অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টিকৰ পাচলি মটৰ :

মটৰ -

এবিধ পুষ্টিকৰ পাচলি যদিও মাহজাতীয় শস্য হিচাপেও ই জনপ্ৰিয়। কুমলীয়া সেউজীয়া মটৰটোক পাচলি বুলি ধৰা হয় আৰু পূৰঠ চিউৰাৰ পৰা পূৰঠ মটৰখিনি উলিয়াই শুকুৱাই মাহ হিচাপে ব্যৱহাৰ কৰা হয়। কেতিয়াবা গৰু-ছাগলীৰ খাদ্য হিচাপেও মটৰৰ খেতি কৰা হয়। উত্তৰ ভাৰতৰ সমতল অঞ্চল তথা উত্তৰ-পূব ভাৰতত ইয়াক শীতকালীন পাচলি হিচাপে কৰা হয় যদিও পাহাৰীয়া অঞ্চলত তথা অন্য ৰাজ্যবোৰত ইয়াক গ্ৰীষ্মকালীন পাচলি হিচাপে কৰা হয়। মটৰত যথেষ্ট পৰিমাণৰ প্ৰ’টিন আৰু অন্য মানৱ দেহৰ প্ৰয়োজনীয় বিভিন্ন মৌল তথা যৌগৰ পৰিমাণ তলত দিয়া হ’ল-

শক্তি

৮১ কিলো কেল’ৰি

কাৰ্বোহাইড্ৰেত

১৪.৫ গ্ৰাম

শৰ্কৰা

৫.৭ গ্ৰাম

আঁহ

০.৪ গ্ৰাম

চৰ্বী

৫.৪ গ্ৰাম

ভিটামিন ‘ক’

৩৮ মাইক্ৰ’গ্ৰাম

বিটা কেৰ’টিন

৪৪৯ মাইক্ৰ’গ্ৰাম

কুটেইন আৰু জিয়াজেনথিন

২৫৯৩ মাইক্ৰ’গ্ৰাম

ভিটামিন ‘খ১’

০.৩ মিলিগ্ৰাম

ভিটামিন ‘খ২’

০.১ মিলিগ্ৰাম

ভিটামিন ‘খ৩’

২.১ মিলিগ্ৰাম

ভিটামিন ‘খ৫’

০.১ মিলিগ্ৰাম

ভিটামিন ‘খ৬’

০.২ মিলিগ্ৰাম

ভিটামিন ‘খ৯’

৬৫ মাইক্ৰ’গ্ৰাম

ভিটামিন ‘গ’

৪০ মিলিগ্ৰাম

কেলচিয়াম

২৫ মিলিগ্ৰাম

লো

১.৫ মিলিগ্ৰাম

মেগনেছিয়াম

৩৩ মিলিগ্ৰাম

ফছফৰাছ

১০৮ মিলিগ্ৰাম

পটাছিয়াম

২৪৪ মিলিগ্ৰাম

জিংক

১.২ মিলিগ্ৰাম

 

অসমৰ মাটিত কৰা মটৰৰ কৃষি প্ৰণালীৰ বিষয়ে তলত আলোচনা কৰা হ’ল -

জাত:

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটে অসমৰ কৃষকৰ বাবে অনুমোদন কৰা মটৰৰ জাতসমূহ হ’ল- টি-১৬৩, ব’নেভিলে, এইচ ইউ পি-২, কে এফ পি ডি ১ ইত্যাদি।

মাটি:

প্ৰায় সকলো ধৰণৰ মাটিতে মতৰ খেতি কৰিব পাৰি যদিও পানী জমা নোহোৱা পলসুৱা মাটি ইয়াৰ বাবে বেছি ভাল। মাটিৰ অম্লতা কমোৱাৰ বাবে মাটি পৰীক্ষা কৰোৱাই কৃষি বিজ্ঞানীৰ পৰামৰ্শ লৈ চূণ প্ৰয়োগ কৰিলে ভাল উৎপাদন পোৱা যায়। মাটিৰ পি এইচ(pH) মান ৬ৰ ওচৰে-পাঁজৰে আনিবলৈ বীজ সিঁচাৰ ২১ দিনমানৰ আগতে মাটিত চূণ প্ৰয়োগ কৰিব লাগে।

বীজ সিঁচাৰ সময়:

অসমৰ পথাৰত বীজ সিঁচাৰ উপযুক্ত সময় হ’ল অক্টোবৰ মাহৰ মাজভাগ অৰ্থাৎ কাতি মাহৰ প্ৰথম সপ্তাহ।

বীজৰ পৰিমাণ:

সঁচ অনুযায়ী বেলেগ বেলেগ পৰিমাণৰ মটৰৰ বীজৰ প্ৰয়োজন হয়। ইয়াৰ বাবে সেয়ে তলত তালিকা এখন দিয়া হ’ল।

ক্ৰ. নং জাত

বীজৰ পৰিমাণ(কিলোগ্ৰাম)

প্ৰতি বিঘাত

প্ৰতি হেক্টৰত

১) টি-১৬৩

৫০

২) ব’নোভিলে

৬০

৩) এইচ ইউ পি-২

৮.৫

৬৫

৪) কে এফ পি ডি ১

১০

৭৭

 

বানপানী হোৱা সাৰুৱা পলসুৱা মাটিত মটৰ খেতি কৰিলে মাত্ৰ ৪-৫ কিলোগ্ৰাম বীজ হ’লেই এবিঘা মাটিত খেতি কৰিব পাৰি।

মাটি প্ৰস্তুতি আৰু ৰোৱাৰ নিয়ম -

ভালদৰে চহ কৰি লোৱা মাটি মটৰ খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুত কৰিবলৈ কমেও ৩-৪ বাৰ মাটি চহোৱাটো দৰকাৰী। চহোৱা মাটি সমান কৰি মটৰৰ বীজ শাৰী শাৰীকৈ সিঁচিব লাগে। দুটা শাৰীৰ মাজত এফুট(৩০ চেন্টিমিটাৰ) ব্যৱধান ৰাখিব লাগে আৰু প্ৰতিটো শাৰীত ৪ ইঞ্চি(১০ চেন্টিমিটাৰ) দূৰে দূৰে এটাকৈ বীজ সিঁচিব লাগে। সিঁচাৰ আগতে বীজখিনি ১০-১২ ঘন্টা সময় পানীত তিয়াই থ’লে অংকুৰণত সুবিধা হয়। এটা কথা মন কৰিব লাগে যে গজালি ওলোৱালৈকে যাতে পথাৰত জীপ থাকে। যদিহে মাটিত উপযুক্ত পৰিমাণৰ জীপ থাকে তেতিয়া শালিধান চপোৱাৰ ১৫-২০ দিনৰ আগতে মটৰৰ বীজ পথাৰত ছটিয়াব পাৰি।

বীজ শোধন:

পথাৰত বীজ সিঁচাৰ আগতে প্ৰতিকিলোগ্ৰাম বীজ ২ গ্ৰাম বেভিষ্টিন বা বেনোমিল পাউডাৰেৰে শোধন কৰি ল’লে বহুতো বেমাৰৰ পৰা হাত সাৰিব পৰা যায়। বীজ শোধনৰ বাবে থিৰাম বা কেপটান নামৰ ঔষধো ৩ গ্ৰামকৈ ব্যৱহাৰ কৰিব পাৰি।

সাৰ প্ৰয়োগ:

মটৰৰ খেতিত সাৰ প্ৰয়োগৰ কথা আলোচনা কৰাৰ আগতে মটৰ গছত থকা টেমুনাৰ বিষয়ে কিছু কথা জনা দৰকাৰ। মটৰ গছৰ শিপাত কিছুমান টেমুনা থাকে যিয়ে বতাহত থকা নাইট্ৰ’জেন মৌল গোটাই ৰাখিব পাৰে। ৰাইজ’বিয়াম নামৰ এবিধ সাৰৰ নিচিনা পদাৰ্থ বীজৰ সৈতে মিহলাই বীজ সিঁচিলে গছৰ শিপাত টেমুনাৰ সংখ্যা বৃদ্ধি পায়। মাটিত ৰাইজ’বিয়াম প্ৰয়োগ কৰিলে নাইট্ৰ’জেন মৌল যোগান ধৰা সাৰ ইউৰিয়া কমকৈ প্ৰয়োগ কৰিলেও হয়। অসমত মটৰমাহৰ খেতিৰ বাবে অনুমোদিত সাৰৰ পৰিমাণ তলত দিয়া হ’ল-

সাৰ

পৰিমাণ

প্ৰতি বিঘাত

প্ৰতি হেক্টৰত

ৰাইজ’বিয়াম প্ৰয়োগ নকৰিলে

 

 

৪০-৫০ কুইন্টল

৬ কিলোগ্ৰাম

৪০ কিলোগ্ৰাম

 

 

 

৪৫ কিলোগ্ৰাম

২৮৫ কিলোগ্ৰাম

পচনসাৰ ৬ কুইন্টল

ইউৰিয়া

একক ছুপাৰ ফছফেট

মিউৰিয়েট অৱ পটাছ

ৰাইজ’বিয়াম প্ৰয়োগ কৰিলে

 

 

৪০-৫০ কুইন্টল

৩ কিলোগ্ৰাম

৪০ কিলোগ্ৰাম

 

 

 

২২ কিলোগ্ৰাম

২৮৫ কিলোগ্ৰাম

পচনসাৰ ৬ কুইন্টল

ইউৰিয়া

একক ছুপাৰ ফছফেট

মিউৰিয়েট অৱ পটাছ

 

অসমৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা, নামনি ব্ৰহ্মপুত্ৰ উপত্যকা আৰু উত্তৰপাৰ সমতল, এই তিনি মণ্ডলত আগতে উল্লেখ কৰা সাৰৰ পৰিমাণৰ লগতে প্ৰতি বিঘাত ২ কিলোগ্ৰাম পৰিমাণে মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি উত্তৰপাৰ সমতল মণ্ডলত বিঘাই প্ৰতি ১ কিলোগ্ৰাম পৰিমাণৰ ব’ৰাক্স সাৰ প্ৰয়োগ কৰিলে মটৰৰ ভাল উৎপাদন পোৱা যায়।

পৰিচৰ্যা:

বীজ সিঁচাৰ ৩০-৩৫ দিনৰ পাছত মটৰমাহ খেতিপথাৰৰ পৰা বন-বাতবোৰ আঁতৰাব লাগে। যদি প্ৰয়োজন অনুভৱ কৰা যায় আৰু যদি সুবিধা থাকে তেন্তে বীজ সিঁচাৰ ৪০-৫০ দিনৰ পাছত এবাৰ পানী যোগান ধৰিলে মটৰৰ উৎপাদন যথেষ্ট বঢ়া দেখা যায়। চাপৰ বা মধ্যমীয়া হোৱা হেতুকে জেং দিয়াৰ প্ৰয়োজন নহয়।

শস্য ৰক্ষা:

মটৰমাহৰ খেতিডৰাত চিৰা ফুটি খোৱা পোকৰ প্ৰাদুৰ্ভাৱ দেখা দিলে নুভান ১০০ ই চি নামৰ দৰববিধ এচামুচ(৫ মিলিলিটাৰ) ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। মালাথিয়ন ৫০ ই চি দৰবৰ এচামুচ(৫ মিলিলিটাৰ) ৪ লিতাৰ পানীত মিহলাই স্প্ৰে’ কৰিলে পাত সুৰংগী পোক তথা মোৱাপোকৰ আক্ৰমণৰ পৰা শস্যডৰা ৰক্ষা কৰিব পাৰি।

বীজ শোধন কৰিলে মটৰমাহৰ খেতিত মৰহি যোৱা বেমাৰ হোৱা দেখা নাযায়। এই বেমাৰবিধ হোৱা দেখিলে বেভিষ্টিন নামৰ দৰববিধ ১ গ্ৰাম এক লিটাৰ পানীত মিহলাই পানীত মিহলাই গছৰ গুৰিত তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে।

গছৰ পাতত হোৱা পাউডাৰী মিলডিউ  আৰু ৰাষ্ট বেমাৰ নিবাৰণৰ বাবে কেলিক্সিন নামৰ দৰববিধৰ ১ গ্ৰাম গ্ৰাম এক লিটাৰ পানীত মিহলাই গছত স্প্ৰে’ কৰিলে সুফল পোৱা যায়। পাউডাৰী মিলডিউ বেমাৰ প্ৰতিৰোধৰ বাবে কাৰাথেন ঔষধ ১ গ্ৰাম এক লিটাৰ পানীত মিহলাই গছত স্প্ৰে’ কৰিবও পাৰি।

শস্য চপোৱা:

পাচলি হিচাপে ব্যৱহাৰ কৰিবলৈ মটৰৰ চিৰাবোৰ কোমল অথচ গুটিবোৰ সম্পূৰ্ণ ৰূপ লোৱাৰ সময়ত ইয়াক চপাব লাগে। আকৌ মাহ হিচাপে ব্যৱহাৰ কৰিলে মটৰৰ চিৰাবোৰ পূৰঠ হৈ হালধীয়া ৰং ধৰিলেহেৰ্চিৰাবোৰ গছৰ পৰা চপাব লাগে। মটৰ চপাওঁতে এটা কথা মন কৰিব লাগে যাতে গছজোপাই একেবাৰে কষ্ট নাপায়।

লেখক: ভাস্কৰজ্যোতি শৰ্মা

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

শেহতীয়া উন্নীতকৰণ: : 11/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate