অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰতিকূল পৰিস্থিতিত কৃষি ব্যৱস্থাঃ

প্ৰতিকূল পৰিস্থিতিত কৃষি ব্যৱস্থাঃ

 

অসমত প্ৰায় ৩০৬৬.৮৩ হেক্টৰ মাটি আছে। আৱাসিক অঞ্চলত, খহনীয়াত জাহ যোৱা অঞ্চল আৰু অন্যান্য কাৰণত মাটি সংকুচিত হৈ ৫৪০.২০ হেক্টৰ মাটিহে আছেগৈ, এই মাটিকালিও প্ৰতিবছৰে কমি গৈ আছে। গতিকে একে ডোখৰ মাটিত বছৰত কৰিব লাগিব ২-৩টা খেতি। নহ’লে বৰ্ধিত জনসংখ্যাই কি খাব ?

আমাৰ ৰাজ্যত বানপানী হোৱা জিলাৰ ভিতৰত ধুবুৰী, বৰপেটা, বঙাইগাঁও, ধেমাজি, উত্তৰ লক্ষিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত প্ৰায়ে খেতি কৰা সময়ত বানে বিধিপথালি দিয়ে। আনহাতে নলবাৰী, দৰং, শোণিতপুৰ জিলাতো বানৰ সমস্যা আছে।

যিবোৰ অঞ্চলত কমদিনীয়া গ্ৰীষ্মকালীন আহু ধান (ইৰিধান) খেতি খেতিয়কে কৰে, সেই অঞ্চলত কৃষকে লুইত, অভিষেক, মণিৰাম, চৰ্নচাব-১, বাহাদুৰ চাব-১ৰ পাব কঠীয়া ডিচেম্বৰত কঠীয়াতলীত সিঁচি লয়। আৰু মূল পথাৰত ৰুব জানুৱাৰীত আৰু এপ্ৰিল মাহৰ ভিতৰত চপাব, কাৰণ মে’ৰ পৰা জুলাই মাহলৈ অসমত বানপানী। গতিকে বান অহাৰ আগতে ইৰিধানৰ খেতি কৰিব। ভাতমুঠিৰ যোগাৰ বছৰেকৰ কাৰণে মজুত ৰাখক। বান যোৱাৰ পিছত দিহিং, দিচাং, প্ৰফুল্ল, কপিলী, বসুন্ধৰা, সত্যৰঞ্জন (কৃষিকাল ১২৫-৩৫), বৰো ধানৰ খেতি কৰিব। কিন্তু কঠীয়াৰ সংখ্যা ৩-৪ ডাল প্ৰতি গোছত দিব। ইউৰিয়া সাৰ নিদিব আৰু ছুপাৰ ফছফেট ১০ কেজি আৰু ৪ কিলো পটাছ বিঘাই প্ৰতি মাটিত প্ৰয়োগ কৰিব।

আনহাতে বানপানীৰ বাবে শালি খেতি পলমকৈ কৰিব লগা হ’লে জলশ্ৰী, জলকুঁৱৰী আৰু প্লাৱন শালিধানৰ জাতৰ খেতি বানাক্ৰান্ত ৰাইজে কৰিব পাৰে। এইবোৰ কঠীয়া ১০-১৫ দিন পানীত ডুব গৈ থাকিলেও বিশেষ ক্ষতি নহয়। জেঠ-আহাৰ মাহত বীজ কঠীয়াতলীত সিঁচি আহাৰ-শাওণত ৰুব। এনেকৈ মাটিত শ্ৰেণীভেদে ধানৰ খেতি কৰিব। আকৌ বানৰ বাবে একেবাৰে ছেপ্টেম্বৰ-অক্টোবৰত ধানখেতি কৰিবলৈ আমি ফাৰ্ম বা ওখ ঠাইত আগতীয়াকৈ সমূহীয়া কঠীয়াতলী প্ৰস্তুত কৰি তাত শলপনা, মাগুৰী, প্ৰসাদভোগ, মনোহৰ শালি কঠীয়া পাৰিব লাগিব আৰু ৩৫-৪০ দিনৰ কঠীয়া বানাক্ৰান্ত অঞ্চলত ৰুব লাগিব দ’ মাটিত। ইয়াৰ উৎপাদন বেছি হ’ব, কাৰণ বানপানী সেই সময়ত নাথাকিব। যদি কঠীয়াতলীৰ বাবে মাটি নাপায়, তেতিয়া পোনপটীয়াকৈ মূল পথাৰত বাহাদুৰ চাব-১, চাইনা-৬৩, লুইত, কপিলী, দিচাং, দিহিং আদি ধানৰ জাত গজালি ওলাই গৈ বোকামাটিত আহিন মাহৰ প্ৰথম সপ্তাহলৈ সিঁচিব পাৰি। প্ৰতি বিঘাত ১০ কিলোগ্ৰাম ধান লাগে। উৎপাদন ৬-৮ মোন বিঘাত পাব।

ধানখেতিত য’ত সচৰাচৰ বান হয়, তাত প্ৰথমতে ইউৰিয়া সাৰ প্ৰয়োগ কৰিব। কঠীয়াবোৰৰ ২৫-৩০ দিনৰ পিছত ৩ কেজি ইউৰিয়া + ২ কেজি পটাছ প্ৰয়োগ কৰিব আৰু গেৰধৰা অৰ্থাৎ ৰোৱাৰ ৪০-৫০ দিন পিছত ইউৰিয়া ২ কেজি + ২ কেজি পটাছ (topdressing initiatia slape) কৰিব। বানৰ পিছত শূঁৰ পোক হয়। গতিকে ৰেহাই দামত কীটনাশক দৰব কিনি স্প্ৰে’ কৰিব।

NB : Army warm হ’লে দুদিনতে পোকে ধাননিপথাৰ বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। সেয়ে কৃষক লগ হৈ ৫ শতাংশ মালাথিয়ন ডাষ্ট পথাৰৰ চাৰিওপিনে প্ৰয়োগ কৰিব। বিঘাইপ্ৰতি ৪-৫ কিলোগ্ৰামকৈ মানে আলিবোৰত সম্পূৰ্ণকৈ ঔষধ ছটিয়াব।

(উৎসঃ নিয়মীয়া বাৰ্তা, মনজিৎ তালুকদাৰ, কৃষি সঞ্চালক, অসম, ফোনঃ ৯৯৫৪০-৭৭৪৪০)।

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate