আমাৰ অসমৰ প্ৰায় ৮০ শতাংশ কৃষকেই প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰে। বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰা কৃষকসকল বানপানী নহ’লে খৰাং বতৰৰ সন্মুখীন হ’ব লগা হয়। তথাপিও অসমৰ খেতিয়কসকলে প্ৰতিকূল বতৰৰ লগত যুঁজ কৰি নিজৰ একান্ত চেষ্টা তথা চৰকাৰী আঁচনিৰ সহায়ত খেতি কৰি নিজেও খাইছে আৰু অতিৰিক্ত উৎপাদনেৰে ৰাজ্যৰ অৰ্থনীতিৰো উপকাৰ সাধন কৰি আহিছে। নিয়মীয়া কৃষি পদ্ধতিত শালি ধানৰ খেতি কৰিবৰ কাৰণে কৃষকে জেঠ মাহৰ শেষত কঠীয়া পাৰে। কিন্তু যদিহে মৌচুমীৰ আগমন সঠিক সময়ত নহৈ ২ সপ্তাহ বা তাতোকৈ বেছি পলমকৈ হয়, তেতিয়া কঠীয়া পাৰোতে কৃষকসকলে ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে। কেনেবাকৈ কঠীয়া পাৰিব পাৰিলেও ৰোৱাৰ সময়ত যদি প্ৰয়োজনীয় পৰিমাণৰ পানীৰ অভাৱ হয় তেতিয়াও বিসংগতীয়ে দেখা দিয়ে, যিহেতু বুঢ়া কঠীয়া ৰোৱাৰ সময় ওকলি যায় আৰু উৎপাদনো হ্ৰাস পায়। ১৫ আগষ্টৰ পিছত বা ভাদ মাহত ৰোপন কৰিলে বেছি দিনীয়া জাতৰ ধান যেনে ৰঞ্জিৎ নোলাবও পাৰে আৰু ওলালেও পতান হয়। এতেকে বৰষুণ নিৰ্ভৰশীল কৃষকে বতৰৰ প্ৰতিকূল অৱস্থাৰ বাবে আগতীয়াকৈ বিকল্প শস্য পৰিকল্পনা কৰি সাজু হৈ থাকিব লাগে।
১) বৰষুণ যদি ১-৪ সপ্তাহ বা ৪-৬ সপ্তাহ পলমকৈ হয়-
- বৰষুণ যদি ২ ৰ পৰা ৪ সপ্তাহ দেৰিকৈ হয় তেনে ক্ষেত্ৰত কৃষকে ৰঞ্জিৎ, বাহাদুৰকে ধৰি নিয়মীয়া জাতসমূহৰ লগতে মধ্যমীয়া দিনৰ জাতৰ খেতি কৰিব পাৰে।
- বৰষুণ ৪ সপ্তাহতকৈ বেছি পিছোৱাই গ’লে মধ্যমীয়া জাতৰ লগতে কমদিনীয়া আৰু অতি কমদিনীয়া তথা থলুৱা জাতসমূহ খেতিৰ বাবে বাছি ল’ব পাৰে।
বৰষুণ কম হোৱাৰ বাবে সময়মতে ধান ৰোৱা সম্ভৱ নহ’লে আৰু খুব বেছি আগষ্টৰ ১০ তাৰিখে বা শাওনৰ ২৫ তাৰিখৰ ভিতৰতে ৰুব নোৱাৰিলে ধান একেলগে নপকে বা ঠোকা চুটি হ’ব বা নোলাব। গতিকে এনে পৰিস্থিতিত তলত উল্লেখিত উন্নত জাতকেইটা কৃষকে ব্যৱহাৰ কৰি উপকৃত হ’ব পাৰে।
ক) নিয়মীয়া জাত (১৫০-১৫৫ দিন)
- ৰঞ্জিৎ, বাহাদুৰ, মাচুৰি, পিয়লী, কুশল, মণিৰাম আদিবোৰ নিয়মীয়া জাত।
- এইবোৰ জাতৰ কঠিয়া জেঠৰ শেষত শেষত পাৰি ৩৫ দিনীয়া কঠিয়া শাওনৰ প্ৰথম ভাগত ১০x১০ ইঞ্চি দূৰত্বত ২-৩ ডালকৈ লগাব লাগে।
- প্ৰতি বিঘাত ১৮ কিলোগ্ৰাম ইউৰিয়া, ১৭ কিলোগ্ৰাম একক চুপাৰফছফেট আৰু ৯ কিলোগ্ৰাম পটাছ সাৰ প্ৰয়োগ কৰিলে উৎপাদন ভাল হয়।
- ইউৰিয়া সাৰৰ আধা অংশৰ লগত একক চুপাৰ ফছফেট আৰু পটাছ সাৰৰ গোটেই অংশ মাটি বোকা দিওতেই প্ৰয়োগ কৰিব লাগে।
- বাকী থকা ইউৰিয়াৰ আধাখিনি ৰোৱাৰ এমাহৰ পিছত আৰু ৰৈ যোৱাখিনি থোক ওলোৱাৰ আগে আগে প্ৰয়োগ কৰিব লাগে।
খ) মধ্যমীয়া দিনৰ জাত (১৩০-১৪০ দিন)
- জাতসমূহ হৈছে সত্যৰঞ্জন, বসুন্ধৰা, টি টি বি ৪০৪, আই আৰ ৩৬, জয়মতী।
- শাওন মাহৰ ১০ তাৰিখৰ ভিতৰত কঠিয়া সিঁচি ২৫-২৮ দিনীয়া কঠিয়া ভাদ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ৬x৬ ইঞ্চি ব্যৱধানত ২-৩ ডাল কঠীয়া ৰুব লাগে।
- এইক্ষেত্ৰত সাৰৰ পৰিমাণ আৰু প্ৰয়োগ পদ্ধতি নিয়মীয়া ভাবেই কৰিব লাগে।
গ) কমদিনীয়া জাত (১২০-১২৫ দিন)
- জাতসমূহ হ’ল লাচিত আৰু চিলাৰায়।
- এই জাত কেইটা শাওন মাহৰ মাজভাগত বীজ সিঁচি ভাদ মাহৰ মাজভাগত ২৪-২৬ দিনীয়া কঠীয়া গোচাত ২ ডালকৈ দি ৬x৮ ইঞ্চি ব্যৱধানত ৰুব লাগে।
- সাৰৰ পৰিমাণ তথা প্ৰয়োগ নিয়মীয়া পদ্ধতিৰে কৰিব লাগে।
ঘ) অতি কমদিনীয়া জাত (৯০-১০০ দিন)
- জাতসমূহ হ’ল লুইত, কলং, কপিলী, দিখৌ আৰু দিচাং।
- এই জাতসমূহ ভাদ মাহৰ প্ৰথম সপ্তাহত কঠীয়া পাৰি ভাদৰেই শেষত ২০-২৫ দিনীয়া কঠীয়া গোচাত ২ ডালকৈ ৮x৮ ইঞ্চি দূৰত্বত ৰুব পাৰি।
- সাৰ প্ৰয়োগ মধ্যমীয়া জাতৰ দৰেই, মাত্ৰ ইউৰিয়া সাৰৰ টপ দ্ৰেচিং প্ৰথমবাৰৰ ১৫-২০ দিনৰ পিছত কৰিব লাগে।
- এই কমদিনীয়া জাতসমূহ কঠীয়াৰ দৰে গজালি উলিয়াই বোকা মাটিত প্ৰত্যক্ষভাৱে সিচিব পাৰি। এনে কৰিবলৈ প্ৰতি বিঘাত ৮-১০ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হ’ব।
ঙ) বুঢ়া কঠীয়া ৰুব পৰা জাত বা পোহৰ সংবেদনশীল জাত
- প্ৰফুল্ল, গীতেশ, মনোহৰ শালি।
- এই জাতৰ কঠিয়া জেঠৰ শেষত কঠিয়া পাৰি বতৰ অনুকূল হোৱাত কঠিয়াৰ বয়স ৬০-৭০ দিনীয়া হ’লে ভাদৰ শেষলৈকে ৰোপন কৰিলেও উৎপাদন ভাল পোৱা যায়।
- কেৱল গোচত কঠিয়াৰ সংখ্যা ৫-৭ ডাল আৰু ৮x৬ ইঞ্চি দূৰত্বত ৰুব লাগিব।
- এই পদ্ধতিত নিয়মীয়া পদ্ধতিৰ আধা পৰিমাণৰ সাৰ প্ৰয়োগ কৰিলেই হয়।
চ) থলুৱা জাত
- ওপৰত উল্লেখিত জাতসমূহ কৃষকৰ বাবে সহজলভ্য নহ’লে থলুৱা ধানৰ জাত যেনে বৰধান, টেঙেৰে, টাঙাগুৰি, থলুৱা বৰা, জহা, সুৱাগমনি আদিৰ খেতিও পলমকৈ কৰিব পাৰে।
অন্য শস্যৰ পৰিকল্পনা
- যদিহে খৰাং বতৰৰ বাবে খেতি কৰিব পৰা নাযায় তেতিয়াহ’লে বাম মাটিত বাৰিষা বতৰত কৰা মাটিমাহ (জাত টি ৯, পি ইউ ১৯), মগুমাহ (প্ৰতাপ, এচ জি ২১-৫), তৈলজাতীয় শস্য-তিল (এচ টি ১৬৮৩, পাঞ্জাৱ তিল, কলিয়াবৰ লোকেল) আদি কৰিব পাৰি।
- ইয়াৰ উপৰিও বাম পলসুৱা মাটিত খৰাং অৱস্থাত পানী যোগানৰ দ্বাৰা শাক-পাচলিৰ খেতি আগতীয়াকৈ কৰিলে যথেষ্ট লাভ পোৱা যাব।
- যদিহে খাৰিফ ধানটো কিবা কাৰণে নহয় তেতিয়া ৰবি শস্য সৰিয়হ (জাত টি এচ ৩৬, টি এচ ৩৮ আদি) আগতীয়াকৈ কৰিব পৰা যাব।
২) খেতি বতৰৰ মাজত হোৱা খৰাং সদৃশ পৰিস্থিতিত
- শস্যৰ জীৱন ৰক্ষা কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।
- যদি শস্য পথাৰত থকা সময়ৰ মাজতে খৰাং পৰিস্থিতিৰ আৱিৰ্ভাৱ হয় তেতিয়া কৃষকে ধান খেতিত অতিৰিক্তভাৱে ৫ কিলোগ্ৰাম পটাছ সাৰ প্ৰতি বিঘাত টপ ড্ৰেচিং কৰিলে ভাল ফল পাব।
- লগতে ২ শতাংশ পটাছিয়াম ক্লৰাইডৰ মিশ্ৰণ পাতত ছটিয়ালে গছৰ খৰাং অৱস্থা সহিব পৰা ক্ষমতাৰ বৃদ্ধি পায়।
- ধান গছৰ পোখা মেলাৰ সময়ত যদি এই পৰিস্থিতিয়ে দেখা দিয়ে তেতিয়া ইউৰিয়া সাৰৰ টপ ড্ৰেচিং কাৰ্যটো গৰ্ভাৱস্থালৈ পিছুৱাই দিব পাৰি।
- অতি দৰকাৰী সময়তহে বনবাত নিৰাব লাগে।
- ধান গছৰ পাতত দাগ পৰা বেমাৰ ৰোধ কৰিবৰ কাৰণে প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম মেনকজেব অথবা ১ গ্ৰাম কাৰ্বানডিজিমৰ মিশ্ৰণ ব্যৱহাৰ কৰিব লাগে।
- উদ্যান শস্যৰ ক্ষেত্ৰত মাটি ঢাকনি ব্যৱহাৰ কৰিলে খৰাং পৰিস্থিতি মাটিৰ জিপ ধৰি ৰাখি গছৰ শ্ৰীবৃদ্ধিৰ লগতে উৎপাদন বঢ়াত সহায় কৰে।
৩) আগতীয়াকৈ বৰষুণ শেষ হ’লে
- জলসিঞ্চনৰ ব্যৱস্থাৰ লগতে পুৰঠ হোৱাৰ লগে লগে খাৰিফ শস্য চপাই আনিব লাগে।
- ৰবি শস্য হিচাপে কৰা বিলাহী, বেঙেনা, মটৰ, আলু আৰু আন আন শাক-পাচলিৰ উন্নত জাতৰ খেতি আগতীয়াকৈ কৰিব পাৰিব।
- আগতীয়াকৈ কৰিব পৰা ফুলকবি জাতসমূহ হ’ল ইমপ্ৰোভ জাপানিজ, পুচা চিন্থেতিক, পুচা স্নোৱল, বন্ধাকবিৰ জাত গলডেন একৰ, প্ৰাইড অফ ইণ্ডিয়া, পুচা মোক্টা আৰু ওলকবিৰ জাত হোৱাইট ভিয়েনা।
- ইয়াৰ উপৰিও বৰষুণৰ পানী জমা কৰি থৈ পিছত ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা কৰিব লাগে।
৪) বৰষুণ সময়তকৈ অধিক সময় থাকিলে
- খেতি পথাৰত প্ৰয়োজনতকৈ বেছি জমা হোৱা পানী নলা কাটি ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগিব।
- খেতি পথাৰত বেমাৰ আজাৰৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত ল’ব লাগিব।
৫) খৰাং পৰিস্থিতিত
খৰাং বতৰৰ লগত সংগতি ৰাখি খেতি কৰিবলৈ হ’লে অসমৰ কৃষকসকলে তলত উল্লেখ কৰা ধৰণে ব্যৱস্থাপনা সমূহ হাতত ল’ব লাগিব।
- শস্যৰ জীৱন ৰক্ষা কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা।
- আগৰে পৰা সংস্থাপিত জলসিঞ্চন ব্যৱস্থাসমূহ কাৰ্যক্ষম কৰি তোলা।
- অগভীৰ নলী নাদৰ ব্যৱস্থা।
- ট্ৰেডেল পাম্পৰ বা ভৰিৰে চালিত পানী যোগান ব্যৱস্থা।
- বৰষুণৰ পানী জমা কৰি থ’ব পৰা ব্যৱস্থা।
- বিদ্যুৎ চালিত পাম্পৰ ব্যৱহাৰ।
- খেতিপথাৰৰ ওচৰত উপলব্ধ পুখুৰী, জান নদী আদিৰ পানী খাল খান্দি পথাৰলৈ বোৱাই নিয়াৰ ব্যৱস্থা কৰিব লাগে।
- মাটিডৰাত উপযুক্ত পৰিমাণৰ পচনসাৰ ব্যৱহাৰ কৰিলে মাটিৰ পানী ধাৰণ কৰিব পৰা ক্ষমতাটো বৃদ্ধি কৰিব।
- উদ্যান শস্যৰ ক্ষেত্ৰত টোপাল জলসিঞ্চনৰ ব্যৱস্থা, মাটিৰ জিপ ধৰি ৰাখিবলৈ মাটিৰ ঢাকনী হিচাপে গছৰ পাত, খেৰ, মেটেকা, তুহ আদিৰ ব্যৱহাৰ কৰিব পাৰি।
- ঠাই বিশেষে জলচ্ছেদৰ ব্যৱস্থা।
- ইয়াৰ উপৰিও আগতীয়াকৈ বৰষুণ শেষ হোৱা পৰিস্থিতিত আগতে উল্লেখ কৰি অহাৰ দৰে পানী যোগানৰ সহায়ত আগতীয়াকৈ ৰবি শস্যৰ খেতি কৰিব লাগে।
প্ৰতিকূল পৰিস্থিতিৰ বাবে উপযোগী শালি ধানৰ জাত
জাতৰ নাম
|
কৃষিকাল (দিন)
|
সিচাৰ সময়
|
ৰোৱাৰ সময়
|
গড় উৎপাদন (মোন/বিঘা)
|
জাতৰ বৈশিষ্ট্য
|
সত্যৰঞ্জন
বসুন্ধৰা জয়মতী আই, আৰ ৩৬
|
১৩০-১৩৫
১৩০-১৩৫
১৩০-১৩৫
১৩০-১৩৫
|
আহাৰ-শাওন
আহাৰ-শাওন
আহাৰ-শাওন
আহাৰ-শাওন
|
শাওন-ভাদ
শাওন-ভাদ
শাওন-ভাদ
শাওন-ভাদ
|
১৮-২০
১৮-২০
১৮-২০
১৮-২০
|
বানপানীৰ পিছত শাওন মাহৰ আগভাগত কঠিয়া পাৰি ভাদ মাহত ৰুব পাৰি।
|
লাচিত
চিলাৰায়
|
১২০-১২৫
১২০-১২৫
|
শাওন
শাওন
|
ভাদ
ভাদ
|
১৮-২০
১৮-২০
|
২৫ দিনীয়া কঠীয়া গোচাত দুডালকৈ লৈ ১৫ ছে:মি:x১০ চে:মি: ব্যৱধানত ৰুব লাগে।
|
লুইত
কপিলী
দিচাং
দিখৌ
কলং
|
৯০-১০০
৯০-১০০
৯০-১০০
৯০-১০০
৯০-১০০
|
শাওন
শাওন
শাওন
শাওন
শাওন
|
ভাদ
ভাদ
ভাদ
ভাদ
ভাদ
|
১২-১৫
১২-১৫
১২-১৫
১২-১৫
১২-১৫
|
বানাক্ৰান্ত অঞ্চলত বানপানীৰ পিছত কৰিব পৰা কমদিনীয়া জাত।
|
প্ৰফুল্ল
গীতেশ
|
১৫০-১৫৫
১৫০-১৫৫
|
জেঠ-আহাৰ
জেঠ-আহাৰ
|
শাওন-ভাদ
শাওন-ভাদ
|
১৮-২৫
১৮-২৫
|
৬০-৭০ দিনীয়া কঠীয়া ৰোপন অধিক উৎপাদন পাব পাৰি। গোচাত ৫-৬ ডাল কঠিয়া লৈ ঘন ঘনকৈ ৰুব লাগে।
|
জলশ্ৰী
জলকুঁৱৰী
প্লাৱন
|
১৫০-১৫৫
১৫০-১৫৫
১৫০-১৫৫
|
জেঠ-আহাৰ
জেঠ-আহাৰ
জেঠ-আহাৰ
|
শাওন-ভাদ
শাওন-ভাদ
শাওন-ভাদ
|
১৮-২০
১৮-২০
১৮-২০
|
বানাক্ৰান্ত অঞ্চলত ১০-১৫ পানীৰ ডুব সহিব পৰা জাত।
|
শ্ৰীজুলি শৰ্মা, শ্ৰীৰঞ্জিতা বেজবৰুৱা, ড° মৃদুল ডেকা, কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়।