অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধানৰ সুস্থ সবল কঠীয়া কেনেকৈ পাব পাৰি

ধানৰ সুস্থ সবল কঠীয়া কেনেকৈ পাব পাৰি

 

কথাতে কয় “বাই গুণে ভিনিহি, কঠীয়া গুণে কিৰিষি।” অর্থাৎ বাইদেউ গৰাকী যদি ভাল হয় তেন্তে ভিনিহিজনেও আমাক মৰম-চেনেহ কৰিব। সেইদৰে  কঠীয়াখিনি যদি ভাল হয় তেন্তে ৰোৱাখিনিৰপৰা ভাল উৎপাদন আশা কৰিব পাৰি।  কিন্তু দেখা যায় যে প্রায়বোৰ কৃষকে ভাল জাত এটা লৈয়ো কঠীয়া সিঁচা আৰু যতন লোৱাত বিশেষ মনোযোগ নিদিয়ে, যাৰ বাবে আশা কৰা মতে উৎপাদন নাপাই হতাশ হয়। আনহাতে বহুতো কৃষকে কঠীয়াতলিখন সঠিকভাবে প্রস্তুত নকৰা বাবে অধিক বীজ ব্যৱহাৰ কৰিবলগীয়া হয়, যাৰ বাবে খৰছ বেছি হয়। সেয়ে কঠীয়া সিঁচা আৰু যতন লোৱাৰ বিষয়ে কিছু কথা জানি কম পৰিমাণৰ বীজৰপৰা সুস্থ সৱল কঠীয়া পাব পৰাৰ কৌশলৰ সেই বিষয়ে বুজি  লওঁ আহক।

প্রথমে নির্দ্দিষ্ট সংখ্যক বীজ পেট্রপ্লেটত ব্লটিং পেপাৰ বা খবৰ কাগজৰ ওপৰত থৈ তাত পানী দি জেকাই ল’ব। প্লেটখন ঢাকি দি দুদিনমানৰ পাছত গজালি ওলোৱা বীজৰ হিচাপ কৰিব। ৮০-৮৫% বীজৰ গজালি ওলালে বীজখিনি সুবীজ বুলি ক’ব পাৰি। এনে বীজ ব্যৱহাৰ কৰিব ।

সিঁচাৰ আগেয়ে বীজখিনি শোধন কৰক। ইয়াৰ বাবে প্রতি কি:গ্রাম বীজ শোধন কৰিবলৈ মেনক’জেব নাইবা কেপটান নামৰ ঔষধৰ আঢ়ৈ গ্রাম অথবা কার্বেনডাজিমৰ এক গ্রাম কিছু পানীত মিহলাই তাত বীজখিনি ২৮ ঘন্টা তিয়াই পাছত ভালদৰে টুকি গাপ দিব।

কঠীয়াতলিখন ১.২৫ মিটাৰ( ৪ফুট) বহল কৰি দুখন তলিৰ মাজত এফুটমান বাট ৰাখিব। ১.২৫ মি: বহল আৰু ১০ মি: দীঘল এনে একোটা চিটাত ২০-৩০ কি:গ্রাম গোবৰ নাইবা পচন সাৰ, ৮০ গ্রাম ইউৰীয়া, ৮০ গ্রাম একক চুপাৰ আৰু ৪০ গ্রাম মিউৰিয়েট-অব-পটাছ মিহলাই ভেটিটো কামি এডালেৰে সমান কৰিব।

এনে একোখন চিটাত মোটা ধানৰ ১কি:গ্রাম, মজলীয়া আকাৰৰ ৮০০ গ্রাম নাইবা মিহি ধানৰ ৬৫০ গ্রাম সিঁচিব। দুখন তলিৰ মাজৰ বাটটোত প্রয়োজন সাপেক্ষে পানী ভৰাব নাইবা উলিয়াব পাৰিব ।
গজালি মেলাৰ পাছৰে পৰা কঠীয়খিনি চাই থাকিব আৰু পোক-পৰুৱা, বেমাৰ-আজাৰ লগা দেখিলে ব্যৱস্থা গ্রহণ কৰিব।

ওপৰত উল্লেখ কৰা ধৰণেৰে কঠীয়া পাৰি নির্দিষ্ট দূৰত্বত প্রতিটো গোছাত ২-৩ ডাল কঠীয়া ৰুলে ৩-৫ কি:গ্রাম বীজৰ কঠীয়াৰে এবিঘা মাটি ৰুব পৰা যাব।

 

লেখক :- ডঃ ছাদিকুল হুছেইন

উৎস :- কৃষি জিজ্ঞাস (সেউজী ধৰণী)

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate