অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাম পৰিকল্পনা :

পাম পৰিকল্পনা :

 

পাম পৰিচালনা মানে কি?

পাম পৰিচালনা হ’ল কোনো এখন পামত ধাৰাবাহিকভাৱে সবোৰ্চ লাভ আৰু সন্তোষৰ বাবে ইয়াৰ উৎসসমূহৰ তথা বিকল্প ব্যৱহাৰৰ ক্ষেত্ৰত এক সঠিক সিদ্ধান্ত লোৱা এক বিজ্ঞানসন্মত পদ্ধতি।

কৃষি ব্যৱসায় পৰিচালনা -

ব্যৱসায়িক নীতি আৰু কৰ্মপন্থাৰ দ্বাৰ পাম ব্যৱসায়ৰ সিদ্ধান্ত গ্ৰহণ।

লক্ষ্য:

ক)উন্নত জীৱন-যাপন

খ)সৰ্বোচ্চ প্ৰকৃত আয় আৰু সন্তোষ।

পামৰ উৎসসমূহ:

ক)মূলধন, শ্ৰম, মাটি, ঘৰ আদি

খ)বিকল্প ব্যৱহাৰ।

প্ৰকৃত আয় নিৰৱচ্ছিন্নভাৱে গোটেই পামৰ পৰা সবল কৃষি আঁচনিৰ দ্বাৰা প্ৰচলিত কৃষি আইনৰ লগত সঙ্গতি।

পাম পৰিচালনাৰ সিদ্ধান্তসমূহ -

উৎপাদন আৰু আন্তঃগাঠনিমূলক সিদ্ধান্ত:

কৌশলপূৰ্ণ সিদ্ধান্ত:

*পামৰ আকাৰ

*যন্ত্ৰ-পাতি আৰু পশুধন

*ঘৰ-বাৰী সঁজা

*জলসিঞ্চন, সংৰক্ষণ আৰু পুনৰ গঠন।

কাৰ্যকৰী সিদ্ধান্ত -

*কি উৎপাদন কৰিব?

*কিমান উৎপাদন কৰিব?

*কেনেকৈ উৎপাদন কৰিব?

*কেতিয়া উৎপাদন কৰিব?

প্ৰশাসনীয় সিদ্ধান্ত -

*টকা ক’ৰ পৰা আহিব? সঠিক পৰিমাণৰ ধন আৰু সঠিক সময়ত।

*পামৰ তত্বাৱধান-সময়

*হিচাপ-পত্ৰ সংৰক্ষণ

*চৰকাৰী আঁচনি

বিপনন সিদ্ধান্ত:

ক্ৰয় সম্পৰ্কীয়:

*কি কি কিনিব?

*কেতিয়া কিনিব?

*কাৰ পৰা কিনিব?

*কেনেকৈ কিনিব?

বিক্ৰি সম্পৰ্কীয়:

*কি কি বিক্ৰী কৰিব?

*কেতিয়া বিক্ৰী কৰিব?

*ক’ত বিক্ৰী কৰিব?

*কেনেকৈ বিক্ৰি কৰিব?

সুস্থ কৃষিপাম পৰিকল্পনাৰ ক্ষেত্ৰত থাকিবলগীয়া গুণসমূহ -

*পামৰ উৎসসমূহ যেনে- মাটি, শক্তি আৰু যন্ত্ৰপাতি আদিৰ সঠিক ব্যৱহাৰ।

*পামৰ বিভিন্ন খণ্ডবোৰৰ সুষম সংযোজন

ক)খাদ্যশস্য, নগদ শস্য আৰু ঘাঁহজাতীয় শস্যৰ নিম্নতম উৎপাদনৰ ব্যৱস্থা।

খ)মাটিৰ সাৰুৱা গুণ ৰক্ষা কৰা আৰু উন্নত কৰা।

গ)পামৰ আয় অক্ষুন্ন ৰক্ষা আৰু বৃদ্ধি কৰা।

ঘ)গোটেই বছৰ জুৰি মাটি, শক্তি আৰু পানীৰ বিতৰণ আৰু ব্যৱহাৰ উন্নত কৰা।

*অতিমাত্ৰা প্ৰত্যাহবান এৰাই চলা।

*পামৰ পৰিকল্পনাত সাল-সলনিৰ ব্যৱস্থা ৰক্ষা।

*কৃষকৰ জ্ঞান, প্ৰশিক্ষণ আৰু অভিজ্ঞতাৰ ব্যৱহাৰ কৰাৰ উপৰিও কৃষকজনৰ ইচ্ছা-অনিচ্ছাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব।

*উপযুক্ত বিপনন ব্যৱস্থাৰ গুৰুত্ব দিব লাগিব।

*ঋণ গ্ৰহণ, ব্যৱহাৰ আৰু পৰিশোধৰ ব্যৱস্থা ৰখা।

*শেহতীয়া আধুনিক কৃষি পদ্ধতি আৰু প্ৰয়োগৰ সুবিধা ৰখা।

 

এখন আঁচনি কেনেকৈ তৈয়াৰ কৰিব?

*মূলধনী ব্যয়:

১)মাটিৰ বাবদ- (নিজা/কিনা)

২)অগভীৰ নলীনাদ, উত্তোনল পাম্প-

৩)পামঘৰ-

৪)চৌহদ বেৰা-

৫)নাৰ্চাৰী ঘৰ-

৬)কৃ সঁজুলি- (ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, গৰু, স্প্ৰেয়াৰ, কোৰ, জৱকা, খন্তি, জিঞ্জিৰি, দাগ-পাল্লা আদি)-

৭)অন্যান্য

*চলিত ব্যয়:

১)মাটিৰ ভাৰা- (বন্ধকী/লিজ/চুক্তি)-

২)হালবোৱাৰ খৰছ(ডিজেল/মবিল আদি)-

৩)জলসিঞ্চনৰ(ডিজেল/মবিল আদি) খৰছ-

৪)উৎপাদনী খৰছ(তালিকা-১)-

৫)দৰমহা/হাজিৰা খৰছ-

৬)বেংকৰ সুদ(যদি ঋণ লোৱা হয়)-

৭)বিপননৰ খৰছ

৮)অন্যান্য।

উৎপাদনী ব্যয় আৰু আয়ৰ তালিকা:

 

ঋতু

শস্যৰ নাম

এলেকা(বিঘা)

কৰ্যকৰী সময়

অনুমোদিত জাত

ব্যয়

আয়

খাৰিফ

১)

 

 

 

 

 

 

২)

 

 

 

 

 

 

৩)

 

 

 

 

 

 

মুঠ খাৰিফ

 

 

 

 

 

ৰবি

১)

 

 

 

 

 

 

২)

 

 

 

 

 

 

৩)

 

 

 

 

 

 

মুঠ ৰবি

 

 

 

 

 

 

এখন আঁচনি কেনেকৈ তৈয়াৰ কৰিব?

*সৰ্বমুঠ আঁচনি ব্যয়= মূলধনী ব্যয় + চলিত ব্যয়

*ব্যয়-লাভ বিশ্লেষণ

-মুঠ আয়-

* -চলিত ব্যয়-

* -চলিত ব্যয়ৰ ওপৰত আয়-

* -ব্যয়-লাভ অনুপাত

লেখক: নয়ন বৰা

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate