অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বসন্ত কালত উদ্যান শস্যৰ পৰিচৰ্যা :

বসন্ত কালত উদ্যান শস্যৰ পৰিচৰ্যা :

 

অসমৰ অনুকুল মাটি আৰু জলবায়ু অনুসৰি সৃষ্টি হোৱা নানাধৰণৰ তৰু-তৃণ, গছ-গছনি, ঘাঁহ-বন আদিৰে প্ৰাকৃতিক পৰিৱেশ সুন্দৰ কৰি ৰাখিছে। এই প্ৰাকৃতিক জগতখনত বিভিন্ন উদ্ভিদৰ ভিতৰত উদ্যান শস্যই প্ৰাকৃতিক শোভা বৰ্ধনত এটা গুৰুত্বপুৰ্ণ ভুমিকা লৈছে। প্ৰাকৃতিক পৰিৱেশত হোৱা আম, কঁঠাল, লিচু, মধুৰি, জামু, শিলিখা, আমলখি, কৰ্দৈ, জলফাই , বগৰী, ল্টেকু, পনিয়ল, ঔটেঙা থেকেৰা আদি বহু বৰ্ষজীৱী ফলমুল বিলাকৰ উপৰি বিভিন্ন ধৰণৰ শাক-পাচলি, ৰং –বিৰিঙৰ ফুলেৰে এটা সুন্দৰ আৰু নিৰ্মল পৰিৱেশৰ সৃষ্টি কৰাৰ উপৰি পৰিপুষ্টিৰে ভৰপুৰ ৰসাল ফলমুল আৰু পাচলিৰ যোগান ধৰে।

আম, কঁঠাল, মধুৰি, লিচু, কমলা, নেমু, থেকেৰা, নাৰিকল, তামোল, জলফাই আদি চিৰ সেউজীয়া উদ্ভিদ। ইহঁতৰ ৰসাল ফলেৰে মানুহক পৰিপুষ্টি বৃদ্ধি কৰিবলৈ হ’লে শস্যখিনিৰ ভালদৰে পৰিচৰ্যা কৰিব লাগিব। বসন্তকালত এই ফলমুলবিলাকৰ বেছি ভাগৰে ফুল ফুলে। গতিকে গছৰ তলৰ পৰা বন-বাত, হাবি-জংঘল কাটি পৰিষ্কাৰ কৰি খাদ্য বা সাৰৰ যোগান ধৰিব লাগে। এই ফলমুল বিলাকৰ বাবে প্ৰয়োজনীয় অনুমোদিত সাৰ-গোবৰ খিনি দুটা ভাগ কৰি এটা ভাগ ফাগুন-চ’ত মাহত প্ৰয়োগ কৰিব লাগে। টেঙা শস্যৰ বাহিৰে বাকীবোৰ ফলমুলৰ গছত গছজোপাৰ পৰা বয়স নুযায়ী ৩/৫/৭ ফুট আঁতৰত গছৰ চাৰিওফালে পাতলীয়া লোৰ তৈয়াৰ কৰি সাৰখিনি গোবৰৰ লগত মিহলাই লোৰত প্ৰয়োগ কৰি মাটি জাপি দিব লাগে। টেঙা শস্য যেনে নেমুটেঙা, কমলাটেঙা, সুমথিৰা টেঙা, ৰবাব টেঙা, চকলাটেঙা আদিত সাৰ- গোবৰ প্ৰয়োগ কৰিবৰ বাবে গছজোপাৰ চাৰিওফালে ডালে-পাতে আৱৰা মাটিখিনি পাতলীয়াকৈ কোৰ মাটি মাটিখিনি কোমল কৰি প্ৰথমে আধাখিনি গোবৰ চাৰিওফালে ছটিয়াই পাছত ৰাসায়নিক সাৰখিনি সমানে ছটিয়াই পাছত আকৌ গোবৰ প্ৰয়োগ কৰি মিহলাই দিব লাগে। বসন্ত কালত চিৰসেউজীয়া ফলমুল গছ যেনে আমলখি, আম, লিচু, কঁঠাল, নেমু, কমলা, ৰবাব টেঙা আদিত ফুল ফুলে। কিন্তু ফুলৰ সংখ্যা বঢ়াই উৎপাদন বঢ়াবৰ বাবে নিয়মিতভাৱে সাৰ-গোবৰ দিয়াৰ উপৰি ফুল ফুলাৰ ২/৩/৪ মাহৰ আগতে (শস্যভেদে সময় সলনি হয়) ডাল কলম দিব লাগে, বিশেষকৈ ওপৰলৈ থিয় হৈ যোৱা ডালবোৰ , গছৰ মাজৰ খিচখিচিয়া ডালবোৰ যিবোৰত ৰ’দৰ পোহৰ নপৰে, শুকান ডালবোৰ আৰু উৎপাদিন দিব নোৱাৰা বা ফুল নুফুলা ডালবোৰ কাটি দিব লাগে। অন্যহাতে শিলিখা, জলফাই, অমৰা, মধুৰি, পনিয়ল আদি গছৰ পৰা ওপৰত উল্লেখ কৰা ডালবোৰ ফাগুন- চ’ত মাহত কাটি দিব লাগে। ফলমুলৰ গছবোৰত বছৰেকত ৰাসায়নিক সাৰ দিব নোৱাৰিলেও প্ৰতি দুমাহৰ মুৰে মুৰে সৰহ পৰিমাণে গোবৰ বা পচনসাৰ প্ৰয়োগ কৰিব লাগে। ফাগুন-চ’ত মাহত ফলমুল গছৰ তলৰ পৰা বন-বাতবোৰ আঁতৰাই এবাৰ মাটিখিনি পাতলকৈ কোৰ মাৰি দিব লাগে।

আমগছত, মধুৰি, কমলা, ৰবাবটেঙা আদি শস্যত বসন্ত কালত ফুল ফুলাৰ আগে আগে পোক নেলাগিবৰ বাবে মালাথিয়ন ৫০ ই চি দৰৱৰ ৩০ টোপাল একলিটাৰ পানীত বা ৰগৰ দৰৱৰ ৩০ টোপাল এক লিটাৰ পানীত মিহলাই এবাৰ গছত ভালদৰে ছটিয়াব লাগে। কিন্তু গছত ফুল ফুলি থকা অৱস্থাত কেতিয়াও ৰাসায়নিক দৰব ছটিয়াব নেলাগে, লাগিলে সি পোক মৰা দৰবেই হওক বা বেমাৰৰ দৰৱেই হওক। গছৰ গুৰিত সাৰ প্ৰয়োগ কৰাৰ পাছত সাৰুৱা মাটি জাপি দিব লাগে যাতে চাৰুলীয়া শিপাবোৰ ওলাই নেথাকে। টেঙা শস্যবোৰৰ গুৰিত সাৰুৱা মাটি জাপি দিব লাগে। সাৰুৱা মাটি নেপালে পচনসাৰ বা আধাপচা জাবৰ-জোঁথৰ, নৰা, খেৰ, শুকান পাত আদি সমভাৱে জাপি দিব লাগে। কিন্তু যদি নেমু, কমলা, ৰবাব টেঙা, চকলাটেঙা আদিৰ গছৰ গুৰিটো জাবৰেৰে লুকাই থাকে, তেন্তে আঁৰৰ সুবিধা লৈ গা-গছ বিন্ধা পোক বা টাংক বৰাৰে আক্ৰমণ কৰিব। গা-গছ বিন্ধা কৰা পোকৰ আক্ৰমণ সাধাৰণতে বসন্ত কালত অৰ্থাৎ ফাগুন-চ’ত-ব’হাগ মাহত হয়। গতিকে গছৰ গুৰিটো পৰিষ্কাৰ কৰি ৰাখি উলিয়াই ৰাখিব লাগে। গছৰ গুৰিটোত চুণৰ এটা প্ৰলেপ দিব লাগে। বসন্ত কালত অৰ্থাৎ ফাগুন-চ’ত মাহত টেঙা শস্যৰ লগতে আম, কঁঠাল, লিচু, মধুৰি, জলফাই, তামোল, নাৰিকল আদি গছতো গছৰ গুৰিত ৩/৪ ফুট ওপৰলৈ চুণৰ প্ৰলেপ দিব লাগে। তামোল-নাৰিকল গছত বৰডো মিশ্ৰণৰ প্ৰলেপ দিব পাৰিলে বেছি ভাল। কাৰণ বৰডো মিশ্ৰণে গা-গছৰ বেমাৰ ৰোধ কৰে।

বসন্ত কালত বহুবৰ্ষীয় ফুল গছ যেনে অশোক, তগৰ, জবা, শেৱালি, চম্পা, পাতাবাহাৰ আদিকে ধৰি নানা ধৰণৰ আলংকাৰিক গছৰ গুৰি চাফা কৰি তলৰ ডালবোৰ কাটি, থিয়কৈ দীঘল হোৱা ডালবোৰ কলম দি গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। গছত ফুল ফুলাৰ আগতে মালাথিয়ন ৫০ ই চি দৰৱ ৩০ টোপাল একলিটাৰ পানীত মিহলাই পোকৰ নিবাৰণৰ বাবে গছত ছটিয়াব লাগে। দৰৱ ছটিয়াব নোৱাৰিলে ফুল ফুলাৰ সময়ত গছৰ গুৰিত জাবৰ গোটাই ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আম গছত ফুল ফুলি ফল মলিয়াবৰ সময়ত খৰাং বতৰত পুৱা-আবেলি ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে। আলংকাৰিক ফুল গছত বসন্ত কালত এবাৰ, বৰ্ষা কালত (আহাৰ-শাওণ মাহত) এবাৰ আৰু শৰৎ কালত অৰ্থাৎ আহিন- কাতি মাহত এবাৰ কলম দিব লাগে, কিন্তু আহিন-কাতি মাহত ফুলা ফুল যেনে শেৱালি, হাছনাহানা আদি গছত শৰৎ কালত কলম দিব নেলাগে। পাতাবাহাৰ গছত মাত্ৰ থিয়কৈ বাঢ়ি অহা ডালবোৰহে কাটি দিব লাগে।

লেখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate