কৃষি শস্যবোৰৰ ভিতৰত উদ্যান শস্যই কৃষকৰ অর্থনৈতিক দিশত এক বিশেষ ভূমিকা লৈছে। এই উদ্যান শস্যবোৰৰ ভিতৰত ঋতুভিত্তিক আৰু বহু বর্ষজীৱী শস্য আছে। এক বৰ্ষী আৰু ঋতুভিত্তিক বা বহুবর্ষজীৱী উদ্যান শস্যবোৰৰ উৎপাদন ক্ষমতা ঔষধি শস্যৰ তুলনাত বহুত বেছি। তাৰে ভিতৰত বহু বর্ষজীৱী শস্যৰ প্রতি একক মাটিকালিত উৎপাদন বহুত বেছি। কিন্তু এই উৎপাদন ক্ষমতা নিৰ্ভৰ কৰে শস্য কালছোৱাত ল’ব লগা প্রতি পালন ব্যৱস্থাৰ ওপৰত, সি লাগিলে জাৰকালিয়েই হওক, গৰম কালিয়েই হওক বা বাৰিষা কালতেই হওক।
বাৰিষা কালত বহুলভাৱে খেতি কৰা গ্ৰীষ্মকালীন শস্য, যেনে ভেণ্ডি, জিকা, ভোল, কেৰেলা, তিয়ঁহ, পটল, ধুন্দুলী, কুন্দুলী ইত্যাদি। এই শস্যবোৰে ওখ, সাৰুৱা মাটি পচন্দ কৰে। গছৰ গুৰিত পানী জমা হ’লে শস্যৰ বাঢ়ন আৰু উৎপাদন কমি যায় বা কেতিয়াবা গছ মৰি যায়। গতিকে বৰষুণৰ বতৰত শস্যৰ পথাৰত নলাৰ ব্যৱস্থা কৰিব লাগে যাতে বৰষুণৰ পানী শস্যৰ গুৰিৰ পৰা ওলাই যায়। শস্যৰ গুৰিত যথেষ্ট পৰিমাণে গোবৰ বা পচন সাৰ প্রয়োগ কৰিব লাগে|
গতিকে এই লতাজাতীয় শাক-পাচলিৰ শস্যবোৰ ওখ, পানী জমা নোহোৱা পথাৰত বা ওখ ভেটি তৈয়াৰ কৰি শস্য ৰোপণ কৰিব লাগে। এই ক্ষেত্ৰত এটা সুবিধা আছে যে গ্রীষ্মকালীন পাচলিবোৰ ফাগুন-চ'তৰ পৰা আৰম্ভ কৰিলে শাওন-ভাদ মাহলৈকে ২-৩ বাৰ শস্যৰ খেতি কৰিব পাৰি। ভাত কেৰেলা, পটল শস্যৰ ক্ষেত্ৰত এই বাৰিষা কালতে পুং পুষ্পৰ গছ আৰু স্ত্রী পুষ্পৰ গছ বাছনি কৰি ৰাখিব লাগে যাতে গছ মৰি গ’লেও মাঘ-ফাগুন মাহত সিহঁতৰ আলুবোৰ চিনাক্ত কৰি উঠাই আনি ঘৰত ৰোপণ কৰিব পাৰি। কাৰণ এই শস্য দুবিধৰ পুং পুষ্প আৰু স্ত্রী পুষ্প দুজোপা বেলেগ গছত উৎপন্ন হয়| ঋতুভিত্তিক ফুল শস্যবোৰ গ্ৰীষ্ম কালত বৰষুণ পৰাৰ লগে লগে ফুলবোৰ বেয়া হয়, গছ হাউলি পৰে, বৰষুণৰ পানী জমা হৈ গেলি যাব ধৰে। গতিকে ইহঁতৰ শস্য কাল বৰষুণে সোনকালে নষ্ট কৰে। অৱশ্যে এই ক্ষেত্ৰত দিনিয়া, কলচাম আদি বৰষুণত টিকি থাকে যদিও এজাক বৰষুণৰ পাছত গছৰ গুৰিত মাটি চপাই দিব লাগে যাতে গছজোপা হাউলি নপৰে। গছৰ গুৰিত গোবৰৰ লগত বালি মাটি মিহলাই প্রয়োগ কৰিব লাগে। বহুবর্ষজীৱী ফুল শস্যবোৰৰ যেনে- এলামেন্দা, খৰিকাজাই, নীলকণ্ঠ আদি ফুল শস্যৰ বৰষুণত হাউলি পৰা ডালবোৰ ঢোকা দিব লাগে আৰু বেছিকৈ বাঢ়ি অহা ডালবোৰ গছজোপাৰ বয়স আৰু আকাৰ চাই কলম দিব লাগে বা প্ৰুনিং কৰিব লাগে| গোলাপৰ ওপৰৰ পৰা শুকাবলৈ ধৰা ডালবোৰ কাটি কটা আগত বেভেষ্টিন দৰৱ মলম হিচাপে তৈয়াৰ কৰি প্ৰলেপ দিব লাগে| পাতা বাহাৰ, তগৰ, অশোক, খৰিকাজাই আদি বহুবর্ষজীৱী গছৰ গুৰিত চিকুণাই বালি মিহলি গোবৰ মাটি প্রয়োগ কৰিব লাগে। আৰু পাছত কলম দিব লাগে।
বহুজীৱী তামোল, নাৰিকল শস্যৰ গুৰিত বাৰিষা পানী জমা নহ’বৰ বাবে দুশাৰী তামোল, নাৰিকলৰ মাজত একোটা পাতল (প্রায় এফুট দ) নলাৰ ব্যৱস্থা কৰিব লাগে। গছৰ গুৰিৰ পৰা বনবাতবিলাক এমাহৰ অন্তৰত চিকুণাই থাকিব লাগে। টেঙা শস্যৰ গুৰিৰ পৰা বন-বাতবোৰ এমাহৰ ব্যৱধানত চিকুণাই গছৰ গুৰিত বালি মিহলি গোবৰ প্ৰয়োগ কৰি পানী জমা হ’ব নোৱাৰা ব্যৱস্থা কৰিব লাগে। টেঙা শস্যত আক্রমণ কৰা পোক আৰু বেমাৰৰ সঠিক নিৰূপণ কৰি তাৰ নিবাৰণৰ ব্যৱস্থা কৰিব লাগে। টেঙা গছত আঠা ওলোৱা বেমাৰ হ’লে লগে লগে আঠাখিনি পৰিষ্কাৰ কৰি তাত বৰডো মিশ্রণৰ মলমেৰে প্রলেপ দিব লাগে। টেঙা শস্যৰ পোক-বেমাৰৰ প্ৰথম আহিলা হৈছে অপতৃণবোৰ, গতিকে তাক কাটি-মেলি চিকুণাই পৰিষ্কাৰ কৰি ৰাখিব লাগে। আম, লিচু মধুৰি গছৰ গুৰিৰ পৰা বন-বাত চিকুণাই ৰাখিব লাগে। মধুৰি গছৰ গুৰিত পানী জমা হ’বলৈ দিব নেলাগে বাবে নলাৰ ব্যৱস্থা কৰিব লাগে। অমিতা শস্যই গছৰ গুৰিত পানী এবেলাও সহ্য কৰিব নোৱাৰে। গতিকে অমিতাৰ পুলি ওখ, পানী জমা নোহোৱা যেন দেখিলে গুৰিত বালি মিহলি গোবৰ প্ৰয়োগ কৰিব লাগে। এই ফলমূল শস্যবোৰত বাৰিষা কালছোৱাত বেমাৰ আৰু পোকে আক্রমণ কৰিলে তাক সঠিকভাৱে চিনাক্ত কৰি লগে লগে প্রতিকাৰৰ ব্যৱস্থা ল’ব লাগে। মাটিকঁঠালৰ বাৰীৰ পৰা পকা মাটি কঁঠালবোৰ ছিঙি আনি গছৰ ওচৰৰ পৰা বন-বাতবোৰ হাতেৰে উঘালি পৰিষ্কাৰ কৰি দিব লাগে। ফলটোৰ মূৰত থকা মুকুট বা ক্ৰাউনটো পুলিবাৰীত বা ওখ ঢিপত থোপাথুপিকৈ গুজি থ’ব লাগে যাতে তাৰ পৰা সোনকালে শিপা ওলায়।
লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 1/10/2023