অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক্ষিপ্ৰতাৰে জালুকৰ পুলি তৈয়াৰ কৰা পদ্ধতি

ক্ষিপ্ৰতাৰে জালুকৰ পুলি তৈয়াৰ কৰা পদ্ধতি

জালুক এবিধ গ্ৰীষ্ম প্ৰধান অঞ্চলৰ লতাজাতীয় শস্য। অসমৰ মাটি আৰু জলবায়ু জালুক খেতিৰ বাবে প্ৰশস্তু হোৱাত অসমতো ইয়াৰ খেতি ব্যৱসায়িক ভিত্তিত কৰিব পাৰি। উন্নত কৃষি পদ্ধতি প্ৰয়োগ কৰি ব্যৱসায়িক দিশত খেতি কৰিবৰ বাবে প্ৰথমে স্বাস্থ্যৱান জালুকৰ উন্নত মানৰ পুলি তৈয়াৰ কৰি ল’ব লাগে। উন্নত জাতৰ সঁচবোৰৰ মাতৃ গছৰ পৰা পুলি তৈয়াৰ কৰিবৰ বাবে কলম ল’ব লাগে। ঘাই লতাডালৰ পৰা ওলোৱা নিৰোগী আৰু উৎপাদনক্ষম লতিবোৰ বাছনি কৰি ল’ব লাগে। লতিবোৰ কাটি লৈ ডালৰ পৰা পাতবোৰ এৰুৱাই দিব লাগে। যদি লতিবোৰৰ গাঁঠিবোৰৰ পৰা শিপাৰ সৰু সৰু টেমুনা ওলাইছে তেন্তে পাতবোৰ এৰুৱাই নিদিলেও হয়। ফল ধৰা ডালবোৰৰ পৰা কলম (অৰ্থাৎ লতিবোৰ) ল’ব নালাগে।

জালুকৰ কলম লোৱা আৰু ৰোৱাৰ সময় চ’ত মাহৰ পৰা বহাগ মাহলৈকে । মাতৃ গছৰ পৰা সংগ্ৰহ কৰা লতিবোৰৰ পৰা ৩/৪ টা গাঁঠি থকা একোটা অংশ (সাধাৰণতে এফুট বা এহাতমান)নিৰ্দিষ্ট পুলিবাৰীত তলৰ গাঁঠি দুটা পোত যোৱাকৈ ৰোপণ কৰিব লাগে। নতুবা এভাগ পচন সাৰ আৰু তিনিভাগ মাটি মিহলাই কৰা মিশ্ৰণ সৰু সৰু পলিথিনৰ মোনাত একোটাকৈ কলম ৰোপণ কৰিব লাগে। পুলিবাৰী বা পলিথিনৰ মোনাত একোটাকৈ কলম ৰোপণ কৰিব লাগে। পুলিবাৰী বা পলিথিনৰ মোনাত কলমবোৰ ৰোপণ কৰাৰ পাছত পুলিবাৰীৰ ওপৰত ছাঁ আৰু প্ৰয়োজন অনুযায়ী পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। যাতে এক- দুমাহৰ ভিতৰত কলমবোৰ বাঢ়িবলৈ ধৰে। পুলিবোৰৰ বয়স ২/৩ মাহ হ’লে পুলিবিলাক পুলিবাৰীৰ পৰা উঠাই স্থায়ী ঠাইত ৰোৱাৰ উপযোগী হয়।

জালুকৰ পুলি ৰোপণ কৰি কম সময়ৰ ভিতৰত অধিক উৎপাদনক্ষম পুলি আৰু অধিক পুলি উৎপাদন কৰিবৰ বাবে এটা পদ্ধতি আছে যাক ক্ষিপ্ৰগতিত পুলি উৎপাদন কৰা পদ্ধতি বোলা হয়। এই পদ্ধতিত এডোখৰ পাতলীয়া ছাঁ পৰা সাৰুৱা মাটি বাছনি কৰি ল’ব লাগে। মাটিডোখৰত এটা ৬০-৭৫ চেণ্টিমিটাৰ দকৈ আৰু ৩০ চে: মিটাৰকৈ বহল এটা সুবিধাজনক দৈৰ্ঘ্যৰ নলা খান্দি ল’ব লাগে। এই নলাটোত সাৰুৱা মাটি, বালি আৰু পচন সাৰৰ এক এক অনুপাতত মিহলাই পুৰ্ণ কৰিব লাগে। নলাটোৰ পৰা দুফুট বা ৬০ চে:মি: আঁতৰত নলাটোৰ দৈৰ্ঘ্যৰ এডাল বাঁহৰ দুটা মুৰত দুটা সৰু সৰু ( ৩ ফুট ওখ) খুঁটা পুতি বাঁহডাল আওজাই দিব লাগে। এতিয়া মধ্যম আকাৰৰ জাতি বাঁহ এডাল দুফাল কৰি ৪-৫ ফুট দীঘলকৈ টুকুৰা কৰি এটা মুৰ নলাটোত গোজ মাৰি আৰু আনটো মুৰ ৪৫ ডিগ্ৰী হিচাপে হেলনীয়া কৰি পথালিকৈ পাৰি দিয়া বাঁহডালৰ ওপৰত আওজাই বান্ধি দিব লাগে। মন কৰিবলগীয়া কথা যে বাঁহৰ ফলা অংশ ওপৰলৈ মুৰ কৰি থাকে। প্ৰতিটো ফলা বাঁহৰ টুকুৰাৰ মাজত ব্যৱধান ৰাখিব লাগে ডেৰফুট (৪৫ চে:মি:)। পাছত প্ৰতিডাল গোজ মাৰি দিয়া বাঁহৰ গুৰিত একোটাকৈ ভাল জালুকৰ পুলি ৰোপণ কৰিব লাগে। আওজাই ৰখা বাঁহৰ ফালটোত থকা প্ৰতিটো গাঁঠিকে গইনা কৰি এক এক অনুপাতত মিহলি কৰি লোৱা সাৰুৱা মাটি আৰু পচন সাৰৰ মিশ্ৰণ একোটা ৰাখিব লাগে।

বাঁহফালৰ গুৰিত ৰোপণ কৰা জালুকৰ পুলিটো সোনকালে বাঢ়ি আহিবৰ বাবে নিয়মমতে সাৰ আৰু পানী যোগান ধৰিব লাগে। ইয়াৰ বাবে ৫০ লিটাৰ পানীত ২০০ গ্ৰাম ইউৰিয়া, ১৫০ গ্ৰাম একক ছুপাৰ ফছফেট, ১০০ গ্ৰাম মিউৰেট অব পটাছ আৰু ৫০ গ্ৰাম মেগনেচিয়াম ছালফেট মিহলাই এটা ঘোল তৈয়াৰ কৰি প্ৰতিজোপা জালুকৰ পুলিত ২৫০ মিলিলিটাৰ সাৰৰ মিশ্ৰণ লাহে লাহে সাৱধানে প্ৰয়োগ কৰিব লাগে। পাছত ক্ৰমান্বয়ে বাঢ়ি অহা জালুকৰ পুলিটো যেতিয়া বাঁহৰ ফালটোৰ ওপৰেৰে বাঢ়ি আহিব আৰু জালুকৰ আগটো বাঁহ ফালটোৰ গাঁঠিত ৰখা মাটি আৰু গোবৰৰ মিশ্ৰণত স্পৰ্শ কৰিব তেতিয়া স্পৰ্শ কৰা প্ৰতিটো গাঁঠিৰ ওচৰত হেঁচা মাৰি বা ওপৰত অকণমান মাটি দি হেঁচি ধৰি সামান্য পানী দি কোমলাই লৈ গাঁঠিটো লাগি ধৰাৰ ব্যৱস্থা কৰিব লাগে। তিনি- চাৰি মাহৰ পাছত যেতিয়া জালুকজোপা বাঁহৰ ফালটোত বগাই বগাই মুৰ পাবগৈ, তেতিয়া লতাডালৰ আগটো ছিঙি দিব লাগে আৰু গুৰিৰ ফালে মাটিৰ পৰা তিনিটা গাঁঠিৰ ওপৰত লতাডাল ঠেতালি দিব লাগে। এনে কৰিলে লতাডালৰ প্ৰতিটো পাতৰ গুৰিত থকা কলিটো বাহিবলৈ বল পায় আৰু সোনকালে বাঢ়ি আহে। ইয়াৰ ১০-১৫ দিনৰ পাছত থেতালি দিয়া অংশত লতাডাল কাটি দিব লাগে। এনে কৰিলে বাঁহৰ ফালটোত বগাই থকা লতাডালৰ প্ৰতিটো গাঁঠিত থকা পাতখিলা আৰু কলিটোৰ সৈতে একোটা নতুন পুলিৰ সৃষ্টি হ’ব। এতিয়া এই পুলিবিলাক বাঁহৰ ফালৰ পৰা মাটি-বালি মিশ্ৰণেৰে ভৰ্তি কৰি লোৱা পলিবেগত ৰোপণ কৰিব লাগে। এইদৰে অকণমান মাটিতে ৪/৫ মাহৰ পাছত একেলগে বহুত পুলি উৎপাদন কৰিব পাৰি। একে পদ্ধতিৰে যদি বাঁহডালৰ দুয়োফালে পুলি ৰোপণ কৰা হয়, তেন্তে দুগুণ পুলি উৎপাদন কৰিব পাৰি।

লেখক: ডা: ৰাজেন্দ্ৰ প্ৰসাদ দাস (দৈনিক জনমভুমি)

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate