শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে পানী হৈছে এক অপৰিহাৰ্য্য আঁহিলা। উদ্ভিদৰ বিভিন্ন প্ৰক্ৰিয়াত পানী অবিহনে কৃষি কৰ্ম সম্ভৱ নহয়। উদ্ভিদৰ কোষৰ অন্যতম প্ৰয়োজনীয় অংশ হৈছে পানী। গছৰ সালোক সংশ্লেষণৰ বাবেও পানী অতি প্ৰয়োজনীয়। গছে মাটিৰ পৰা খাদ্যবস্তু আহৰণ কৰিবলৈ আৰু গছৰ বিভিন্ন অংশলৈ পৰিবহন কৰিবলৈ পানীৰ আৱশ্যক।
অসমত বাৰিষা প্ৰচুৰ পৰিমাণে বৰষুণ হয় যিটো সাধাৰণতে আমাক লগাতকৈ অধিক। কিন্তু খৰালি নিচেই সামান্য পৰিমাণৰহে বৰষুণ হয় অথবা কেতিয়াবা বৰষুণ প্ৰায় নহয়েই। সেয়েহে বাৰিষা কালত ৰাহি হোৱা পানীভাগ সংৰক্ষণ কৰি, খৰালি শস্যৰ গুৰুত্বপূৰ্ণ বৰ্দ্ধন কালত জলসিঞ্চন কৰিব পৰা হয় অথবা বিভিন্ন পদ্ধতিৰে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰি শস্যৰ উৎপাদন বহুখিনি বৃদ্ধি কৰিব পৰা যায়। মাটিৰ আৰ্দ্ৰতা সংৰক্ষণৰ কেইটামান কৌশল তলত আলোচনা কৰা হ’ল-
মাটিৰ উপৰিভাগ ঢাকি ৰাখি জল সংৰক্ষণ কৰা আৰু অপতৃণ নিয়ন্ত্ৰণ কৰা পদ্ধতিটোক শস্য আচ্ছাদন বা শস্যাবৰণ বোলা হয়। এই শস্যাবৰণ বিলাকে ভূমিৰ উষ্ণতাও নিয়ন্ত্ৰণ কৰি শস্যৰ বৃদ্ধিত অৰিহণা যোগায়। শস্যাবৰণ হিচাপে সাধাৰণতে অঞ্চলটোত প্ৰাকৃতিকভাৱে উপলব্ধ ঘাঁহ-বন, ধান-খেৰ, নৰা আদি ব্যৱহাৰ কৰিব পাৰি। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে ধানৰ নৰাই মাটিত জীপ ৰাখি শীতকালিন সৰিয়হৰ উৎপাদন বঢ়ায়। তেনেদৰে ক’লা প্লাষ্টিকক আৱৰণ হিচাপে ব্যৱহাৰ কৰাৰ ফলত কুঁহিয়াৰ, কেপচিয়াম, ভেন্দি, মাটি কঠাল আদিৰ ক্ষেত্ৰত পোৱা অধিক উৎপাদনৰ কাৰণটো মাটিত অধিক জীপ ধৰি ৰাখিব পৰাটো প্ৰমাণিত হৈছে। কথা বিলাক অৱশ্যে একেবাৰে আমাৰ নতুন নহয়। কৃষকসকলে অতীজৰে পৰা ঘৰতে পোৱা জাৱৰ-জোঠৰক হালধী, আদা খেতিত আচ্ছাদন হিচাপে ব্যৱহাৰ কৰি আহি আছে।
বাৰিষাৰ বতৰত কিছুমান শস্যৰ অৱশেষেও মাটিৰ উপৰিভাগত আৱৰণিৰ দৰে কাম কৰি জল সংৰক্ষণ কৰে। তদুপৰি এই শস্যাৱশেষবোৰ পচাৰ পিছত মাটিত জৈৱিক পদাৰ্থৰ বৃদ্ধি হৈ শস্যৰ পুষ্টি সাধনো কৰে। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে গোমধান চপোৱাৰ পিচত ৰৈ যোৱা অৱশিষ্টখিনি হাল বাই দিলে সিয়ে মাটিৰ জীপ সংৰক্ষণ কৰাত সহায় কৰি সৰিয়হৰ উৎপাদন বঢ়ায়। তদুপৰি মাজত সেউজ সাৰৰ খেতি যেনে- ধইনচা, লেচেৰা আদিৰ খেতি কৰি কম সময়ত মাটিৰ লগত মিহলাই দিলে মাটিৰ উৰ্বৰতা ৰক্ষা কৰাৰ লগতে শীতকালীন খেতিত মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰাত সহায়ক হয়।
খৰালি কালত মাটি বেছিকৈ চহালে মাটিত থকা জীপখিনি নাইকীয়া হয় আৰু ৰবি শস্যৰ বৃদ্ধিত বাধা জন্মায়। সেয়েহে মাটি কমকৈ চহাই বা একেবাৰে চহ নকৰাকৈয়ো যদি ৰবি শস্য কৰা হয় তেতিয়া সেই শস্যই মাটিত থকা আৰ্দ্ৰতা ব্যৱহাৰ কৰিব পাৰিব। তদুপৰি ধাননি পথাৰত ধান চপোৱাৰ আগেয়ে খেচেৰি ডাইল, তিচি, মটৰ আদি ৰিলে শস্য হিচাপে কৰিলে মাটিত থকা আৰ্দ্ৰতা ব্যৱহাৰ কৰিব পাৰিব। তদুপৰি ধাননি পথাৰত ধান চপোৱাৰ আগেয়ে খেচেৰি ডাইল, তিচি, মটৰ আদি ৰিলে শস্য হিচাপে কৰিলে মাটিত থকা আৰ্দ্ৰতা ব্যৱহাৰ কৰি অধিক উৎপাদন পাব পাৰি।
বাৰিষা কালত যিহেতু পৰ্যাপ্ত পৰিমাণৰ বৰষুণ হয়, সেয়েহে ধাননি পথাৰৰ আলিৰ উচ্চতা বৃদ্ধি কৰিও অতিৰিক্ত বৰষুণখিনি সংৰক্ষণ কৰিব পাৰি। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে পথাৰৰ আলিৰ উচ্চতা বৃদ্ধি কৰিলে অসমৰ সিক্ত অঞ্চলত হোৱা বচ খেতিৰ তলিত নৱেম্বৰ-ডিচেম্বৰ মাহত অধিক জীপ থাকে যাৰ বাবে উৎপাদন বৃদ্ধি পায়। তদুপৰি বাৰিষা কালি কেতিয়াবা দীঘলীয়া সময়ৰ বাবে বৰষুণ নহ’লে এই ওখ বান্ধবিলাকে আগতীয়াকৈ হোৱা বৰষুণৰ পানী সংৰক্ষণ কৰিব আৰু শস্যডৰা পিছত পানীৰ অভাৱ নোহোৱাকৈ থাকিব।
কুঁহিয়াৰ খেতিত এই পদ্ধতি গ্ৰহণ কৰিব পাৰি। অলপ দ’কৈ খন্দা সীৰলু লেখীয়া নলাত কুঁহিয়াৰ ৰুই প্লাষ্টিকৰ আৱৰণ দিলে পানীবোৰ নলাত পৰি সংৰক্ষিত হয় আৰু মাটিৰ আৰ্দ্ৰতা বোজাই ৰখাত সহায় কৰে। মাটিত ধৰি ৰখা এই আৰ্দ্ৰতাই পিছত কুঁহিয়াৰৰ উৎপাদন বৃদ্ধি কৰে।
উৎসঃ সৰ্বভাৰতীয় সমন্বিত জলব্যৱস্থাপনা গৱেষণা প্ৰকল্প, অসম কৃষি বিশ্ববিদ্যালয়
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
প্ৰতিকূল বতৰৰ বাবে শস্য পৰিকল্পনা