অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মকালীন শাক-পাচলিৰ শস্য ৰক্ষাৰ কিছু ব্যৱস্থাৱলী :

গ্ৰীষ্মকালীন শাক-পাচলিৰ শস্য ৰক্ষাৰ কিছু ব্যৱস্থাৱলী :

পাৰিপাৰ্শ্বিক সংগঠনেৰে কীট নিয়ন্ত্ৰণ ব্যৱস্থাপনা: কৃষ্টিগত নাইবা পৰিচৰ্যামূলক ব্যৱস্থাৰে কীট-নিয়ন্ত্ৰণ কৰি জৈৱিক নিয়ন্ত্ৰণ পদ্ধতিসমূহ বঢ়াই তোলা হয়।

মাটিৰ ওপৰভাগত -

  • শস্য পথাৰৰ চাৰিসীমাত ফুল শস্য বা সোনকালে চপাব পৰা নগদী শস্য ৰোপন কৰিব লাগে যাতে অনিষ্টকাৰী কীটৰ প্ৰাকৃতিক শত্ৰু কীটক আমন্ত্ৰণ কৰিব পাৰি।
  • শস্যৰ মাজৰ ঢাপ (বান্ধ) দি তাত ফুল গছ ৰোপন কৰিব লাগে।
  • প্ৰাকৃতিক শত্ৰু কীটবোৰে ফুলৰ পৰা ৰস শুহিবৰ বাবে প্ৰাকৃতিকভাবে গজা কাষৰীয়া বনবাতবোৰ জধে-মধে উভালি পেলাব নেলাগে।
  • কীট : শত্ৰুকীটৰ অনুপাত সঠিক ৰাখিবৰ বাবে বহল ক্ৰিয়াৰ ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰিব নেলাগে।

মাটিৰ তলভাগত -

  • ‘ছেঁই ধৰা জাতীয়’ শস্যৰ লগত শস্যাৱৰ্তন কৰি মাটিত নাইট্ৰজেন মৌলৰ পৰিমাণ বৃদ্ধি কৰা।
  • গোটেই বছৰ জুৰি খেতি কৰা মাটিখিনি আবৃত শস্য/ শস্যৰ অৱশিষ্ট অংশৰে পৰিপূৰ্ণ কৰি ৰাখিব লাগে।
  • পাম সাৰ, কেঁচু সাৰ, শস্যৰ অৱশিষ্ট অংশ আদি মাটিত প্ৰয়োগ কৰি জৈৱিক ক্ৰিয়া খৰতকীয়া কৰিব লাগে।
  • কীটৰ প্ৰাকৃতিক শত্ৰুক ৰক্ষা কৰিবলৈ মাটিখিনি বেছিকৈ খুচুৰি থাকিব লাগে।
  • জীৱানুসাৰৰ লগতে সুষম মাত্ৰাত অন্যান্য মৌল প্ৰয়োগ কৰিব লাগে।
  • জৈৱিক কীটনাশক যেনে, ট্ৰাইক’ডাৰমা প্ৰজাতি ভেঁকুৰ, চিউড’মনাচ ফ্লৰেন্স বেক্টেৰীয়াক বীজ শোধন আৰু পুলিবাৰীত প্ৰয়োগ কৰাৰ উপৰিও মূল পথাৰত প্ৰয়োগ কৰিব লাগে।

সমন্বিত কীট-নিয়ন্ত্ৰণ ব্যৱস্থাপনা -

মাটি প্ৰস্তুতিৰ সময়ত:

  • বীজ সিঁচাৰ ২-৩ সপ্তাহ আগতে বিঘাই প্ৰতি কমেও ১০-১৫ কুইন্টল গোৱৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে।
  • মাটি সৌৰকৰণ: বীজ সিঁচাৰ আগতে ভেটিবোৰ পলিথিনেৰে (০.৪৫ মিলিমিটাৰ ডাঠ) ৩ সপ্তাহৰ বাবে ঢাকি ৰাকিব লাগে। এনে কৰিলে মাটিত থকা অনিষ্টকাৰী বীজাণুবোৰ কমি যায়।
  • নিম/ কৰচ গুটিৰ খলিহৈ (বিঘাই প্ৰতি প্ৰায় ৩০ কিলোগ্ৰাম) শেষৰ চাহ হালবোৱাৰ সময়ত প্ৰয়োগ কৰিলে শস্যকৃমি আৰু মাটিত বাহ সাজি থকা কীট নিয়ন্ত্ৰণ হয়।
  • জৈৱিক কীটনাশক যেনে, ট্ৰাইক’ডাৰমা প্ৰজাতি ভেঁকুৰ ( প্ৰতি বিঘাত ২.৫ কিলোগ্ৰাম) পচন সাৰৰ লগত মিহমলাই মাটিত প্ৰয়োগ কৰিব লাগে।

পুলি অৱস্থাত -

ৰঙা বিটল পোক:

  • এই পোকৰ লেটা, কণী আদি মাটিতে থাকে বাবে খেতি কৰাৰ আগতেই মাটিডৰা দ’কৈ চহাব লাগে যাতে সেইবোৰ মাটিৰ ওপৰত ওলাই ৰ’দৰ তাপত অনিষ্ট হয়।
  • নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

বাঢ়ন অৱস্থাত:

  • শস্য জোপা যাতে অণুপুষ্টি মৌলৰ অভাৱত নুভোগে তাৰবাবে অণুসাৰ (প্ৰতি লিটাৰ পানীত ৩-৫ গ্ৰাম) পাতত স্প্ৰে কৰিব লাগে।
  • মতা আৰু মাইকী ফুলৰ অণুপাত সঠিক ৰাখিবৰ বাবে ব’ৰণ সাৰ ( ১ গ্ৰাম প্ৰতি লিটাৰ পানীত) পুলি দুপতীয়া অৱস্থাতে স্প্ৰে কৰিব লাগে।
  • পুলি ৩০ দিনীয়ালৈকে বন-বাত চাফা কৰিব লাগে।
  • বেমাৰী পুলি আৰু বেমাৰী ডাল-পাতবোৰ আঁতৰাই পেলাব লাগে।
  • গুৰিত পানী জমা হ’বলৈ দিব নেলাগে।
  • পাতত সুৰঙ্গ সৃষ্টিকাৰী পোক (Serpentine leaf miner) নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত এৰা, বিলাহী বা নাৰ্জী ফুল প্ৰতিৰোধী শস্য হিচাপে ৰোপন কৰিব লাগে।
  • হালধীয়া আঠাযুক্ত কাৰ্ড বা ফান্দ (প্ৰতি বিঘা মাটিত ৩ খনকৈ) আঁৰি দিব লাগে।
  • প্ৰাকৃতিক শত্ৰু পোক যেনে, মকৰা, লেডি বাৰ্ড বিটল, লেচ উইং আদিক সংৰক্ষণ কৰিব লাগে।
  • নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।
  • মোৱা পোক নিয়ন্ত্ৰণৰ বাবে শস্যডৰাৰ কাষত উৰহী, নিজে গুটি সৰি পৰা ফুল বৰ্ষীয় আৰু বহুবৰ্ষীয় শস্য আদি ৰোপন কৰিব লাগে।
  • অতিমাত্ৰা আক্ৰমণিত হ’লে ‘ইমিডাক্লপিদ’৭০% ডব্লিউ জি ( প্ৰতিবিঘাৰ বাবে ৫ গ্ৰাম ৬৫ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।
  • পাতত ফুটফুটীয়া দাগ পৰা ৰোগ নিয়ন্ত্ৰণৰ বাবে ঝিনেব ৭৫% ডব্লিউ পি (প্ৰতিবিঘাৰ বাবে ১০০-৩০০ মিলিলিটাৰ ২০০-২৫০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।
  • ‘তিঁয়হ মজাইক ভাইৰাছ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ বাহক মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগিব।
  • ‘পাউদাৰী মিলডিউ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্বানডাজিম ৫০% ডব্লিউ পি (৪০ গ্ৰাম ৮০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।
  • ‘ডাউনিমিলডিউ’ ৰোগ নিয়ন্ত্ৰণৰ বাবে ঝিনেব ৭৫% ডব্লিউ পি (২০০-২৬৫ গ্ৰাম ১০০- ১৩০ লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।
  • কলি ধৰা অৱস্থাত:
  • অণুপুষ্টি মৌলৰ অভাৱ দূৰ কৰিবলৈ অণুসাৰ (প্ৰতি লিটাৰ পানীত ৩-৫ গ্ৰাম) পাতত স্প্ৰে কৰিব লাগে।
  • বৰল জাতীয় ফল মাখি নিয়ন্ত্ৰণৰ বাবে আক্ৰমণিত ফলবোৰ সংগ্ৰহ কৰি আঁতৰত ধ্বংস কৰি পেলসাব লাগে।
  • ফল চপোৱাৰ পিছত চাঙৰ তলৰ মাটিখিনি পাতলীয়াকৈ খুচুৰি-মেলি দিব লাগে।
  • মিথাইল ইউজেনল (০.১%) ফান্দ ব্যৱহাৰ কৰিব লাগে। (এইবিষয়ে সবিশেষ লিখনিৰ লগত সংলগ্ন ফটো চাওক)
  • নিম গুটিৰ খোলাৰ পৰা নিষ্কাষিত ৰস (৫%) পুলিবোৰত স্প্ৰে কৰিব লাগে।

উৎস: সেউজ চিন্তা

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate