অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকল গছৰ ৰোপণ পদ্ধতি আৰু ল’বলগীয়া যতন

নাৰিকল গছৰ ৰোপণ পদ্ধতি আৰু ল’বলগীয়া যতন

অসমৰ প্ৰায়বোৰ পৰিয়ালত বহলকৈ নহলেও দুই এজুপী নাৰিকলৰ গছ সচৰাচৰ দেখা যায় । ব্যৱসায়িক ভিত্তিত উন্নত পদ্ধতিত কৰা নাৰিকল খেতি অতি দীৰ্ঘম্যাদি লাভজনক খেতি ।

পিছে বহুতৰেই নাৰিকল গছৰ জাত বাচনি বা সথিক যতনৰ অভাৱত আশানুৰুপ ফল পোৱাটো দেখা নাযায় ।সেয়ে তলত নাৰিকলৰ ৰোপণ তথা যতন সম্পৰ্কে কিছু পদ্ধতি আগবঢ়োৱা হল ।
অসমৰ বাবে উন্নত জাতবোৰ হল- Assam tall, TxD hybrid, Bengai hazari, Bengal selected আদি । এইবোৰ জাত নাপালেও ১৫বছৰৰ পৰা ২৫বছৰ বয়সৰ অধিক ফল দিয়া নিৰোগী যিকোনো জাতৰ চেপ্তেম্বৰৰ পৰা ডিচেম্বৰত পুৰঠ হোৱা নাৰিকলৰ সচ বাচনি কৰিব পাৰে ।
বীজ পোতাৰ সময় -ডিচে: জানু: ফেব্ৰু: । ওখ বালিচহীয়া জীপ থকা মাটি চহ কৰি নাৰিকলবোৰ থিয় বা পথালিকৈ পুতি থব । উই পোকে নাখাবৰ বাবে এলড্ৰেক্স5% বা মালাথিয়ন পাওডাৰ মাটিত মিহলাই দিব ।

পুলি ৰোপণ -

নাৰিকল পুলি ৰুব লাগে বুলি বহুতেই কৰবাৰ পৰা যেই সেই পুলিটো আনি অকনমান মাটি খান্দি পুতি থৈয়ে লেঠা সামৰে । অধিক ফল পাবলৈ নিজে বা আন বিশ্বাসী লোকৰ ওপৰত দিয়া পদ্ধতিগতভাৱে গজোৱা তজবজীয়া ৪/৫টা পাত থকা পুলি সংগ্ৰহ কৰাতো ভাল । পুলিৰ বয়স ৯মাহৰ পৰা এবছৰীয়া হব লাগে ।

ৰোপণৰ সথিক সময় -

মাৰ্চ-এপ্ৰিল বা চেপ্তে : - অক্টোবৰ । পুলি ৰোপন কৰা স্থান পানী জমা নোহোৱা ওখ ৰ'দ পৰা হব লাগে আৰু পুলিৰ ব্যৱধান - ২০ ৰ পৰা ২৫ ফুট বা ১২ হাতৰ পৰা ১৬ হাত । ওচৰত অইন ওখ গছ নথকা ভাল । পুলি ৰোপনৰ কেইদিনমান আগেয়ে দীঘে পথালীয়ে ১মি: আৰু ১মি: দকৈ গাত খান্দিব আৰু মাটিখিনি শুকাবলৈ দিব । গাত খান্দোতে ওপৰৰ এফুট মাটি একাষৰীকৈ থব ।
ইফালে গাতত বেচিকৈ শুকান তুহ ,খেৰ জাবৰ আদি ভৰাই জ্বলাই দিব । পিছদিনা ছাই খিনি উঠাই শুকান মাটি , শুকান গোবৰ , ভঙা ইটা ,ভঙা কলহ আদিৰে তৰপে তৰপে গাতটো এফুট বাকী ৰাখি পুতি দিব । (মাটিখিনি আলতিয়া বা টান হলে কিছু বালি মিহলাই দিব পাৰে ) বাকী থকা এফুট আগতে বেলেগকৈ ৰখা উপৰুৱা পলসুৱা মাটিৰ লগত এপাচি শুকান গোবৰৰ লগতে ৫০ গ্ৰাম মালাথিয়ান বা ৫% এলড্ৰেক্স পাওডাৰ মিহলাই লৈ গাতটো পুতি দিয়াৰ লগতে পুলিটো ৰোপন কৰক । পুলিৰ চাৰিওফালে জীপাল হৈ থকাৰ বাবে কিছু নাৰিকলৰ বাকলি পুতি দিব পাৰে । কাষৰ মাটিখিনি হেচি দিব । ওপৰত কিছু ভঙা ইটা চাৰিওফালে দিব পাৰে । বতৰ খৰাং হলে কিছু পানী দিব । গৰু ছাগলীৰ পৰা সুৰক্ষাৰ বাবে বেৰ বা ঘেৰ দিব । ৬০ /৭০ বছৰলৈ ফল আশা কৰিব খোজা দীৰ্ঘম্যাদী নাৰিকল গছ জুপী ৰোপনত খৰখেদা নকৰি কিছু কষ্ট বা খৰছ হলেও এনেদৰে ওপৰোক্ত পদ্ধতিখিনি নিশ্চয় কৰিব ।

লবলগীয়া যতন -


ৰোপণৰ পিছতে অধিক উৎপাদনৰ বাবে যথাযথ জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰ, পানী যোগান আৰু বেমাৰ আজাৰ আদিৰ প্ৰতি লক্ষ ৰখাতো নিত্যান্তই প্ৰয়োজন ।
সাৰ দিয়া আঙুঠী (ৰিং)পদ্ধতি- গছজোপাৰ চাৰিওফালে ঘুৰনীয়াকৈ গাত খান্দি সাৰ দিয়াকে আঙুঠী বা ৰিং পদ্ধতি বোলে । এই গাতবোৰ ৮-১২ইঞ্চি দ আৰু বহলকৈ খান্দি সাৰ দিয়া হয় ।
পুলিৰ পৰা গাতৰ দুৰত্ব ১ম বছৰ ২ফুট , ২য় ব.- ৩' ,৩য় ব. -৪' ৪ৰ্থ ব. - ৫' , ৫ম আৰু আগলৈ ৬ফুট দুৰত্বত খান্দিব।
পুলি ৰোপণৰ এবছৰ পিছৰ পৰা প্ৰতি ছমাহৰ অন্তৰে অন্তৰে অৰ্থাত মাৰ্চ-এপ্ৰিলত এবাৰ আৰু চেপ্তেম্বৰ-অক্টোবৰত এবাৰ সাৰ দিয়াতো উচিত প্ৰতি ছমাহত দিবলগীয়া সাৰৰ পৰিমান বছৰ ইউৰিয়া চুপাৰ পটাচ পচন সাৰ ২বাৰকৈ গ্ৰাম গ্ৰাম গ্ৰাম কি:গ্ৰা: :-
১ম ১৫০ ২৫০ ১৭৫ ৫
২য় ৩০০ , ৫০০ ৩৫০ ১০
৩য় ৪৫০ ১০০০ ৭০০ ১৫
৪ৰ্থ ৬০০ ১৫০০ ৮৭৫ ২০
৫ম আৰু
আগলৈ ৭৫০ ২০০০ ১০০০ ২০/৩০
বৰন ৰ অভাৱত হব পৰা ৰোগ প্ৰতিকাৰৰ বাবে প্ৰতিবাৰ দিয়া সাৰৰ লগত ২৫ গ্ৰামকৈ
বৰাক্স পাউডাৰ (সুৱগা) দিব । ঘুৰণীয়াকৈ আটাই খিনি সাৰ দি গাতটো পুৰাই দিব । (অন্যান্য জৈৱিক সাৰ দিলে ৰাসা: ইউৰীয়া সাৰৰ মাত্ৰা কমাব পাৰে)

বেমাৰ আজাৰ -

নাৰিকল গছত কীট পটঙ্গ বা ভেকুৰজনীত বিভিন্ন ৰোগ হব পাৰে । যেনে :- গড়পোক, ফুল বা ফল খোৱা পোক ,থোৰ পচা , মুকুটবন্ধন, ঘূনে ধৰা বা ভিতৰি সুৰুঙা কৰা, গা গছৰ পৰা এঠা ওলোৱা , ফল সৰা, গেনোডাৰ্মা আদি । পোকৰ বাবে ১০%বি এই চি পাওডাৰ বা অইন কীটনাশক পাওদাৰৰ সৰু সৰু কাপোৰৰ টোপোলা ওপৰত চুকে চুকে দিব পাৰে ভেকুৰজনীত ৰোগৰ বাবে বৰ্ডো মিশ্ৰন অৰ্থাত চুন আৰু তুতীয়া সমানে সমানে লৈ ১০ গুণ পানী মিহলাই ভালদৰে গোটেই গছজোপাত তলে ওপৰে চতিয়াব ।ঘুণে ধৰা বা সুৰুঙা বা এঠা ওলোৱা দেখিলে ভালদৰে চফা কৰি চুন+তুতীয়া গুৰি ভিতৰত সুমাই (অইন কীট বা ভেকুৰ নাশকো দিব পাৰে) বোকা বা আলকাটাৰে বন্ধ কৰি দিব । হৰম'নৰ অভাৱত ফল সৰিব পাৰে । প্ৰতিকাৰৰ বাবে হৰমোন 4-d(60ppm) বা পেনোফিক্স 10ppm দৰৱ ১মিলি: + ৪লি পানীত মিহলাই ফুল বা সৰু ফলত চতিয়াব পাৰে । মাজে মাজে শুকান পাত আদি চফা কৰিব ।
মুঠতে নাৰিকল গছৰ পৰা ভাল ফল পাবলৈ হলে ( নিজৰ সন্তানৰ নিচিনা )যথোচিত আপডাল আৰু যতন লবই লাগিব । আৱশ্যক বোধে বিশেষজ্ঞ কৃষি বিষয়াৰ পৰামৰ্শ লব বা নাৰিকল খেতি বিষয়ক পুস্তিকা সংগ্ৰহ কৰিব ।

লেখক :- যতীন দাস

শেহতীয়া উন্নীতকৰণ: : 5/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate