অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভেণ্ডী :

ভেণ্ডী :

ভেণ্ডী আৰু কপাহ একে গোত্ৰৰ শস্য। ভেণ্ডীৰ গুটি ধৰা গোটেই ফলটোক পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। এই খেতি অকলশৰীয়াকৈ নতুবা জলকীয়া আৰু থুপি-উৰহীৰ লগত শাৰী-শাৰীকৈ একেলগে কৰিব পাৰি। কুমলীয়া ভেণ্ডীবোৰত ভিটামিন-এ আৰু ভিটামিন-বি খাদ্যপ্ৰাণ যথেষ্ট পৰিমাণে থাকে।

তদুপৰি কিছু পৰিমাণে ভিটামিন-চি, প্ৰ’টিন আৰু বিভিন্ন অজৈৱ লোণ পোৱা যায়। উল্লেখ্য যে কুঁহিয়াৰ ৰসৰপৰা গুৰ কৰোঁতে ৰসবোৰ পৰিষ্কাৰ কৰিবলৈ ভেণ্ডীৰ ৰস ব্যৱহাৰ কৰা হয়। এইবিধ শস্যৰ কৃষি পদ্ধতি সহজ আৰু লাভজনক।

ভেণ্ডীৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল -

মাটি:

যিকোনো প্ৰকাৰৰ মাটিতেই ভেণ্ডী খেতি কৰিব পৰা যায় যদিও পলসুৱা, পাতল বোকা পলসুৱা পানী বন্ধ নোহোৱা মাটিয়েই ইয়াৰ কাৰণে বেছি উপযোগী।

পথাৰ প্ৰস্তুতকৰণ:

ভেণ্ডীৰ কাৰণে আন শাক-পাচলিৰ খেতিৰ দৰে ৩-৪ বাৰ হাল বাই মৈয়াই মিহিকৈ চাহ কৰি সমান কৰি ল’ব লাগে। চাহ কৰা সময়তে প্ৰতি বিঘাত ১০ কুইন্টল গোবৰ বা পচন সাৰ প্ৰয়োজন কৰিব লাগে।

সময়:

অসমত ফাগুন-চ’ত মাহৰপৰা ব’হাগ-জেঠ মাহলৈ ভেণ্ডী খেতি কৰিব পৰা যায়।

বীজৰ পৰিমাণ:

এবিঘা মাটিৰ বাবে ১ কিলোগ্ৰামৰপৰা ১.১ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। আগতীয়া খেতিৰ বীজবোৰ ২৪ ঘন্টা তিয়াই থৈ গজালি মেলাৰ পিছত পথাৰত ৰুব লাগে। প্ৰত্যেকটো গাঁতত দুটাকৈ বীজ দিব লাগে আৰু গাঁতবোৰ বালি বা পচন সাৰেৰে ঢাকি দিব লাগে।

নিৰ্বাচিত জাত:

পুছা ছাৱানী আৰু স্থানীয় নিৰ্বাচিত জাত। পুছা ছাৱানী জাতৰ বিশেষত্ব এই যে ইয়াৰ ডাল-পাতত অলপ শুং থাকে। ফুলবোৰ হালধীয়া আৰু ডাল-পাতৰ গুৰিৰ পিনে সামান্য বেঙুনীয়া। ৮ নং গাঠিত প্ৰথম ফল ধৰে। ফলবোৰ গাঢ় সেউজীয়া, পাঁচ শিৰ থাকে আৰু ১০-১২ ছেন্টিমিটাৰ দীঘল হয়। এইবিধ জাত গ্ৰীষ্ম আৰু বাৰিষা কালত খেতি কৰিব পৰা জাত।

সাৰ প্ৰয়োগ:

ৰাসায়নিক সাৰ- ইউৰিয়া ১৪ কিলোগ্ৰাম, ছুপাৰ ফছফেট ৪১ কিলোগ্ৰাম আৰু মিউৰিয়েট অব পটাছ ১১ কিলোগ্ৰাম প্ৰতি বিঘাত প্ৰয়োগ কৰিব লাগে। ইয়াৰে ইউৰিয়া সাৰৰ আধা মাটি চাহ কৰা সময়ত প্ৰয়োগ কৰি বাকী ৰাসায়নিক সাৰখিনি গুটি দিয়াৰ চাৰি সপ্তাহমান পিছত মাটিৰ অৱস্থা বুজি গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে।

দূৰত্ব:

শাৰীৰ মাজৰ দূৰত্ব ৯০ ছেন্টিমিটাৰ আৰু বীজৰ মাজৰ দূৰত্ব ৬০ ছেন্টিমিটাৰ হ’ব লাগে।

পানী যোগান:

অসমত সাধাৰনতে ব’হাগ-জেঠ মাহত বৰষুণ হয় বাবেই ভেণ্ডীৰ তলীত পানী যোগান ধৰাৰ বিশেষ প্ৰয়োজন নহয়। কিন্তু ফাগুন-চ’ত মাহত আগতীয়াকৈ কৰা খেতিত বা ব’হাগ-জেঠ মাহত খৰাং বতৰত পানী যোগান ধৰাৰ প্ৰয়োজন হয়।

প্ৰতিপালন:

গুটি দিয়াৰ ৩৫-৪০ দিন পিছত অৰ্থাৎ পুলিবোৰ ১০-১২ ছেন্টিমিটাৰ ওখ হ’লে কোৰেৰে গছৰ গুৰিবোৰ ঢিলা কৰি মাটি চপাই দিব লাগে।

উৎপাদন:

বিঘাই প্ৰতি ১.৪-২ টন কেঁচা ভেণ্ডী উৎপাদন হয়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate