অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰ্চাৰী স্থাপনৰ বাবে উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে আগবঢ়োৱা সুবিধাসমূহ

নাৰ্চাৰী স্থাপনৰ বাবে উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে আগবঢ়োৱা সুবিধাসমূহ

ধান, মাহ, সৰিয়হ আদিৰ দৰে পথাৰ শস্যৰ উৎপাদনৰ ক্ষেত্ৰত উচ্চমানৰ বীজে যেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদ্যান শস্য বিশেষকৈ ফলমূলৰ ৰোপণ সামগ্ৰী অচিনাকী উৎসৰ পৰা সংগ্ৰহ কৰাৰ ফলত ফলমূলৰ গছজোপাৰ পৰা আশানুৰূপ উৎপাদন পোৱা নাযায়। যিহেতু অধিকাংশ ফল-মূলৰ গছেই বহুবৰ্ষীয় সেয়েহে এইসমূহৰ ৰুবলগীয়া পুলিটো অতি সতৰ্কতাৰে নিৰ্বাচন কৰাতো প্ৰয়োজনীয়।

ফলমূলৰ পুলিৰ বাবে সাধাৰণতে পুলিবাৰী এখন বা নাৰ্চাৰী এখনেই নিৰ্ভৰযোগ্য উৎস। কিন্তু প্ৰায়বোৰ পুলিবাৰীত সাধাৰণতে বীজৰ পৰা বিস্তাৰিত পুলিহে সহজলভ্য। বীজৰ পৰা হোৱা পুলিত ফল ধৰোতে যথেষ্ট সময় লগাৰ উপৰিও ইয়াত মাতৃ গছৰ চৰিত্ৰ অক্ষুন্ন নাথাকে বাবে মানবিশিষ্ট উৎপাদন পোৱা নাযায়। সেইবাবে ফলমূলৰ পুলি সৈতে পুলিটো অংগজ প্ৰজনন পদ্ধতিৰে উৎপাদন কৰা হৈছেনে সেয়া নিশ্চিত কৰি লোৱা উচিত।

অনুমোদিত উৎসৰ পৰা মাতৃগছ সংগ্ৰহ কৰি ভিন্ন প্ৰকাৰৰ অংগজ প্ৰজনন পদ্ধতিৰে ৰোপন সামগ্ৰী উৎপাদন কৰিবলৈ সক্ষম হোৱা নাৰ্চাৰী বা পুলিবাৰী একোখনক ৰাষ্ট্ৰীয় উদ্যানশস্য পৰিষদৰ স্বীকৃত নাৰ্চাৰী হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰা হৈছে। নাৰ্চাৰীখনৰ মানৰ ওপৰত নিৰ্ভৰ কৰি নাৰ্চাৰীসমূহক একৰ পৰা পাঁচ তৰা চিহ্নযুক্ত নাৰ্চাৰী হিচাপে স্বীকৃতি দিয়া হয়। অসমত সদ্যহতে অকল তিনিচুকীয়াত থকা নেমুটেঙা গৱেষণা কেন্দ্ৰইহে তিনিৰ্তৰাযুক্ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, অকল স্বীকৃত নাৰ্চাৰীকহে ৰাজসাহাৰ্য্য আগবঢ়োৱাৰ বাবে যি চিন্তা-চৰ্চা কৰি থকা হৈছে, সেয়াও নাৰ্চাৰীখণ্ডৰ উন্নয়নৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হ’ব বুলি ভবা হৈছে।

শেহতীয়াভাৱে অসম চৰকাৰৰ কৃষি আৰু উদ্যানশস্য সঞ্চালকালয়ে ব্যৱসায়িকভিত্তিত স্থাপন কৰা পুলিবাৰীসমূহক অধি-স্বীকৃত কৰিবলৈ ব্যৱস্থা লৈছে। উদ্যান শস্যৰ অভিযান নামৰ কেন্দ্ৰীয় খণ্ডৰ আঁচনিখনৰ জৰিয়তে নাৰ্চাৰী উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী ঔদ্যোগীসকললৈ বিশেষ সুবিধা আগবঢ়োৱা হৈছে। এই সুবিধাসমূহ এনেধৰণৰ:

  • চৰকাৰী খণ্ডত ৪ হেক্টৰ আয়তনৰ ডাঙৰ নাৰ্চাৰী স্থাপনৰ বাবে ১০০ শতাংশ ৰাজসাহাৰ্য্যৰে ২৫ লাখ টকা।
  • ব্যক্তিগত খণ্ডত ৪ হেক্টৰ আয়তনৰ ডাঙৰ নাৰ্চাৰী স্থাপনৰ বাবে ৫০ শতাংশ ৰাজসাহাৰ্য্যৰে ১২.৫০ লাখ টকা।
  • ব্যক্তিগত খণ্ডত ১ হেক্টৰ  আয়তনৰ ক্ষুদ্ৰ নাৰ্চাৰী স্থাপনৰ বাবে ৫০ শতাংশ ৰাজসাহাৰ্য্যৰে ৩.১২৫ লাখ টকা।

নাৰ্চাৰী স্থাপনৰ বাবে এনেবোৰ সুবিধাৰ উপৰিও কৃষকসকলৰ মাজত জনপ্ৰিয় হৈ উঠা কলাকৰ্ষণ বা টিছু কালছাৰ পদ্ধতিৰে উৎপাদিত পুলি সহজলভ্য কৰি তুলিবলৈ ৫০ শতাংশ ৰাজসাহাৰ্য্যৰে ব্যক্তিগত খণ্ডত টিছু কালছাৰ পৰীক্ষাগাৰ স্থাপনৰ সুবিধা আছে। এনে ৰাজসাহাৰ্য্যৰ পৰিমাণ ৫০ লাখ টকা।

উল্লেখ্যযোগ্য যে, ২০১২-১৩ চনত কেন্দ্ৰীয় চৰকাৰে অসমলৈ গুণগত মানৰ ৰোপন সামগ্ৰী উৎপাদনৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে উদ্যান শস্য অভিযানৰ জৰিয়তে যথেষ্ট সা-সুবিধা আগবঢ়াইছে।

চৰকাৰী আৰু ব্যক্তিগত খণ্ডত ক্ৰমে ৪ খন আৰু ২ খন ডাঙৰ নাৰ্চাৰী, ব্যক্তিগত খণ্ডত ২০ খন ক্ষুদ্ৰ নাৰ্চাৰী আৰু এটা টিছু কালছাৰ পৰীক্ষাগাৰ স্থাপন কৰিবলৈ আগবঢ়োৱা সুবিধাৰে আমাৰ ৰাজ্যখন অচিৰেই কমলা, নেমু, লিচু, মধুৰিআম, কাজুবাদাম, আম আদি বহুবৰ্ষীয় ফলৰ গুণগত ৰোপন সামগ্ৰী উৎপাদনৰ উপৰিও কল, অৰ্কিড, জাৰবেৰা আদিৰ টিছু কালছাৰ পদ্ধতিৰে উৎপাদিত পুলিৰ ক্ষেত্ৰত স্বাৱলম্বী হৈ উঠিব বুলি আশা কৰা হৈছে।

লিখকৰ নাম: খগেন্দ্ৰ শৰ্মা, কৃষি বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate