অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰোধানৰ কঠীয়াতলিত প্লাষ্টিকৰ ছৈ ৰ ব্যৱহাৰ

বৰোধানৰ কঠীয়াতলিত প্লাষ্টিকৰ ছৈ ৰ ব্যৱহাৰ

চমু বিৱৰণ

বৰোধানৰ কঠীয়া পৰাৰ সময়ত (আঘোণ-পুহ) বায়ুমণ্ডলৰ তাপ কম হৈ থাকে বাবে কঠীয়াবোৰ ভালদৰে বাঢ়িব নোৱাৰে, কঠীয়া বৃদ্ধি বহুত কম হয় আৰু বাঢ়োতেও যথেষ্ট সময় লাগে| এনে চাপৰ কঠীয়া উঠাবলৈ কষ্ট হোৱাৰ লগতে ৰুবলৈও অসুবিধা হয়| সেয়ে বৰোধানৰ কঠীয়াতলীত ছৈ দিয়াৰ ব্যৱস্থা কৰি কঠীয়া ওখ কৰিবলৈ পৰামৰ্শ দিয়া হয়| প্লাষ্টিকৰ ছৈ বাঁহৰ কামীৰে অতি সহজে আমাৰ কৃষকসকলে সাজি ল’ব পাৰে| ইয়াৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

প্লাষ্টিকৰ ছৈ বনাবলৈ প্ৰয়োজনীয় সামগ্ৰী

১.১৫ মিটাৰ বহল আৰু ১০ মিটাৰ দীঘল এখন কঠীয়াতলিৰ বাবে প্লাষ্টিকৰ ছৈ বনাবলৈ প্ৰয়োজনীয় সামগ্ৰী সমূহ হ’ল-

১) জাতি বাহ : ২ ডাল

২) ডাঠ পলিথিন : ১ খন- ১.৫ মিটাৰ বহল আৰু ১২.০ মিটাৰ দীঘল জোখৰ

৩) তাঁৰ বা ৰছি : ১০০ গ্ৰাম

৪) পাৰিশ্ৰমিক : ৫-৬ ঘণ্টা

ছৈ বনোৱা পদ্ধতি

প্ৰথমে বাহৰ কিছুমান সৰু সৰু কামি বনাই সেইবোৰ তাঁৰ বা ৰছিৰে মজবুতকৈ বান্ধি ছৈ ৰ আকাৰৰ এটা জঁকা বা ফ্ৰেম বনাই ল’ব লাগে| ফ্ৰেমৰ মাজৰ অংশ ৭৫ ছে:মি: ওখ আৰু বহল ১ মিটাৰ কৰিব লাগে| কিন্তু দৈৰ্ঘ্য ৫ মিটাৰ কৰিলে সুবিধা হয়| কাৰণ বেছি দীঘল হ’লে দাঙি-মেলি থকাত অসুবিধা হয়| কঠীয়াতলিৰ প্ৰয়োজন অনুসৰি ছৈ ৰ সংখ্যা হিচাব কৰি ল’ব লাগে|

এতিয়া ফ্ৰেমটোৰ ওপৰত নিৰ্দ্দিষ্ট জোখৰ ডঠ পলিথিন এখন এনেদৰে বান্ধি দিব লাগে যাতে পলিথিন খন দুয়ো কাষে মাটি স্পৰ্শ কৰিও কিছু অংশ বাঢ়ি থাকে| ছৈ খনৰ মুখ দুখন পলিথিনৰ ঢাকনি দি বন্ধ কৰি দিব লাগে| প্ৰস্তুত হোৱা ফ্ৰেমটো বীজ সিঁচাৰ পিছতে কঠীয়াতলিখন ঢাক খোৱাকৈ কঠীয়াতলিত বহুৱাই দিব লাগে| ছৈ ৰ দুয়োটা মূৰৰ বাঢ়ি থকা পলিথিনৰ অংশ মাটি দি বা বোকাৰে লিপি বাহিৰৰ ঠাণ্ডা বতাহ ভিতৰ সোমাব নোৱাৰা কৰি দিব লাগে| এনেদৰে ছৈখন কঠীয়াতলিত কঠীয়া উঠোৱাৰ এক সপ্তাহমান আগলৈকে ৰখাৰ ব্যৱস্থা কৰিব লাগে| মাজে মাজে দিনৰ ভাগত ছৈৰ দুয়োখন মুখৰ ঢাকনী ডাঙি থব লাগে যাতে ছৈৰ ভিতৰত বতাহ চলাচল কৰি থাকিব পাৰে|

ছৈৰ ব্যৱহাৰ

ৰুবলৈ একসপ্তাহমান থকাৰে পৰা ছৈ খন নিতৌ কিছুসময়ৰ বাবে কঠীয়াতলিখনৰ পৰা আঁতৰাই থব লাগে| প্ৰথম দিনা দুঘণ্টামান আঁতৰাই পাছলৈ সময় বঢ়াই নি শেষৰ দুদিন একেবাৰে মুকলিকৈ ৰাখি পিছদিনা কঠীয়া উঠাই ৰুব লাগে| এনে কৰিলে ৰোৱাৰ পিছত কঠীয়াই মুকলি পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল’ব পৰা হয়|

এনেভাৱে কঠীয়া পাৰিলে ছৈ ৰ ভিতৰৰ তাপমান বাহিৰতকৈ প্ৰায় ৪-৫ ডিগ্ৰী ছে: বেছি হয় আৰু তাৰ ফলত কঠীয়া সোনকালে বাঢ়ে আৰু কঠীয়াৰ উচ্চতা মুকলিকৈ কৰা কঠীয়াতকৈ প্ৰায় দুগুণ হয়|

লেখকদ্বয়:শ্ৰীমতি অঞ্জুমালা ডেকা(বিজ্ঞানী (শস্য বিজ্ঞান)),

ড° তুলসী প্ৰসাদ শইকীয়া(প্ৰধান বিজ্ঞানী (শস্য বিজ্ঞান))|

উৎস: "আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ,অসম কৃষি বিশ্ববিদ্যালয়" চিলঙণী, নগাঁও-৭৮২০০২, অসম"



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate