৰ অনুপযোগী হৈ পৰে৷ এই ১০ হেক্টৰ মাটিৰ প্ৰায় ৫ হেক্টৰ খহনীয়াৰ কৱলত পৰে, তিনি হেক্টৰ মাটি লুণীয়া হৈ পৰে, এক হেক্টৰ মাটি অৱক্ষয় হৈ হেৰাই যায় আৰু আন এক হেক্টৰ মাটি অন্য কৃষি কাৰ্য্যৰ ব্যৱহৃত হৈ পৰে৷ সম্প্ৰতি এই হাৰ বাঢ়িছে৷ ভাৰতবৰ্ষতো মুঠ কৃষিভুমিৰ পৰিমাণ টুটি আহিছে৷ খহনীয়া আৰু অনা-কৃষি কাৰ্য্যত ব্যৱহাৰৰ বাবে অসমৰো মুঠ কৃষিভূমি হ্ৰাস হোৱাৰ পাছতো কৃষি উৎপাদন বৃদ্ধি হৈ আছে ঘাইকৈ এবছৰতে এডৰা মাটিতে একাধিক শস্যৰ খেতি (multiple cropping) আৰু উন্নত কৃষি প্ৰযুক্তিৰ ব্যৱহাৰ যেনে অধিক উৎপাদনক্ষম জাত, ৰাসায়নিক সাৰ, কীটনাশক আদিৰ ব্যৱহাৰৰ বাবে৷

এক সবল কৃষি অৰ্থনীতি চিৰকাল টিকি থকাৰ বাবে কৃষিভূমি সুৰক্ষিত হ’ব লাগিবই৷ অন্যথা ভূমিৰ নাটনিৰ বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব৷ কৃষিভূমি যাতে অনা-কৃষিকাৰ্য্যত ব্যৱহৃত নহয় তাৰ বাবে দেশত সুনিৰ্দিষ্ট আইন বলবৎ হৈ আছে৷ এনে আইন থকা স্বত্বেও কৃষিভূমি অনা-কৃষিখণ্ডলৈ হস্তান্তৰিত হোৱাটো বন্ধ হোৱা নাই৷ গৰা খহনীয়া প্ৰতিৰোধৰ প্ৰায়বোৰ আঁচনিয়ে ব্যৰ্থ হৈ প্ৰতিবছৰে শ শ বিঘা মাটি নৈৰ বুকুত জাহ্ গৈছে৷ এয়া সমগ্ৰ কৃষি উৎপাদন ব্যৱস্থাটোৰ প্ৰতিয়ে এক ব্যাপক ভাবুকি৷

ৰাসায়নিক কৃষি প্ৰযুক্তিৰ ব্যৱহাৰৰ এক প্ৰতিকূল দিশ হৈছে মাটিৰ স্বাভাৱিক উৰ্বৰতা হ্ৰাস ঘটা আৰু মাটিৰ প্ৰদূষণ৷ কৃষিভূমিৰ প্ৰদূষণ (Soil pollution) বিষয়টোৱে অসমৰ দৰে ৰাজ্যত পাৰস্পৰিক সম্পৰ্ক আছে৷ উদ্যোগৰ উপজাত দ্ৰব্য বা আন পেলনীয়া সামগ্ৰী যদিহে নৈত পৰে; সেই পানী কৃষিভুমিত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিলে মাটি প্ৰদূষিত হয়৷ ৰাসায়নিক সাৰৰ অসম (imbalance) আৰু অপপ্ৰয়োগৰ বাবেও মাটি প্ৰদূষিত হৈ আছে৷ মাটিৰ প্ৰদূষণে মানৱ স্বাস্থ্যৰ বাবে বিপদ মাতি আনিছে, কিয়নো প্ৰদূষিত মাটিত উৎপাদিত শস্যই শৰীৰত নানান ৰোগ আৰু বেমেজালিৰ সৃষ্টি কৰাৰ বৈজ্ঞানিক তথ্য পোৱা গৈছে৷

পানীৰ নাটনিৰ বাবে বহু ঠাইত শাক-পাচলিত নগৰীয়া নৰ্দমাৰ পানী (Waste water) ব্যৱহাৰ কৰাৰ বতৰি পোহৰলৈ আহিছে৷ এনে লেতেৰা পানীত গধুৰ মৌল (Heavy Metal) ৰ উপস্থিতি ধৰা পৰিছে৷ শস্যই যদিহে এই গধুৰ মৌলবোৰ মাটিৰ পৰা আহৰণ কৰে তেনে এনে গধুৰ মৌল খাদ্যৰ জৰিয়তে মানৱ শৰীৰত প্ৰৱেশৰ সম্ভাৱনা আতি প্ৰৱল৷ বৰ্তমান ৰাসায়নিক সাৰৰ ওপৰত অধিক পৰিমাণে নিৰ্ভৰ কৰি কৰা খেতি বাতিৰ বাবে মাটিৰ ভৌতিক গুণাগুণ হ্ৰাস পাইছে৷ মাটিত জীপ সৰহদিনলৈ নথকা কথাটো সকলোৱে নিশ্চয় মন কৰিছে৷ জৈৱিক সাৰৰ প্ৰয়োগ বন্ধ কৰি একমাত্ৰ ৰাসায়নিক সাৰৰ অধিক ব্যৱহাৰ মাটিৰ স্বাস্থ্যহানিৰ এক অন্যতম কাৰক৷ বৰ্তমান সময়ত জৈৱিক সাৰৰ প্ৰয়োগৰ ওপৰত বিশেষভাৱে জোৰ দিয়া হৈছে৷ বৰ্তমান সৰ্বত্ৰ চৰ্চিত জৈৱিক কৃষি ব্যৱস্থা (organic farming) মাটিৰ স্বাস্থ্য ৰক্ষাৰ বাবে হিতকাৰী কিয়নো এনে ব্যৱস্থাত মাটি প্ৰদূষণৰ সম্ভাৱনা নাথাকে৷ পিচে বৰ্ধিত জনতাৰ বাবে জৈৱিক উপায়েৰে খাদ্য উৎপাদন কৰাটো বাস্তৱসন্মত হ’বনে ?– এই লৈ বিতৰ্কৰ থল নথকা নহয়৷ সম্পূৰ্ণৰূপে জৈৱিক কৃষি ব্যৱস্থা আদৰি লোৱাটো কঠিন যদিও মাটিৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জৈৱিক সাৰ আৰু অন্যান্য জৈৱিক সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি ঘটাব লাগিব৷ জলসিঞ্চনৰ বাবে ভূ জল বা নৈৰ পানীৰ ব্যৱহাৰ সীমিত কৰি বৰষুণৰ পানী সংৰক্ষণৰ বিজ্ঞানসন্মত উপায় অৱলম্বন কৰিব লাগে৷

মাটিৰ স্বাস্থ্য ৰক্ষাৰ বাবে কৃষকসমাজ আৰু নাগৰিক সমাজৰো বহু কৰণীয় আছে৷ মাটি অনুসৰি শস্যক্ৰম (বছৰটোত ক্ৰম অনুসৰি কৰিবলগীয়া শস্য)ৰ ব্যৱহাৰ, সেউজ-সাৰ(Green manuring), জীৱাণুসাৰ (biofertilizer), কেঁচুমোটা সাৰ (Vermicompost), শস্যৰ অৱশিষ্টৰ পুনৰচক্ৰীকৰণ, ধানৰ নৰা জ্বলোৱা বন্ধ কৰা আধি দিশসমূহৰ ওপৰত বিস্তৃত প্ৰশিক্ষণৰ জৰিয়তে এখন পৰিবেশ সচেতন কৃষক সমাজ গঢ়াৰ দিশত আমি অগ্ৰসৰ হব লাগিব৷

নাগৰিক সমাজে সৰু সৰু কামৰ জৰিয়তে মাটিৰ ক্ষয়ীভৱন ৰোধত অৰিহণা যোগাব পাৰে৷ ইটা-ভাটাৰ বাবে খেতিৰ মাটি নষ্ট কৰা, ওপৰৰ মাটি (top soil) কাটি ঘৰৰ ভেটি বন্ধা আদি বন্ধ কৰা উচিত৷ ওপৰৰ সাৰুৱা মাটিৰ পৰিবৰ্তে ঘৰৰ ভেটি বান্ধিবৰ বাবে তলৰ মাটি ব্যৱহাৰ কৰা উচিত৷ মাটি খন্দাৰ পাছত সেই মাটি উন্মুক্ত কৰি ৰাখিলে বৰষুণ আৰু বতাহে সহজে খহাই নিয়ে৷ সেয়ে এনে মাটি ঘাঁহ-বন গজিবৰ বাবে সুচল ব্যৱস্থা কৰি দিব লাগে৷

মাটিৰ প্ৰতি প্ৰকৃত কৃষকৰ মৰম সহজাত৷ কিন্তু প্ৰযুক্তিৰ দৌৰাত্ম্য আৰু মানুহৰ প্ৰকৃতি বিৰোধী স্থিতিৰ বাবে সম্প্ৰতি খেতিৰ মাটি সংকুচিত আৰু প্ৰদূষিত৷ এখন প্ৰকৃতি প্ৰেমী বিজ্ঞানমনস্ক সমাজ গঠন হলেহে আমাৰ কৃষিভূমি সুৰক্ষিত হ’ব৷

লেখক: অঞ্জন কৃষ্ণ শৰ্মা

 

শেহতীয়া উন্নীতকৰণ: : 6/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate