অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বানাক্ৰান্ত অঞ্চলৰ বাবে জৰুৰীকালীন কৃষি ব্যৱস্থা

বানাক্ৰান্ত অঞ্চলৰ বাবে জৰুৰীকালীন কৃষি ব্যৱস্থা

আমাৰ কৃষক ৰাইজৰ বাবে শালি ধানেই প্ৰধান খেতি। কিন্তু ৰাজ্যখনৰ এবিধ প্ৰধান শস্য হোৱা স্বত্বেও শালি ধানৰ বতৰত আমাৰ কৃষক ৰাইজক সম্ভাব্য বানপানীৰ আশ্ংকাই সততে শ্ংকিত কৰি ৰাখে। বানপানীয়ে শালিধানৰ খেতিডৰাত ক্ষতিৰ মাত্ৰা কমাবলৈ বানাক্ৰান্ত অঞ্চলৰ কৃষক ৰাইজে আগতীয়াকৈ ল’ব পৰা কেতবোৰ জৰুৰীকালীন ব্যৱস্থাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

  • শেহতীয়াকৈ ৰুব পৰা পোহৰ অস্ংবেদনশীল ধানৰ ৯০-৯৫ দিনীয়া কৃষিকালবিশিষ্ট জাত, যেনে-লুইত, কপিলী আদিৰ বীজ সংগ্ৰহ কৰি ভাদ মাহৰ আগভাগত সিঁচিব লাগে। কঠীয়াৰ বয়স ২১-২৫ দিন হ’লে মূল পথাৰত ৰোৱা উচিত। আহিনৰ প্ৰথম সপ্তাহলৈকে এই কঠীয়া ৰুব পৰা যায়। ভাদ মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত এই জাতবোৰৰ গঁজালি ওলোৱা বীজ পোনে পোনে বোকা মাটিত সিঁচিবও পাৰি।
  • বানপানী হোৱাৰ আশ্ংকা নাথাকিলে ভাদৰ মাজভাগৰ পৰা ১৩৫ দিন কৃষিকালযুক্ত মধ্যমীয়া শস্যকালৰ জাত সত্যৰঞ্জন, বসুন্ধৰা আদিৰ কঠীয়া ৰুব পাৰি।
  • শেহতীয়াকৈ ৰুব পৰা ধানৰ দীৰ্ঘ কৃষিকালযুক্ত পোহৰ স্ংবেদনশীল জাত যেনেঃ মনোহৰ শালি, এন্দ্ৰু শালি আদিৰ ৬০-৭০ দিনীয়া বুঢ়া কঠীয়াও ৰুব পাৰি। গীতেশ নামৰ জাতটোৰ ৬০ দিন বয়সৰ কঠীয়াও ৰুব পৰা যায়। কঠীয়াৰ নাটনি হ’লে দীৰ্ঘ কৃষিকালযুক্ত জাতৰ কঠীয়া প্ৰতি বৰ্গমিটাৰত ৫০ গোছাকৈ ৰুই তাৰ পৰা ওলোৱা পোখাবিলাক ফালি পুনৰ ৰুব পৰা যায়।
  • বানপানীয়ে আংশিকভাৱে ক্ষতি কৰা ধাননি পথাৰত পানী শুকাই যোৱাৰ পাছত ধানৰ গোছাবোৰৰ পৰা পোখা উঠাই আনি মৰি যোৱা গোছাৰ খালী ঠাইত ৰুব পাৰি।
  • বানপানীয়ে বুৰাই পেলোৱা পথাৰৰ বাবে জলশ্ৰী, জলকুঁৱৰী, প্লাৱন, স্বৰ্ণ চাব-১ আদিৰ দৰে জাতৰ কঠীয়া ৰুব লাগে। এই জাতবোৰে বানৰ পানীত ১৫ দিন পৰ্যন্ত বুৰ হৈ থকাৰ পাছতো পুনৰ পোখা মেলি ফচল দিয়াৰ ক্ষমতা বহণ কৰে।
  • ভাদ মাহৰ প্ৰথম ভাগত বাম মাটিবোৰ বানমুক্ত হৈ উঠাৰ লগে লগে মাটিমাহ আৰু মগুমাহৰ খেতি কৰিব পাৰি। মাটিমাহৰ উন্নত জাত যেনে- কে ইউ-৩০১, ইউ এচ জে ডি-১১৩, পি ইউ-১৯ আদি আৰু মগুমাহৰ প্ৰতাপ, এচ জি ২১-৫ আদিৰ বীজ ভাদৰ শেষলৈকে সিঁচিব পাৰি।
  • বানাক্ৰান্ত অঞ্চলৰ কৃষকৰাইজে বানৰ ক্ষতিৰ জোৰা মাৰিবলৈ ৰবি শস্যৰ খেতিত গুৰুত্ব দিয়া উচিত। ইয়াৰ বাবে বছৰটোৰ বানমুক্ত এই সময়ছোৱাত একেডৰা মাটিতে কমেও দুটা খেতি কৰাৰ পৰিকল্পনা আগতীয়াকৈ কৰিব লাগে।
  • বানপানীৰ পাছত খেতিপথাৰত বিভিন্ন ৰোগ আৰু পোক-পৰুৱাৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়। এইক্ষেত্ৰত ভূৰ পোকৰ আক্ৰমণ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ বাবে উপযুক্ত শস্যৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা উচিত।
  • বানপানীৰ পাছত গৰু –ছাগলী আদিৰ বিভিন্ন বেমাৰ-আজাৰে দেখা। ইয়াৰ বাবে আগতীয়াকৈ পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

 

বানৰ ক্ষতিৰ জোৰা মাৰিবলৈ বানপানীৰ আগত, বানপানী হৈ থকা সময়ত আৰু বানপানীৰ পাছৰ সময়চোৱাৰ বাবে সঠিক কৃষি পৰিকল্পনাৰ প্ৰয়োজন। ইয়াৰ বাবে স্ংশ্লিষ্ট কৃষি বিষয়াৰ সৈতে আগতীয়াকৈ আলোচনা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা উচিত।

 

লেখকঃ ডহেমেন কলিতা

নগাঁৱৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী

উৎসঃ কৃষি বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate