অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰীক্ষাগাৰত ট্ৰাইক'ডাৰমা প্ৰয়োগ

মজাখোৱা পোক অসমীয়া কৃষকৰ এক পৰিচিত নাম ৷ এইবিধ পোকে ধান, গোমধান, কুঁহিয়াৰ আদি শস্যক আক্ৰমণ কৰি শস্যৰ বিস্তৰ ক্ষতি কৰে৷

এইবিধ পোকে যিহেতু গা-গছৰ ভিতৰত থাকিহে আক্ৰমণ কৰে সেই কাৰণে বাহিৰৰ পৰা প্ৰয়োগ কৰা কীটনাশক ঔষধে

ইহঁতক অতি সহজতে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ সেয়েহে এই মজাখোৱা পোক বিধ নিয়ন্ত্ৰণ কৰিবলৈ ট্ৰাইক’ডাৰমা নামৰ এবিধ বৰ্হিদেশীয় পৰজীৱী পতঙ্গৰ সহায় লোৱা হৈছে৷

এই পৰজীৱী পতঙ্গ বিধক বংশবৃদ্ধি কৰোৱাই ধান আৰু কুঁহিয়াৰ শস্যৰ মজাখোৱা পোকৰ বিপৰীতে প্ৰয়োগ কৰি শস্যৰ উৎপাদন বহু পৰিমাণে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷

এই পৰজীৱী পতঙ্গ বিধক সৰহীয়াকৈ উৎপাদনৰ বাবে ফাট পোকৰ কণীৰ পৰা ওলোৱা পলু সমূহক খাদ্য হিচাবে চাউলৰ ভঙা আৰু বাদামৰ ভঙা যোগান দিয়া হয় ৷ উক্ত খাদ্য ফাট পোকৰ পলুৱে ৪৫ দিনৰ ভিতৰতে খাই শেষ কৰি জীৱন চক্ৰ সম্পূৰ্ণ কৰে৷ অৰ্থাৎ কণীৰ পৰা ৪৫ দিনৰ পিছতে পূৰ্ণাঙ্গ ফাট পোকৰ পখিলা বাহিৰ হয় ৷

এই পখিলা বোৰ বাকচৰ পৰা ওলাবৰ কাৰণে বাচক সমূহক আঠুৱাৰ ভিতৰত ৰাখি চিচাৰ টিউবেৰে হাতেৰে সহায় লৈ নতুবা শোষণ যন্ত্ৰ (Suction pump)ৰ সহায় লৈ সংগ্ৰহ কৰা হয় ৷

সংগ্ৰহ কৰা পখিলা সমূহক কণী পৰা কক্ষলৈ (oviposition cage) স্থানান্তৰিত কৰা হয় ৷ এই কণী পৰা কক্ষত ৰখা পখিলাবোৰক আহাৰ হিচাবে ৫০% মৌ জোল কপাহত সোহাই লৈ খাবলৈ দিয়া হয়, পখিলা সমূহে কণী পাৰিলে কণী পৰা কক্ষৰ তলতে থকা এলুমিনিয়াম ৰ্টেত কণী সমূহ জমা হব৷

এই কণী খিনিৰ লগতে ধুলি, বালি পাখীত লাগি থকা বাকলি আদি মিহলি হৈ থাকে৷ সেইবাবে তাৰেৰে নিম্ৰ্মিত চাকনী

(Iron wire mesh net) ৰ মাজেদি কণীবোৰ পাৰ হব দিব লাগে, যাতে পৰিস্কাৰ কণী সমূহ সংগ্ৰহ কৰিব পৰা হয়৷ মিহি কোমল নোম থকা ব্ৰাচেৰে এই অলাগতিয়াল বস্ওখিনি কণীৰ পৰা আতঁৰোৱা হয় আৰু Measuring Cylinder ত কণী খিনি ৰাখি কণীৰ সংখ্যা নিৰ্ণয় কৰা হয় ৷ ১ চি:চি: কণীত সাধাৰণতে ২০০০০+কণী থাকে ৷

সংগ্ৰহ কৰা কণী খিনিক অতি বেঙুনী (Ultra violet ray) ৰশ্মিৰ সংস্পৰ্শলৈ অনা হয়, তাৰ বাবে কণী খিনি অতি  বেঙুনী ৰশ্মিৰ পৰা ১৫ চে: মি: দূৰত্বত ৰাখি ২০ মিনিট সময় এই বিধ ৰশ্মি প্ৰয়োগ কৰি কণী বোৰ নিস্ক্ৰিয় কৰাই লোৱা হয় ৷

এই নিস্ক্ৰিয় কণী সমূহৰ পৰা “TRICHOCHARD” তৈয়াৰ কৰা হয় ৷ উক্ত ব্যৱস্হাৱলী সম্পূৰ্ণ কৰাৰ পিচতে ট্ৰাইকোকাৰ্ড সমূহক পৰীক্ষানলী ( ২০ চে: মি: X ২ চে: মি: ) বা স্বচ্ছ পলিথিন বেগৰ  ভিতৰত ৰাখি পুনাঙ্গ ট্ৰাইকোগ্ৰেমাৰ সংৰ্স্পলৈ আন ফুতি পোকৰ কণী সমূহক পৰজীৱিকৰণ কৰোৱা হয় ৷ পৰজীৱিকৰণৰ কাৰণে কমেও ২৪ ঘন্টা সময় প্ৰয়োজন হয় ৷

পৰজীৱিকৰণ হোৱা কণী সমূহ ৩-৪ দিনৰ ভিতৰতে কলা বৰণ ধৰে ৷ এনে ট্ৰাইকোকাৰ্ড সমুহক পৰীক্ষা গাৰত থকা (Refrigerator) ত দি শীতলকৰণ যন্ত্ৰত প্ৰয়োজন মতে ব্যৱহাৰ কৰিব পাৰি ৷ এনেকুৱা একোখন ট্ৰাইকোকৰ্ডত অতি কমেও ২০,০০০ ট্ৰাইকোগ্ৰেমা থাকে৷

ট্ৰাইকোগ্ৰেমা পথাৰত প্ৰয়োগ কৰাৰ হাৰ

অসমৰ বিভিন্ন ঠাইত ধান, কুহিয়াৰ, শাক-পাচলী খেতি বাবে পথাৰত ট্ৰাইকোগ্ৰেমাক বিভিন্ন হাৰত ৫০,০০০ ৰ পৰা ৯,০০,০০০ পৰ্য্যন্ত ধৰি প্ৰয়োগ কৰিব পাৰি৷ ধানৰ মজাখোৱা পোক নিয়ন্ত্ৰণৰ উদ্দেশ্য ৫০,০০০ টাকৈ ট্ৰাইকোগ্ৰেমা প্ৰয়োগ কৰি সুফল পোৱা গৈছে আৰু উৎপাদন বৃদ্ধিত অৰিহনা যোগাইছে ৷

ট্ৰাইকোগ্ৰেমা প্ৰয়োগ কৰাৰ পদ্ধতি

ওপৰত উল্লেখ কৰা ট্ৰাইকোকাৰ্ড সমুহক খেতিৰ পথাৰত প্ৰয়োগৰ পুৰ্বে¸ ২০,০০০ কণীযুক্ত একোখন ট্ৰাইকোকাৰ্ড এখন সৰু কেঁচিৰ সহায়েৰে ২০ টা ভাগত ভাগ কৰি লোৱা হয় যাতে প্ৰতিটো ভাগত কমেও ১০০০ টা পৰজীৱী ট্ৰাইকোগ্ৰেমা থাকে ৷ এই সৰু ট্ৰাইকোকাৰ্ড টুকুৰা সমূহক ধান নতুবা কুঁহিয়াৰ আদি গছৰ পাতৰ তলফালে আঠাৰ সহায়েৰে লগাই দিয়া হয় ৷ সাধাৰণতে ধান শস্যৰ বাবে প্ৰতি ৭/ বিঘা মাটিৰ ট্ৰাইকোকাৰ্ড ৫০ টা সৰু সৰু টুকুৰাক ৫ মিটাৰ দূৰত্বত সমভাৱে প্ৰয়োগ কৰিব লাগে যাতে পৰজীৱী খিনি সমভাৱে শস্য পথাৰত বিস্ত্তাৰিত হয় ৷ ধানখেতিত মজাখোৱা পোক নিয়ন্ত্ৰণৰ কাৰণে পথাৰত শস্য ৰোৱাৰ ৩০ দিনৰ পিচত প্ৰথমবাৰৰ কাৰণে প্ৰয়োগ কৰা হয় ৷ তাৰ পিছত যথাক্ৰমে প্ৰতি সপ্তাহৰ অন্তৰে অন্তৰে ৬ বাৰ প্ৰয়োগ কৰিব লাগে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate