অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাটিকঁঠালৰ অনিয়মিত ফুল ফুলাৰ সমস্যাঃ

মাটিকঁঠালৰ অনিয়মিত ফুল ফুলাৰ সমস্যাঃ

চমু বিৱৰণ

অসমৰ মাটি আৰু জলবায়ু মাটিকঁঠাল খেতিৰ বাবে উত্তম। ৰাজ্যখনৰ কিছুমান এলেকাত ইয়াৰ খেতি ব্যৱসায়িক ভিত্তিত কৰা হয়। গোলাঘাট, কাৰ্বি আংলং, কৰিমগঞ্জ, শিলচৰ, কামৰূপ আদি জিলাৰ পাহাৰীয়া কিছু অঞ্চলত ইয়াৰ খেতি দেখিবলৈ পোৱা যায়। অন্য ফলমূলৰ দৰে মাটিকঁঠালতো প্ৰ’টিন, শ্বেতসাৰ, ভিটামিন আদি যথেষ্ট পৰিমাণে পোৱা যায়। ফল হিচাপে খোৱাৰ উপৰি মাটিকঁঠালৰ পৰা জাম, জেলী, স্কোৱাছ আদি তৈয়াৰ কৰা হয়।

মাটিকঁঠালৰ ফুল

মাটিকঁঠালৰ সাধাৰণতে চ’ত-ব’হাগ আৰু আহাৰ-শাওণ মাহত ফুল ধৰা দেখা যায়। বসন্ত কালতেই হওক বা বাৰিষা কালতে হওক একে সময়তে ৰোপণ কৰা মাটিকঁঠাল গছত একে সময়তে ফুল নুফুলে আৰু ই হৈছে মাটিকঁঠালৰ এটা প্ৰধান সমস্যা। গতিকে মাটিকঁঠালৰ শতকৰা ৮০ ভাগ বা তাতকৈ ওপৰত নিয়মিতভাৱে ফুল ফুলাবৰ বাবে ১০০ পি পি এম শক্তিৰ ইথৰেল নামৰ হৰম’ন এক মিলিলিটাৰ ১০ লিটাৰ পানীত মিহলাই ফুল ফুলাৰ এমাহৰ আগত প্ৰতিজোপা গছৰ কোঁহত ২০-৩০ মিলিলিটাৰকৈ প্ৰয়োগ কৰিব লাগে। ১০০ পি পি এম শক্তিৰ ইথৰেলৰ বাহিৰেও খৰচ কমাবৰ বাবে ১০ পি পি এম শক্তিৰ ইথৰেল- দুই শতাংশ শক্তিৰ ইউৰিয়া দ্ৰৱণ আৰু দশমিক ৪ শতাংশ শক্তিৰ ছডিয়াম অথবা কেলছিয়াম কাৰ্বনেটৰ দ্ৰৱণৰ সৈতে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰিব। সেই মিশ্ৰণৰ ২৫-৩০ মিলিলিটাৰকৈ প্ৰতিজোপা গছৰ কোঁহত প্ৰয়োগ কৰিব লাগে। এইদৰে হ’ৰমন প্ৰয়োগ কৰিলে মাটিকঁঠালৰ খেতিত নিয়মিতৰূপে শতকৰা ৮০ ভাগ বা তাতকৈ অধিক গছত একে সময়তে ফুল ফুলে। ফুল ফুলাৰ ৪-৫ মাহৰ পাছত ফল পূৰঠ হয়। পূৰঠ ফল যেতিয়া হালধীয়া বৰণৰ হয় তেতিয়াই চপাব লাগে। ব্যৱসায়িক ভিত্তিত খেতি কৰা ফলবোৰ দূৰৈৰ বজাৰত বিক্ৰী কৰিবলগীয়া হ’লে ফলবোৰ সেউজীয়াৰ পৰা হালধীয়া ৰঙলৈ সলনি হওঁতেই গছৰ পৰা ছিঙি আনিব লাগে।

লিখক: প্ৰতিভা বৰ্মন

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate