মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / বিলাহী খেতি কৰাৰ কিটিপ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিলাহী খেতি কৰাৰ কিটিপ

বিলাহী খেতি কৰাৰ কিটিপ

জৈৱিক সাৰযুক্ত উৎপাদনেৰে শাক পাচলি খাব যদি বিচাৰে তেন্তে ঘৰৰ বেলকনি, খিৰিকীৰ কাষৰ খালী ঠাই নতুবা ছাদৰ ওপৰতে এখন টেৰেছ তৈয়াৰ কৰি ধুনীয়া শাক-পাচলিৰ বাগিছা এখন গঢ়ি তুলিব পাৰে। এনেস্থলত শাক-পাচলি ক্ৰয় কৰিবলৈ আপুনি বজাৰলৈ যোৱাৰ প্ৰয়োজন নাই। এনেদৰে খুউব সহজে ঘৰতে খেতি কৰিব পৰা এবিধ পাচলি ঘৰতে খেতি কৰিব পৰা এবিধ পাচলি হ’ল ‘বিলাহী’। ঘৰতে কৰা বিলাহী খাব বিচাৰিলে প্ৰথমে বিলাহীৰ পুলি এটা টাবত ৰুই ল’ব। চাব যাতে মাটিখিনি কেঁচুমতা সাৰ হয়। কিছু ৰ’দ পৰা ঠাইত টাবটো ৰখা উচিত। যিহেতু বিলাহী পুলি এটা বাঢ়িবলৈ যথেষ্ট পুষ্টিৰ প্ৰয়োজন, সেয়েহে পুলি ৰোৱা মাটিখিনি ভাল হ’ব লাগে। পুলিটো বাঢ়িব পৰাকৈ টাবটোৰ জোখ বাচি ল’ব। পুলিটো বৃদ্ধি পাবলৈ পুলিটোৰ গুৰিত ৰান্ধনি শালৰ পেলনীয়া শাক-পাচলিৰ বাকলিৰে ভৰাই ৰাখিব। এইবিলাকেও জৈৱিক সাৰ হিচাপে কাম কৰে। ক্ৰমান্বয়ে পুলিটো বাঢ়ি অহাৰ লগে লগে মাজে মাজে মাটিখিনি খুঁচৰি থাকিব আৰু পুলিটো হাউলি নাযাবৰ বাবে পুলিটোৰ গাত এডাল কাঠৰ মাৰি বা ষ্টিক লগাই ৰাখিব। নিতৌ পুলিটোৰ গুৰিত পানী দিব। এনেদৰে যতন লৈ এদিন ইয়াৰ ফচল খাবলৈ পাব। কিমান যে ভাল লাগিব সেয়া আপুনিহে অনুভৱ কৰিব।

উৎসঃ অসমীয়া প্ৰতিদিন

2.9358974359
আব্দুল আউয়াল আহমেদ May 15, 2020 06:11 PM

সুন্দৰ লিখনি

নাৰায়ণ ৰাজবংশী Nov 06, 2016 10:39 AM

লিখনিটো পঢ়ি ভাল লাগি লে।

Pulakesh Hazarika Sep 13, 2014 11:40 AM

পঢ়ি ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top