অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেঁচুসাৰ উৎপাদন সম্পৰ্কীয় কিছু তথ্যঃ

কেঁচুসাৰ হ’ল এবিধ উন্নত পদ্ধতিৰে প্ৰস্তুত কৰা পচন সাৰ। আধা পচা জৈৱিক আৱৰ্জনা আৰু কেঁচুৰ বিষ্ঠাখিনিকেই কেঁচুসাৰ বুলি কোৱা হয়।

প্ৰকৃতিত ৩,৩২০ বিধ প্ৰজাতিৰ কেঁচু পোৱা যায়। প্ৰজাতি বিশেষে ইয়াৰ আকাৰ আৰু খাদ্য ভিন ভিন হয়। উদাহৰণস্বৰূপে কিছুমান প্ৰজাতিৰ কেঁচুৱে মাটিৰ লগত জৈৱিক আৱৰ্জনা খায়, আকৌ আন কিছুমান প্ৰজাতিৰ কেঁচুৱে মাটিৰ উপৰিভাগত থকা পচা জাবৰ-জোঁথৰ, পাত আদিহে খায়।

কেঁচুসাৰৰ সংযুক্তি

জলীয় বাষ্প

২০-২২ শতাংশ

জৈৱিক উপাদান

৪০-৪৫ শতাংশ

নাইট্ৰ’জেন

১.২৫-২.০ শতাংশ

পটাছ

০.৯০-১.২৫ শতাংশ

কেলচিয়াম, মেগনেছিয়াম

২২.৬৭-৪৭.৬০ মিলি ইকুইভেলেণ্ট/১০০ গ্ৰাম

লো

১২৮.৭-৫৪৮ পিপিএম

জিংক

৫.৭-১১.৫০ পিপিএম

ফছফৰাছ

১.২৫-১.৭৫ শতাংশ

 

কেঁচুসাৰ প্ৰস্তুতিত ব্যৱহাৰ হোৱা উন্নত জাতৰ কেইবিধমান কেঁচুঃ

 

(১) ইউড্ৰিলাছ ইউগিনি

(২) ইচেনিয়া ফোটিডা

(৩) পেৰিনিক্স এস্কাৱেটাছ (স্থানীয় জাত)

(৪) পেৰিনিক্স ছেনছবেৰিকাছ (স্থানীয় জাত)।

ব্যৱসায় ভিত্তিত কেঁচুসাৰ প্ৰস্তুতিত প্ৰথম দুবিধ প্ৰজাতিৰ ব্যৱহাৰ বেছিকৈ হয়।

উন্নত জাতৰ কেঁচুৰ বৈশিষ্ট্যঃ

 

  • বিভিন্ন পৰিৱেশত নিজকে খাপ খুৱাব পৰা ক্ষমতা।
  • উচ্চ হাৰত বংশ বৃদ্ধি।
  • বছৰজুৰি কম-বেছি পৰিমাণে নিৰ্বিচাৰে খাদ্য খাব পৰা ক্ষমতা।
  • ৰোগ প্ৰতিৰোধী ক্ষমতা।
  • খাদ্যত মেলি দিয়া দিনৰে পৰাই খাদ্য খাবলৈ আৰম্ভ কৰা ক্ষমতা।

জৈৱিক আৱৰ্জনাৰ সংযুক্তিঃ

কেঁচুসাৰ উৎপাদন কৰাৰ বাবে ২০ শতাংশ গোবৰ আৰু ৮০ শতাংশ আন জৈৱিক আৱৰ্জনাৰ সংযুক্তি লোৱা উচিত। জৈৱিক আৱৰ্জনাসমূহ হ’ল- খেতি চপোৱাৰ পাছত সৃষ্টি হোৱা আৱৰ্জনা, ফলমূলৰ বাকলি, বিভিন্ন গছৰ পাত, গুটি নধৰা বনবাত, কলগছ, মেটেকা, পুনি ইত্যাদি। এই সংযুক্তিত উৎপাদন কৰা কেঁচুসাৰৰ গুণগত মান অধিক হোৱা দেখা যায়। অকল গোবৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা কেঁচুসাৰৰ গুণগত মান নিম্ন হয়।

শস্য বিশেষে কেঁচুসাৰ প্ৰয়োগৰ মাত্ৰা

শস্য

পৰিমাণ

নাৰিকল

৩-৫ কিলোগ্ৰাম/গছ

তামোল

৩ কিলোগ্ৰাম/গছ

আনাৰস

৩৫০ কিলোগ্ৰাম/বিঘা

ডালিম/নেমুটেঙা

৩০০-৪০০ কিলোগ্ৰাম/বিঘা (নতুন পুলি)

৬০০-৭০০কিলোগ্ৰাম/বিঘা (পুৰণি পুলি)

কল

৩০০-৪০০ কিলোগ্ৰাম/বিঘা

ধান

৪০০-৫০০ কিলোগ্ৰাম/বিঘা

জলকীয়া

১৫০-২০০কিলোগ্ৰাম/বিঘা

আলু

৩০০-৩৫০ কিলোগ্ৰাম/বিঘা

শাক-পাচলি

৩০০-৪০০ কিলোগ্ৰাম/বিঘা

তেলজাতীয় শস্য (সৰিয়হ, বাদাম)

৩০০-৪০০ কিলোগ্ৰাম/বিঘা

টাবত ৰোৱা ফুল

১০০ গ্ৰাম (সৰু টাব)

২০০ গ্ৰাম (ডাঙৰ টাব)

জৈৱিক আৱৰ্জনাৰ সংযুক্তিঃ

 

  • ধান, মৰাপাট, সৰিয়হ আদিৰ দৰে শস্যৰ ক্ষেত্ৰত কেঁচুসাৰখিনি শেষৰবাৰ হাল বোৱাৰ সময়ত মাটিডৰাত মিহলাই দিয়ক।
  • কবি, বিলাহী, জিকা, লাউ আদি ৰোৱাৰ সময়ত মাটিৰ সৈতে মিহলাই দিয়ক।
  • ফলমূল আদিৰ দৰে শস্যৰ ক্ষেত্ৰত ৰোৱা সময়ৰ উপৰি প্ৰতিবছৰে গছজোপাৰ চাৰিওফালে ৰিং পদ্ধতিত কেঁচুসাৰখিনি মাটিৰ সৈতে মিহলাই দিয়ক।

(উৎসঃ নিয়মীয়া বাৰ্তা, জুমুৰ গোস্বামী, কৃষি উন্নয়ন বিষয়া, কৃষি বিভাগ, অসম)।

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate