শাক-পাচলিৰ বাৰীত সাধাৰণতে দেখা দিয়া এক অনিষ্টকাৰী পোক হ’ল ভূঁৰ পোক। এই পোকৰ পলুবিলাকেহে শাক-পাচলিৰ পুলিবিলাকৰ অনিষ্ট সাধন কৰে। পুলি অৱস্থাত থকা শস্যৰ গুৰিতে কাটি পেলোৱাটো ইয়াৰ বৈশিষ্ট্য। দেখাত মুগা বা কজলা বৰণৰ পোকবিলাকে দিনৰ ভাগত মাটিৰ তলত লুকাই থাকি ৰাতি অনিষ্ট কৰে। পূৰ্ণাংগ পোকবিলাক পখিলা হয়। কবি, বিলাহী, বেঙেনা, জিকা, ফ্ৰেণ্সবীন, আলু আদি আৰু শাক যেনে- পালেং, লাই আদিৰ পুলিবিলাক ইহঁতৰ আক্ৰমণৰ পৰা সাৰি নাযায়। গ্ৰীষ্মকালতকৈ শীতকালত ইহঁতৰ আক্ৰমণ অধিক হয়। হাতেৰে চুই দিলে ইংৰাজী চি আখৰটোৰ আকৃতিৰ দৰে হোৱা ভূঁৰ পোকবিলাকৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ শস্য ৰোৱাৰ পূৰ্বেই পথাৰত মাটি চহোৱাৰ সময়ত মালাথিয়ন ৫ ভাগ শক্তিযুক্ত পাউদাৰেৰে ৩.৫ কেজিৰ পৰা ৪ কেজিলৈ বিঘাই প্ৰতি প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি মাটি চহোৱাৰ পূৰ্বে জাবৰ-জোঁথৰবিলাক ভালদৰে চিকুণাই পুৰি ল’ব লাগে।
উত্সঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 3/5/2020