অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফেব্ৰুৱাৰী মাহটোৰ কৃষি দিহা

ফেব্ৰুৱাৰী মাহটোৰ কৃষি দিহা

 

  • ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা আগতীয়া আহুধানৰ বীজ সিঁচা সময়। আই,আৰ-৫০, আই,আৰ-৩৬, জয়া, কালচাৰ-১, লুইত, কপিলি আদি আগতীয়া আহুধানৰ সঁচ নিৰ্বাচন কৰক। ব্লাষ্ট ৰোগ হৈ থকা অঞ্চলৰ বাবে পুছা ২-২১ জাতটো নিৰ্বাচন নকৰিব।
  • সিঁচাৰ আগেয়ে প্ৰতি কিলোগ্ৰাম বীজৰ বাবে মেংকোজেব, কেপটান বা কাৰ্বেনডাজিম নামৰ ভেঁকুৰনাশক দৰৱ ২.৫ গ্ৰামকৈ ব্যৱহাৰ কৰি শোধন কৰি লওক।
  • দুখন বীজতলীৰ মাজত ৩০ ছেন্টিমিটাৰ ব্যৱধান ৰাখি ১০ মিটাৰ দীঘল আৰু ১.২৫ মিটাৰ বহল বীজতলী প্ৰস্তুত কৰি প্ৰতিখন বীজতলীত ২০-৩০ কিলোগ্ৰাম শুকান গোবৰ, ৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম একক চুপাৰ ফচফেট আৰু ৪০ গ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰ প্ৰয়োগ কৰি বীজ সিচক। প্ৰতিখন বীজতলীৰ বাবে ৬৫০ গ্ৰামৰ পৰা ১ কিলোগ্ৰামকৈ বীজ সিচক।
  • প্ৰয়োজন অনুসৰি বীজতলীত শস্যৰক্ষাৰ ব্যৱস্থা লওক।
  • মাৰ্চ-এপ্ৰিল মাহত নিয়মীয়া আহুৰ বীজ সিঁচিবলৈ মাটি নিৰ্বাচন কৰক। লুইত, লাচিত, চিলাৰায়, গোপীনাথ, আই,আৰ-৫০, আই,আৰ-৩৬ আদি অনুমোদিত জাতৰ বীজ সংগ্ৰহ কৰক।
  • সৰিয়হৰ ছেঁইবোৰ ৭৫-৮- শতাংশ হালধীয়া পৰাৰ লগে লগে চপোৱাৰ ব্যৱস্থা কৰক।
  • ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা মাৰ্চ মাহ পৰ্য্যন্ত গ্ৰীষ্মকালীন মাটিমাহ, মগুমাহৰ বীজ সিঁচা সময়। মাটিমাহৰ বাবে টি-৯, ইউ,জি-১৫৭, জে,ইউ-৭৮, পন্ট ইউ-১৯ আৰু মগুমাহৰ বাবে টি-৪৪, কপাৰগাঁও, প্ৰতাপ আদি বীজ নিৰ্বাচন কৰক। প্ৰতিবিঘা মাটিৰ বাবে ৬ কুইন্টল পচন সাৰ প্ৰয়োগ কৰক। বীজ সিঁচাৰ ১৫ দিন আগেয়ে প্ৰতিবিঘাত ৬৫.৫ কিলোগ্ৰাম চূণ প্ৰয়োগ কৰক। সিঁচাৰ আগেয়ে ৰাইয’বিয়াম কালচাৰেৰে বীজখিনি শোধন কৰক। ৩-৪ কিলোগ্ৰাম বীজৰ বাবে ১৫০ গ্ৰাম এনে কালচাৰৰ প্ৰয়োজন।
  • নাৰিকলৰ পুলি উৎপাদন কৰিবলৈ এই মাহতে বালিচহীয়া মাটিত নাৰিকলৰ বীজ পচোৱাৰ ব্যৱস্থা কৰক।
  • ঘেঁহুখেতি কৰা মাটিডৰাত জীপ নাথাকিলে পাতলকৈ এবাৰ জলসিঞ্চন কৰক।
  • বৰোধানৰ খেতিডৰাত মজাখোৱা, পাতমেৰোৱা, পাতচেলেকা, টুপলিকটা আদি পোকৰ আক্ৰমণ দেখিলে শস্যৰক্ষাৰ ব্যৱস্থা লওক।
  • গ্ৰীষ্মকালীন পাচলি খেতিৰ বাবে মাটি নিৰ্বাচন কৰি বীজ সংগ্ৰহ কৰক।

উৎস: কৃষি বিভাগ, অসম

 

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate