অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইবিধমান ভেঁকুৰনাশক দৰব

খেতি পথাৰত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা যায়। এই ৰোগসমূহৰ ভিতৰত কিছুমান ভেঁকুৰজনিত, কিছুমান বেক্টেৰিয়াজনিত, কিছুমান ভাইৰাছজনিত ইত্যাদি। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে ৰোগৰ কাৰকসমূহৰ ভিতৰত ভেঁকুৰজনিত কাৰকেই বেছি। গতিকে বীজ শোধনকে আদি কৰি শস্য পথাৰতো ভেঁকুৰনাশক দৰব প্ৰয়োগ কৰা অতি প্ৰয়োজন। বজাৰত যদিও বিভিন্ন ভেঁকুৰনাশক দৰব কিনিবলৈ পোৱা যায়, তথাপি বহুক্ষেত্ৰত কৃষকে নিজে কিছুমান ভেঁকুৰজনিত কাৰকেই বেছি। গতিকে যদিও বিভিন্ন ভেঁকুৰনাশক দৰব কিনিবলৈ পোৱা যায়, তথাপি বহুক্ষেত্ৰত কৃষকে নিজে কিছুমান ভেঁকুৰনাশক দৰব ঘৰতে বনাই পথাৰত প্ৰয়োগ কৰিব পাৰে। ঘৰতে কেইবিধমান ভেঁকুৰ্নাশক ঔষধৰ প্ৰস্তুত প্ৰণালী তলত আলোচনা কৰা হ’ল-

বৰডো মিশ্ৰণ

পাঁচ লিটাৰ পানী ভৰাব পৰাকৈ এটা প্লাষ্টিক বা আইনাৰ পাত্ৰ যোগাৰ কৰক। এতিয়া পাঁচ লিটাৰ পানী ভৰাব পৰা এটা পাত্ৰত ১০০ গ্ৰাম তুতিয়া (ক’পাৰ ছালফেট) ভালদৰে মিহলাই মুঠ পানীৰ পৰিমাণ ৫ লিটাৰ কৰক। একেদৰে ৫ লিটাৰ পানী ভৰাব পৰা আনটো পাত্ৰত ১০০ গ্ৰাম চূণৰ (কুইক লাইম) গুড়ি ৫০০ মিলিলিটাৰ পানীত ভালদৰে মিহলাই তাৰপাছত তাত পানী মিহলাই মুঠ পানীৰ পৰিমাণ ৫ লিটাৰ বনাওক। মন কৰিব যাতে দুয়োটা মিশ্ৰণতে তুতিয়া আৰু চূণৰ গেদ তলত পৰি নাথাকে। এতিয়া উপৰিউক্ত মিশ্ৰণ দুটা দহ লিটাৰ পানী ভৰাব পৰা পাত্ৰটোত লাহে লাহে আৰু সমান পৰিমাণে ঢালক আৰু লগতে এডাল কাঁচ বা বাঁহৰ মাৰিৰে ভালদৰে ঘুটি থাকক যাতে দুয়োটা মিশ্ৰণ তৃতীয়টো পাত্ৰত ভালদৰে মিহলি হৈ যায়। এনেদৰে মিহলোৱৰ পাছত মুঠ মিশ্ৰণৰ পৰিমাণ ১০ লিটাৰ হ’ব। শস্যত প্ৰয়োগৰ আগতে মিশ্ৰণটোত মুক্ত ক’পাৰ আছে নে নাই তাক পৰীক্ষা কৰি লোৱা উচিত। কাৰণ মুক্ত ক’পাৰ শস্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক তথা বিষাক্ত। পৰীক্ষাৰ বাবে লোৰ কটাৰী এখন ভালদৰে চাফা কৰি প্ৰস্তুত কৰা মিশ্ৰণটোত ডুবাই দিব লাগে। যদি কটাৰীৰ বৰণ ৰঙচুৱা হয় তেন্তে গম পোৱা যায় যে মিশ্ৰ্ণটোত ঢালি ভালদৰে ঘুটি দিয়ক। যেতিয়ালৈকে কটাৰীৰ বৰণ ৰঙচুৱা হোৱাটো বন্ধ নহয় তেতিয়ালৈকে অলপ অলপকৈ মিশ্ৰ্ণটোত চূণৰ পানী মিহলাই থাকক। মন কৰিবলগীয়া কথা এই যে এই মিশ্ৰ্ণটো বনাওঁতে কোনোধৰণৰ ধাতুৰ পাত্ৰ বা মাৰি ব্যৱহাৰ কৰিব নালগে।

ভেঁকুৰজনিত বিভিন্ন ৰোগ যেনেঃ বিলাহী আৰু আলুৰ লেটব্লাইট, চাইট্ৰাছ স্কেব, অমিতাৰ কলাৰ ৰট আৰু ফুট ৰট, তামোল-নাৰিকলৰ বাড ৰট, লিফ ব্লাইট আদিও এই মিশ্ৰ্ণ প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

বিভিন্ন ৰোগ যেনেঃ বিলাহী আৰু আলুৰ লেটব্লাইট, চাইট্ৰাছ স্কেব, অমিতাৰ কলাৰ ৰট আৰু ফুট ৰট, তামোল-নাৰিকলৰ বাড ৰট, লিফ ব্লাইট আদিও এই মিশ্ৰ্ণটো প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

বৰডো পেষ্ট

আধা লিটাৰ পানী ভৰাব পৰাকৈ দুটা আৰু এক লিটাৰ পানী ভৰাব পৰাকৈ এটা প্লাষ্টিক বা আইনাৰ পাৰে যোগাৰ কৰক। এতিয়া আধা লিটাৰ পানী ভৰাব পৰা এটা পাত্ৰত ১০০ গ্ৰাম তুতিয়া (ক’পাৰ ছালফেট) ভালদৰে মিহলাই লওক। একেদৰে আধা লিটাৰ পানী ভৰাব পৰা আনটো পাত্ৰত ১০০ গ্ৰাম চূণৰ (কুইক লাইম) গুড়ি ৫০০ মিলিলিটাৰ পানীত ভালদৰে মিহলি কৰক। এই মিশ্ৰণটোৱেই হৈছে বৰডো পেষ্ট। শস্যৰ বিভিন্ন ৰোগ যেনে- টেঙাজাতীয় শস্যত হোৱা গামোছিছ বা ফাইটেপথোৰা ফুট ৰট আদি ৰোগত প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

চেষ্টনাট কম্পাউণ্ড

প্ৰথমে ৬০ গ্ৰাম তুতিয়া আৰু ৩৩০ গ্ৰাম এমিনিয়াম কাৰ্বনে’ট বেলেগে বেলেগে লৈ ভালদৰে গুড়ি কৰি লওক। তাৰ পাছত দুয়োবিধ পাউদাৰ ভালদৰে মিহলাই বায়ু সোমাব নোৱাৰা পাত্ৰ এটাত ২৪ ঘণ্টাৰ বাবে ৰাখিব লাগে। এতিয়া পাউডাৰৰ মিশ্ৰণটোৰ পৰা ২৫ গ্ৰাম পাউডাৰ লৈ ১০০ মিলিলিটাৰ গৰম পানীত ভালদৰে মিহলাই তাৰ পাছত ৯০০ মিলিলিটাৰ গৰম পানী লৈ উক্ত মিশ্ৰণটোত লাহে লাহে ঢালি ভালদৰে মিশ্ৰণটো বনাব লাগে। এতিয়া ঠাণ্ডা পানী ঢালি মুঠ মিশ্ৰণৰ পৰিমাণ ৮ লিটাৰ বনাব লাগে। এই মিশ্ৰণটো মাটিত ঢালিলে মাটিত থকা বিভিন্ন ভেঁকুৰ ধ্বংস কৰিব পাৰি।

লেখকঃ ঘনকান্ত শৰ্মা আৰু পূৰবী শৰ্মা বৰুৱা, অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 10/7/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate